এয়া অনাদিকালৰ . . . .কবি- গ্ৰেচ ৰামছে



আৰু মানুহবিলাক ঘৰতে আছিল
আৰু কিতাপ পঢ়িছিল
আৰু শুনিছিল
আৰু তেওঁলোকে জিৰণি লৈছিল
আৰু শৰীৰচৰ্চা কৰিছিল
আৰু কলা সাহিত্যৰ চৰ্চা কৰিছিল আৰু খেলিছিল
আৰু জীয়াই থকাৰ নতুন কৌশল উদ্ভাৱন কৰিছিল
আৰু খন্তেক থমকি ৰৈ শুনিছিল
খুব গভীৰতাৰে
কিছুমানে যোগব্যায়াম কৰিছিল, কিছুমানে প্ৰাৰ্থনা
কিছুমানে তেওঁলোকৰ প্ৰতিবিম্বৰ লগত মিলিত হৈছিল
আৰু মানুহবোৰে সুকীয়াভাৱে চিন্তা কৰিবলৈ লৈছিল
আৰু মানুহবোৰ আৰোগ্য হৈছিল ৷
আৰু সেইসকলৰ অনুপস্থিতত
যিসকলে অজ্ঞানতাৰ পথেৰে জীয়াই আছিল
ভয়ংকৰী, অৰ্থহীন আৰু হৃদয়হীন,
পৃথিৱীখনেও আৰোগ্য হ’বলৈ আৰম্ভ কৰিছিল
আৰু যেতিয়া দুৰ্য্যোগ শাম কাটিছিল আৰু
মানুহে নিজকে বিচাৰি পাইছিল
তেওঁলোকে মৃতকৰ কাৰণে শোক কৰিছিল
আৰু নতুন পচন্দ বাছি লৈছিল
আৰু নতুন সপোনত বিভোৰ হৈছিল
আৰু জীৱনৰ নতুন কৌশল উদ্ভাৱন কৰিছিল
আৰু পৃথিৱী সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছিল
যেন ই চিৰদিন সুস্থ আৰু নিৰোগী আছিল ৷



প্ৰকাশৰ সময়- ১৮৬৯, ১৯১৯
অনুবাদ – অনুৰাগ কাশ্যপ

pin up pinup


বি:দ্ৰ:- ১৮৩৯ চনত আয়াৰলেণ্ডৰ ডাবলিনত জন্মগ্ৰহণ কৰা কবি Kathleen O’Meara য়ে ছদ্মনাম গ্ৰেচ ৰামছে (Grace Ramsay) ৰ নামেৰে লিখামেলা কৰিছিল ৷ কবি আৰু সাহিত্যিক হিচাপে পৰিচিত, ৰামছেৰ লেখাত সমাজ আৰু কেথলিক ধৰ্মীয় ভাৱধাৰা পয়োভৰ দেখা পোৱা যায় ৷ ১৮৬৯ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ পোৱা কবিতা ‘This is timeless’ কবিৰ এক  যুগমীয়া সৃষ্টি ৷ ১৯১৯ চনৰ মহামাৰীৰ সময়ত কবিতাটো পুনৰ প্ৰকাশ কৰা হৈছিল ৷

****

অনুবাদকৰ মেইল-আইডি:[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *