১) ১৯৮৪ চনৰ বিহাৰ আৰু ঝাৰখণ্ড কেডাৰৰ ভাৰতীয় প্ৰশাসনিক বিষয়া ৰাজীৱ কুমাৰে নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰে।
২) ভাৰতৰ তথ্য আৰু প্ৰযুক্তি মন্ত্ৰণালয়ে কিশোৰসকলৰ মাজত জনপ্ৰিয় ‘পাবজি’ গেম নিষিদ্ধ কৰে।
৩) সুদক্ষ অভিনেতা পৰেশ ৰাৱালক ‘নেচনেল স্কুল অৱ ড্ৰামা’ৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হয়।
৪) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু সংযুক্ত আৰৱ এমিৰেটচ আৰু বাহৰেইনৰ বৈদেশিক মন্ত্ৰীৰ মাজত ঐতিহাসিক শান্তি চুক্তি “আব্ৰাহাম এক’ৰ্ড” স্বাক্ষৰিত হয়। সুদীৰ্ঘ ২৬ বছৰৰ মূৰত আৰৱ আৰু ইজৰাইলৰ মাজত স্বাক্ষৰিত হোৱা এইখন প্ৰথমখন শান্তি চুক্তি।
৫) কৰʼনা মহামাৰীৰ পৰৱৰ্তী পৰ্যায়ত আৰম্ভণি হোৱা ইউ এছ অʼপেনৰ দুটা উল্লেখনীয় ঘটনা –
ক) মহিলা টেনিচৰ চিংগল শাখাত জাপানৰ নাওমি ওচাকাই বেলাৰুচৰ ভিক্টোৰিয়া আজাৰেঙ্কাক পৰাস্ত কৰি বিজয়ী হয় । নাওমি ওচাকা ৩ টা গ্ৰান্ডশ্লাম প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম গৰাকী এছিয়া মহাদেশৰ খেলুৱৈ ৰূপে পৰিগণিত হয়।
খ) প্ৰিকোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ শীৰ্ষ স্থান প্ৰাপ্ত ছাৰ্বিয়াৰ নʼভাক জকʼভিচ সন্মুখীন হৈছিল স্পেইনৰ পাবলʼ কাৰেনʼ বুষ্টাৰৰ ৷ খেলৰ প্ৰথম ছেটটোত জকʼভিচ পিছ পৰি থকাত নিৰাশ হৈ পকেটত থকা বল এটা ৰেকেটেৰে মহিলা লাইন আম্পায়াৰ এগৰাকী লৈ দলিয়াই দিয়াত আম্পায়াৰ গৰাকী আঘাত প্ৰাপ্ত হয়। সেয়ে প্ৰতিযোগিতাৰ নিয়ম অনুসৰি আয়োজকে জকʼভিচক অযোগ্য ঘোষণা কৰে যিটো গ্ৰান্ডশ্লাম ইতিহাসৰ তৃতীয়তম ঘটনা।
*****
কথা-কাঞ্চন দ্বাৰা সংগ্ৰহীত