মৰমৰ………
জানো, ডাকোৱালে এই চিঠি তোমাৰ ঠিকনাত পেলাব নোৱাৰে
এয়া মোৰ শব্দৰ বিফল আখৰা মাথোঁ
তোমাৰ নামত অহেতুক ব্যস্ততা।
আজি কালি মোৰ ৰাতিবোৰ প্ৰায়েই উজাগৰী ,
জানাই নহয় উজাগৰী ৰাতিবোৰ দীঘলীয়া হয়
আৰু দীঘলীয়া ৰাতিৰ গাত যন্ত্ৰণাৰ কাঁইট ।
তুমি নোহোৱাৰ সুযোগ লৈ দুখে মোৰ বুকুত ঘৰ সাজিলে
বুকুত মোৰ দুখৰ মহাবাহু
কান্ধত তুমি দি যোৱা সংসাৰৰ ভাৰ।
শুনা, আমাৰ সোণ এতিয়া বৰ এটা হ’ল
ওখ পাখ সাইলাখ তোমাৰ দৰে
তুমিহীনতাৰ দুখ পাতলাই সি
মাজে মাজে অভিমান কৰে ,
তুমি এৰি গ’লা যে সেইবাবে
মোৰ পোছাকত তাৰ দৃষ্টি নাই
কিয়নো তুমিহীনতাৰ প্ৰমাণ দিবলৈ শুধ বগা ৰিহাখন মই গাত মেৰিয়াই ৰখা নাই
কেৱল তাৰবাবেই ওঁঠত হাঁহিৰ প্ৰলেপ এটা দি ৰাখোঁ
কেতিয়াবা তোমালৈ মোৰ বৰ খং উঠে
ইমান দুখ অকলে কেনেকৈ সামৰোঁ কোৱা ,
এনেটো কোনো কথা নাছিল যে মাজ বাটত তুমি এৰি দিবা হাত ,
কিন্তু দিলা
তুমি যোৱাৰ পিছত ধুমুহাই মোক বৰকৈ কোবালে,
শব্দবানে হানি খুচি মোক চিৰাচিৰি কৰিলে
অথচ মই থিয় হৈ থাকিলোঁ , যুঁজিলোঁ
তোমাৰ প্ৰেমে মোক জীৱন জীৱলৈ শিকালে।
কেতিয়াবা তোমাক বিচাৰি মই ভিৰৰ মাজত হেৰাই যাওঁ,
জীৱনে বৰ বেয়াকৈ ঠগিলে
এতিয়া বিষন্নতাক সাবটি আগবাঢ়ে মোৰ
দিন-ৰাতি, মাহ -বছৰ… ।
তুমি যতেই থাকা সুখী হৈ থাকা
মোৰ বুকুৰ আছুতীয়া কোঠালীটো
তোমাৰ বাবেই সজাই ৰাখিম জনমে জনমে।
আজিলৈ সামৰোঁ দিয়া,
ৰাতি পুৱালেই
আকৌ কথা পাতিম ,
মোৰ জীৱন যুজৰ বিষয়ে অন্য এটা উজাগৰী ৰাতিত
এনেদৰে বিমূৰ্ত অবয়বৰে তুমি মোৰ সংগী হৈ ৰবা প্ৰতি ৰাতি
আজিলৈ সামৰোঁ, পুনৰ মৰমেৰে
তোমাৰ…..মমতা