প্রতিযোগিতামূলক পৰীক্ষা আৰু ছাত্র-ছাত্রীৰ প্রস্তুতি- ড° বুলজিৎ বুঢ়াগোহাঁই

সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাসমূহত অন্যান্য ৰাজ্যৰ তুলনাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণ হাৰ সাধাৰণতে কম হোৱা পৰিলক্ষিত হয়। প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’ব পৰাকৈ মেধাৱী হোৱা সত্বেও ছাত্র-ছাত্রী সকল সঠিক ৰূপত প্রস্তুত নোহোৱাৰ বাবেই এইসমূহ পৰীক্ষাত অসমৰ ছাত্র-ছাত্রীৰ উত্তীৰ্ণৰ হাৰ আন ৰাজ্যৰ তুলনাত কম হোৱা দেখা যায়।

কেন্দ্রীয় লোকসেৱা আয়োগে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা প্রতিযোগিতামূলক কেইটামান পৰীক্ষা হ’ল-

 ১। অসামৰিক সেৱাৰ পৰীক্ষা (Civil Services Examinations) : এই পৰীক্ষাৰ যোগেদি বিভিন্ন সেৱাৰ বাবে লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে প্রাৰ্থীৰ বাছনি কৰে, যেনে –

i) Indian Administrative Service; ii) Indian Foreign Service; iii) Indian Police Service; iv) Indian P & T Accounts & Finance Service, Group ‘A’; v) Indian Audit and Accounts Service, Group ‘A’;  vi) Indian Revenue Service (Customs and Central Excise), Group ‘A’; vii) Indian Defence Accounts Service, Group ‘A’; viii) Indian Revenue Service (I.T.), Group ‘A’; ix) Indian Ordnance Factories Service, Group ‘A’ (Assistant Works Manager, Administration);x) Indian Postal Service, Group ‘A’; xi) Indian Civil Accounts Service, Group ‘A’; xii) Indian Railway Traffic Service, Group ‘A’; xiii) Indian Railway Accounts Service, Group ‘A’; xiv) Indian Railway Personnel Service, Group ‘A’; xv) Post of Assistant Security Commissioner in Railway Protection Force, Group ‘A’ ; xvi) Indian Defence Estates Service, Group ‘A’; xvii) Indian Information Service (Junior Grade), Group ‘A’; xviii) Indian Trade Service, Group ‘A’; xix) Indian Corporate Law Service, Group ‘A’ ;xx) Armed Forces Headquarters Civil Service, Group ‘B’ (Section Officer’s Grade); xxi) Delhi, Andaman & Nicobar Islands, Lakshadweep, Daman & Diu and Dadra & Nagar Haveli Civil Service, Group ‘B’; xxii) Delhi, Andaman & Nicobar Islands, Lakshadweep, Daman & Diu and Dadra & Nagar Haveli Police Service, Group ‘B’; xxiii) Pondicherry Civil Service, Group ‘B’ আদি।

লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয়। এটাক প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটোক মূল পৰীক্ষা (Main Examination) বুলি কোৱা হয়।

বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩২বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক ডিগ্রীধাৰী হ’ব লাগে। প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

২। ভাৰতীয় বন সেৱা পৰীক্ষা ( Indian Forest Service Examination ) : প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে। লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয় । এটা হ’ল-অসামৰিক সেৱাৰ পৰীক্ষা(Civil Services Examinations)ৰ  প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) আৰু আনটো হ’ল ভাৰতীয় বন সেৱা পৰীক্ষা ( Indian Forest Service Examination )ৰ মূল পৰীক্ষা(Main Examination)।

বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩২বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা দৰকাৰ। স্নাতক পৰ্যায়ৰ পৰীক্ষাত পশুচিকিৎসা বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ভূতত্ত্ব বিজ্ঞান, গণিত , পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান আৰু প্রাণী বিজ্ঞান –এই বিষয়বোৰৰ যিকোনো এটা বিষয় থকা আৱশ্যক অথবা কৃষি, বন আৰু অভিযান্ত্রিক বিষয়ৰ স্নাতক হোৱা দৰকাৰ। প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৩। অভিযান্ত্রিক সেৱা পৰীক্ষা (Engineering Services Examination) : এই পৰীক্ষাৰ যোগেদি কেন্দ্রীয় চৰকাৰৰ Civil Engineering, Mechanical Engineering, Electrical Engineering আৰু Electronics & Telecommunication Engineering বিভাগৰ বিভিন্ন গোটবোৰৰ বাবে প্রাৰ্থীৰ বাছনি কৰে। প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু Personality Test জৰিয়তে কৰে। লিখিত পৰীক্ষা দুটা পৰ্যায়ত হয়। এটাক Engineering Services (Preliminary / Stage-I) আৰু আনটোক Engineering Services (Mains/Stage-II) বুলি কোৱা হয়।

বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰীত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা : স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্রিক বিষয়ৰ স্নাতক অথবা স্নাতকোত্তৰ পৰ্যায়ৰ পৰীক্ষাত Wireless Communications, Electronics, Radio Physics or Radio Engineeringক বিশেষ বিষয়ৰ হিচাবে লৈ উত্তীৰ্ণ হোৱা সকলেও কিছুমান নিৰ্দিষ্ট পদৰ বাবে আবেদন কৰিব পাৰে।

৪। সংযুক্ত চিকিৎসা সেৱা পৰীক্ষা (Combined Medical Services Examination) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে এপ্ৰিল মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জুলাই মাহত পৰীক্ষা পৰিচালনা কৰে।

বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত প্রাৰ্থীৰ বয়স ৩২বছৰ হ’ব নালাগিব। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা : এই পৰীক্ষাত বহাৰ বাবে চিকিৎসা বিজ্ঞান (M.B.B.S.)ৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে।

প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৫। সংযুক্ত প্রতিৰক্ষা সেৱাৰ পৰীক্ষা (Combined Defence Services Examination) : এই পৰীক্ষাৰ বছৰত দুবাৰ অনুষ্ঠিত হয় ।

বয়সৰ সীমা : Indian Military Academy (IMA)ত ভৰ্তিৰ বাবে অবিবাহিত পুৰুষ প্রাৰ্থীৰ বয়স ১৯বছৰ পৰা ২৪বছৰৰ ভিতৰত হ’ব লাগে। Naval Academy ত ভৰ্তিৰ বাবে অবিবাহিত পুৰুষ প্রাৰ্থীৰ বয়স ১৯বছৰ পৰা ২৪বছৰৰ ভিতৰত হ’ব লাগে। Air Force Academy ত ভৰ্তিৰ বাবে অবিবাহিত  প্রাৰ্থীৰ বয়স ২০বছৰ পৰা ২৪বছৰৰ ভিতৰত হ’ব লাগে। Officers’ Training Academyত ভৰ্তিৰ বাবে প্রাৰ্থীৰ বয়স ১৯বছৰ পৰা ২৫বছৰৰ ভিতৰত হ’ব লাগে।

শিক্ষাগত অৰ্হতা : Indian Military Academy আৰু Officers’ Training Academy ত ভৰ্তিৰ বাবে প্রাৰ্থীজন স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে। Naval Academy ত ভৰ্তিৰ বাবে প্রাৰ্থীজন অভিযান্ত্রিক বিষয়ৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে। Air Force Academyত ভৰ্তিৰ বাবে প্রাৰ্থীজন  স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রীধাৰী হ’ব লাগে (পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়সহ দ্বাদশ শ্রেণীত) অথবা অভিযান্ত্রিক বিষয়ৰ স্নাতক ডিগ্রীধাৰী হ’ব লাগে। স্নাতক চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৬। সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা (Combined Geo-Scientist Examination) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে ছেপ্টেম্বৰ/অক্টোবৰ মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জানুৱাৰী মাহত পৰীক্ষা পৰিচালনা কৰে। এই পৰীক্ষা দুটা পৰ্যায়ত হয়। এটা  প্রাৰম্ভিক পৰীক্ষা (Preliminary Examination) যিটো Computer Based Test আৰু আনটোক মূল পৰীক্ষা (Main Examination)বুলি কোৱা হয়।

বয়সৰ সীমা : Geologist , Geophysicist আৰু Chemist (Group ‘A’) পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰীত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে। Jr. Hydrogeologist (Scientist B) (Group A) পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ জানুৱাৰীত প্রাৰ্থীৰ বয়স ২১ বছৰৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা : Geologistৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Geological Science, Geology, Applied Geology, Geo-Exploration, Mineral Exploration, Engineering Geology, Marine Geology, Earth Science আৰু Resources Management, Oceanography আৰু Coastal Areas Studies, Petroleum Geosciences, Petroleum আদিৰ যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিব লাগিব।

Geophysicistৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Physics, Applied Physics, Geophysics, Applied Geophysics, Marine Geophysics, Applied Geophysics আদিৰ যিকোনো বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিব লাগিব। Chemistৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Chemisty/Applied Chemistry/Analytical Chemistry বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে। স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৭। ভাৰতীয় অৰ্থনীতি/পৰিসংখ্যা সেৱা পৰীক্ষা (Indian Economic Service/Indian Statistical Service) : এই পৰীক্ষাৰ বাবে আবেদন বিচাৰি কেন্দ্রীয় লোকসেৱা আয়োগে সাধাৰণতে মাৰ্চ/এপ্রিল মাহত বিজ্ঞাপন প্রকাশ কৰে আৰু জুন মাহত পৰীক্ষা পৰিচালনা কৰে।

 বয়সৰ সীমা : পৰীক্ষা অনুষ্ঠিত হোৱা বৰ্ষৰ ১ আগষ্টত  প্রাৰ্থীৰ বয়স ২১বছৰৰ পৰা ৩০বছৰৰ ভিতৰত হ’ব লাগে। নিৰ্দিষ্ট শ্রেণীৰ ব্যক্তিৰ বাবে বিধি অনুসৰি বয়সৰ ৰেহাই সুবিধা আছে।

শিক্ষাগত অৰ্হতা : Indian Economic Serviceৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Economics/Applied Economics/Business Economics/Econometrics বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে। Indian Statistical Serviceৰ বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Statistics/Mathematical Statistics/Applied Statistics এটা বিষয়সহ স্নাতক হোৱা দৰকাৰ অথবা Statistics/Mathematical Statistics/Applied Statistics বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে। স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে।প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

৮। ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা (National Defence Academy & Naval Academy Examination ) : এই পৰীক্ষা বছৰত দুবাৰ অনুষ্ঠিত হয়।

বয়সৰ সীমা : প্রাৰ্থীৰ বয়স ১৬বছৰ ৬মাহৰ পৰা ১৯বছৰৰ ভিতৰত হ’ব লাগে।

শিক্ষাগত অৰ্হতা : সেনা বাহিনী শাখাত ভৰ্তিৰ বাবে প্রাৰ্থী যিকোনো শাখাত দ্বাদশ শ্রেণীত উত্তীৰ্ণ হ’ব লাগে। আনহাতে বায়ু আৰু নৌ বাহিনীত ভৰ্তিৰ বাবে প্রাৰ্থী বিজ্ঞান শাখাত পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়সহ দ্বাদশ শ্রেণীত উত্তীৰ্ণ হ’ব লাগে। দ্বাদশ শ্রেণী পৰীক্ষা দিয়া সকলেও আবেদন কৰিব পাৰে। প্রাৰ্থীৰ বাছনি লিখিত পৰীক্ষা আৰু সাক্ষাৎকাৰৰ জৰিয়তে কৰে।

কেন্দ্রীয় লোকসেৱা আয়োগে কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে সৰ্বভাৰতীয় পৰ্যায়ত পৰিচালনা কৰা এই সকলোবোৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বিজ্ঞাপন আয়োগৰ ৱেবছাইট (www.upsc.gov.in) লগতে এমপ্লয়মেণ্ট নিউজ আৰু বিভিন্ন বাতৰি কাকত/আলোচনীত প্রকাশ হয়। কেন্দ্রীয় লোকসেৱা আয়োগে পৰিচালনা কৰা প্রতিযোগিতামূলক পৰীক্ষাবোৰ অনলাইন পদ্ধতিত আৱেদন কৰিব লাগে। ইয়াৰ ৱেবছাইট ঠিকনাটি হ’ল – https://www.upsconline.nic.in।

আন এটা সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষা হ’ল– ৰাষ্ট্রীয় যোগ্যতা বাছনি (National Eligibility Test) পৰীক্ষা  ‘বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC)’ পৰিচালনা কৰে। বিজ্ঞান শাখাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগে ‘বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (CSIR)’ৰ সহযোগত পৰিচালনা কৰে। বিশ্ববিদ্যালয় অনুদান আয়োগে আয়োজন কৰা NET পৰীক্ষাত উত্তীর্ণ হোৱাসকলে মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক পদত নিযুক্তি পাবৰ বাবে যোগ্যতা অৰ্জন কৰে। তাৰোপৰি শিক্ষা প্রতিষ্ঠান অথবা গৱেষণা প্রতিষ্ঠানত গৱেষণা কৰিবৰ বাবে সুবিধা পায়। UGC-NET পৰীক্ষাত বহিব বাবে স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  কমপক্ষেও ৫৫শতাংশ নম্বৰসহ সংলিষ্ট বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগে।

CSIR-NET পৰীক্ষাত বহিবৰ বাবে M.Sc or equivalent degree/Integrated BS-MS/BS-4 years/BE/BTech/BPharma/MBBS পাঠ্যক্রমত কমপক্ষেও ৫৫শতাংশ নম্বৰসহ সাধাৰণ শ্রেণী আৰু অন্যান্য পিছপৰা শ্রেণী; অনসূচিত জাতি /জনজাতি আৰু বিশেষ ভাবে সক্ষম(PwD) প্রাৰ্থীয়ে ৫০শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব। UGC-NET পৰীক্ষাৰ সবিশেষ জানিব বাবে আগ্রহী   শিক্ষাৰ্থীয়ে   নেচনেল টেষ্ট এজেঞ্চী (National Testing Agency,NTA) ৱেবছাইট (https://www.nta.ac.in) আৰু CSIR-NET পৰীক্ষাৰ সবিশেষ জানিব বাবে আগ্রহী শিক্ষাৰ্থীয়ে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ ৱেবছাইট (http://csirhrdg.res.in) চাব পাৰে। UGC-NETৰ পৰীক্ষাৰ কেন্দ্র অসমৰ গুৱাহাটী, ডিব্রুগড়, যোৰহাট, শিলচৰ আৰু তেজপুৰত আছে।

CSIR-NETৰ পৰীক্ষাৰ কেন্দ্র অসমৰ গুৱাহাটী আৰু যোৰহাটত আছে। লগতে এটা কথা উল্লেখ কৰা ভাল হ’ব যে– ৰাজ্যিক যোগ্যতা বাছনি (State Eligibility Test, SET) নামৰ এটা পৰীক্ষাও হয়। এই পৰীক্ষাৰ সবিশেষ জানিবৰ বাবে ৰাজ্যিক যোগ্যতা বাছনি আয়োগৰ ৱেবছাইট (http://sletne.org) চাব পাৰে।

ইয়াৰোপৰি আন কিছুমান সৰ্বভাৰতীয় পৰ্যায়ৰ  প্রতিযোগিতামূলক পৰীক্ষা হ’ল- ষ্টাফ ছিলেকচন কমিছনৰ “সংযুক্ত স্নাতক স্তৰ(Combined Graduate Level)” আৰু “সংযুক্ত উচ্চতৰ মাধ্যমিক স্তৰ (Combined Higher Secondary Level)” পৰীক্ষা, বিভিন্ন মণ্ডলৰ ৰেলৱে ৰিক্রুইটমেণ্ট ব’ৰ্ডে বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, বেংকিং খণ্ড আৰু অন্যান্য ইঞ্চিউৰেঞ্চ কোম্পানীৰ পৰীক্ষা বিভিন্ন পদৰ বাবে পতা পৰীক্ষা, মেনেজমেণ্ট টেষ্ট (MAT, CAT আদি), গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (Graduate Aptitude Test in Engineering) চমুকৈ ‘গেট’(GATE), কেন্দ্ৰীয় শিক্ষকৰ যোগ্যতা পৰীক্ষা (Central Teacher Eligibility Test (CTET)), লগতে NEET , JEE(Main and Advanced) আদি।

প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হ’বলৈ কোচিং লোৱাটো প্রয়োজনীয় বুলি বহুতৰে মনত এক ভুল ধাৰণা থকা দেখা যায়। কিন্তু এনেবোৰ পৰীক্ষাত উত্তীৰ্ণ হ’বৰ বাবে কোচিং ল’বই লাগিব বুলি কোনো কথা নাই। ছাত্র-ছাত্রীসকলে ছিলেবাছ অনুসৰি নিয়মীয়াকৈ অধ্যয়নৰ উপৰিও পুৰণি প্রশ্নকাকতসমূহ কম আৰু নির্ধাৰিত সময়ৰ ভিতৰত সমাধান কৰিবলৈ চেষ্টা কৰিলেও উত্তীৰ্ণ হোৱাত সহায় হ’ব। ছাত্র-ছাত্রীসকলে ইণ্টাৰনেটৰ পৰা সহায় লোৱাৰ উপৰিও প্রতিযোগিতামূলক পৰীক্ষাসমূহত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীসকলৰ পৰা দিহা-পৰামৰ্শ গ্রহণ কৰিলেও উপকৃত হ’ব।

প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণতে সাধাৰণ জ্ঞানৰ পৰীক্ষা লোৱা হয়। সাধাৰণ জ্ঞান দুই প্রকাৰত ভাগ কৰিব পৰা যায়। পৰম্পৰাগত সাধাৰণ জ্ঞান (Traditional General Knowledge) আৰু সাম্প্রতিক ঘটনা প্রবাহ (Current Affairs )। সাধাৰণ জ্ঞান যিহেতু একে দিনাই গোটোৱা সম্ভৱ নহয় ইয়াৰ বাবে ছাত্র-ছাত্রীসকলৰ দীঘলীয়া প্রস্তুতিৰ প্রয়োজন। পৰম্পৰাগত সাধাৰণ জ্ঞান আহৰণ কৰিবলৈ বিদ্যালয়ৰ প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈকে সকলো বিষয়ৰ পাঠ্যপুথি আৰু এই সকলোবোৰ বিষয়ৰ আনুষংগিক প্রসংগ পুথি অধ্যয়ন কৰিব লাগিব। সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা বভিন্ন আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব। যিহেতু, দৈনিক বাতৰি কাকত এখনৰ প্রথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈ জানিবলগীয়া বহুত কথা থাকে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিচনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিব লাগে। তাৰোপৰি, সাংখ্যিক হিচাপ-নিকাচৰ সক্ষমতা (Numerical Ability) , বিচাৰ-বুদ্ধিৰ ক্ষমতা (Reasoning) আদি বিষয়সমূহৰ অনুশীলনো স্কুলীয়া দিনৰ পৰাই আৰম্ভ কৰাটো দৰকাৰ। ছাত্র-ছাত্রীসকলে দীঘলীয়া সময়ৰ প্রস্তুতি লগতে নিয়মীয়া অনুশীলন অব্যাহত ৰাখি এইসমূহ পৰীক্ষাৰ বাবে প্রস্তুতি চলালে আমাৰ ৰাজ্যৰ পৰাও সৰ্বভাৰতীয় পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশা কৰিব পাৰি।                                                                             মেইল : [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *