হৃদয় হাজৰিকা সাম্প্ৰতিক বিশ্ব-ক্ৰীড়াজগতৰ এটা চিনাকি নাম। শ্বুটিঙত একাধাৰে কেবাবাৰো বিশ্ব অভিলেখ সৃষ্টি কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা এই গৰাকী অসম সন্তান সমগ্ৰ ৰাজ্যখনৰ বাবেই গৌৰৱৰ পাত্ৰ। তেখেতৰ জন্ম আৰু বাসস্থান লক্ষীমপুৰ হোৱাৰ বাবে জিলাখনৰ সকলোৱে হৃদয়ক লৈ গৌৰৱবোধ কৰে। কথা-কাঞ্চনৰ পাঠকক এই খেলুৱৈজনৰ লগত চিনাকি কৰাই দিয়াৰ লগতে তেখেতৰ কেৰিয়াৰৰ কিছু তথ্য অৱগত কৰাবৰ বাবে এই প্ৰতিবেদনটি আগবঢ়োৱা হৈছে। প্ৰতিবেদনটি যুগুতাই দিছে বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ড° চিত্ৰলেখা ফুকনে।
শ্ৰীহৃদয় হাজৰিকা
জন্ম -১২-০১-২০০১
পিতৃ -ড॰ শৰৎ হাজৰিকা, পঞ্জীয়ক, মাধৱদেৱ বিশ্ববিদ্যালয়, নাৰায়ণপুৰ, লক্ষীমপুৰ
মাতৃ – শ্ৰীইভা শইকীয়া
বাসস্থান – নাৰায়ণপুৰ, লক্ষীমপুৰ, অসম
শ্ৰীহৃদয় হাজৰিকাই ২০১৩ চনত ১২ বছৰ বয়সত লক্ষীমপুৰ জিলাৰ পথালি পাহাৰ স্থিত শংকৰদেৱ মহাবিদ্যালয়ৰ শ্বুটিং ৰেঞ্জত ১০ মিটাৰ এয়াৰ ৰাইফলৰ শিক্ষা আৰম্ভ কৰে৷ ২০১৪ চনত তেওঁ NSCC ৰ ৫৭ ত্বম ৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি Indian Selection Trial ৰ বাবে যোগ্যতা অৰ্জন কৰে৷ তেতিয়াই তেওঁ তিনিটা শাখা Youth (Under 18), Junior (Under 21) আৰু Senior ত সোণৰ পদক অৰ্জন কৰে৷
২০১৫ চনত উদিয়মান খেলুৱৈ গৰাকীয়ে কেৰেলাত অনুষ্ঠিত হোৱা ৩৫ তম ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰে ৷ সেই বছৰতে যুৱ শাখাত তেওঁ নতুন ৰাষ্ট্ৰীয় অভিলেখসহ National Rifle Association of India (NRAI) ৰ KSS shooting championship ত সোণৰ পদক অৰ্জন কৰে ৷
২০১৬ চনত হৃদয় হাজৰিকাই প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰে৷ ইৰাণৰ তেহৰাণত অনুষ্ঠিত হোৱা নৱম এছিয়া এয়াৰ গান প্ৰতিযোগিতাত অংশ লৈ দলীয়ভাৱে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়৷ সেই বছৰতে তেওঁ ভাৰতৰ পুনেত অনুষ্ঠিত হোৱা NSCC ৰ ৬০ত্বম Junior National Championship ত অংশগ্ৰহণ কৰে৷
২০১৭ চনত যুৱ খেলুৱৈজনে নতুন দিল্লীত অনুষ্ঠিত হোৱা ISSF World Cup ত অংশগ্ৰহণ কৰে৷ NRAI ৰ SSS Memorial Masters Championship ত সকলো জ্যেষ্ঠ খেলুৱৈক পৰাজিত কৰি তিনিটা category ত সোণৰ পদক লাভ কৰে৷ একেটা বছৰতে জাপানত অনুষ্ঠিত হোৱা দশম Asian Air Gun Championship ত দলীয় শাখাত সোণৰ পদক লাভ কৰে৷
২০১৮ চনৰ জুন মাহত জাৰ্মানীত অনুষ্ঠিত হোৱা ISSF Junior World Cup ত অংশগ্ৰহণ কৰি ব্যক্তিগতভাৱে সোণৰ পদক লাভ কৰে আৰু দলীয়ভাৱে দিব্যাংশু আৰু চাহু মানেই ৰ লগত খেলি নতুন বিশ্ব অভিলেখ (১৮৭৫.৩ নম্বৰ) সহ সোণৰ পদক লাভ কৰে৷ একে বছৰৰে জুলাই মাহত Czech Republic ত অনুষ্ঠিত হোৱা খেলত ব্যক্তিগতভৱে ব্ৰঞ্জ, দলীয়ভাৱে ব্ৰঞ্জ আৰু মিক্সড্ ডাবলছ্ত শ্ৰেয়া আগৰৱালৰ সৈতে খেলি ৰূপৰ পদক লাভ কৰে৷ ২০১৮ চনতে হৃদয় হাজৰিকাই গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ পৰা সুখ্যাতিৰে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয়৷
২০১৯ চনত হৃদয় হাজৰিকাই জাৰ্মানীত অনুষ্ঠিত হোৱা জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দলীয়ভাৱে ৰূপৰ পদক লাভ আৰু মিক্সড্ ডাবলছ্ত ব্ৰঞ্জৰ পদক লাভ কৰে৷ ব্যক্তিগতভাৱে মাত্ৰ ০.৮ ব্যৱধানত পদক লাভ কৰিবলৈ সক্ষম হয়৷ মিক্সড্ ডাবলছ্ত প্ৰাৰম্ভিক পৰ্যায়ত মেহলী ঘোষৰ লগত খেলি ৬২৮.১ পইণ্ট লাভ কৰি জুনিয়ৰ শাখাত বিশ্ব অভিলেখ স্থাপন কৰে৷ একে বছৰতে ভূপালত অনুষ্ঠিত হোৱা Junior National Championship ত ব্ৰঞ্জৰ পদক লাভ কৰে৷
২০১৯ চনত কুৱেইটত অনুষ্ঠিত হোৱা ১১শ Asian Air Gun Championship ত হৃদয় হাজৰিকাই ইভাভেনিল ভেলাৰিভান ৰ সৈতে খেলি ০২.১ পইণ্টেৰে নতুন বিশ্ব অভিলেখসহ সোণৰ পদক লাভ কৰে ৷ এইখন খেলত হৃদয়ে, অৰ্জুন আৰু দিব্যাংশৰ সৈতে দলীয়ভাৱে খেলি ৰূপৰ পদক লাভ কৰে৷
২০২০ চনত তৃতীয় Khelo India Youth Games ত অংশ লৈ হৃদয় হাজৰিকাই জুনিয়ৰ শাখাত ব্যক্তিগতভাৱে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়৷
প্ৰতিশ্ৰুতিসম্পন্ন এই খেলুৱৈজনে গুৱাহাটী, নতুন দিল্লী আৰু কুৱেইটত প্ৰশিক্ষণ লৈছিল৷ নতুন দিল্লীৰ Karni Singh Shooting Range তো তেওঁ প্ৰশিক্ষণ লৈছিল আৰু সেইসময়ত তেওঁৰ প্ৰশিক্ষক আছিল দীপক কুমাৰ দুবে ৷ গুৱাহাটী, নতুন দিল্লী আৰু মুম্বাইত প্ৰশিক্ষণ লোৱাৰ সময়ত মাতৃ শ্ৰীইভা শইকীয়াই চৰকাৰী চাকৰিৰ পৰা অব্যাহতি লৈ পুত্ৰ হৃদয়ক সংগ দিছিল ৷ হৃদয় হাজৰিকাক তেওঁৰ খেলৰ কাৰণে Olympic Gold Quest (OGQ) আৰু Oil India Limited আদিৰ দৰে প্ৰতিষ্ঠানে পৃষ্ঠপোষকতা আগবঢ়াইছে৷
সম্প্ৰতি লকডাউনৰ সময়খিনিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নিজা বাসগৃহত দেউতাক ড॰ শৰৎ হাজৰিকা আৰু মাক শ্ৰীইভা শইকীয়াৰ তত্ত্বাৱধানত এটা অত্যাধুনিক শ্বুটিং ৰেঞ্জ নিৰ্মাণ কৰি তাতে হৃদয় হাজৰিকাই অনুশীলন চলাই আছে৷ এই শ্বুটিং ৰেঞ্জত ইচ্ছুক খেলুৱৈক শ্বুটিঙৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷
এইবাৰ চাউথ পইণ্ট স্কুলৰ পৰাই দ্বাদশ মানৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগা হৃদয় হাজৰিকাৰ প্ৰিয় খেলুৱৈ অভিনৱ বিন্দ্ৰা আৰু ক্ৰিষ্টিয়ানো ৰোনাল্ডো ৷ তেওঁ অৰ্জন কৰা আন্তঃৰাষ্ট্ৰীয় পদকৰ সংখ্যা ১৫ টা আৰু ৰাষ্ট্ৰীয় পদকৰ সংখ্যা হ’ল ১০ টা৷
তীক্ষ্ণ প্ৰতিভাসম্পন্ন আৰু সম্ভাৱনাময় এই যুৱ খেলুৱৈজনৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলোঁ৷ আমাৰ বিশ্বাস তেওঁ খেলৰ জৰিয়তে পুনৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিব৷
তেওঁ কেন্দ্ৰীয় চৰকাৰৰ আঁচনি Junior TOPS লৈ নিৰ্বাচিত হৈছে৷ দেশৰ মুঠ ২৫৮ গৰাকী খেলুৱৈৰ ভিতৰত অসমৰ ৭ গৰাকী নিৰ্বাচিত হৈছে৷ নিৰ্বাচিত খেলুৱৈসকলক ২০২৪ আৰু ২০২৮ অলিম্পিকৰ বাবে সাজু কৰি তোলা হ’ব৷ TOPS লৈ হৃদয় হাজৰিকা নিৰ্বাচিত হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয়৷ আমি তেওঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷
****