সংগ্ৰাহক- ঝৰ্ণা শৰ্মা দেৱচৌধুৰী
‘’Good is not good when better is expected’’ Vin Scully.
হয়, ক্ৰীড়াৰ জগতখন এনেকুৱাই। য’ত সফলতাক কোনো পৰিধিৰে জোখা নহয়, য’ত ক্ৰীড়াৰ লগত জড়িত এমুঠি স্পন্দনক সময়ৰ ধাৰেৰে বান্ধিব নোৱাৰি, য’ত সেউজীয়া ঘাঁহনি আৰু ঘাম মিশ্ৰিত দেহৰ ফুৰফুৰীয়া গোন্ধে মতলীয়া কৰি ৰাখে এজাক “খেল বলিয়া” তৰুণক, যাৰ বাবে এটি ছন্দোবদ্ধ সংগীতৰ লহৰতকৈ বেট, বলৰ টুং-টাং শব্দ অথবা স্পাইকৰ ধুক-ধুক শব্দ অধিক শ্ৰুতিমধুৰ হয়।
তেনে এজাক তৰুণৰ মাজৰে এজন তৰুণৰ সৈতে আমি আজি চিনাকি হ’বলৈ আগবাঢ়িছো, যাক নতুনকৈ চিনাকি কৰাই দিয়া নিষ্প্ৰয়োজন।
নাম :আবু নেচিম আহমেদ(সকলোৰে মৰমৰ আবু)
অসমৰ ক্ৰীড়া জগতৰ এটি উজ্জ্বল নক্ষত্ৰ। অসমৰ সুসন্তান আবু নেচিম মাথো অসম গৌৰৱেই নহয়, ভাৰতবৰ্ষৰ খেল জগতৰ এটি জনপ্ৰিয় তথা অতি পৰিচিত নাম।
১৯৮৮ চনৰ ৫ নৱেম্বৰত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰতিভাশালী খেলুৱৈ গুৱাহাটীৰ জালুকবাৰীস্থিত অসম ইঞ্জিনীয়াৰিং কলেজ এলেকাৰ সমীপৰ স্থায়ী বাসিন্দা। পিতৃ- মাতৃ , পত্নী আৰু এটি কন্যা সন্তানেৰে বৰ্তমান তেখেতৰ এখন সুখৰ সংসাৰ। অসম চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰা তেখেতৰ দেউতাকৰ পৰিয়ালত নাছিল কোনো খেলুৱৈ অথবা খেলৰ পৰিবেশ ,অথচ আবু নেচিমৰ প্ৰতিভা যেন তেওঁৰ জন্মগত। কোনোকালে খেলুৱৈ হ’ম বুলি নভৱা আবু নেচিমে আন দহটা ল’ৰাৰ দৰেই শৈশৱতে হাতত বেট-বল লৈ সমনীয়াৰ সৈতে খেলিবলৈ আৰম্ভ কৰিছিল। নেখেলিবই বা কিয়? অতিকৈ জনপ্ৰিয় ক্ৰিকেট খেলৰ বেট-বল হাতত নোলোৱাকৈ ভাৰতত কোনো কিশোৰৰ বাবে কৈশোৰৰ দুৱাৰ দলি পাৰ কৰা সম্ভৱ জানো? সেয়াই আছিল আবুৰ ক্ৰীড়া জীৱনৰ আৰম্ভণি।
কিশোৰ পুত্ৰৰ ইচ্ছাক সঁহাৰি জনাই তেখেতৰ মৰমৰ আম্মা নাইমা খাতুন আৰু আব্বা ফাইজুদ্দীন আহমেদ ডাঙৰীয়াই এদিন তেওঁক মালিগাঁওৰ এন এফ ৰেলৱেৰ ক্ৰিকেট একাডেমিত নাম লগাই দিলে।সেয়া ২০০০ চনৰ কথা। তেতিয়াৰ পৰাই ১০ বছৰীয়া আবু নেচিমৰ বাবে সময়ৰ গতি এক অন্য দিশে আগবাঢ়িবলৈ ধৰিলে। পঢ়া আৰু খেলা দুয়োটাকে সমানে বৰ্তাই ৰাখিবলৈ সুপৰিকল্পনাৰ উপৰি তেওঁ যথেষ্ট কষ্টও স্বীকাৰ কৰিব লগা হ’ল। এই ক্ষেত্ৰত তেওঁৰ পিতৃ আহমেদ ডাঙৰীয়াই আবু নেচিমৰ শৈশৱৰ পঢ়াশালি ‘ গুৱাহাটী য়ুনিভাৰ্চিটি হাইস্কুল’ কৰ্তৃপক্ষৰ শলাগ লৈ কয় যে দুয়োবেলা প্ৰেক্টিছ আৰু শৰীৰ চৰ্চা আদিত অধিক সময় দিব লগা হোৱাত বিদ্যালয়ৰ কৰ্তৃপক্ষই মাথোঁ এখন দৰ্খাস্তৰ ভিত্তিতে তেখেতক ৰেহাই দিয়াৰ উপৰিও পঢ়া-শুনাত যথেষ্ট সহায়-সহযোগ কৰি আহিছিল, যাৰ বাবে আবু নেচিমৰ লগতে পৰিয়ালৰ প্ৰতিজন সদস্য বিদ্যালয় খনৰ প্ৰতি চিৰকৃতজ্ঞ।
এজন খেলুৱৈৰ বাবে তেওঁ খেলা প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ কাৰণ প্ৰতিখন সৰু বৰ খেলৰ পৰা হোৱা সৰু সৰু অভিজ্ঞতায়েই তেওঁৰ কেৰিয়াৰৰ সূচকডাল উৰ্ধগামী কৰাত সহায়ক হয়।যদিওবা তেখেতৰ বাবে প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ, তথাপি কঠোৰ পৰিশ্ৰম, শুদ্ধ অনুশীলন আৰু সুশৃঙ্খলিত জীৱন শৈলীৰে নিজকে গঢ় দিয়া আবু নেচিমৰ জীৱনৰ উল্লেখযোগ্য খেল বুলি ক’বলৈ হ’ লে-
১) এছিয়া কাপ-২০০৬
২) আণ্ডাৰ ১৯ ৱৰ্ল্ড কাপ-২০০৫ ত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব।
৩) ICL ( ইণ্ডিয়ান ক্ৰিকেট লীগ) ২০০৭ৰ পৰা ২০০৯ লৈ অংশগ্ৰহণ।
৪) IPL মুম্বাই ইণ্ডিয়ানচ আৰু ৰয়েল চেলেঞ্জাৰ বাঙ্গালোৰৰ হৈ ৭ বাৰকৈ IPL প্ৰতিযোগিতাত অংশগ্ৰহণ।
৫)ইষ্ট জন ক্ৰিকেট দলৰ হৈ কেইবাবাৰো দেওধৰ ট্ৰফীত অংশগ্ৰহণ ।
৬)অসমৰ হৈ (চিনিয়ৰ)
ৰঞ্জী ট্ৰফী দলক-২০০৫ পৰা বৰ্তমানলৈকে প্ৰতিনিধিত্ব কৰি আছে।
বিজয় হাজাৰে-২০০৪
ছেলেঞ্জাৰ ট্ৰফিত- ইণ্ডিয়া A দলক প্ৰতিনিধিত্ব কৰি অসমলৈ সুনাম কঢ়িয়াই আনে।
৭)MRF পেচ ফাউণ্ডেচনত প্ৰশিক্ষাৰ্থী হিচাপে বহু বছৰ অতিবাহিত কৰিছিল ।
৮) NCA ৰ (নেশ্যনেল ক্ৰিকেট একাডেমী) এগৰাকী নিয়মীয়া প্ৰশিক্ষাৰ্থী আছিল আবু নেচিম আহমেদ।
৯)জুনিয়ৰ ইণ্ডিয়া-২০০৫/২০০৬ চনত প্ৰতিনিধিত্ব কৰিছিল।
স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহে যে ইমানবোৰ উল্লেখযোগ্য খেল খেলা আবু নেচিমৰ জীৱনৰ শ্ৰেষ্ঠ প্ৰদৰ্শন তেওঁ কি বুলি ভাৱে।এই বিষয়ে তেওঁ কয় যে চেম্পিয়ন লীগ চিনিয়ৰ টিমত তেওঁ এবাৰ মুম্বাই ইণ্ডিয়ানছৰ হৈ নিউ ছাউথ ৱেলছ টিম অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। যিখন খেলত তেখেতে শ্বেন ৱাটচন, ডেভিড ৱাৰ্নাৰ আৰু ষ্টিভ স্মিথৰ দৰে তিনিজন আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ উইকেট দখল কৰিছিল। আনহাতে জুনিয়ৰ লেভেলত ২০০৫-২০০৬ চনত শ্ৰীলংকাত অনুষ্ঠিত হোৱা এছিয়া কাপত বাংলাদেশৰ বিৰুদ্ধে তেখেতে ৭ টা উইকেট লাভ কৰিছিল। এয়াও নেচিম আহমেদ ডাঙৰীয়াৰ এটি বৃহৎ সাফল্য বুলি গণ্য কৰা হয়।
ক্ৰিকেটৰ এই জয়যাত্ৰাৰ এটা স্মৰনীয় ঘটনাৰ বিষয়ে ক’বলৈ গৈ কিছু নষ্টালজিক হৈ পৰা আবুয়ে কয় যে IPLত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলোতে শচীন টেণ্ডুলকাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম শ্বেয়াৰ কৰাৰ মুহূৰ্তবোৰ তেখেতৰ জীৱনৰ বাবে স্মৰণীয় হৈ থাকিব।
তেখেতৰ এই বৃহৎ সাফল্যৰ আঁৰৰ কাহিনী জানিবলৈ বিচৰাত উত্তৰত তেখেতে পূজনীয় পিতৃ-মাতৃ, ঘৰৰ প্ৰতিজন সদস্য তথা শুভাকাংক্ষীৰ লগতে বিশেষভাৱে
তেখেতৰ ক্ৰিকেট প্ৰশিক্ষক শ্ৰী ৰাজীৱ ৰাজবংশী আৰু শ্ৰী কমল দাস দেৱৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। আনহাতে অসমত ক্ৰিকেটৰ পৰিবেশ লাহে লাহে যথেষ্ট উন্নত হৈ অহা বুলি উল্লেখ কৰি তেখেতে কয় যে বৰ্তমান ক্ৰিকেটৰ বাবে যথেষ্ট কেইখন ষ্টেডিয়াম, ফিল্ড আৰু অন্যান্য সা-সুবিধা আছে যদিও অসমত বছৰৰ ছয়-সাত মাহেই বৰষুণ হৈ থকাৰ ফলত ক্ৰিকেট প্ৰেক্টিছ কৰিবলৈ খেলুৱৈ সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। এই অসুবিধা দূৰ কৰিবলৈ অসমত ইনড’ৰ ষ্টেডিয়াম বা ইনড’ ৰ ক্ৰিকেট ফেচিলিটিৰ অত্যন্ত প্ৰয়োজনীয়।
ভাৰতৰ মুখ্য চিনিয়ৰ টিমত খেলাৰ সপোন পুহি ৰখা আবু নেচিম বৰ্তমান অইল ইণ্ডিয়াত কৰ্মৰত। এতিয়াও প্ৰতিদিনে নিয়মিতভাৱে শৰীৰ চৰ্চা, ক্ৰিকেট প্ৰেক্টিছ আদি কৰি থকা তেখেতে ভৱিষ্যতেও ক্ৰিকেট খেলৰ হকে বিভিন্ন কাম কৰি যোৱাৰ আশা পুহি ৰাখিছে। ক্ৰিকেটৰ প্ৰতি আগ্ৰহী অসমৰ নৱপ্ৰজন্মক ক্ৰিকেটাৰ গৰাকীয়ে এইবুলি আহ্বান জনাই যে দিল্লী মুম্বাই আদিৰ তুলনাত অসমৰ দৰে সৰু ৰাজ্যৰ পৰা গৈ জিলিকি উঠিবলৈ স্বাভাৱিকতে অন্যান্য ৰাজ্যৰ খেলুৱৈতকৈ অধিক ভাল প্ৰদৰ্শন কৰাটো প্ৰয়োজন হৈ পৰে। এই ক্ষেত্ৰত মিডিয়াই এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলি উল্লেখ কৰি তেওঁ কয় যে সফল ক্ৰিকেটাৰ হ’ বলৈ মানসিক ভাবে সবল হোৱাৰ উপৰিও প্ৰতিজন খেলুৱৈয়ে শাৰীৰিক ভাবে সক্ষম (ফিট)হোৱাটো অত্যন্ত আৱশ্যকীয়। তাৰ বাবে অভিজ্ঞ প্ৰশিক্ষকৰ পৰামৰ্শ অনুযায়ী ফিটনেছ ট্ৰেইনিং কৰাৰ উপৰি নিজস্ব স্বকীয়তা বজাই ৰাখি সঠিক অনুশীলন কৰাটো আৱশ্যক। জীৱনৰ লক্ষ্যত উপনীত হ’বলৈ স্মাৰ্টলি হাৰ্ডৱৰ্ক কৰাটো আৱশ্যক।
আমি প্ৰায়ে “খেলুৱৈ সুলভ মন” বুলি এষাৰি আপ্তবাক্য শুনিবলৈ পাওঁ। কি এই খেলুৱৈ সুলভ মন? জীৱনত হৰা-জিকা দুয়োটাকে অনায়াসে গ্ৰহণ কৰিব পৰা মানসিকতা, সহায়কাৰী মনোভাৱ, কষ্টৰে লক্ষ্য ভেদাৰ দুৰ্বাৰ সাহস , নিজৰ ওপৰত অদম্য বিশ্বাস আৰু সৰল জীৱন দৰ্শন আদিবোৰেই দৰাচলতে খেলুৱৈ সুলভ মনৰ পৰিচায়ক। খেল জগতখনত অতি কম বয়সতে এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা আবু নেচিম প্ৰকৃতাৰ্থতে এটি খেলুৱৈ সুলভ মনৰ অধিকাৰী। সেয়েহে কেৰিয়াৰ গ্ৰাফ ডালৰ লগতে তেখেতৰ জনপ্ৰিয়তাও আজি উচ্চ শিখৰত।
(কথা-কাঞ্চনৰ তৰফৰ পৰা নৱ প্ৰজন্মৰ প্ৰেৰণাৰ আকৰ আবু নেচিম আহমেদ ডাঙৰীয়াৰ উজ্জ্বল ভৱিষ্যত আৰু সুস্বাস্থ্য কামনা কৰিলোঁ ।)