মই নিয়ৰৰ নীৰৱতাত খোজ পেলাইছোঁ-বংশী বৰা

আজিকালি মই নিজৰ ছাঁটোত

pin up pinup

ভৰিখন থ’বলৈকো ভয় কৰোঁ 

এন্ধাৰতে খিলখিলাই হাঁহে ছাঁটোৱে

কি ভয়াৱহ! নিকটাই লোৱা দাঁতবোৰ 

আকৌ ভাবোঁ 

ক’ত ভৰি থ’বা 

কপালৰ ঘামত পিছল খাবা 

পেটৰ কল্‌মলনি শুনিবা 

নিয়ৰৰ নীৰৱতাত নুশুনিবা বাঁহী মাত 

ভঙা কলিজাটোচোন আঁউসীৰ ছাঁ

অন্ধ গহ্বৰ হেন অন্ধকাৰ দুৱাৰ মুখ 

ওলমি পৰা আইৰ চকুমণি

পোনাটোৰ পেন্সিলৰ আঁক-বাঁকত

এতিয়া ৰাতি অহা-যোৱা মানুহৰ

চনকা বুকু খান্দি খান্দি বজায় শিঙা

নিমাও-মাও দেশৰ মাত কথা 

নিয়ৰৰ টোপালে টোপালে শুনো

ভঙা টোকাৰিত বাজে 

‘মাজনিশা মোৰ এন্ধাৰ ঘৰত . . . . ৷’

জোঁৰবোৰ জ্বলাই থ’বা ৷ই-মেইল : [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *