অনুগল্প সমগ্ৰ-ৰশ্মি দেৱচৌধুৰী

ৰঙা ছাতি

নেৰানেপেৰা বৰষুণে  এইকেইদিন মানুহক আমনি লগাইছে। বেচৰকাৰী স্কুলত চকিদাৰ হিচাপে কাম কৰা হৰিৰ জীয়ৰী মৃদুয়ে ৰাতিপুৱাৰ পৰাই চিঞৰ বাখৰ কৰি আছে-

“এই পুৰণি ফটা কলা ছাতিটো মই আৰু কিমান নিম। মোৰ আটাইবোৰ লগৰ ছোৱালীৰে ৰং- বিৰঙৰ কেইটা যে ছাতি আছে। মোৰহে নাই..অকল এইটোৱেই । তাকো ফটা। মোক এইবাৰ ৰঙা ছাতি এটা লাগিবই।

:মই সেইটো চিলাই দিম নহয় মাজনী।

:নালাগে মাজনীৰ মাক। মই আজিয়েই তাইলৈ ৰঙা ছাতি এটা  আনি দিম।

পিছদিনাখন ৰঙা ছাতিটো মেলি লৈ হাঁহি হাঁহি লগৰ ছোৱালী কেইজনীৰ লগত স্কুলৰ পৰা আহি থাকোঁতে মৃদুয়ে দেখিলে দেউতাক হৰি চকিদাৰে বৰষুণত তিতি চাইকেলেৰে ঘৰৰপিনে গৈ আছে আৰু পিচে পিচে স্কুলখনৰ দ্বিতীয়জন চকিদাৰ সঞ্জিতে দেউতাকৰ ৰেইনকোটযোৰ  পিন্ধি চাইকেল চলাই গৈছে। তাইৰ ৰঙা ছাতিটোৰ ৰংটো  শাওনীয়া আকাশখনৰ দৰে লাহে লাহে ক’লা পৰি যোৱা যেন লাগিল।

*********

অবিবাহিতা

“বা, তোমাৰ যদি  বিশেষ অসুবিধা নহয় আজি আবেলি পাৰ্ক এখনলৈ আমি দুয়ো ফুৰিবলৈ যাম দিয়া।”

সহকৰ্মী ৰাজীৱে হোৱাটচ্ এপত দিয়া প্ৰস্তাৱটো দেখি প্ৰায় পঞ্চল্লিছটা বসন্ত সংসাৰ নপতাকৈ পাৰ কৰা সন্ধ্যাৰ একো আচৰিত যেন নালাগিল। তাইৰ দুখত সমভাগী হৈ তাইক বিভিন্ন ধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰি তাইৰ ওচৰ চাপিবলৈ বিচৰা পুৰুষ সহকৰ্মী সকলৰ এই মানসিকতাক তাই ভালদৰেই চিনি পায়। মেচেজটোৰ  স্ক্ৰীনশ্বট্  এটা মাৰি ৰাজীৱৰ পত্নী সহকৰ্মী ৰূপালীলৈ দি পঠিয়ালে । লগতে আন এটা মেচেজো দিলে- “ৰূপালী, ৰাজীৱে তোমালৈ পঠিয়াব খোজা মেচেজটো ভুলতে মোলৈ আহিল নেকি,তাক সুধিবাচোন..”

***”*”*””*

সহোদৰ

শইকীয়া পৰিয়ালৰ ডাঙৰ ভাতৃ মলয় শইকীয়াৰ পদুলি মূৰত থকা গছজোপা হঠাৎ উঘালি পৰি সৰুজনা ভাতৃ অমৰ শইকীয়াৰ নতুনকৈ দিয়া ৱালখন ভাঙি গ’ল। ধল-পুৱাতে ঘটিছিল ঘটনাটো ৷ দুবছৰে অহা যোৱা বন্ধ হৈ থকা দুয়োখন ঘৰৰ মাজত বাদ-বিতৰ্ক চলি থাকোঁতে দুয়োটা পৰিয়ালৰে আটাইৰে প্ৰিয় সৰু মামাজন  দুবছৰৰ মূৰত আহি ৰিক্সাৰ পৰা নামিলহি।

.…..কি হ’ল তহঁতৰ..? আটাইকেইটা একগোট হৈ আছ যে..। দেখি ভাল লাগিছে।

কি কম নকমকৈ শহা -বেঙা কৰি থাকোঁতেই মামাই পুনৰ কৈ উঠিল,

… গছজোপাৰ যিটো ভাগ সৰু ভাগিনৰ ঘৰত পৰিলে সেইখিনি তাক দি দিবি ডাঙৰ ভাগিন। মই তোৰ ঘৰতে ভাত খাম।.. সৰু ভাগিনৰ ঘৰত মাছ মাংস কিবা বনাৱ যদি মোলৈ এই ৱালখনৰ ভঙাখিনিৰে আহি দি যাবি । গছডালে তহঁতৰ মাজত এটা বাট বনাই দিলে।  বাটটো ৰাখিবি।

***********

বিয়া

মালাৰ সখীয়েক ‌ৰীমাৰ বিয়া। জোৰণৰ পৰা কইনা বিদায় দিয়ালৈকে মালাই ৰীমাৰ ছাঁৰ দৰে কাষতে আছে। কিন্তু তাইৰ মনতো বিয়াখনত যেন একাত্ম হ’ব পৰা নাই। তাই আৰ চকুৰে মাকলৈ লক্ষ্য কৰি থাকিল। তাইৰ অন্তৰৰ পুঞ্জীভূত বেদনাৰ সাগৰখন যেন এইমাত্ৰ দুচকুৰে প্লাবন হৈ বৈ যাব।

কইনা বিদায় দি বিয়াঘৰৰ উদং চোতালখনত তাই মাকক সাৱটি ধৰিলে।

“তয়ো এনেদৰে কিয় বিদায় নললি অ, আইজনী .. বুলি মাকে তাইক সাৱটি ধৰিলে ৷ দুয়ো হেঁপাহ পলুৱাই এসোঁতা কান্দি ল’লে।

দৃশ্যটো দেখি  মালাৰ পতি সমৰৰো  দোষী দোষী ভাৱত দুচকু সেমেকি গ’ল।

****

email id:[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *