উইণ্ডাৰৰ ছোৱালী ছামাৰাক প্ৰথমবাৰ লগ পাইছিলোঁ টৰ’ণ্টত৷ উইণ্ডাৰৰ পৰা ডেট্ৰইট বেছি দূৰ নহয়৷ মাজত মাত্ৰ এখন নদী৷ সিপাৰে কানাডা এইপাৰে আমেৰিকা৷ এইবাৰ আমি ডেট্ৰইটতে আছোঁ বুলি শুনি দেওবাৰে পুৱাই পাই গ’লহি৷ গোটেই দিনটো হেনো হেঁপাহ পলুৱাই আড্ডা মাৰিব৷ ভাত, দাইল, নৱৰত্ন আৰু ভেণ্ডি ভজা খাব৷ আবেলি ফক্স থিয়েটাৰলৈ নিব..
আড্ডাত নতুন পুৰণা বহুত কথাই ওলাল৷ তাৰ মাজতে হঠাৎ এবাৰ ক’লে,- ‘‘জানাই নহয়, মাজে মাজে মই ইণ্ডিয়ালৈ গৈ থাকোঁ৷ অলপতে এসপ্তাহ তোমালোকৰ বন্ধপ্ৰদেশতো কটাই আহিলোঁগৈ৷ বিৰাট মজা লাগিল৷’’
ভগা-ছিগা ৰাজ্যখনত তাইনো কি ইমান মজা পালে শুনিবলৈ পৰম উৎকণ্ঠাৰে বাট চাই ৰ’লোঁ৷
‘‘প্ৰথম কথা,- বেংগল, বিহাৰ, উত্তৰপ্ৰদেশ, ৰাজস্থান, পাকিস্তান, বাংলাদেশ, নেপাল আদিলৈ নোযোৱাকৈয়ে হ’ল৷ এই সকলোবোৰ তাতেই পাই গ’লোঁ৷ দেশ-বিদেশৰ মানুহেৰে ৰাজ্যখন ঠাহ খাই আছে৷ সকলোৰে সমান অধিকাৰ৷ বিদেশীয়ে নিৰ্বাচনত ভোট-তোট দিব পাৰে৷ নিৰ্ভয় মনেৰে লুণ্ঠন, বলাৎকাৰ, হত্যা আদি কৰিব পাৰে৷ সেইসকলৰ প্ৰতি অসমীয়াৰ মনত কোনো বেয়া ভাৱ নাই৷ খং নাই, ঘৃণা নাই৷
বৰঝাৰত নমাৰ পাওঁতে টেক্সিয়ে যিখন হোটেললৈ লৈ গ’ল, তাৰ মালিক একেধাৰে বৰাকৰ এজন বংগভাষী মন্ত্ৰী, গায়ক, নাচনী, অসমৰ ৰাজকোষেৰেই সুন্দৰকৈ চলি থকা কোটিপতি কমেডিয়ান, ওৰফে এক নম্বৰৰ বহুৱা৷
নগৰৰ আটাইবোৰ হাইফাই হোটেল অনাঅসমীয়াৰ৷ নামবোৰ বিলাতী৷ ভিভাণ্টা, ৰেডি৬ন ব্লু, নভ’টেল, ডায়নেষ্টি, ছিউলিন গ্ৰেণ্ড..
আমাৰ য’ত মিটিং আছিল, ঘৰটোৰ নাম ৰবীন্দ্ৰ ভৱন৷ সন্ধিয়া তাতেই আকৌ সাংস্কৃতিক অনুষ্ঠান৷ এনে লাগিল যেন কলকাতাতহে আছোঁহি৷ খেলপথাৰখনৰ নাম নেহৰু ষ্টেডিয়াম৷ তোমালোকৰে ৰাধাগোবিন্দ নামৰ এজন বিখ্যাত মানুহে বোলে দেহেকেহে লাগি সেইখন নিৰ্মাণ কৰিছিল৷ কিন্তু অসমীয়া ইমানেই উদাৰ যে ‘ৰাধাগোবিন্দ খেলপথাৰ’ নামটো কাৰো মনলৈকে নাহিল৷
ভাবিছিলোঁ, গুৱাহাটীত ৰবীন্দ্ৰ ভৱন আছে যেতিয়া কলকাতাতো নিয়ে এটা বেজবৰুৱা ভৱন সাজি থৈ দিয়া আছে৷ পিছে নাই৷ এনে উচ্ছ স্তৰৰ চিন্তা আৰু কাম কেৱল অসমীয়াইহে কৰিব পাৰে৷ আনৰ বাবে সম্ভৱ নহয়৷
বিধান সভা, ৰাজ্যসভা, লোকসভা.. এই বিয়াগোম সভাবিলাকো অনাঅসমীয়া মন্ত্ৰী, বিধায়ক, সাংসদেৰে ভৰি আছে৷ ভাৰতবৰ্ষৰ আনবিলাক ৰাজ্যই তেনে কথা কল্পনাকে কৰিব পৰা নাই৷ এইটো এটা বিৰল ঘটনা নহয়নে?’’
হয় হয়৷ আমি সকলোৱেই মূৰ দুপিয়ালোঁ৷ আনৰ সতে সমান নহয় বাবেইতো অসম৷
“দুই নম্বৰ কথা,- ফ্ৰান্স, জাৰ্মেনি, ৰাছিয়া বা স্পেইনৰ পৰা তামিলনাডুলৈকে.. পৃথিৱীৰ ক’তো স্থানীয় মানুহে নিজৰ ভাষাটোৰ বাদে আন ভাষা ক’ব নোখোজে৷ একমাত্ৰ ব্যতিক্ৰম এই বন্ধপ্ৰদেশ৷ শিল্পী, সাহিত্যিক, এংকৰ, আলোচক, বাতৰি পঢ়োতা, ঘটিৰাম, বাতিৰাম, প্ৰৱক্তা, অধ্যাপক, চিকিৎসক, অভিনেতা, হাৰ্টথ্ৰৱ.. কোনেও মৰি গ’লেও অসমীয়া নকয়৷ বা ক’বলৈ নিবিচাৰে৷’’
কথাটো সঁচা৷ বাৰ্চিল’নাত অলিম্পিকৰ দৰে এটা বৃহৎ, আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান চলি থকা সময়তো আলিবাট, বজাৰ, ৰে’ল ষ্টেশ্যন, ক’তো এটাও ইংৰাজী শব্দ চকুত পৰা নাছিল৷ কেৱল স্পেনিছ৷ একেবাৰে মূলসূঁতিৰ বিশুদ্ধ স্পেনিছো নহয়, আঞ্চলিক কেটেল’নিয়া৷ কোনোবাই বুজিলে বুজিব, নুবুজিলে নাই৷ হু কেয়াৰচ?
ছামাৰাই বন্ধপ্ৰদেশত প্ৰতিদিনে ঘটি থকা ঘটনাবোৰৰ হুবহু বৰ্ণনা দি গ’ল৷ অসমীয়াই কথা কওঁতে প্ৰতিটো বাক্যৰ আৰম্ভণিত ৬’ নাইবা ত’ হেনো বাধ্যতামূলক৷ বাক্যটোত যদি এটাও অসমীয়া শব্দ থাকে বুজিব লাগিব যে কওঁতাজন জাতিৰ কলংক৷ মানে জাতীয় নায়ক সৰ্বানন্দ সোনোৱালৰ এটা ঠিক বিপৰীত বস্তু৷ টিভি, ৰেডিঅ’ সকলো একে৷ অওকাৎ, হেছিয়ৎ, মস্তি, বিন্দাছ, বদ্লা, ফিলহাল, বলিউড, ট্ৰেজেদি ফলা, চেণ্টি ফলা আদি শব্দই ধাৰাবাহিক ৰজনজনাই থাকে৷ মানুহৰ নাম ইউডি, জেপি, এন্জে, এছাৰ্কে, বিগ্বী..
লুইতপৰীয়া নেতা-মন্ত্ৰীয়ে বৰাকত গৈ বাঙালীত ভাষণ দিয়ে৷ অগপৰ দৰে আঞ্চলিক জাতীয়তাবাদীৰ মুখত স ষ শ নুফুটে৷ অগপক কয় এজিপি৷ জাতীয় পৰিষদক কয় এজেপি৷ সুশান্ত বৰগোঁহাইক কয় ছুছান্ত বুঢ়াগোহাই৷ সমুজ্বলটো ছমুজ্জল৷ অসমীয়া ৰিক্সাৱালাৰ সতে হিন্দীত কথা পাতে৷ নামিবৰ সময়ত নমাৰ হিন্দী বিচাৰি নাপাই ‘গিৰেগা গিৰেগা’ চিঞৰে৷
‘‘চাহবাগিচা, ক্লাব, মল.. এইবোৰত ইংৰাজী ভাষাৰ কি ফৰফৰণি..৷ অসমীয়াই নিজৰ মাজতে যিমানহে ইংৰাজী কয়, সিমানখিনি আমেৰিকা, ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ আটাইবোৰ মানুহে মিলিও নকয়৷’’
ছামাৰাৰ কথা শুনি আমাৰ মুখবোৰ লুভ মিউজিয়ামত ওলমাই থোৱা মনালিচাৰ ছবিখনৰ দৰে হ’ল৷ সেইখন চাই শিল্পৰসিকে কয়,- মানুহজনীয়ে হাঁহিবলৈ চেষ্টা কৰি আে৬, পৰা নাই৷ এইখনেই পৃথিৱীৰ শ্ৰেষ্ঠ ছবি৷ একেখন ছবিকে চাই বেৰসিকে কয়,- ধেৎ.. এইটোক হাঁহি বুলি কয়নেকি? কান্দি কান্দি বেচেৰীৰ চকু ফুলি গৈছেগৈ, দেখা নাই? বোধহয় সিপিনে লাষ্টগে’টত ছিভিয়েৰ কন্ষ্টিপেছনো আছে৷
তাই আমাৰ চিঠিবোৰৰ কথাও ক’লে৷ ‘‘বিয়া, লগুণদিয়নী বাদেই, কেচুৱাৰ অন্নপ্ৰাসনলৈ মতা চিঠিখনো অসমীয়াই ইংৰাজীত চপায়৷ লেফাফাৰ ঠিকনা ইংৰাজীত লিখে৷ অসমীয়া বাতৰিকাকতত ইংৰাজীৰে বিজ্ঞাপন দিয়ে৷ বজাৰৰ লিষ্ট ইংৰাজীত৷ চহী ইংৰাজীত৷ সত্যনাৰায়নৰ পুৰোহিতে দিয়া কামৰ তালিকা ইংৰাজীত৷ অৱশ্যে তোমালোকৰ চৰকাৰখন সিমান উদাৰ নহয়৷ কিবা এখন ৰাজ্যভাষা আইন তৈয়াৰ কৰি চৰকাৰী কাৰ্যালয়ত সেইখন কঠোৰভাবে বলবৎ কৰিব লাগে বুলি মাজে মাজে ফটোৱা জাৰি কৰি থাকে৷ সকলো কামতে অসমীয়া ভাষাটো ব্যৱহাৰ কৰিবৰ বাবে ৰাইজক অনুৰোধ জনাই চৰকাৰী খৰচত আলিবাটৰ কাষে কাষে চাইনব’ৰ্ড পৰ্যন্ত লগাইছে৷’’
মোৰ হঠাতে মনত পৰিল,- আমাৰ তাত বিমানবন্দৰৰ পৰা ওলাই নগৰলৈ যোৱা আলিবাটটোৰ নাম ‘কুশল কোঁৱৰ পথ’৷ এটা বিশুদ্ধ অসমীয়া নাম শুনি তাই নিয়ে ভাল পাব৷ পিছে নাপালে৷ সেইটোক হেনো সকলোৱে জেইল ৰ’ড বুলিহে কয়৷
‘‘ঠাইৰ নামবোৰ শুনি বিচুৰ্তি খালোঁ৷ কেঞাপটি, ঢাকাইপট্টি, বাঁ৬বাৰী, বাবুপট্টি৷ ফেন্সিবাজাৰ, পল্টনবাজাৰ, চেৰাপভাটি৷ ছূভাছ কলনি, ষ্টেছনপাৰা৷ দোকানৰ নাম ডা হাব, বিগ বাজাৰ, ছোহম, পেণ্টালুন, মেক্সমাৰ্ট..৷ বজাৰত অসমীয়া দোকানীৰ চিন মোকামেই নাই৷ তিনিচুকীয়া পাই এনে লাগিল যেন বিহাৰৰ মাজেৰেহে গৈ আছোঁ৷ অসম নামৰ ঠাইখন কোনোপধ্যে গৈ নাপাওঁহে নাপাওঁ৷ এটা অসমীয়া পুখুৰী দেখিলোঁ,- তাৰো নাম ৰাখিবলৈ পালে,- গেলাপুখুৰী৷ ডিগবয়ত এখন পঢ়াশালীৰ আগেৰে গ’লোঁ,- পদুলিমুখতে লিখা আছে ‘বয়জ হাইস্কুল’..
টিভি চেনেলৰ নাম নিউজ লাইফ, ডিৱাই, প্ৰতিদিন টাইম্৬, আছাম টক্স৷ সাংবাদিকক বোলে ব্যুৰ’ ৰিপৰ্টাৰ৷
মনিষা বাইদেউৰ নাম মানীছা মেডাম৷ সুনীল বৰাই নিজকে চিনাকি দিয়ে চুনিল বৰা বুলি৷ কেমেৰা পাৰ্চন মানস নহয়,- মানছ৷
প্ৰতিটো বাতৰিয়েই বিগ ব্ৰেকিং নিউজ৷ বাতৰিকাকতত নিয়মীয়া শিতানৰ নাম ডায়লগ, আন্প্লাগ্ড৷¸
টিভিত অনুষ্ঠানৰ নাম মস্তি ধামাকা, আছাম আইডল, বিহু এক্সক্লুচিভ..’’
ছামাৰাৰ মুখত নিজৰ জাতি আৰু মাটিৰ ইমান ফাটাফাটি প্ৰশংসা শুনি গৰ্বত মোৰ ‘বুকু’ নামৰ অংগবিধ ভৰ বাৰিষাৰ বুঢ়া লুইতৰ দৰে ওফন্দি উঠিল৷ তাইক সুধিলোঁ,- ‘তুমি কোৱা এই কথাবিলাক যদি লিখি পেলাওঁ¸, কেনেকুৱা হ’ব?’
প্ৰস্তাৱটো শুনি তাই আনন্দতে থিয়ৈ থিয়ৈ জঁপিয়াবলৈ লাগিল৷ মুখত থাৰ্টি টু অল আউট ধৰণৰ এটা প্ৰকাণ্ড হাঁহি ওলাই গ’ল৷
‘‘আন নিৰানবৈ দশমিক ন ন নজন অসমীয়া মানুহৰ দৰে ইংৰাজীতে লিখিবা চাগে’? খুব ভাল হ’ব৷ তুৰন্তে লিখা৷ ময়ো পঢ়িব পাৰিম৷’