কথা-কাঞ্চনৰ লক্ষ্য আৰু উদ্দেশ্য

বৰ্তমান সময়ত অসংখ্য ডিজিটেল আলোচনীৰ পায়োভৰৰ মাজত আকৌ এখন নতুন ই-আলোচনী লৈ অহাৰ আমাৰ একমাত্ৰ উদ্দেশ্য হৈছে কিছু নতুনত্ব, কিছু অভিনৱত্ব আৰু কিছু ন-সোৱাদেৰে পাঠকক পৰিতৃপ্ত কৰাৰ আন্তৰিক প্ৰয়াস।

pin up pinup

কৃত্ৰিমতাৰ প্ৰলেপ নসনাকৈ আজিৰ যুগৰ আধুনিক সমাজ আৰু থলুৱা শৈলীৰে চহা জীৱনক জনমানসত দাঙি ধৰা, আমাৰ দ্বিতীয়টো সৰল লক্ষ্য।

ডিজিটেল পৃথিৱীখনৰ লগত অভ্যস্ত তথা ব্যস্ত পাঠকৰ এশ শতাংশ  আত্মসন্তুষ্টিয়েই আমাৰ কাম্য । সেই হেতুকে আলোচনীখন দৃশ্য-শ্ৰাৱ্যৰ মাধ্যমেৰে উপভোগ্য কৰি তোলাৰ লগতে সকলো ডিভাইচতে উপলব্ধ কৰি আগবঢ়াই নিবলৈ আমি সংকল্পবদ্ধ।

সকলো বয়সৰ পাঠকেই যাতে আলোচনীখনৰ লগত একাত্মবোধ গঢ়ি তুলিব পাৰে সেই উদ্দেশ্যৰে শিশু শিতানৰ পৰা মনোৰঞ্জন জগতখনলৈকে, স্বাস্থ্যৰ পৰা প্ৰেৰণামূলক খবৰলৈকে প্ৰায়বোৰ শিতানেই সামৰি ল’বলৈ আমি চেষ্টা অব্যাহত ৰাখিছোঁ।

আলোচনীখনৰ মাধ্যমেৰে ন-পুৰণি  সকলো লেখকেই যাতে স্বাধীনচিটিয়াভাৱে নিজস্ব শৈলীৰে শব্দৰ সৈতে  উমলি- জামলি পৃষ্ঠাসমূহ উমাল কৰি ৰাখিব পাৰে, সেই প্ৰতিশ্ৰুতি আমাৰ।

বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিজন অসমীয়াৰ হাতত “কথা-কাঞ্চন” উৎসৰ্গিত। শব্দৰ ফুলেৰে সুবাসিত হৈ প্ৰতিজন অসমীয়াৰ বুকুৰ মাজেৰে বৈ যাওক “কথা- কাঞ্চন।”

“কথা কাঞ্চন” আমাৰ যিমান আপোন, আপোনালোকৰো সিমানেই মৰমৰ। “কথা-কাঞ্চন”ৰ ওপৰত আমাৰ যিমান চৰ্ত, আপোনালোকৰো সিমান অধিকাৰ।

ধন্যবাদেৰে,

কথা-কাঞ্চনৰ সমূহ কৰ্মকৰ্তা