– অ’ দাদা, পাই গ’লহি৷
উচপ খাই উঠিলোঁ৷ কি পালেহি? ক’ৰনা নেকি?
নে এম্বুলেন্স? চিবিআই? চান্দা পাৰ্টি..?
– এ.. সেইবোৰৰ এটাও নহয়৷ কেলেই, আজি মহালয়া নহয় জানো? দেৱীৰ কথা কৈছোঁ ৷ লক্ষ্মী, সৰস্বতী, গণেশ, কাৰ্তিক, মহিষাসুৰ, সিংহ, নিগনি আটাইবোৰ পালেহি৷ নাৱত আহিছে, ঘোটকত যাবগৈ৷ অ’ দাদা, ঘোটক মানে কি জানেনে?
দাদাই কি উত্তৰ দিব… ঘোটক মানে কি তেৱোঁ নাজানে৷ কিন্তু ‘নাৱত অহা, ঘোটকত যোৱা.. এনে ধৰণৰ কথাবোৰ বাতৰিকাকত, টিভিত কিছুদিনৰ পৰা ঠিকেই দেখা পাই আছে৷ অৰ্থ নাজানিলে কি হ’ব…
যি কি নহওক, মনটো ভাল লাগি গ’ল৷ তেওঁলোক অহা মানেই মৰতত দুৰ্গতি নাশ৷ ভিলেইনৰ পতন৷ ভাল দিনৰ আৰম্ভণি৷
‘‘নৰেন্দ্ৰ মোদীয়ে ‘অচ্ছে দিন’ দেখুৱাব পাৰক বা নোৱাৰক, দেৱীয়েতো পাৰিবই৷ তেওঁৰ অপাৰ শক্তি৷ দেৱীয়ে নোৱাৰা কাম একো নাই৷ এইযে উগাৰি উগাৰি নেলুৰ গুৰিলৈকে খাই খাই ৰাজকোষৰ তলি উদং কৰি দিয়া ভিলেইনৰ জাকটো.. সিহঁতৰ খেলা ইমানতে খতম৷ দেৱীয়ে কাকো সুদাই নেৰে৷’’
বাতৰিকাকতকেইখন মেলি ল’লোঁ৷ প্ৰথম পৃষ্ঠাত দেৱী আহি পোৱাৰেই খবৰ৷ অতি বিচিত্ৰ, ব্যাকৰণ বহিৰ্ভূত ওভোতা বাক্যকেইটি চকুৰ সমুখত জিলিকি উঠিল৷ প্ৰতিটোৰে ক্ৰিয়া আগত, বিশেষ্য শেষত৷ যেনে ‘নামিব ধৰালৈ দুৰ্গতিনাশিনী আজি৷ আগমন নৌকাই দেৱীৰ৷ ফলং শস্যপূৰ্ণা বসুন্ধৰা৷ গমন ঘোটকে৷ ফলং মৰকং ভবেৎ৷’ অৰ্থাৎ দেৱী আজি ধৰালৈ নামিব৷ নাৱত আহিব, ঘোটকত যাবগৈ৷ ফলাফল বৰ গণ্ডগোলীয়া আৰু কন্ফিউজিং৷ ভালো হ’ব, বেয়াও হ’ব৷ নাওত আহিলে ভাল, ঘোটকত গ’লে বেয়া৷ কথাটো সাইলাখ আমাৰ নৰেন দাইটিৰ নিচিনা৷ এফালে এয়াৰ ফ’ৰ্ছ ৱান, ৰাফেল, বুলেট ট্ৰেইন, বাইছ লাখ টকীয়া চোলা.. আনফালে মস্ত মস্ত ভয়ংকৰ গাঁতেৰে সৈতে ভগা ৰাস্তা, জাঁবৰ, বোকা, পানী, লুণ্ঠন, মূল্যবৃদ্ধি…
দেৱী আহি পোৱাৰ বিগ ব্ৰেকিং বাতৰিটো চৌদিশে ভাইৰেল হ’ল কি নহ’ল, লগালগ সংবাদসেৱীসকলৰ থৰকাচুটি হেৰাল৷ কাৰণ প্ৰত্যেককেই যিমান পাৰি সিমান এক্সক্লুছিভ কভাৰেজ লাগে৷ গতিকে আৰু ৰ’বলৈ নাই৷ ব্যুৰ’ ৰিপৰ্টাৰ ছুনিল, ছিমান্ত, মানীছা, কেমেৰা পাৰছন মানছকে আদি কৰি বাঘা বাঘা বিখ্যাত ব্যক্তিসকল দলে-বলে গৈ বিমানবন্দৰত হাজিৰ৷
লগত কেমেৰা, মাইক্ৰ’ফোন, লাইট, ৰেকৰ্ডাৰ.. সকলো সাজু৷
চাওঁতে চাওঁতে পাঁচ দহ মিনিটকৈ ভালেমান সময় পাৰ হৈ গ’ল৷ ইখনৰ পিছত সিখনকৈ ফ্লাইটবোৰ আহি থাকিল, গৈ থাকিল৷ পিচে কি আচৰিত, আই মাতৃৰহে খবৰ নাই৷ নাই যি নাই, গণেশ, কাৰ্তিক, মহিষ.. আনকি সিংহ, হাঁহ বা নিগনিটোও নাই৷
বোন্দাপৰ দি, ৰৈ ৰৈ অতিষ্ঠ হোৱা ড্ৰাইভাৰ গোবৰ্ধন গগৈয়ে পোৱালী সাংবাদিক শ্ৰীমান হোলাৰ ভাই মোলাক সুধিলে : ‘হেৰা, কথাটো কি, গণ্ডগোলটো ক’ত, কিবা গম পাইছানে..?’
‘‘মনিষা মাহীয়ে কৈছেঃ বাই এনি মিন্ছ, আজি দিনটোৰ ভিতৰতে দেৱী আহিবই৷ মানে.. সংবিধান মতে মহালয়াৰ দিনাই তেওঁ ধৰিত্ৰীৰ বুকুত, বাই হুক অৰ বাই ক্ৰুক,পদাৰ্পন কৰাটো কম্পাল্চৰি৷’’
‘‘কিন্তু এটা কথা নহয়৷ মা দুৰ্গাক ৰিছিভ কৰিবৰ বাবে আমি এয়াৰপৰ্টলৈ কিয় আহিছোঁ?’’
‘‘মানে..?’’
‘‘মানেটো হ’ল.. সত্যনিষ্ঠ সাংবাদিকৰ বাতৰি মতে তেওঁ নৌকাতহে আহিছে৷ ফ্লাইটত অহাই নাই নহয়৷’’
‘‘সৰ্বনাশ৷ গতিকে?’’
‘‘গতিকে আমি জাহাজ ঘাটলৈহে যাব লাগিছিল৷ আৰু শুনা৷ তোমাৰ চাকৰিটো দৰকাৰী হয়নে নহয়?’’
‘‘চাকৰিটো আক’ কিয় দৰকাৰী নহ’ব? আটাইকেউজন ভগৱান, প্লাছ তেত্ৰিছ কৌটি দেৱ-দেৱীক কিমান খাটনি ধৰাৰ পাচত পাইছোঁ, মইহে জানো৷’’
‘‘তেনেহলে ‘মনিষা মাহী’ বুলি ভুলতো নক’বা৷ কেৱল গালি খোৱাই নহয়, চাকৰিটোও যাব৷ ‘মানীষা মেডাম’ ক’বা৷ সেইটোহে শুদ্ধ৷ টিভিত কোৱা শুনা নাই? এখেতসকলে লিখোঁতেহে সুনীল, সীমান্ত, মানস আদি লিখে৷ কওঁতে সদায় ছুনিল, ছিমান্ত, মানছ কয়৷ সৰ্বানন্দ, সোনোৱাল, নিচা, নিছিটা, বাইছত্তি, পাৎছালা, গোচাইগাওঁ…’’
মোলাৰ মূৰত তেতিয়া অন্য চিন্তা৷ আজিকালি নদাই ভদাই ঘটিৰাম বাটিৰাম প্ৰত্যেকেই গাড়ীত ঘূৰে৷ কিছুমানৰ তিনি-চাৰিখনকৈ গাড়ী৷ তেনেস্থলত মাৰ্চিডিজ, লিম’ বা ফেৰাৰিত নাহি দেৱী নাৱত কিয় আহিব লগা হ’ল? এইটো কেনে ধৰণৰ কথা? নাৱত আহে, ঘোঁৰাত যায়, আচৰিত নহয়নে..?
‘‘মোৰ বোধেৰে এইযে আমাৰ গুৱাহাটী নগৰখন মাজে মাজে পানীৰ তলত সোমাই দিয়ে, সেইটোৱেই কাৰণ৷’’
‘‘অৰ্থাৎ..?’’
‘‘অৰ্থাৎ মাত্ৰ এজাক বৰষুণতে নগৰৰ হঠাৎ কি অৱস্থা হৈ যাব কোনে জানে? জুৰ’ডৰ মেনহ’লেৰে মানুহ সৰকি ফাঁচিবজাৰত ওলায়গৈ৷ নাওখন লগত থাকিলে বহুত সুবিধা৷ এটা ডাঙৰ সাহস৷’’
‘‘কিন্তু.. নাৱত আহিবলৈ দেখোন স্বৰ্গ আৰু মৰ্ত্যৰ মাজত সাগৰ, নদী, নলা, নৰ্দমা একোৱেই নাই৷ পানী অবিহনে নাওখন কোনে, ক’ত, কেনেকৈ বাব? ইথাৰ, অ’জন নাইবা বায়ুমণ্ডলততো নাও নচলে৷’’
‘‘মই সেইবোৰ নাজানো৷ কিন্তু যোৱাবাৰো নাৱত আহিছিল৷ চাৰি ৰাতি পূজা মণ্ডপত কটাই আকৌ দোলাত ৰিটাৰ্ণ..’’
‘দোলা’ শুনি মোলা নতুনকৈ চিন্তাত পৰিল৷ ক’তনো আজিকালি দোলাখন আছেহে? থাকিলেও সেইখন কঢ়িয়াব কোনে? দোলাভাৰী কমেও দেখোন চাৰিজন লাগে৷ দেৱীৰ লগত মতা মানুহ বুলিবলৈ মাত্ৰ তিনিজন৷ মহিষাসুৰ, গণেশ আৰু কাৰ্তিক৷ ইতিমধ্যে মহিষকতো দেৱীয়ে বধেই কৰিব৷ পূজাৰ শেষলৈ দুজনহে বাকী থাকিবগৈ৷ দুজন মানুহে দোলাখন দঙাটোৱেই অসম্ভৱ৷ কঢ়িয়াই নিয়াটো পাচৰ কথা৷ তাতে আক’ নিৰামিষ খোৱা দেৱতাৰ দেহা৷ বুট মগু কল কুঁহিয়াৰ খাই গণেশ আৰু কাৰ্তিকে কি দোলা দাঙিব…?
বাতৰিটোক লৈ মোলাৰ সন্দেহ উপজিল৷ দেৱী মা বাৰু সঁচাকৈয়ে নাওত আহিছেনে..?
যদি আহিছেও, তাতো বহুত ধৰণৰ চিন্তা৷ এক নম্বৰ,- ধুবুৰীৰ ফালে ক’ৰবাত বাংলাদেশীৰ নাৱে খুন্দা-চুন্দা মাৰি দিয়া নাইতো?
দুই নম্বৰ,- আগেয়ে বিএছএফৰ জোৱানে টকা বিছটা লৈয়ে বাংলাদেশীবোৰক সীমা পাৰ কৰাই দিছিল৷ শেহতীয়াকৈ ফীজটো বাঢ়ি হেনো দুহাজাৰ হ’ল৷ কথাটো নাজানি কাৰ্তিকহঁতে যদি মুঠেই বিচ টকাহে দিছে, খং উঠি সিহঁতে নাওখন ৰাখি থ’ব পাৰে৷
তিনি নম্বৰ কথা,- নাও নাপাই যদি জাহাজত আহি আছিল? আৰু টাইটানিকৰ দৰেই আইচবাৰ্গে তাইছবাৰ্গে লাগি..ছেঃ…
‘আনাদাৰ’¸ দুঘণ্টা বাট চাই মানীছা মেডামহঁত অৱশেষত গুচি আহিল৷ আহি আহি পানবজাৰ পালেহি৷ জাহাজঘাটলৈ গ’ল৷ পিছে প্ৰশ্নৰ নমুনা শুনি কোনোবা এটাই ভেকাহি মাৰি দিলে৷
‘‘এঃ থোৱাহে৷ কোনে কেতিয়া দুৰ্গাক নাৱেৰে অহা দেখিছা? নে ঘোটক নাইবা দোলাৰে যোৱাই দেখিছা? সদায় ট্ৰাকত আহে আৰু ট্ৰাকতে যায়৷ অতীজ কালৰ পৰা সেই একেটা দৃশ্যকে আমি সকলোৱে দেখি আহিছোঁ৷ ‘মহা’ ষষ্ঠীৰ দিনা বিহাৰী বাংলাদেশীয়ে ঠেলি-হেঁচুকি যেনেতেনে ট্ৰাকৰ পৰা নমায়, ‘মহা’ দশমীৰ দিনা আকৌ সেই একেখন ট্ৰাকতে উঠাই নি নদী পোৱায়গৈ৷ তাতে ধাম্কৈ গিৰাই দি ট্ৰাক ড্ৰাইভাৰে পইচা লৈ গুচি যায়৷ এয়াৰ ফ’ৰ্ছ, নেভী, টাইটানিক, একোতেই মা নাহে৷ বুজিলা? ব্ৰেকিং নিউজ লাগে যদি ফটাফৎ ট্ৰাক ষ্টেণ্ডলৈ যোৱা৷’’
ট্ৰাক ষ্টেণ্ড অভিমুখে ঠিক ঢপলিয়াবলৈ লওঁতেই চিয়েম ছাৰৰ জেদ প্লাছ কেটেগৰিৰ বিশাল কনভয়টো আহি সেইখিনিতে উপস্থিত হ’ল৷ ৰিক্সা, ঠেলা, চাইকেল, নেন’, মাৰুতিৰ কথা বাদেই, চিৰিয়াচ ৰোগী কঢ়িওৱা এম্বুলেন্সেও অনন্ত কাললৈ আলিবাটৰ কাষত ৰৈ দিলে৷ উপায় নাই, ৰ’বই লাগিব৷ ৰজা-মহাৰজাৰ কথা৷ নিয়মৰ কথা৷ হুকুম, আইন আৰু অনুশাসনৰ কথা..
‘‘ব’লা, আমিও পিছে পিছে গৈ থাকোঁ৷ কপাল ভাল থাকিলে ক’ত কি ব্ৰেকিং নিউজ ওলাই যাব ঠিক নাই৷’’
ছাৰৰ কন্ভয়টো পণ্ডিত শ্ৰীশ্ৰী দিব্যদৃষ্টি ওৰফে জ্যোতিষী বাবাৰ মন্দিৰত ৰ’লগৈ৷
পূজা-পাতল, দান-দক্ষিণা, হাত চোৱা, কপাল চোৱা, মংগল চোৱা আদি সকলোবিলাক পৱিত্ৰ কৰ্ম সুকলমে হৈ যোৱাৰ পাছত ছাৰ আকৌ অহা বাটেৰে উভতি গ’ল৷ এইবাৰ মোলা সোমাল৷
মোলাই পণ্ডিতজীক সুধিলে : ‘‘হে প্ৰভু ঈশ্বৰ, দেৱী দুৰ্গাৰ অহা আৰু যোৱা এই দুয়োবিধ কৰ্ম যদি ট্ৰাকত হয়, শাস্ত্ৰৰ মতে বৰ্ষফল কি হ’ব? চাই দিয়কচোন৷’’
‘‘অল্ৰেডি চোৱা আছে৷ ট্ৰাকে দুৰ্গা মহামংগলম স্থিতাৱস্থা অৱশ্যম্ভাৱী অসুৰস্য টিঘিল খাটাং৷’’
কিয় নক’ম৷ শুনা৷ ট্ৰাকসমূহৰ দ্বাৰাই অসম ৰাজ্যৰ মহা মংগল সাধন হ’ব৷ বাংলাদেশলৈ ৰপ্তানি হ’ব লগা সমস্ত চোৰাং গৰু ট্ৰাকেৰেই নদীৰ পাৰলৈ যাব৷ কোনো এজনা মহান কৃষিমন্ত্ৰীৰ সুযোগ্য পুত্ৰই এই মুলুকৰ পৰা আন এক মুলুকলৈ চূণ, বীজ আৰু পাম্পেচ’ট পঠাব৷ বেলতলাৰ পৰা কয়লা, সংৰক্ষিত বনাঞ্চলৰ পৰা কাঠ, বাঁহ আৰু চৰকাৰী গুদামৰ পৰা চাহ, তেল, আটা, ৰেচনৰ চাউল.. গুৱাহাটী কাৰাগাৰৰ পৰা অৰুণাচললৈ ট্ৰাকেৰে সুগন্ধী মদিৰাৰ বটল যাব৷ ইফালে ‘স্থিতাৱস্থা’ মানে বুইছাই নহয়? দেশৰ অৱস্থা যেনে আছিল তেনেকৈয়ে থাকিব৷ প্ৰতিজন অসুৰে, প্ৰতিগৰাকী নৰমনুষ্যই নিজ নিজ কৰ্ম-কাণ্ড, লীলা-খেলা বিন্দাচ কণ্টিনিউ কৰিব৷ কোনো ক্ষেত্ৰতেই দেৱীয়ে মানৱ বা দানৱৰ দৈনন্দিন কামত বিন্দুমাত্ৰও ইণ্টাৰফেয়াৰ নকৰিব৷ বুজি পালা নহয়?’’
‘‘প্ৰভু, এইটো শ্লোক যেন আজি প্ৰথম শুনিলোঁ৷ অৰ্থ ক’বনে?’’
‘‘পাইছোঁ প্ৰভু৷ মাত্ৰ ‘টিঘিল খাটাং’টো বাকী৷ এনে শব্দ সংস্কৃত ভাষাত সঁচাকৈয়ে আছেনে?’’
‘‘নাই৷ এইটো এটা নতুন শব্দ৷ টিঘিল মানে টিঘিলঘিলাই থকা৷ যুগে যুগে এই মুলুকত অসুৰেই টিঘিলঘিলাই আহিছে আৰু চিৰকাল থাকিব৷ দেৱীয়ে যিমানে বধ কৰিব, অসুৰ সিমানে জী উঠিব৷ একদম খাটাং৷ কোটি কোটি টকাৰ চান্দা তুলি প্ৰতি বছৰে পূজাৰ পাচত পূজা পাতা, কলিকতাৰ পৰা আনি দামীতকৈয়ো দামী লাইট জ্বলোৱা, দিনে-নিশাই ফটকা ফুটোৱা, আইফেল টাৱাৰ আৰু বাহুবলীৰ জাহাজ সাজা.. একো লাভ নাই৷ অসুৰ মৰিও অমৰ৷ ব্ৰহ্মাণ্ডত এনে মাইকালাল পৈদাই হোৱা নাই যি অসুৰক পাৰ্মানেণ্টলি ডিলিট কৰি দিব পাৰে৷’’
পণ্ডিতক লৰালৰিকৈ ফীজটো দি, সাষ্টাংগে সেৱা এটা জনাই মোলা ট্ৰাক ষ্টেণ্ডলৈ দৌৰিল৷ সন্ধিয়াৰ বাতৰিত আজি কিবা এটা বিগ ব্ৰেকিং নিউজ দিব নোৱাৰিলে চাকৰি আৰু পূজা দুয়োটাই চেটেপ৷
****