সম্পাদকীয়

সময় পৰিৱৰ্তনশীল৷ সময় গতিশীল৷ সময়ৰ সোঁতত সকলো পৰিৱৰ্তন হোৱাটো অৱশ্যম্ভাৱী৷ স্বৰাজোত্তৰ কালৰ পৰা একবিংশ শতিকা পৰ্যন্ত, শিক্ষাবিদ আৰু পণ্ডিতসকলে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত যথেষ্ট চিন্তা চৰ্চা কৰি থকা দেখা গৈছে৷ চলিত পদ্ধতিৰ পৰীক্ষণ, নিৰীক্ষণ তথা পৰ্যবেক্ষণৰ পৰা এটা কথা প্ৰতিফলিত হৈছে যে, আমাৰ শিক্ষা ব্যৱস্থাই যি উৎপাদন কৰিছে, সেই উৎপাদন বাস্তৱসন্মত আৰু ফলপ্ৰসূ কৰি তুলিবলৈ হ’লে, কৰ্মঠ এটি যুৱ প্ৰজন্ম গঢ়ি তুলিব লাগিব৷ আমি তেওঁলোকক আকাশত পাখি লগাই উৰাৰ কৌশলৰ সূত্ৰ শিকালেই নহ’ব, কৌশলটো বাস্তৱত প্ৰয়োগ কৰাৰ অভ্যাস কৰাব লাগিব৷ সময়ৰ সোঁতত পৰিৱৰ্তন নহলে সকলো বস্তুৰ প্ৰাসংগিকতা হেৰুৱাৰহে সম্ভাৱনা থাকে৷ 

এই উদ্দেশ্য সাৰোগত কৰিয়েই ভাৰতবৰ্ষত সময়ে সময়ে শিক্ষানীতি সলনি কৰি থকা হৈছে। ভাৰতৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৬৮ চনত পোন-প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা শিক্ষানীতি ১৯৮৬ চনত ৰাজীৱ গান্ধীৰ চৰকাৰে সলনি কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ১৯৯২ চনত নৰসিংহ ৰাও চৰকাৰে পুনঃ এই শিক্ষানীতিখনৰে কিছু পৰিৱৰ্তন কৰি প্ৰচলন কৰে। গতিকে ৰাজীৱ গান্ধীৰ দিনৰে পৰা আজি প্ৰায় ৩৪ বছৰে একেখন শিক্ষানীতিয়েই চলি আছে আৰু লাহে লাহে প্ৰভাৱহীন হৈ পৰিছে। এই স্থিতাৱস্থা সলনি কৰিবলৈকে ২০১৯ চনত মানৱ সংসাধন বিকাশ মন্ত্ৰালয়ে নতুন শিক্ষানীতিৰ খচৰা তৈয়াৰ কৰি জনসাধাৰণৰ পৰা পৰামৰ্শ বিচাৰিছিল। ‘ইছৰোৰ’ ভূতপূৰ্ব প্ৰমুখ কে কস্তুৰীৰংগণৰ অধ্যক্ষতাত বিশেষজ্ঞসকলৰ এখন বিশেষ কমিটি গঠন কৰি তৈয়াৰ কৰা ভাৰতৰ নতুন শিক্ষানীতিখন ২০২০ চনৰ ২৭ জুলাই তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে ঘোষণা কৰে। নতুন শিক্ষানীতিৰ মুখ্য দিশসমূহ হৈছে-

১) নতুন শিক্ষানীতিৰ আধাৰত শিক্ষাক্ষেত্ৰখনত ঘৰুৱা উৎপাদনৰ ৬ শতাংশ খৰচ কৰা হ’ব, য’ত নেকি এতিয়ালৈকে মাথোঁ ৪.৪৩ শতাংশহে খৰচ কৰি থকা হৈছিল।

২) পঞ্চম শ্ৰেণীলৈকে শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে মাতৃভাষাত প্ৰদান কৰা হ’ব।

৩) মানৱ সংসাধন বিকাশ মন্ত্ৰালয়ৰ নাম সলনি কৰি শিক্ষা মন্ত্ৰালয় ৰখা হৈছে, অৰ্থাৎ এতিয়াৰ পৰা ‘ৰমেশ নিশঙ্কক’ ভাৰতৰ শিক্ষামন্ত্ৰী বুলি জনা যাব।

৪) আইন আৰু চিকিৎসা শিক্ষাক বাদ দি বাকী সকলো উচ্চ শিক্ষাৰ বাবে এখন উচ্চ শিক্ষা আয়োগ (HECI) গঠন কৰা হ’ব আৰু ৩.৫ কোটিলৈকে ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন আসন বঢ়োৱা হ’ব।

৫) ষষ্ঠ শ্ৰেণীৰ পৰাই প্ৰায়োগিক পাঠ (Vocational course) আৰম্ভ কৰা হ’ব, যাতে বিদ্যালয় শেষ হোৱা পৰ্যন্ত কৌশলগত উন্নয়নৰ শিক্ষা (Skill development) ছাত্ৰ-ছাত্ৰীয়ে আহৰণ কৰিব পাৰে আৰু ইচ্ছুক ছাত্ৰ ছাত্ৰীয়ে ষষ্ঠ শ্ৰেণীৰ পিছৰপৰাই ইণ্টার্ণশ্বিপ কৰিব পাৰে।

৬) ই-পাঠ্যক্ৰম জনপ্ৰিয় আৰু সুদূৰ-প্ৰসাৰী কৰিবলৈ ৰাষ্ট্ৰীয় শৈক্ষিক টেকনলজী ফৰাম (NETF) গঠন কৰা হ’ব, য’ত ভাৰ্চুৱেল লেব বিকশিত কৰা হ’ব।

৭) নতুন শিক্ষা নীতিয়ে ২০৩০ চন পৰ্য্যন্ত উচ্চ শিক্ষাৰ নামভৰ্তিকৰণৰ অনুপাত GER (Gross Enrollment Ratio) ৫০% লৈকে বঢ়োৱাৰ পৰিকল্পনা কৰিছে, যিটো ২০১৮ চনলৈকে ২৬.৩% আছিল।

৮) নতুন শিক্ষানীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে multiple entry আৰু exit system, যাৰ দ্বাৰা দেশৰ শিক্ষা ব্যৱস্থাত ‘Drop out ratio’ কমি যাব বুলি ধাৰণা কৰা হৈছে। উদাহৰণস্বৰূপে, তিনি বছৰীয়া শিক্ষাব্যৱস্থাটো অধিক সাৰ্থক কৰিবলৈ ১ বছৰত চাৰ্টিফিকেট, ২ বছৰত ডিপ্লমা আৰু ৩ বছৰত ডিগ্ৰী লাভ কৰিব পৰাৰ ব্যৱস্থা ৰখা হৈছে।

৯) স্নাতক ডিগ্ৰীৰ বাবে ৪ বছৰ ৰখা হৈছে। কোনো ছাত্ৰই ৪ বছৰীয়া স্নাতক ডিগ্ৰী কৰিলে স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে মাথোঁ ১ বছৰ কটালেই হ’ব। ইয়াৰ বিপৰীতে ৩ বছৰীয়া স্নাতক ডিগ্ৰী কৰিলে উচ্চ শিক্ষাৰ সুবিধাৰ পৰা বঞ্চিত হ’ব।

১০) যদি কোনো ছাত্ৰই এটা course মাজতে এৰি আন এটা course অধ্যয়ন কৰিব বিচাৰে, তেন্তে তেওঁ এটা নিৰ্দিষ্ট সময়ৰ বাবে প্ৰথম course টোৰ পৰা অব্যাহতি লৈ আনটো course কৰিব পাৰিব আৰু সম্পূৰ্ণ কৰাৰ পাছত পুনৰ আগৰ course টোলৈ ঘূৰি আহিব পাৰিব।

১১) National assessment center গঠন কৰা হ’ব যাতে সময়ে সময়ে শিক্ষাৰ্থীৰ শিক্ষণ ক্ষমতা পৰীক্ষা কৰি থাকিবলৈ সুবিধা হয়।

১২)  এতিয়াৰে পৰা চৰকাৰী বিশ্ববিদ্যালয়, বেচৰকাৰী বিশ্ববিদ্যালয় আৰু স্বায়ত্ব শাসিত বিশ্ববিদ্যালয়ৰ নিয়মসমূহ বেলেগ নহৈ সকলোৰে বাবে একেই নিয়ম কাৰ্যকৰী হ’ব।

১৩) এতিয়াৰে পৰা শিক্ষাৰ্থীৰ ৰিপোৰ্ট কাৰ্ড তিনিটা স্তৰত তৈয়াৰ কৰা হ’ব।

ক) শিক্ষাৰ্থীয়ে নিজৰ মূল্যাংকন নিজেই কৰিব পাৰিব।

খ) সহপাঠীয়ে শিক্ষাৰ্থীৰ মূল্যাংকন কৰিব পৰিব আৰু,

গ) অধ্যাপকে শিক্ষাৰ্থীৰ মূল্যাংকন কৰিব।

১৪) ‘সংগীত আৰু কলা’ক পাঠ্যপুথিৰ অন্তৰ্ভুক্ত কৰি ছাত্ৰ ছাত্ৰীৰ মাজত আগ্ৰহ বঢ়োৱাৰ প্ৰচেষ্টা কৰা হ’ব।

১৫) ১০০% নামভৰ্তিকৰণৰ জৰিয়তে অৰ্থৰ অভাৱত শিক্ষা সামৰিব লগা হোৱা দুই কোটি দৰিদ্ৰ শিশুক পুনৰ শিক্ষানুষ্ঠান লৈ ঘূৰাই অনাৰ পৰিকল্পনা কৰা হৈছে।

পৰিৱৰ্তনৰ মাজেৰে শৃংখলা আৰু শৃংখলাৰ মাজৰে পৰিৱৰ্তনেই হৈছে এখন সভ্য সমাজৰ বিকাশৰ আধাৰস্বৰূপ। কৌশলগত শিক্ষাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰ সময়ৰ আহ্বান৷ মধ্যযুগৰ শেষৰ ফালৰপৰা পশ্চিমীয়া দেশ সমূহত Apprentice ব্যৱস্থাৰ প্ৰচলন আছিল আৰু বৰ্তমানেও চলি আছে৷ এই ব্যৱস্থাৰ জৰিয়তে এজন যুৱক বা যুৱতীয়ে কম বয়সতে নিজৰ পচন্দৰ কৰ্মৰাজিৰে নিজৰ জীৱনৰ দিশ নিৰ্ণয় কৰিব পাৰে ৷ ইয়াৰ দ্বাৰা মধ্যম আৰু নিম্ন মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসমূহ বহুলভাৱে উপকৃত হয় বা হ’ব পাৰে ৷ এই নতুন শিক্ষানীতিৰ বিষয়ে অভিভাৱক তথা ছাত্ৰসমাজৰ মাজত সচেতনতা তথা আলোচনা-বিলোচনা হ’ব লাগে, যাতে এই পৰিৱৰ্তনক আমি সঠিক অৰ্থত কাৰ্যকৰী কৰিব পাৰোঁ৷

আশা কৰোঁ, নতুন শিক্ষানীতিয়ে ভাৰতৰ নৱ-প্ৰজন্মৰ বাবে এক নতুন দিশৰ সূচনা কৰিব।

****

Leave a Reply

Your email address will not be published. Required fields are marked *