পক্ষাঘাত(Paksaghat) বা হেমিপ্লেজীয়া(Hemiplegia)

ডাঃকৰবী হাজৰিকা চৌধুৰী

                       পক্ষাঘাত(Paksaghat) বা হেমিপ্লেজীয়া(Hemiplegia)একপ্ৰকাৰৰ স্নায়ুজনীতৰোগ।এই ৰোগত আক্ৰান্ত ব্যক্তিজনৰ শৰীৰৰ সোঁ বা বাওঁফাল অৰ্থাৎ একাংগী বা সম্পূৰ্ণ অংগ স্পৰ্শৰহিত হয়,যথৰ হয়, দেহাৰ কোনো অংগ সঞ্চালন শক্তি লোপ পোৱা,অক্ষমতা আৰু শৰীৰৰ সোঁ বা বাওঁফাল অৰ্থাৎ একাংগী বা সম্পূৰ্ণ অংগ কাৰ্যতব্যাঘাত জন্মে।বৰ্তমান আমি দেখিবলৈ বা জানিবলৈ পাইছোঁ যে উচ্চ ৰক্তচাপ এই ৰোগৰ এক গুৰুত্বপূৰ্ণ কাৰণ।অৰ্থাৎ যেতিয়া আমাৰ শিৰা আৰু ধমনীত ৰক্ত সঞ্চালন ব্যাঘাত জন্মে তেতিয়া এই ৰোগত আক্ৰান্ত হয়।আয়ুৰ্বেদ শাস্ত্ৰত এই ৰোগ স্নায়ুগত ৰোগত অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াক বহলভাৱে বৰ্ণনা কৰিছে।আয়ুৰ্বেদশাস্ত্ৰৰ মাধৱ নিদান আৰু চৰক সংহিতাত ইয়াৰ বিৱৰণ এই ধৰণে আগবঢ়াইছে যে পক্ষাঘাত এক বাতজনীত ৰোগ।যেতিয়া শিৰা আৰু ধমনীত বাতৰ প্ৰকোপ হয় তেতিয়া এজন ব্যক্তি পক্ষাঘাত ৰোগত আক্ৰান্ত হয়।যেতিয়া বাত দোষৰ প্ৰকোপ হয় তেতিয়া শৰীৰৰ সোঁ বা বাওঁফাল অৰ্থাৎ একাংগী বা সম্পূৰ্ণ অংগত স্নায়ু আৰু ৰক্তবাহী স্ৰোতবোৰ শুকাই যায়, যাৰ ফলত ৰক্ত সঞ্চালন ক্ষতি হয় আৰু এই অংগখিনি স্পৰ্শৰহিত হয়,যথৰ হয়,দেহাৰ কোনো অংগ সঞ্চালন শক্তি লোপ হয়,অক্ষমতা হয় আৰু পক্ষাঘাত বা হেমিপ্লেজীয়া ৰোগত আক্ৰান্ত হয়।ইয়াৰ প্ৰধান কাৰণসমূহ এনেধৰণৰ —

১)উচ্চ ৰক্তচাপ(High BP)

২)ব্ৰেইন টিউমাৰ(Brain Tumour)

৩)লংঘন(Excessive fasting)

৪)খুব বেছি ওজন বাঢ়িলে(Over weight)

৫)ৰক্তক্ষৰণ(Excessive bleeding)

৬)কোনো অভিজ্ঞ চিকিৎসকৰ দ্বাৰা অসময়ত যেনে অত্যাধিক গৰমৰ দিন বা বেছিকৈ শ্বেদ প্ৰক্ৰিয়াৰ পিছত ৰক্তক্ষৰণৰ দৰে কোনো প্ৰক্ৰিয়া কৰে, তেনে ক্ষেত্রত ব্যক্তিজন/ৰোগীজন এই ৰোগৰ ভুক্তভোগী হ’ব পাৰে।

    এই ৰোগ গৰ্ভৱতী মহিলাৰো হোৱাৰ সম্ভাৱনা থাকে, তথা বয়সস্থ ব্যক্তিৰ অত্যাধিক ৰক্তক্ষয়ৰ পিছত হোৱা দেখা যায়।

    লোহিত মৰ্ম বা কক্ষধৰা মৰ্মত আঘাত পালেও এনে ৰোগ হোৱা দেখিবলৈ পোৱা যায়।

লক্ষণঃ

(১) অত্যাধিক ভাৱে বৃদ্ধি পোৱা বাত দোষ, সোঁ বা বাওঁ শৰীৰৰ শিৰা, স্নায়ু আদি শুকুৱাই পেলোৱা দেখিৱলৈ পোৱা যায়। তাৰ ফলস্বৰূপে চলাচলত অসুবিধাৰ সৃষ্টি হয়। তদুপৰি ভৰি বা হাতত অত্যাধিক বিষৰ সৃষ্টি হোৱা দেখা যায়।

(২) অত্যাধিক বৃদ্ধি পোৱা বাতদোষ ধমনীৰ ভিতৰত প্ৰৱেশ কৰি পাৰ্শ্বভাৱে চলন প্ৰক্ৰিয়া বিকল হয়। এই ৰোগত শৰীৰৰ এক অংগ সম্পূর্ণৰূপে চলন কাৰ্যত বিফল হোৱা দেখা যায়।

আয়ুৰ্বেদত পক্ষাঘাতৰ চিকিৎসা

১)নিদান পৰিবৰ্জন।

২)শোধন চিকিৎসা বা পাঁচকৰ্ম চিকিৎসা -স্নেহ চিকিৎসা(Oil therapy), শ্বেদ চিকিৎসা(Hot fomentation), বিৰেচন(Purgation), নাস্য চিকিৎসা(Nasal treatment), বস্তি(Medicated Enema), শিৰোবস্তি(Shiro basti), শিৰোধাৰা(Shirodhara)।

৩)একাংবীৰ ৰস(Ekangbeer Rasa)

বৃহৎ বাত চিন্তামনি ৰস(Brihat Vat Chintamoni Ras)

অৰ্জুনাৰিষ্টা(Arjunarishta)

ত্রয়োদশাঙ্গ গুগুলো(Trayodasango guggulu)

মহা ৰসনাদি কৱাথ(Maha rasnadi kwath)

ব্ৰাহ্মীবটি(Brahmi Vati)

যোগেন্দ্ৰ ৰস(Yogendra Ras)

বলাৰিষ্ট(Balarishta)

অশ্বাগন্ধৰিষ্ট(Aswagandharishta)

মহানাৰায়ণ তেল(Maha Narayan Taila)

মহামাছ তেল(Maha Mas Taila)

নাৰায়ণ তেল(Narayan Taila)

ধানৱন্তৰী তেল (Dhanwantari Taila)

চন্দন বলা লক্ষ্যদি তেল(Chandan Bala Lakshadi Taila)

উপৰোক্ত তেল বা ঔষধসমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰিব লাগে।

৪)যোগাসন। ই-মেইল: [email protected]