কেতিয়াবা জীৱনৰ পোন বাটেৰে
কেতিয়াবা পংকময় সৰ্পিল পথেৰে
মানুহবোৰ অহা-যোৱা কৰে
আপোনাৰ-মোৰ এই চিনাকি কিম্বা অচিনাকি পথেৰে…
যি পথত ৰৈ থাকে
কাৰোবাৰ বাবে মুঠি মুঠি আশা আৰু বহু উজ্জ্বল সম্ভাৱনা
হয়তো কাৰোবাৰ বাবে ৰৈ থাকে পাচি পাচি দুখ-হতাশাৰে
তথাপি আশাবাদী মানুহবোৰ
আহি থাকে দীঘলীয়া বাটেৰে
যি বাটত ৰৈ থাকে
দুখ আৰু দুৰ্ভাগ্যৰ দুৱাৰ খুলি
অনিশ্চয়তাৰে একোখন উকা দলিল
অথবা চপৰা-চপৰে দুখৰ ডাৱৰবোৰ
সৌৰ্ভাগ্যৰ সুখত আহ্লাদিত হৈ
উদ্বাউল নহ’বা
যি কথা সময়ে সকীয়াই দিয়ে
দুৰ্ভাগ্যৰ দুখতো ভাগি নপৰিবা
সেই কথাও সময়ে সোঁৱৰাই দিয়ে
মানুহবোৰ মানুহ হৈ আছে নে__
গছবোৰ গছ হৈ থকাৰ দৰে,
মানুহবোৰ মানুহ হৈ আছে নে__
ফুলবোৰ ফুল হৈ থকাৰ দৰে,
আকাশৰ উদাৰ আৰু ঘন নীলাবোৰৰ দৰে,
গছৰ সেউজীয়া আৰু ফুলৰ সুগন্ধি
সাগৰৰ বিশালতা আৰু
নদীৰ নমনীয়তাৰ দৰে
ধুমুহাতো যি স্থিৰ
দুখতো অবিচল
আৰু সুখতো যি হৈ ৰয়
ধৈৰ্যশীল…
তেনে এটা পৰিৱেশ
আহক ঘূৰি
মানুহবোৰ মানুহ হৈ থাকক
গছবোৰ গছ হৈ থকাৰ দৰে।ই-মেইল :
bhhut val lagil………