বিজ্ঞানৰ তত্ত্ব আৰু তথ্যক সাহিত্যৰ সৌন্দৰ্য প্ৰদান কৰি সাধাৰণ পাঠকক বিজ্ঞানৰ জ্ঞান প্ৰদান আৰু বিজ্ঞান-মানসিকতা গঢ়ি তুলিবলৈ যত্ন কৰা সাহিত্যকে সাধাৰণ অৰ্থত বিজ্ঞান সাহিত্য বোলা হয়৷ বিজ্ঞান সাহিত্যক প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি, বিশুদ্ধ বিজ্ঞান সাহিত্য আৰু লোকবোধ্য বিজ্ঞান সাহিত্য ৷ বিশুদ্ধ বিজ্ঞান সাহিত্যত বিজ্ঞানৰ তত্ত্ব আৰু সম্পৰীক্ষাৰ সম্পৰ্কে আলোচিত হয়৷ আনহাতে লোকবোধ্য বিজ্ঞান সাহিত্যত বিজ্ঞানৰ জটিল তাত্ত্বিক দিশটোৰ পৰিৱৰ্তে সবৰ্সাধাৰণে বুজিব পৰাকৈ সহজ-সৰল ভাষাত বৈজ্ঞানিক জ্ঞান প্ৰদান কৰিবলৈ যত্ন কৰা হয়৷ বিশুদ্ধ বিজ্ঞানক আকৌ প্ৰধানকৈ দুটা ভাগত ভগাব পাৰি — তাত্ত্বিক আৰু প্ৰায়োগিক অথবা ব্যৱহাৰিক ৷ তেনেদৰে লোকবোধ্য বিজ্ঞানক জনপ্ৰিয় বিজ্ঞান সাহিত্য আৰু কল্পবিজ্ঞান সাহিত্য, এই দুটা ভাগত ভগাব পাৰি৷ তাত্ত্বিক বিজ্ঞানত বিজ্ঞানৰ তত্ত্বসমূহৰ আলোচনা থাকে৷ আনহাতে প্ৰায়োগিক বা ব্যৱহাৰিক বিজ্ঞানত জীৱন তথা সভ্যতাৰ ক্ৰমোন্নতিত বিজ্ঞানৰ প্ৰয়োগবিধি আলোচিত হয়৷ আনহাতে জনপ্ৰিয় বিজ্ঞান সাহিত্যই বিজ্ঞানৰ তাত্ত্বিক জ্ঞান নথকা লোকক কোনো ঘটনাৰ সৰল বৈজ্ঞানিক ব্যাখ্যা আগ বঢ়ায় বা বিজ্ঞান-মানসিকতা সৃষ্টি কৰিবৰ বাবে বৈজ্ঞানিক পৰিভাষা ব্যৱহাৰ নকৰাকৈ সৰল ভাষাত শিক্ষা দিয়ে৷ আনহাতে কল্পবিজ্ঞানত বিজ্ঞানৰ একোটা তত্ত্ব আগত ৰাখি কাহিনী পৰিৱেশনৰ জৰিয়তে সাহিত্য গঢ়ি তোলা হয়৷
কল্পবিজ্ঞানৰ আলোচনাত অনেকেই কিছুমান প্ৰাচীন কিম্বদন্তি, ধৰ্মগ্ৰন্থ আদিত উল্লেখিত ঘটনা, পুৰণি অলীক কাহিনী আদিৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰা দেখা যায়৷ সাধুকথা, পুৰাকথা, প্ৰাচীন কাব্য আদিত কল্পবিজ্ঞান যেন লগা কিছুমান কাহিনী পোৱা যায় যদিও কল্পবিজ্ঞানে এটা সংজ্ঞা লাভ কৰাৰ পিছত পুৰণি কাহিনীবোৰক সেই সংজ্ঞাৰে বিশ্লেষণ কৰি চালে সিবোৰক কল্পবিজ্ঞানৰ পৰিধিলৈ কোনোপধ্যেই আনিব নোৱাৰি৷ তাত্ত্বিক বিচাৰত কল্পবিজ্ঞান সাহিত্য কুৰি শতিকাৰ আদি ভাগতে বিকশিত হোৱা আধুনিক সাহিত্যৰ এটা বিশিষ্ট শাখা৷ বিজ্ঞানৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ তত্ত্ব আৰু তথ্য কিছুমানক উপজীৱ্য হিচাপে লৈ এই কাহিনীবোৰ ৰচনা কৰা হয়৷৷ বিভিন্ন সময়ত বিশিষ্ট সমালোচক আৰু কল্পবিজ্ঞান সাহিত্যৰ লেখকে ইয়াৰ এটা সু-সংহত সংজ্ঞা দিবলৈ যত্ন কৰি আহিছে যদিও বিষয়বস্তু আৰু পৰিসৰৰ ফালৰপৰা কল্পবিজ্ঞান সাহিত্য ইমানেই ব্যাপক যে, নিৰ্দিষ্ট কোনো এটা সংজ্ঞাৰে ইয়াক আবদ্ধ কৰাটো সম্ভৱ হোৱা নাই৷ হিউগো গাৰ্নছবেকে কৈছিল, কল্প–বিজ্ঞান শব্দটোৰে মই জুল ভাৰ্ণ, এইচ. জি. ওৱেল্চ, এডগাৰ এলেন পো আদিয়ে লেখা ধৰণৰ কাহিনীবোৰকে বুজোঁ৷ তাত থাকে বৈজ্ঞানিক সত্য আৰু ভৱিষ্যতৰ দৃষ্টিৰে মিশ্ৰিত এটা মনোমোহা ৰোমান্স৷ এইবোৰ ৰূচিকৰধৰণেৰে চিত্ৰণ কৰা আজিৰ নতুন আৱিস্কাৰসমূহ কাইলৈ সঁচা হৈ পৰাটো অসম্ভৱ নহয়৷
থিয়ডৰ ষ্টুৰজিয়ন নামৰ আন এগৰাকী বিশিষ্ট লেখকে কল্পবিজ্ঞানৰ সংজ্ঞা দিবলৈ যত্ন কৰিছিল এনেদৰে,— কল্পবিজ্ঞান কাহিনী হ’ল মানুহৰ চৌপাশে সৃষ্টি কৰা, মানুহৰ সমস্যাৰে সৃষ্টি হোৱা আৰু মানৱীয় সমাধান থকা কাহিনী৷ বিজ্ঞানৰ বিষয়বস্তু নথকা হ’লে অৱশ্যে এই গল্পটোৱেই নহ’লহেঁতেন৷
বিশিষ্ট কল্পবিজ্ঞান লেখক ৰবাৰ্ট এ হেইনলিনে ১৯৫৯ চনত লিখা এখন ৰচনাত লিখিছিল, —Realistic speculation about possible future events, based solidely on adequate knowledge of the real world, past and presant, and on a through understanding of the nature and significance if the scientific method. To make this definition cover all science fiction (instead of almost all) it is necessary only to strike out the word ‘future’.
ৰড চাৰলিঙে অলিক কাহিনী আৰু কল্পবিজ্ঞানৰ মাজত পাৰ্থক্য বিচাৰ কৰি এনেদৰে কৈছিল, — Fantasy is the impossible made probable, Science fiction is impossible made possible.
Encyclopaedia Britanicca ই আগবঢ়োৱা সূত্ৰ অনুসৰি কল্পবিজ্ঞান হল a form of fiction that developed in the 20th century and deals principally with the impact of actual or imagined science upon society of individuals. ডেমন নাইট, জেমছ ব্লিছ, বেছিল ডেৱেনপৰ্ট আৰু ৰবাৰ্ট হেইনলিন আদি বিশিষ্ট কল্পবিজ্ঞান লেখকসকলৰ হাতত পৰি ই স্পষ্ট সূত্ৰ পালে এনেদৰে, — কল্পবিজ্ঞান কাহিনী হল বৰ্ণনাত্মক গদ্যৰ এটা বিশেষ শ্ৰেণী৷ ইয়াত আমি জনা জগতখনত ঘটিব নোৱাৰা পৰিস্থিতি এটা হাতত লোৱা হয়৷
কল্পবিজ্ঞানৰ পৰিসৰ বৰ ব্যাপক৷ সময়ৰ লগে লগে এই ধাৰাৰ সাহিত্যই অধিক বিস্তৃতি লাভ কৰিছে৷ সেয়ে অন্যান্য বিষয়ৰ দৰে কল্পবিজ্ঞানৰ ক্ষেত্ৰতো এটা শেষ সংজ্ঞা আগবঢ়োৱাতো সম্ভৱ হোৱা নাই৷ একেদৰে ইয়াৰ বিষয়বস্তুৰ ব্যাপকতাৰ বাবেই কল্পবিজ্ঞানক নিৰ্দিষ্ট শ্ৰেণীভূক্ত কৰাটো অসুবিধা আহি পৰিছে৷ কোনো কোনো সমালোচকে কল্পবিজ্ঞানক হাৰ্ড চাইন্স ফিক্চন, ছফ্ট চাইন্স ফিক্চন, চচিয়েল চাইন্স ফিক্চন আৰু ছাইবাৰ পাংক আদি ভাগত ভাগ কৰিবলৈ যত্ন কৰিছে৷ কোনো কোনোৱে আকৌ কল্পবিজ্ঞানৰ বিষয়বস্তু অনুসৰি ইয়াক সময় ভ্ৰমণ, বিকল্প ইতিহাস, সামৰিক ব্যৱস্থা, অতি মানৱীয় শক্তি, মহাকাশ ভ্ৰমণ তথা উদ্ঘাটন ইত্যাদি ভাগতো ভগাবলৈ যত্ন কৰিছে যদিও এতিয়ালৈকে এই শ্ৰেণী বিভাগসমূহে পূৰ্ণতা লাভ কৰা নাই৷
অসমীয়া বিজ্ঞান-সাহিত্যৰ প্ৰথম উন্মেষ ঘটে ” অৰুনোদই ” বাৰ্তালোচনীৰ পাতত৷ কু-সংস্কাৰ, অন্ধবিশ্বাসক প্ৰত্যাহ্বান জনাই বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাটোৱেই আছিল অৰুণোদয়ৰ নিহিত আদৰ্শ আৰু এই উদ্দেশ্য আগত ৰাখি কাকতখনত বিজ্ঞানৰ বিভিন্ন আৱিস্কাৰ, যিকোনো কথাৰ বৈজ্ঞানিক ব্যাখ্যা আদি নিয়মীয়াকৈ আগ বঢ়াইছিল৷ অজ্ঞান অন্ধকাৰাচ্চন্ন তৎকালীন অসমীয়া জাতিটোক বিজ্ঞানৰ আলোকেৰে আগুৱাই নিয়াটোৱেই আছিল অৰুণোদয়ৰ লেখকসকলৰ প্ৰকৃত উদ্দেশ্য৷ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যেই মিছনেৰীসকল অসমলৈ আহিছিল যদিও সেই সময়ত জাতিটোৱে সন্মুখীন হোৱা দুৰ্দশাৰ দৃশ্যই তেওঁলোকৰ কৰ্মৰ পৰিধি বহলাই তুলিবলৈ বাধ্য কৰাইছিল৷ সেয়ে আধুনিক শিক্ষাৰে শিক্ষিত কৰি অন্ধবিশ্বাস, কু-সংস্কাৰ আদি সমসাময়িক সমাজৰ পৰম্পৰাগত ৰীতি-নীতি আৰু আচাৰ-অনুষ্ঠানবোৰ নিৰ্মূল কৰিবৰ বাবে বিজ্ঞানসন্মত ব্যাখ্যাৰে প্ৰত্যাহ্বান জনাইছিল৷ ইয়াৰবাবে তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰিছিল৷ ছবিৰ সহায়তো বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ব্যাখ্যা আগবঢ়াইছিল৷ কেতিয়াবা কোনো বিষয় বুজাবৰ বাবে ৰূপকৰো আশ্ৰয় লৈছিল৷ তেনে প্ৰসংগতে ১৯৫৩ চনৰ চেপ্তেম্বৰ মাহৰ অৰুণোদয়ত জীৱ-জন্তু, পোক-পৰুৱা আদিক শাৰীৰিক শাস্তি নিদিবৰ বাবে শিক্ষা দিয়াৰ উদ্দেশ্যে ” মিক্ৰস্কোপ আৰু এটি নিষ্ঠুৰ লৰাৰ কথা ” [The Microscope] নামৰ এটা কাহিনীৰ জৰিয়তে মাইক্ৰস্কোপৰ সহায়ত সৰু সৰু প্ৰাণীক ডাঙৰকৈ দেখা বিষয়ক এটি লেখা প্ৰকাশ পাইছিল৷ প্ৰকৃতাৰ্থত এইটোৱেই অসমীয়া ভাষাত লিখা প্ৰথম বিজ্ঞানভিত্তিক গল্প বুলিব পাৰি৷ বিজ্ঞানভিত্তিক চুটিগল্পৰ সামান্যতম হ’লেও উপাদান উল্লিখিত গল্পটোত আমি পাওঁহক৷ গল্পটোৰ লেখক ব.ন.৷ ডক্তৰ মহেশ্বৰ নেওগে নাম উদ্ধাৰ কৰিব নোৱাৰা এইজন লেখকক এজন দেশীয় খ্ৰীষ্টীয়ান বুলি অনুমান কৰিছে৷
অসমীয়া ভাষাত ৰচিত বিজ্ঞানভিত্তিক কাহিনী সাহিত্যৰ দ্বিতীয় নিদৰ্শন আমি পদ্মনাথ গোহাঞিবৰুৱা সম্পাদিত ঊষা ৰ প্ৰথম ভাগ, তৃতীয় সংখ্যাৰ পৰা প্ৰথম ভাগৰ সপ্তম সংখ্যালৈকে ধাৰাবাহিক ভাবে ” ছাতৰৰ পিঠি ” ত প্ৰকাশিত অম্বিকানাথ বৰাৰ ” চন্দ্ৰলোকলৈ গমন ” লেখাটিত পাওঁ৷ বিদেশৰ পটভূমিত ৰচিত কাহিনীটো অনুবাদ বুলি সহজেই অনুমান কৰিব পাৰি যদিও মূল লেখকৰ কোনো উল্লেখ পোৱা নাযায়৷ বৰটোপৰ গুলিৰ ভিতৰত সোমাই বৰটোপত বিষ্ফোৰণ ঘটাই চন্দ্ৰলৈ যোৱাৰ এটা কল্প-কাহিনী এই গল্পটোত বৰ্ণিত হৈছে৷
” জগতৰ শেষ আদৰ্শ আৰু বিশ্বশান্তি স্থাপনৰ পথ ” শীৰ্ষক এখন ৰচনাত ১৯১৪ চনতে অম্বিকাগিৰি ৰায় চৌধুৰীয়ে বিশ্বব্ৰহ্মাণ্ডৰ অন্য গ্ৰহলৈ অভিযান চলাই মানুহে উপনিৱেশ গঢ়াৰ পৰামৰ্শ আগ বঢ়াইছিল৷ নকলেও হ’ব যে সেই সময়ত মহাকাশ অভিযান একেবাৰে চালুকীয়া অৱস্থাতে আছিল৷ সেয়ে ৰায় চৌধুৰীৰ এই লিখনিত কল্পবিজ্ঞানৰ বীজ লুকাই থকা বুলি নিঃসন্দেহে ক’ব পাৰি৷ ১৯৩৭ চনত আৱাহনৰ অষ্টম বছৰ সপ্তম সংখ্যাত প্ৰকাশিত হৰিপ্ৰসাদ বৰুৱাৰ ” বিৰচতীয়াৰ দেশ ” নামৰ গল্পটোত মহাকাশ-কল্পবিজ্ঞানৰ উপাদান পোৱা যায়৷ আৱাহনৰ পৰৱর্তি সংখ্যাত প্ৰকাশ পায় নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ “ৰসায়ন ” নামৰ আন এটা চুটিগল্প৷ ১৯৪৬ চনত কুমুদেশ্বৰ বৰঠাকুৰে ” এটমবোমা ” নামৰ কল্পবিজ্ঞান গল্প এটি লিখিছিল যদিও ইয়াক কল্প-কাহিনী নুবুলি অলীক কাহিনী বোলাহে অধিক যুক্তিযুক্ত৷ কল্পবিজ্ঞানৰ সম্পূৰ্ণ চৰিত্ৰ বহন কৰা প্ৰথম অসমীয়া চুটিগল্পটো সৌৰভ কুমাৰ চলিহাই ১৯৫০ চনত লিখা আৰু ১৯৬৬ চনত অসম বাতৰি ত প্ৰকাশিত মিনি নয়জ ৷ অসম বাতৰিত গল্পটো এই নামেৰে প্ৰকাশিত হৈছিল যদিও গোলাম নামৰ গল্প সংকলন খনত ইয়াৰ নাম আৱাজ ৰাখে৷ তেখেতৰ ” ওপৰত ” আৰু ” শেষ অনুৰোধ ” আন দুটা উল্লেখযোগ্য কল্পবিজ্ঞান চুটিগল্প৷ ভবেন্দ্ৰনাথ শইকীয়াই ১৯৬৮ চনত ৰচনা কৰা ” গহ্বৰ ” এটা বিখ্যাত কল্পবিজ্ঞান চুটিগল্প৷ হৃদপিণ্ডৰ পুনঃসংস্থাপন গল্পটিৰ বিষয়বস্তু৷
অসমীয়া কল্পবিজ্ঞানৰ এজন প্ৰতিষ্ঠিত লেখক বিজয়কৃষ্ণ দেৱশৰ্মাই সত্তৰৰ দশকতে আৰম্ভ কৰি অসমীয়া সাহিত্যৰ এই ধাৰাটোক এখোজ আগবঢ়াই নিয়ে৷ ” চন ২৪৬৬, এক এপ্ৰিল ” [আমাৰ প্ৰতিনিধি, ১৯৬৬] তেখেতৰ প্ৰথম কল্পবিজ্ঞান কাহিনী৷ তেখেতৰ অন্যান্য উল্লেখযোগ্য ৰচনাসমূহ হল ” চন্দ্ৰলোকত প্ৰথম মানুহ ” [১৯৬৯], ” তুলসীৰ তলে মৃগপহু চৰে ” [১৯৯৪],” সূৰ্যৰ সোণালী আপেল ” [১৯৭৬], আৰু ” বিজ্ঞানভিত্তিক গল্পগুচ্ছ ” [১৯৯১]৷
১৯৭০ চনত দৈনিক অসমত ” কঁকাল ” গল্পেৰে আত্মপ্ৰকাশ কৰা জনপ্ৰিয় বিজ্ঞান লেখক দীনেশ চন্দ্ৰ গোস্বামীয়ে যোৱা প্ৰায় চাৰিটা দশক অবিৰতভাৱে কল্পবিজ্ঞান কাহিনী, উপন্যাস, নাটক আদি ৰচনা কৰি কল্পবিজ্ঞান সাহিত্যৰ অগ্ৰণী লেখকৰূপে নিজকে এক সুকীয়া আসনত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ তেখেতে ইতিমধ্যে ডেৰকুৰিখনতকৈও অধিক জনপ্ৰিয় বিজ্ঞান, বাৰখন কল্পবিজ্ঞান পুথি ৰচনা কৰাৰ উপৰিও সোতৰখন পুথি অনুবাদ কৰিছে৷ আকাশবাণীৰ যোগেদিও তেখেতৰ ডেৰকুৰিখনমান নাটক প্ৰচাৰিত হৈছে৷ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ পৰা ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত পোন্ধৰটা খণ্ডত প্ৰচাৰিত আৰু পিছত ” এজাক জোনাকীৰ জিলিকনি ” [শেহতীয়া সংস্কৰণত জোনাকীৰ জিলিকনি ] নামেৰে মুদ্ৰিত উপন্যাসখনৰ মূল ভিত্তি হল জিনীয় অভিযান্ত্ৰিক প্ৰযুক্তি৷ ইছচেৰিচিয় কলাই বা চমুকৈ ই-কলাই নামৰ অতি দ্ৰুতভাৱে বংশ বিস্তাৰ কৰা বেক্টেৰিয়াৰ জিনত জেনেটিক কৌশলেৰে জোনাকী পৰুৱাৰ লুচিফেৰেজ চিক্ৰেটিং জিন সুমুৱাই দিয়াত ই-কলাই বেক্টেৰিয়াই জোনাকী পৰুৱাৰ জিন গ্ৰহণ কৰি পোহৰ দিবলৈ আৰম্ভ কৰে আৰু সেই পোহৰকে মানৱ জাতিৰ কল্যাণৰ বাবে ব্যৱহাৰৰ সন্ধান দিয়ে৷
” শব্দ নিৰন্তৰ শব্দ ” উপন্যাসখনত গ্ৰন্থ সম্পাদনা আৰু মুদ্ৰণ প্ৰযুক্তিৰ অগ্ৰগতিয়ে কিদৰে এই দিশত আমাৰ অভাৱ পুৰাব পাৰে তাৰ আভাস দিছে৷ প্ৰাণীৰ ক্ষেত্ৰত নিৰ্দিষ্ট প্ৰভাৱ সৃষ্টি কৰিব পৰা ৰেডিঅ ‘ তৰংগৰ পৰীক্ষা-নিৰীক্ষাৰ এক ৰোমাঞ্চকৰ কাহিনীৰে ৰচিত হৈছে ” উষ্ম প্ৰবাহ ” উপন্যাসখন৷ অতি বিশিষ্ট সমাজ উপন্যাসখনৰ পটভূমি এক অত্যাধুনিক গৱেষণাগাৰ৷ জেনেটিকেলি মডিফাইড ফুড বা জি এম ফুড আদি উচ্ছ পৰ্যায়ৰ গৱেষণাৰ লগতে ইয়াত চলি থকা দুর্ণীতি, ষড়যন্ত্ৰ, অসাধু লেনদেন আদিৰ মাজেৰে এখন অতি বিশিষ্ট সমাজৰ ভিতৰচৰাৰ চিত্ৰ অংকিত হৈছে৷
” আত্মজীৱনীৰ প্ৰয়াস ” — ক্ৰনস্কপ নামৰ এবিধ অভিনৱ যন্ত্ৰ আৱিস্কাৰৰ জৰিয়তে কোনো ব্যক্তিৰ ব্ৰেইন স্কেনিং কৰি অতীতৰ স্মৃতি পুনৰুদ্ধাৰ কৰিব পৰা হোৱাৰ ফলত ৰাষ্ট্ৰীয় বিজ্ঞান সংস্থা ৰ এটা গৱেষণাগাৰৰ হৃত ইতিহাস উদ্ধাৰত ব্ৰতী হল উৎসাহী বিজ্ঞানী প্ৰদীপ গোস্বামী৷ গৱেষণাগাৰত অতীত ইতিহাস উদ্ধাৰৰ লগেলগে সমান্তৰাল ভাবে আগবাঢ়িল প্ৰদীপৰ আত্মজীৱনী উদ্ধাৰৰ প্ৰকল্প৷ লেখকে প্ৰত্যক্ষভাৱে গ্ৰন্থখন আত্মজীৱনী নুবুলিলেও গ্ৰন্থখনিৰ নামকৰণৰ আঁত ধৰি ইয়াক উপন্যাসীকৃত আত্মজীৱনী বা কল্পবিজ্ঞানভিত্তিক আত্মজীৱনী বুলিব পাৰি৷ ” দিব্য উপবন ” উপন্যাসত এটা সকলো ফালৰ পৰা উন্নত গৱেষণাগাৰত উচ্ছ পৰ্যায়ৰ গৱেষণাৰ লগতে সমান্তৰাল ভাবে চলি থকা দুৰ্নীতি আদি অসৎ ক্ৰিয়াকলাপৰ চিত্ৰ অংকিত হৈছে৷
বৰ্তমানলৈকে দীনেশ চন্দ্ৰ গোস্বামীৰ সাতখন গল্প সংকলন প্ৰকাশ পাইছে৷ সেই কেইখন হৈছে,– ” ভদ্ৰতা মাপক যন্ত্ৰ ” , ” পৰ্টেবল স্মেল এবজর্বাৰ “, ” এক তৰংগৰ দৰে ” , “অভিন্ন হৃদয় “,” কল্প জগত “,” দীনেশ চন্দ্ৰ গোস্বামীৰ স্ব-নিবাৰ্চিত গল্প ” আৰু ” অন্তর্বাহী ” ৷ ইয়াৰ উপৰিও The Hair Timer নামেৰে তেখেতৰ গল্পৰ ইংৰাজী সংকলন এখন National Book Trust এ ২০১১ চনত প্ৰকাশ কৰিছে৷ অন্তর্বাহী ৰ অন্তৰ্গত গল্পসমূহৰ বিষয়ে লক্ষ্মীনন্দন বৰাদেৱে কৰা মন্তব্য তেখেতৰ সকলোবোৰ গল্পৰ ক্ষেত্ৰতে প্ৰযোজ্য, ” গোস্বামীৰ প্ৰতিটো গল্পৰে পঢ়ুৱৈক মন্ত্ৰমুগ্ধ কৰাৰ শক্তি আছে৷ কাৰণ হ’ল কেইবাটাও চমকপ্ৰদ বৈজ্ঞানিক আৱিস্কাৰৰ প্ৰয়োগ, লগতে মানৱ মনৰ সুক্ষ্ম অনুভূতিৰ বিস্তাৰ, ঔৎসুক্য বজাই ৰাখি কাহিনী কোৱাৰ দক্ষতা, ভাষাৰ প্ৰাঞ্জল সাৱলীলতা আৰু সংঘাত সৃষ্টি কৰাৰ ক্ষমতা আৰু ভৱিষ্যতৰ বিজ্ঞানে আনিব পৰা সুন্দৰ জগতখনৰ বিষয়ে সু-গভীৰ অন্তদৃৰ্ষ্টি৷ তেখেতৰ গল্পৰাজিত বিজ্ঞানৰ তত্ত্বৰ লগতে বৰ্তমান সমাজত চলি থকা দুৰ্নীতি, ব্যভিচাৰ বা সামাজিক সমস্যাৰ চিত্ৰ সুন্দৰ ৰূপত অংকণ কৰিছে৷ ”
তেখেতৰ অনাতাঁৰ নাটসমূহৰ সৰহ অংশ গল্প বা উপন্যাসৰ নাট্যৰূপ যদিও মৌলিক নাটকৰ সংখ্যাও তাকৰ নহয়৷ কেইবাখনো নাটক মঞ্চতো সুন্দৰ ৰূপত অভিনীত হৈছে৷ উদাহৰণস্বৰূপে ” আলফা স্পন্দন ” নাটখন লক্ষীমপুৰৰ মঞ্চত সুন্দৰ ৰূপত অভিনীত হৈছিল৷ তেনেদৰে ” নিস্পৃহ ” নাটখন অসমৰ কেইবাখনো মঞ্চত অভিনীত হৈছিল৷ ১৯৮৬ চনত আকাশবাণী গুৱাহাটীৰ পৰা চাৰিটা খণ্ডত প্ৰচাৰিত হৈছিল ” ৰবট বিজয় নাট ” নামৰ কল্পবিজ্ঞান নাটখনি৷ ” সংযোগ ” নাটখনত আধুনিক কম্পিউটাৰ নেটৱৰ্কিং, ৱেবচাইট, ইণ্টাৰনেট আদিয়ে সমগ্ৰ সমাজ ব্যৱস্থালৈ নমাই অনা পৰিৱৰ্তনৰ ফলত মানুহৰ মনোজগতৰ যি পৰিৱৰ্তন হৈছে, সেই কথা সুন্দৰ ৰূপত বৰ্ণিত হৈছে৷ ইবিলাকৰ উপৰি ” ভদ্ৰতা মাপক যন্ত্ৰ “, ” সংঘাত “, ” স্মৃতিৰ সুবাস “, ” উত্তৰণ “, ” যুগসন্ধি “, ” শেষ প্ৰস্তুতি “, ” এনিমেল থট ৰেকৰ্ডাৰ “, ” নতুন শতিকাৰ সপোন ” আদিও বিশেষভাৱে উল্লেখযোগ্য কল্পবিজ্ঞান নাট৷
” ট্ৰাইটনৰ অভিযান “, ” বিজ্ঞানীৰ লগত কাল্পনিক সাক্ষাৎকাৰ “ আদি কেইবাখনো শিশু উপযোগী কল্পবিজ্ঞান গ্ৰন্থও তেখেতে লিখিছে৷ উল্লিখিত মৌলিক গ্ৰন্থসমূহৰ উপৰি তেখেতে বিশ্ব সাহিত্যৰ কেইবাখনো লেখত লব লগীয়া গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছে৷ জুল ভাৰ্ণৰ A Journey to the Centre of the Earth, Twenty thousand Leagues Under the Sea আৰু Captain Grant’s Child ৰ অনুবাদ ক্ৰমে ” পৃথিৱীৰ কেন্দ্ৰলৈ অভিযান “, ” সাগৰৰ তলিয়েদি কুৰি হাজাৰ লিগ “, আৰু ” কেপ্টেইন গ্ৰাণ্টৰ সন্তান “, ভেলেণ্টিনা ঝুৰাভ্লিঅভাৰ Astronaut আৰু এনাটালি দনিয়েপ্ৰভৰ ডেষ্টিনেশ্যন আমালথিয়া ৰ একত্ৰ অনুবাদ ” মহাকাশচাৰী “, আৰ্থাৰ ছি ক্লাৰ্কৰ 2001:A Space Odyssey ৰ অনুবাদ ” এখন মহাকাশ অডিছি ” আৰু বাল ফোণ্ডকে সম্পাদিত It Hahpened Tomorrow ৰ অনুবাদ ” কাইলৈ এনে ঘটিছিল “ ৷ কেইবাখনো অনুদিত কল্পবিজ্ঞান গ্ৰন্থৰ সম্পাদনাও তেখেতে কৰিছে৷ মুঠতে অসমীয়া কল্পবিজ্ঞান সাহিত্যক এটা স্বকীয় ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতৰ অৱদান একক আৰু অনন্য৷
দীনেশ চন্দ্ৰ গোস্বামীৰ উপৰি নৱকান্ত বৰুৱা, অমূল্য হাজৰিকা, বন্দিতা ফুকন, শান্তনু তামুলী, ৰথীন্দ্ৰ নাথ গোস্বামী, হৰেকৃষ্ণ ডেকা, লক্ষ্মীনন্দন বৰা আদি ভালেমান লেখকে কল্পবিজ্ঞান কাহিনী ৰচনাৰে অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ধাৰা অক্ষুন্ন ৰখাৰ জৰিয়তে এই সাহিত্যৰ ভঁৰালটোক সমৃদ্ধিশালী কৰি তুলিছে৷ কবি নৱকান্ত বৰুৱাই ” অপদাৰ্থ ” [১৯৮২] উপন্যাসত জীৱ-পদাৰ্থবিজ্ঞানৰ প্ৰয়োগেৰে ৰক্তহীন অস্ত্ৰোপচাৰৰ প্ৰযুক্তি আৱিস্কাৰ কৰোতে সৃষ্টি হোৱা বিধ্বংসী শক্তি এণ্টিমেটাৰ [ অপদাৰ্থ ] ৰ কাহিনী বৰ্ণনা কৰিছে৷ অমূল্য হাজৰিকাৰ উল্লেখযোগ্য কল্পবিজ্ঞান উপন্যাস হল ” আক্ৰমণ ” [১৯৮৩], ” সন্ধান ” [১৯৯২], ” সোণালী সপোন ” [১৯৯১] আৰু ” কুপৱাৰাৰ কাহিনী ” [১৯৯১]৷ বিভিন্ন আলোচনীত তেখেতৰ ভালেমান কল্পবিজ্ঞান কাহিনী সিঁচৰতি হৈ আছে৷
শান্তনু তামুলী অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ এজন প্ৰতিষ্ঠিত লেখক৷ ” হে চন্দ্ৰ বিদায় ” [১৯৬৪], ” প্ৰাচীৰ ” আৰু ” মায়ামৃগ ” [১৯৯৮] তেখেতৰ উল্লেখযোগ্য ৰচনা৷ মহাকাশ অভিযান, অন্য গ্ৰহৰ জীৱ আদিয়েই তেওঁৰ ৰচনাৰাজিৰ প্ৰধান বিষয়বস্তু৷ ৰঞ্জু হাজৰিকাৰ ” সূৰ্য সন্ধান ” [১৯৯৬] একে শাৰীতে থ’ব পৰা এখন কল্পবিজ্ঞান গ্ৰন্থ৷ ৰথীন্দ্ৰ নাথ গোস্বামীৰ ” নয়নমণি ” [১৯৯৬] ৰ বিষয়বস্তু হল কম্পিউটাৰ ভাইৰাছ৷ ” কিংকিনীৰ বিদ্ৰোহ “ [২০০২] ৰ বিষয়বস্তু ৰবটৰ দ্বাৰা সৃষ্ট ৰবটে মানৱ জাতিৰ বিৰুদ্ধে কৰা বিদ্ৰোহ৷ চাকিল জামালৰ ” নীলা নীলা বেদনা ” [১৯৯৬] ৰ বিষয়বস্তু জিনীয় অভিযন্ত্ৰণ৷ মানবেন্দ্ৰ কুমাৰ বৰুৱাৰ ” নিহত অতীত নীৰৱ নহয় “ [২০০০] ত যুদ্ধ আৰু প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত পৃথিৱীৰ মাত্ৰ কিছু সংখ্যক লোকে চন্দ্ৰ, শুক্ৰ আৰু মহাকাশত গঢ়ি তোলা কেইখনমান মহাকাশ ষ্টেচনত আশ্ৰয় লৈ জীয়াই থকাৰ পটভূমিত ৰচিত হৈছে৷ তেওঁৰ ” বুদ্ধিভ্ৰষ্ট প্ৰাণী মানুহ “ [২০০১] ৰ বিষয়বস্তু হল অন্য গ্ৰহৰ প্ৰাণীৰ দৃষ্টিত মানুহ৷ ৰাজীৱ প্ৰসাদ শইকীয়াৰ ৰচিত ” পলি চৰাই ” [২০০১] ত পাতি কাউৰীয়ে পলিথিন হজম কৰিব পৰা ক্ষমতা লাভ কৰাৰ বাবে আমাৰ পৰিৱেশৰ পৰা পলিথিনৰ মোনা আদি সম্পূৰ্ণৰূপে নাইকিয়া হোৱাৰ কথা বৰ্ণিত হৈছে৷
অসমীয়া কল্পবিজ্ঞান সাহিত্যক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত ” বিস্ময় ” আলোচনীখনৰ অৱদান অনস্বীকাৰ্য৷ বিশ্ব সাহিত্যৰ ভালেমান উল্লেখযোগ্য গ্ৰন্থ যেনে ৰবীন কুকৰ কমা, ফিভাৰ, ব্ৰেইন আদি উপন্যাসৰ অসমীয়া অনুবাদ এই বিস্ময়ৰ পাততে প্ৰকাশ পাইছিল৷ এই আলোচনীখনে ভালেমান কল্পবিজ্ঞান কাহিনীৰ লেখকক জন্ম দিছে৷ বৰ্তমানৰ প্ৰতিষ্ঠিত লেখক বন্দিতা ফুকনে ১৯৮৭ চনত ” প্ৰিয়তমা ” শীৰ্ষক কল্পবিজ্ঞান লেখনিৰে বিস্ময়ৰ পাততে আত্মপ্ৰকাশ কৰিছিল৷ তেখেতৰ উল্লেখযোগ্য কল্পবিজ্ঞান সাহিত্যসমূহ হল ” দ্বিতীয় ব্যক্তি ” [১৯৯১], ” দৃষ্টিদান “ [১৯৯৬], ” ওলগ ” [১৯৯৭], ” আপেক্ষিকতা , তেওঁৰ বাবেই ” [১৯৯৮], ” নতুন পৃথিৱী ” [২০০৫], ” আঠ ৰহস্য “, ” যদি “, , ” কিয় এনে হৈছে “, ” সোণাইহঁতৰ বিপদ “, ” সোণাৰীৰ ৰবট কুকুৰ “, ” আবেগ আৰু যুক্তিৰে ” ইত্যাদি৷ ” কায়কল্প “ [২০০২] লক্ষ্মীনন্দন বৰাৰ উল্লেখযোগ্য কল্পবিজ্ঞান উপন্যাস৷ ভাৰতবৰ্ষত অতীতত প্ৰচলিত কায়কল্প চিকিৎসা আৰু সাম্প্ৰতিক জৰাবিজ্ঞান [Gerontology] ৰ লগত আণবিক জীৱবিদ্যা, জৈৱ প্ৰযুক্তিবিদ্যা আদিৰ আলমত উপন্যাসখন ৰচিত হৈছে৷ হৰেকৃষ্ণ ডেকাৰ ” আগন্তুক ” [২০০৮] ত অন্য গ্ৰহৰ প্ৰাণী পৃথিৱীলৈ অহাৰ বৰ্ণনা আছে যদিও সাম্প্ৰতিক সময়ৰ উগ্ৰপন্থী সমস্যা আৰু অন্যান্য সামাজিক চিত্ৰণেৰে এখন ৰূপকধর্মী সুখপাঠ্য কল্পবিজ্ঞান উপন্যাস৷
বৰ্তমান সময়ৰ কেইজনমান উল্লেখযোগ্য লেখকৰ কল্পবিজ্ঞানৰ উদাহৰণ হল, — পদ্মপাণিৰ হাৰ্টিক [১৯৯২], যুগল লোচন দাসৰ টাইটানৰ টাই [২০০২], ইন্দ্ৰ কুমাৰ কার্কীৰ ছৰজাইনৰ অতিথি, জয়ন্ত কুমাৰ গোস্বামীৰ আনুবংশিক [২০০৯] ইত্যাদি৷ ক্ষীৰধৰ বৰুৱা, এ. কে. জিয়াউদ্দিন আহমেদ, মিহিৰ কুমাৰ গোস্বামী, অজন্তা দাস, প্ৰভাত গোস্বামী, পৰাগ ৰাজখোৱা, ৰূপম বৰুৱা আদি ভালেমান লেখকে এই ধাৰাৰ সাহিত্যলৈ অৱদান আগ বঢ়াইছে৷ এই ক্ষেত্ৰত শ্যামাপ্ৰসাদ শৰ্মা, চক্ৰেশ্বৰ দাস, মনোৰঞ্জন হাজৰিকাৰ অৱদানো অনস্বীকাৰ্য৷ আন এগৰাকী লেখক অভিজিত শৰ্মা বৰুৱায়ো কল্পবিজ্ঞান সাহিত্য ৰচনা অব্যাহত ৰাখিছে৷
গল্প আৰু উপন্যাসৰ উপৰিও অসমীয়া কল্পবিজ্ঞান নাটকৰ সৃষ্টিয়ে আমাৰ সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিছে৷ পঞ্চম বছৰ দ্বিতীয় সংখ্যা বিজ্ঞান জেউতি [১৯৬৯] ত প্ৰকাশিত শ্যামাপ্ৰসাদ শৰ্মাৰ ” দেৱতাৰ অন্য ৰূপ ” প্ৰথম আৰু সফল বিজ্ঞানভিত্তিক নাটক৷ এই ধাৰাৰ নাটকক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত আকাশবাণীৰ অৱদান অনস্বীকাৰ্য৷ ১৯৭৪ চনতে দীনেশ চন্দ্ৰ গোস্বামীৰ বিজ্ঞানভিত্তিক অনাতাঁৰ নাট ” এনিমেল থট ৰেকৰ্ডাৰ ” আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰপৰা প্ৰচাৰিত হৈছিল আৰু আন এখন বিজ্ঞানভিত্তিক নাট ” পৰিব্ৰাজক ” [একে নামৰ গল্পৰ অনাতাঁৰ নাট্যৰূপ ] সেই বছৰেই সবৰ্ভাৰতীয় বাচনিত উঠি ভাৰতৰ আটাইবোৰ ৰেডিঅ’ কেন্দ্ৰৰ যোগেদি প্ৰচাৰিত হৈছিল৷ উল্লেখযোগ্য যে আকাশবাণী দিল্লীৰ ‘বিজ্ঞানকোষ ১৯৮০ চনতহে স্থাপিত হৈছিল আৰু প্ৰথম বিজ্ঞানভিত্তিক নাটক ১৯৮৪ চনতহে আন ৰাজ্যত ৰচিত হৈছিল৷ তেখেতৰ আন কেইখনমান উল্লেখযোগ্য নাট হল ” বিজ্ঞাপন বিজ্ঞাপন “, ” নিস্পৃহ “, ” অভিন্ন হৃদয় “, ” ভদ্ৰতা মাপক যন্ত্ৰ “, ” আলফা স্পন্দন “, ” আলস্য “, ” যুগসন্ধি “, ” ৰবট বিজয় নাট “, ” আশ্বৰ্য “, ” উত্তৰণ “, ” সংঘাত “, ” সংযোগ “, ” কথাশিল্পী “, ” সৃষ্টিৰ সুবাস “, ” শেষ প্ৰস্তুতি “, ” নতুন শতিকাৰ সপোন ” ইত্যাদি৷ নাট্যকাৰ অৰুণ শৰ্মাৰ ” স্থাৱৰ ” আৰু সুশীল গোস্বামীৰ ” মন গুহাৰ অন্ধকাৰত ” দুখন উল্লেখযোগ্য বিজ্ঞানভিত্তিক অনাতাঁৰ নাট৷ অমৰজ্যোতি চৌধুৰীৰ ” সাংকেতিক ” নামৰ এখন কল্পবিজ্ঞান নাট ১৯৮৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰপৰা প্ৰচাৰিত হৈছিল৷ নাটখনৰ বিষয়বস্তু আছিল কম্পিউটাৰ ভাইৰাছ৷
উল্লিখিত ৰচনাসমূহৰ উপৰি বিশ্বসাহিত্যৰ উল্লেখযোগ্য কিছুমান কল্পবিজ্ঞান গ্ৰন্থৰ অসমীয়া অনুবাদে আমাৰ সাহিত্যক অধিক সমৃদ্ধ কৰি তুলিছে৷ এইচ জি ওৱেলছৰ The Invisible Man ৰ অসমীয়া অনুবাদ প্ৰথমে কৰিছিল হেমবালা দাসে ১৯৫৬ চনত ” অদৃশ্য মানৱ “ নামেৰে৷ এইখন গ্ৰন্থ পৰৱর্তী কালত এম মজিদ খান আৰু অভিজিত শৰ্মা বৰুৱাই বেলেগে বেলেগে অনুবাদ কৰিছিল৷ এলেক্চি টলষ্টয়ৰ ” আত্ৰালিতা ” ৰ অনুবাদ কৰে সদা শইকীয়াই৷ এ জাৰ্নি টু দা ছেণ্টাৰ অব আৰ্থ নামৰ জুল ভাৰ্ণৰ উপন্যাসখন প্ৰথমে এম মজিদ খানে আৰু পিছত দীনেশ চন্দ্ৰ গোস্বামীয়ে অনুবাদ কৰিছিল৷ ছাৰ আৰ্থাৰ কনান ডয়ালৰ দা লষ্ট ওৱর্ল্ড ৰ অসমীয়া অনুবাদ আগ বঢ়ায় ৰায়হান শ্বাহে, ” বিলুপ্ত জগত ” নামেৰে৷ দীনেশ চন্দ্ৰ গোস্বামীয়ে অনুবাদ কৰা কল্পবিজ্ঞান সাহিত্যৰাজিৰ বিষয়ে ওপৰত উল্লেখ কৰি অহা হৈছে৷ শৰাইঘাট প্ৰকাশনে কালজয়ী সাহিত্য ছিৰিজত প্ৰকাশ কৰা গ্ৰন্থলানিত এনেধৰণৰ ভালেমান গ্ৰন্থৰ অনুবাদ অন্তৰ্ভূক্ত হৈ আছে৷ এই ছিৰিজটো সম্পাদনা কৰিছে দীনেশ চন্দ্ৰ গোস্বামীয়ে৷ কল্পবিজ্ঞান সাহিত্যৰ অনুবাদ শাখাটোলৈ বন্দিতা ফুকন, ৰঞ্জু হাজৰিকা, শান্তনু তামুলী, জয়ন্ত কুমাৰ শৰ্মা আদি ভালেমান লেখকে উল্লেখযোগ্য গ্ৰন্থৰ অনুবাদেৰে বিশেষ অৱদান আগবঢ়াই আহিছে৷
সাহিত্যৰ ইতিহাসত কল্পবিজ্ঞান সাহিত্য নৱতম সংযোজন৷ প্ৰথমে এই সাহিত্যই বিশুদ্ধ সাহিত্যৰ মৰ্যাদা লাভ কৰা নাছিল৷ কাৰণ বাস্তৱ জীৱনৰ পৰিৱৰ্তে প্ৰায় ক্ষেত্ৰতে এক কল্পিত জীৱনৰ চিত্ৰহে ইয়াত অংকিত হয়৷ কিন্তু বিজ্ঞানৰ দ্ৰুত অগ্ৰগতিয়ে এনে বহু কল্পনাক বাস্তৱত ৰূপ দিয়াৰ পিছত আৰু কম সময়ৰ ভিতৰতে এই সাহিত্যই জনপ্ৰিয়তা লাভ কৰাৰ বাবে সাহিত্যৰ আনবোৰ শাখাৰ দৰে ইও এক নিজা আসন লাভ কৰিবলৈ সমৰ্থ হয়৷ অসমীয়া সাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয়৷ অসমীয়া সাহিত্যৰ পুৰণি ইতিহাসকাৰসকলে এই সাহিত্যক তেওঁলোকৰ ইতিহাসত উপযুক্ত স্থান নিদিলেও সাম্প্ৰতিক কালত ৰচিত ইতিহাসসমূহত কল্পবিজ্ঞানে এখন সন্মানীয় আসন লাভ কৰিবলৈ সমৰ্থ হৈছে আৰু লেখক, পাঠক আৰু প্ৰকাশকৰ ক্ৰমবৰ্ধমান আগ্ৰহ আৰু চাহিদাই অসমীয়া সাহিত্যৰ এই ধাৰাটোৰ সমৃদ্ধ ভৱিষ্যতৰে ইংগিত বহন কৰিছে৷
—————-
প্ৰসংগ পুথিঃ
[ক] প্ৰাক্ স্বাধীনতা কালৰ অসমীয়া বিজ্ঞান সাহিত্য–পৰমানন্দ মহন্ত
[খ] ঊষা, একত্ৰ সংকলন–সম্পাঃ লক্ষ্মীনাথ তামুলী
[গ] অৰুনোদই–সম্পাঃ মহেশ্বৰ নেওগ
[ঘ] বিংশ শতাব্দীৰ অসমীয়া বিজ্ঞান সাহিত্য–পৰমানন্দ মহন্ত
[ঙ] অসমীয়া বিজ্ঞান সাহিত্যঃ অতীতৰ পৰা বৰ্তমানলৈ–সম্পাঃ ক্ষীৰধৰ বৰুৱা
[চ] বিজ্ঞান সাহিত্যঃ অসমীয়া বিজ্ঞান সাহিত্যৰ বিভিন্ন ধাৰা–সম্পাঃ প্ৰমোদ চন্দ্ৰ নেওগ
[ছ] চিন্তা বিচিত্ৰা–সত্যেন্দ্ৰ বৰদলৈ
[জ] ক্ৰমবিকাশত অসমীয়া চুটিগল্প–সম্পাঃ সত্যেন্দ্ৰ বৰদলৈ, পদ্ম হাজৰিকা
[ঝ] কল্পবিজ্ঞান সাহিত্য–বিনয় মোহন শইকীয়া
***