ত্ৰিশংকু-পাৰ্থপ্ৰতিম বৰা

 বত্ৰিশ ইঞ্চিৰ মনিটৰটোত  প্ৰকাণ্ড এক্সেল শ্চিট এখন খুলি লৈ বৰুৱা বহি আছে। কাষৰ চকীখনতে একেটা কম্পিউটাৰৰ মনিটৰত চকু ফুৰাই বহি আছে  মধ্যপ্ৰদেশৰ সহকৰ্মী অল্পেশ কুমাৰ। অফিচৰ বৰমুৰীয়াজনৰ নিৰ্দেশমতে সংশ্লিষ্ট মন্ত্ৰণালয়লৈ জৰুৰী তথ্য পাতি অলপ পঠাব লাগে। গতিকে বৰুৱাৰ অফিচত ক’ড ৰেড চলি আছে।

 মাইক্ৰচফট এক্সেল বৰ কামৰ বস্তু। আখৰ, সংখ্যা, ছবি, বিভিন্ন ধৰণৰ চাৰ্ট সকলোবোৰ ডাটা লৈ মাইক্ৰচফট এক্সেলত খেলি থাকিব পাৰি। যোগ-বিয়োগ, পূৰণ-হৰণ আদি সৰল গণিতৰ পৰা আৰম্ভ কৰি দীঘলীয়া জটিল গাণিতিক সমীকৰণ বোৰো ইয়াত সহজতে কৰিব পাৰি। উদাহৰণস্বৰূপে ধৰি লওক আপোনাৰ হাতত সহস্ৰাধিক তথ্য আছে , এই তথ্যবোৰ আহৰণ কৰাৰ তাৰিখ, নিৰ্দিষ্ট সময়ৰ ব্যৱধানত ইহঁতৰ যোগফল, গড়, অন্তৰাল ইত্যাদি যিকোনো হিচাপ আপোনাক চকুৰ পচাৰতে লাগে। কোনো কথা নাই, এক্সেলত সেই তথ্যখিনি লৈ এটা ডাটাবেছ বনাওক, তাত আগতিয়াকৈ নিৰ্দিষ্ট কৰি থোৱা কিছুমান ফৰ্মূলা ছেট কৰক আৰু পলকতে আপোনাৰ প্ৰয়োজনীয় ফলাফলবোৰ আপোনাৰ আঙুলিৰ টিপত। চৰকাৰী -বেচৰকাৰী যিকোনো প্ৰতিস্থানৰ প্ৰায়বোৰ তথ্য এই এক্সেল নামৰ ডাটাবেছতে থাকে আৰু প্ৰায়বোৰ এনালাইচিচ এক্সেলতে হয়। 

বৰুৱাই কাম কৰা আন্তঃৰাষ্ট্ৰীয় চৰকাৰী কোম্পানীটোতো মাইক্ৰচফট এক্সেলৰ ব্যাপক প্ৰচলন আছে য’ত ইয়াৰ বিভিন্ন উৎপাদন ক্ষেত্ৰ সমূহত দৈনিক আহৰণ কৰা লাখ লাখ তথ্য জমা কৰা হয় আৰু এই তথ্যসমূহৰ পুংখানুপুংখ বিশ্লেষণ এক্সেলতে বা আন কিছুমান বিশেষ ধৰণৰ ছফটৱেৰ প্লেটফৰ্মত কৰা হয়। এই বিশ্লেষণৰ ওপৰত নিৰ্ভৰ কৰিয়েই কোম্পানীৰ বৰমুৰীয়া সকলে ভৱিষ্যতে কৰিব লগা বিনিয়োগ বা বৰ্তমানে লব লগা জৰুৰী সিদ্ধান্তসমুহ লয়। অসমৰ লগতে আন কেবাখনো ৰাজ্যত থকা বিভিন্ন অফিচবোৰত বিভাগভেদে বিভিন্নধৰণৰ কাম এই ডাটাবেছ বা তথ্যভাণ্ডাৰৰ ওপৰতেই হয়। মাজে মধ্যে এই কামবোৰৰ খতিয়ান দিল্লীত থকা মুখ্য কাৰ্যালয়ৰ যোগেদি সংশ্লিষ্ট মন্ত্ৰণালয়লৈ পঠাব লাগে। মন্ত্ৰণালয়ৰ পৰা চিঠি আহে মুখ্য কাৰ্যালয়লৈ, মুখ্য কাৰ্যালয়ৰ পৰা সংশ্লিষ্ট কাৰ্যালয়ৰ  মুৰব্বীজনলৈ, মুৰব্বীজনৰ পৰা যি বিষয়ত তথ্য বিছৰা হৈছে সেই নিৰ্দিষ্ট বিষয়াজনলৈ। বিষয়টোৰ লগত জড়িত বিষয়াজনৰ হাতত যদি নিৰ্দিষ্ট ফৰ্মেটত তথ্যখিনি আগৰে পৰাই প্ৰস্তুত থাকে তেন্তে মন্ত্ৰণালয়ৰ পৰা অহা চিঠিৰ উত্তৰ বান্ধি দিয়া সময়সীমাৰ আগেয়ে অহা বাটেৰেই ঘুৰিও যায়। যদি নতুন ধৰনৰ তথ্য বিচাৰি চিঠি আহে তেন্তে সেই নিৰ্দিষ্ট বিষয়ৰ লগত জড়িত বিষয়াজনৰ অৱস্থাটো বৰুৱাৰ বৰ্তমান যি অৱস্থা হৈছে তেনেকুৱা হয়। কিছুসময়ৰ আগেয়ে অফিচটোৰ মুৰব্বীজনৰ কোঠাৰ পৰা ওলাই আহি ভূমিকম্পৰ প্ৰথমটো জোকাৰণিৰ পাছত ঘৰৰ বাহিৰলৈ ওলায় আহি যেনেকৈ পুনৰ জোকাৰণিৰ সম্ভাৱনাত মানুহ উদ্বিগ্ন উত্তেজিত হৈ থাকে বৰুৱাৰ মনতো তেনে ধৰনৰ অনুভূতিয়েই জোকাৰি আছে।

কম্পিউটাৰ স্ক্ৰীণত কোনোমতে নোসোমোৱাকৈ থকা বৰুৱাক অল্পেশে হিন্দীতে লাহেকৈ ক’লে।

“চ্চিল (Chill) মাৰক না ছাৰ! লান্স কৰিকে আহোঁগৈ ব’লক । ডেডলাইন অহাকালিৰহে”

“তোৰ মুৰাটো chill! বছক দেখা নাছিলি, এইটো ডাটাছেট কেলেই ৰেডী নাই বুলি অলপতেহে কিল নকৰাকৈ এৰি দিছে!”

বৰুৱাৰ বান বিধ্বস্থ মানুহৰ দৰে চেহেৰাটো দেখি শান্তনা দিয়াৰ আশাত অল্পেশৰ কথাফাঁকিৰ উত্তৰ শুনি বেচেৰা সেইফালেই তাপ মাৰিলে। কম্পিউটাৰ স্ক্ৰীনৰ ঘড়ীটোত সময় চাই তেওঁ দেখিলে এক বাজি পোন্ধৰ মিনিট। আৰু পোন্ধৰ মিনিট পিছত বৰুৱাই ভাত খালেনে নাই সুধিবলৈ বৰুৱানীৰ ফোন আহিব। অন্ততঃ তেতিয়ালৈকে তেওঁ অফিচৰ চকীত গজাল মাৰি বহি থকাৰ সিদ্ধান্ত ল’লে। 

ৰাজহুৱা খণ্ডৰ প্ৰতিস্থানৰ চাকৰি আৰু চাকৰিয়াল বিলাকৰ প্ৰতি বুজন পৰিমানৰ মানুহে যি ধাৰণা পালন কৰি থাকে বৰুৱায়ো চৰকাৰী খণ্ডৰ কোম্পানীটোত এঘাৰ বছৰ আগেয়ে  জইন কৰাৰ আগেয়ে সেই একেই ধাৰণা পালন কৰিছিল। চৰকাৰী চাকৰি পালোৱেই যেতিয়া আৰু কিহে পায় বুলি চাকৰি জীৱন আৰম্ভ কৰা বৰুৱাই অতি সোনকালেই গম পাইছিল যে তেওঁ জইন কৰা চাকৰিটোত কন্ট্ৰ’লিং অফিচাৰ, এনুৱেল পাৰ্ফমেন্স এপ্ৰাইজেল আদি বহুত বস্তুৱে পোৱাৰ লগতে মাজে মাজে আত্মসন্মানবোধেও পায় ।  পাছত তেওঁ লাহে লাহে বুজি পালে যে সকলোবোৰ চৰকাৰী চাকৰিত কৰিব লগা কামবোৰ আছুতীয়াকৈ থৈ চাহ তামোলৰ শৰাধ কৰি দেশখন কেনেকৈ চলিব লাগিছিল আৰু কেনেকৈ চলিছে ধৰণৰ গুৰু গম্ভীৰ আলোচনা কৰা নহয়। আৰু লগতে চাহ তামোলৰ খৰচ নুলিওৱাকৈও ফাইল বোৰযে ইফাল সিফাল কৰিব পাৰে বৰুৱাই সেইটোও গম পাইছিল।

“বৰুৱা চাহাবে আজি পেটত শিলগুটি ভৰাই আহিছে নেকি অল্পেশ ?”

বৰুৱাহঁতৰ কাষৰ ৱিংটোত বহা বৰুৱাৰ  বন্ধু উত্তৰ প্ৰদেশৰ ৰাহুল তিৱাৰি সোমাই আহিল। তিৱাৰিক দেখি বৰুৱাতকৈ অল্পেশক বেছি সুখী হোৱা যেন দেখা গ’ল। ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিনিকিউচন ইঞ্জিনীয়াৰ তিৱাৰিৰ কথাবোৰ ইলেক্ট্ৰনিক চাৰ্কিট বিলাকৰ নিচিনা। পোনপটিয়া নহয়, বেঁকা বেকি। ধৰি লওক তেওঁৰ আপোনাৰ লগত অতি জৰুৰী কাম এটা আছে, তেওঁ পোনে পোনে আপোনাক কথাটো  কেতিয়াও নকয়। তেওঁ এনেই ভাল বেয়া জানিবলৈ আহিছে বুলি আহিব, পোনে পোনে আপোনাৰ লগত  কথা নাপাতি আপোনাৰ ওচৰত কোনোবা থাকিলে সেইজনৰ লগত পোহাৰি চুপতি মাৰিব, পাছত কথা বাৰ্তা আপোনাৰ লগত আৰম্ভ কৰিব আৰু সৰ্বশেষত তেওঁ যিটো জৰুৰী কামৰ কাৰণে আহিছিল সেই কামটোৰ কথা এনেকুৱাকৈ ক’ব যেন সেইটো এইমাত্ৰ আপোনাক দেখাৰ কাৰণেহে উৎপত্তি হ’ল। তিৱাৰিৰ আৰু এটা বিশেষত্ব আছে যে তেওঁক অফিচটোত আধুনিক যুগৰ নাৰদ মুনি বুলি ক’ব পাৰি। তেওঁৰ জৱ এছাইনমেন্টটোৱে তিৱাৰিক এই খিতাপটো লাভ কৰাত সহায় কৰে। ই এণ্ড টি বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিনিকিউচন ইঞ্জিনীয়াৰ হিচাবে তেওঁ অফিচৰ প্ৰতিটো কম্পিউটাৰ আৰু কমিনিকিউচন চিষ্টেমৰ লগত জড়িত। নিজৰ কামটো অতি প্ৰফেচনলি কৰে কাৰণে অফিচটোৰ ইলেক্ট্ৰনিক চিষ্টেমবিলাকৰ খবৰ ৰখাৰ উপৰিও সেইবিলাকৰ লগত জড়িত মানুহবোৰৰো খবৰ ৰাখে আৰু লগতে কমিনিকিউচন ইঞ্জিনীয়াৰ হোৱাৰ সুবাদত খবৰবোৰ ইফালৰ পৰা সিফালে যোৱাতো সহায় কৰে। ডিপাৰ্টমেন্ট বেলেগ হ’লেও তিৱাৰিৰ লগত চাকৰিত একেলগে জইন কৰা আৰু প্ৰায় এবছৰ একেলগে ইন্দাকচন ট্ৰেইনিং কৰা বৰুৱাই কথাটো জানে। গতিকে অল্পেশক আহি মাতিছে যেতিয়া আচল সকামটো তেওঁৰ লগতহে আছে সেই কথা বৰুৱাই বুজি পালে। আৰু লগতে তেওঁ কৰি থকা কামটো অলপ কনফিডেন্সিয়েল হোৱাৰ হেতু সেইটোৰ বিষয়ে কথা নপতাটোৱে ভাল হ’ব বুলি ভাবিলে।

“তোৰ ভোক লগা নাই?”

তিৱাৰিয়ে পুনৰ অল্পেশক সুধিলে ৷

“নাই মানে ছাৰ”…..বৰুৱাহঁততকৈ সাতবছৰ জুনিয়ৰ অল্পেশে এবাৰ বৰুৱালৈ আৰু এবাৰ তিৱাৰিলৈ চাই ফুটু-নুফুটো মাতেৰে মৌ মাখিৰ দৰে গুণগুণালে।

“তোৰ লান্স কৰা হ’ল?”

এক্সেল শ্চিটখন মিনিমাইজ কৰি বৰুৱাই তিৱাৰিক সুধিলে।

“নাই মই যাবলৈ উলাইছিলোহে। ব’ল নহ’লে একেলগে যাওঁ‌।” তিৱাৰিয়ে ক’লে।

বৰুৱাহঁ‌তৰ অফিচৰ কেন্টিনত “বুফে লান্সৰ” ব্যৱস্থা আছে। তিনিও থালিত খাদ্য লৈ কেন্টিনখনৰ চুকৰ টেবুল এখনত বহিল। ইতিমধ্যে প্ৰায়বোৰ মানুহৰে খোৱা-বোৱা শেষ হৈছিল। ঘূৰণীয়াকৈ কটা পিয়াঁজৰ টুকুৰা এটাত কামোৰ মাৰি তিৱাৰিয়ে পুনৰ কথা আৰম্ভ কৰিলে। এইবাৰো তেখেতৰ কথাৰ ভেক্টৰডাল অল্পেশৰ দিশত।

“আৰু ডেকা ল’ৰা ট্ৰান্সফাৰ লোৱাৰ কথা ভৱা নাই নেকি? বিয়া বাৰু নাপাতোতেই নৰ্থ ইষ্টত কৰি আহগৈ। বিয়া বাৰু পতাৰ পাছত দিগদাৰ হ’বও পাৰে।“

বৰুৱাই মনে মনে ভাত খাই আছিল। ইতিমধ্যে তেওঁ বুজি পালে যে, তেওঁ ইন্টাৰফেয়াৰ নকৰিলে বেচেৰা অল্পেশৰ শান্তিৰে ভাত খোৱা নহ’ব। তদুপৰি নৰ্থ ইষ্ট পোষ্টিঙৰ বিষয়ে কলিয়াপানীলৈ পঠোৱাৰ লগত তুলনা কৰি  কোনোবাই কথা ক’লে বৰুৱাৰ গাত লাগে। সেয়ে তেওঁ নিজৰ মৰমৰ অনুজপ্ৰতিম সহকৰ্মীজনক প্ৰটেক্ট কৰাৰ উদ্দেশ্যে ক’লে,

“বিয়া পাতি গ’লেনো কি দিগদাৰি হ’ব? বৰঞ্চ মোৰ মতে ভালহে হ’ব। কিহে অল্পেশ বাবু গোৱালিয়ৰৰ গৰাকীয়ে বা কি কয়!” 

“অহা বছৰ ঘৰত বিয়াৰ প্লান কৰিছে। ট্ৰান্সফাৰো অহাবছৰেই এপ্লাই কৰিম, ফাৰ্ষ্ট অপচন যোৰহাট ছেকেণ্ড নাজিৰা আৰু থাৰ্ড অপচন আগৰতলা দিম ছাগে। ফেমিলিও লগতে লৈ যাম।“  

অল্পেশে ৰুটীৰ টুকুৰা এটাৰে কাঁহীৰ পনিৰ এটুকুৰা তুলি মিচিকিয়া হাঁহি এটা মাৰি ক’লে৷

অল্পেশৰ বস্তুনিষ্ঠ আৰু ব্যৱহাৰিক উত্তৰত বৰুৱা সন্তুষ্ট হ’ল। আজি কালিৰ ল’ৰাবোৰৰ এই গুণটো বৰুৱাৰ ভাল লাগে, কথা-বাৰ্তা একদম কাঁড়পাটৰ নিচিনা পোন। ইফালে তিৱাৰি চাহাবকহে ইমান সুখীযেন দেখা নগ’ল, তেওঁ কোনো মন্তব্য নকৰিলে। বৰুৱাই বুজি পালে তেওঁ ক’ব লগা জৰুৰী কথাটো ট্ৰান্সফাৰ সম্পৰ্কীয়। তিনিও নিজৰ নিজৰ খাদ্যবস্তুৰ ওপৰতে ধ্যান কেন্দ্ৰিত কৰিলে।

খাই বৈ হোৱাৰ পাছত তিৱাৰিয়ে বৰুৱাক অফিচ কেম্পাছৰ পাৰ্কিঙতে অলপ খোজ কাঢ়িবলৈ লগ ধৰিলে। বৰুৱাই বুজিলে কথা অলপ গুৰুতৰ। সেয়ে তেওঁ অল্পেশক দুই এটা নিৰ্দেশ দি ৰূমলৈ যাবলৈ কৈ নিজে ৰাহুল তিৱাৰিৰ লগত খোজ কাঢ়িবলৈ গ’ল। তিৱাৰিয়ে প্ৰথমে গাড়ীতকৈ পাৰ্কিং শ্বেদৰ সংখ্যা কম কাৰণে নিজৰ অফিচটোৰ মেনেজমেন্টৰ সমালোচনা কৰিলে আৰু তাৰ পিছত কিছু সময় এম্প্লয়ী ৱেলফেয়াৰৰ কথা দিল্লী অফিচে আজিকালি কমকৈ চিন্তা কৰা হৈছে বুলি দিল্লী অফিচক সমালোচনা কৰিলে। ইফালে সিফালে চালে বেৰে কোবোৱাঁৰ পাছত তেওঁ বৰুৱাক আচল কথাটো ক’লে,

“বন্ধু এইবাৰ মোৰ ট্ৰান্সফাৰ আহিছে। যোৱা কালি খবৰ পাইছো, দুই এদিনতে লিষ্ট আৰু ফৰ্মেল মেইল আহিব । খুউবসম্ভৱ যোৰহাট নহ’লে নাজিৰা হোৱাৰ চান্স বেছি। নৰ্থ ইষ্ট অপচনেই দিয়া নাছিলো। তোৰ দিল্লী অফিচত কোনোবা চিনাকি আছে যদি এবাৰ কথা পাতি চাবি নেকি?”

“ভালহে যোৱা দহ বছৰৰ পৰা আহমেদাবাদতে পৰি আছ দেখোন! এদিন নহয় এদিনতো যাব লাগিবই। যোৰহাট হ’লেতো আৰু বেছি ভাল হ’ব। কানেক্টিভিটিৰ লগতে যোৰহাটৰ কলনিখনো ভাল। মই সাত বছৰ থাকি আহিছো। ফেমিলি লৈ গ’লে আৰু ভাল পাবি।“

বৰুৱাই কেজুৱেলি উত্তৰ দিলে।

বৰুৱাহঁতৰ কোম্পানীটোৰ পলিচি মতে ইয়াৰ কাৰ্য্যবাহী পৰ্য্যায়ৰ বিষয়াসকলে এবাৰলৈ হ’লেও নুন্যতম তিনি বছৰৰ কাৰণে উত্তৰ-পূব ভাৰতত সেৱা আগবঢ়োৱাটো বাধ্যতামূলক। উত্তৰ-পূব ভাৰতৰ অফিচসমূহৰ ভিতৰত অসমত থকা অফিচ কেইটা আছে যোৰহাট, শিৱসাগৰ, নাজিৰা আৰু শিলচৰত । এটা অফিচ আছে আগৰতলাত। এনুৱেল ট্ৰান্সফাৰৰ নটিচ ওলালে কোম্পানীৰ বিষয়া সকলৰ যাৰ যাৰ ট্ৰান্সফাৰ লিষ্টত নাম থাকে তেওঁলোকে কোম্পানীৰ ৱেব পৰ্টেলত তিনিটা অপচন দিব লাগে। সাধাৰণতে এই তিনিটা অপচনৰ ভিতৰতে বিষয়াজনৰ ট্ৰান্সফাৰ হয়। কেতিয়াবা অৱশ্যে কোম্পানীৰ প্ৰয়োজন অনুসৰি বিষয়াজনে দিয়া তিনিওটা অপচনৰ বাহিৰতো ট্ৰান্সফাৰ হ’ব পাৰে। তিৱাৰিৰো খুউব সম্ভৱ তেনেকুৱাই হৈছে। 

“আৰে ভাই, তইতো অসমৰ ভূমিপুত্ৰ! তোৰ কাৰণে যোৰহাট পোষ্টিং ডাঙৰ কথা নহয়, বৰঞ্চ ভালহে। কিন্তু আমাৰ দৰে মানুহবোৰৰ দিগদাৰি হয়েই দেচোন!” পকেটৰ পৰা চিগাৰেটৰ পেকেট এটা উলিয়াই তিৱাৰিয়ে ক’লে।

তিৱাৰিয়ে দুমাহৰ আগেয়ে চিগাৰেট খাবলৈ এৰিছিল। চিগাৰেটৰ পেকেটতো দেখি বৰুৱাৰ অনুভৱ হ’ল বেচেৰাই ট্ৰান্সফাৰক লৈ অকণমান বেছিকৈয়ে ষ্ট্ৰেছ লৈ আছে।

“বন্ধু যাবলৈ যদি মন নাই ট্ৰান্সফাৰ অৰ্ডাৰ ওলোৱাৰ পিছতো ৰিপ্ৰেজেন্টেছন দিব পাৰি। আৰু যদি যাবই লগা হয়, ফেমিলি আহমেদাবাদতে ৰাখোঁ বুলি ভাবিলে ফ’ৰ্চদ বেচ্চেলৰ ষ্টেটাছতো যাব পাৰিবি। আজিকালি অসমত আগৰ দৰে ইন্সাৰজেন্সিৰ প্ৰৱলেমটো একেবাৰে নায়েই। কেতিয়াবা কেতিয়াবা অলপ অচৰপ হুলস্থুল ক’তনো নহয়।“

বৰুৱাই বুজি পালে, তিৱাৰিয়ে খুলাখুলিকৈ নক’লেও অসমৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ সি অসমলৈ যাবলৈ মনে মনে ভয় খাইছে। বৰ্তমান চলি থকা আন্দোলনটোৰ কাৰণে কিছুদিন মানুহৰ হাৰাশাস্তি নোহোৱা নহয়, হৈছে। বৰুৱা নিজেই ভুক্তভোগী। কিন্তু সেয়া গোটেই দেশজুৰি হৈছে। গতিকে অসম বুলি শ্ৰেণীবিভাজন কৰাতো বৰুৱাৰ কাৰণে বিৰক্তিদায়ক কথা। তথাপি অনা অসমীয়া বন্ধুৰ দৃষ্টিৰে চালে তিৱাৰিৰ কথাত যুক্তি নথকা নহয়। কাশ্মীৰত ব’ম ফুটাৰ খবৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ হোৱাৰ দুমাহ কি চাৰিমাহ পাছতো তালৈ দুদিনৰ বাবে যাব লগা থাকিলেও অতি সাহসী মানুহৰো বুকু এবাৰলৈ হ’লেও কঁপিবই। যদিওবা অসম আৰু কাশ্মীৰৰ কোনো তুলনা কৰাটো অবান্তৰ, তথাপি অসমলৈ কোনোদিন নোযোৱা, ঠাইখনৰ বিষয়ে কেৱল সংবাদ মাধ্যম আৰু চচিয়েল মেদিয়াৰ যোগেদি ভুলে শুদ্ধই জানিবলৈ পোৱা তিৱাৰিৰ দৰে মানুহৰ এই অচিন অজান ঠাইখনলৈ সপৰিয়ালে থাকিবলৈ যোৱাটো ইমান সহজ কথা নহয় । তিৱাৰিৰ ক্ষেত্ৰত সেয়া দুদিনৰ নহয় তিনি বছৰৰ কথা। বৰুৱাহঁতৰ লগৰে আৰু এজনৰ ট্ৰান্সফাৰ হোৱাৰ পাছত ৰাজস্থানত থকা মাকে এগছ চাকি তিনিবছৰৰ কাৰণে একেৰাহে জ্বলাই ৰখাৰো উদাহৰণ আছে। বৰুৱাৰ মনটো অলপ বেয়া লাগিল, সেয়ে ইচ্ছা থকা স্বত্তেও তেওঁ তিৱাৰিক চিগাৰেট খোৱাৰ কাৰণে গালি নিদিলে।

“বন্ধু বেয়া নাপাবি, মই জানো তই তোৰ ঠাইখন মানুহবোৰ কিমান ভাল পাৱ। কিন্তু কিছুদিনৰ আগেয়ে গুৱাহাটীলৈ যোৱাৰ টিকট কেঞ্চেল কৰাই এয়াৰপৰ্টৰ পৰা তয়ো ঘুৰি আহিছিলি। যোৱা ১৩ ডিচেম্বৰত তই যাব লগা গুৱাহাটীৰ বিয়াখনৰ ৰিচিপচনো কেঞ্চেল হৈছিলনে নাই কচোন? অসমৰ মানুহবোৰৰেই তেনে অৱস্থা হৈছিল ! আমি বাহিৰৰ মনুহবোৰ ল’ৰা তিৰোতাৰে সৈতে তেনে পৰিস্থিতিৰ সন্মুখীন হ’লে কেনে অৱস্থা হ’ব এবাৰলৈ ভাবি চাচোন!!”

বৰুৱাৰ হাতত এই প্ৰশ্নটোৰ কোনো উত্তৰ নাছিল। যোৱা মাহত গুৱাহাটীত বৰুৱাৰ শিক্ষয়িত্ৰী এগৰাকীৰ জীয়েকৰ বিয়াৰ ৰিচিপচন আছিল। দৰা জাৰ্মানীৰ, জাৰ্মান । ১৩ ডিচেম্বৰত ৰিচিপচনত দেখা এটা দি ৰাতিৰ ৰে’লত বৰুৱাই লখিমপুৰৰ ঘৰলৈ বুলিও টিকট কৰি থৈছিল। ছমাহৰ মূৰত এই সুযোগতে ঘৰলৈও দুদিনৰ বাবে এপাক যোৱা হ’ব বুলি দুমাহৰ আগেয়েই অহা যোৱাৰ টিকট কৰা হৈছিল। দুৰ্ভাগ্যবশত : সেইকেইদিনতেই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম অস্থিৰ হ’ল। ৰিচিপচন ইতিমধ্যেই বাতিল হ’ল । তথাপি যেনে তেনে দৰা কইনাক কইনাৰ ঘৰতে দেখা এটা দি গাঁৱৰ নিজা ঘৰখনলৈকে যাব পাৰিম বুলি বৰুৱাই বৰুৱানীৰ কান্দোন স্বত্বেও সিদিনা আহমেদাবাদ এয়াৰপৰ্টলৈ গুৱাহাটীৰ ফ্লাইট ধৰিবলৈ গৈছিল। বৰুৱাৰ কথা এটাই, যিমানেই হুলস্থুল হওক নিজৰ ঘৰখনলৈ যাবলৈ কিয় সংকোচ কৰিম! অৱশেষত দুটা কাৰণত বৰুৱাৰ যোৱা নহ’লগৈ । এক, ঘৰৰ উচ্চতম ন্যয়ালয় অৰ্থাৎ ডাঙৰজন বৰুৱাৰ ৰাতিপুৱা তিনি বজাত এয়াৰপৰ্ট পাওঁ‌ পাওঁ‌ হওঁ‌তেই নিষেধাজ্ঞা আহিল, খবৰদাৰ নাহিবি। দুই, আহমেদাবাদ বিমানবন্দৰত কৰ্মৰত বৰুৱা বন্ধু তথা ইন্দিগ’ এয়াৰলাইঞ্চৰ বিষয়া এজনে গ’লে কষ্ট পাবি বুলি কৈ অহা যোৱা দুয়োটা টিকটৰ ৰিফাণ্ড কৰি দিম বুলি ক’লে। বৰুৱাৰ এই দুখদায়ী অভিজ্ঞতাৰ কথা কেৱল অতি ঘনিষ্ঠ সহকৰ্মী কেইজনমানেহে জানে। তিৱাৰিয়ে ছাগে সেই কেইদিন তাহাঁতৰ মাজৰে কাৰোবাৰ কম্পিউটাৰ ভাল কৰাইছিল।

“কি হ’ল! মনে মনে থাকিলি যে?”

তিৱাৰিয়ে পুনৰ সুধিলে,

“কিনো ক’ম বন্ধু উৎপাতনো ক’ত নাই হোৱা। দিল্লী আৰু তহঁতৰ ইউ পিত দেখোন অসমতকৈ বেছি হাল্লা হৈছে। সমাজখনত ভাল বেয়া আছে যেতিয়া এইবোৰ ডিষ্টাৰ্বিং এলিমেন্ট থাকিবই। আৰু আজি কালি চচিয়েল মেদিয়াৰ কৃপাত খবৰবোৰ সচাঁই মিছাই কেনেকৈ বিয়পে জানইচোন! অসমৰ সাধাৰণ মানুহবোৰৰ মনবোৰত ইমান কপট ভাৱ নাই, খালি অলপ আৱেগিক। এই আৱেগক সন্মান কৰি চলিলে একো আমনি নাপাৱ।“

বৰুৱাই অলপ ৰক্ষনাত্মক মনোবৃত্তিৰে উত্তৰটো দিলে। তিৱাৰি বন্ধু নোহোৱা হ’লে আৰু তেখেতৰ কথাত অপ্ৰিয় হ’লেও সত্যতা নথকা হ’লে বৰুৱাই ইতিমধ্যেই তেওঁক কথাৰে তুলা ধুনা দিলেহেঁতেন। বৰুৱাৰ উত্তৰত তিৱাৰি চাহাবক সন্তুষ্ট হোৱা যেন দেখা নগ’ল। তেওঁ ক’লে,

“তোক মই এটা বস্তু দেখুৱাম। বেয়া নাপাবি। তেতিয়া হয়তো তই মোৰ চিন্তাৰ কাৰণটো বুজিব পাৰিবি”

এইবুলি তিৱাৰিয়ে পকেটৰ পৰা মোবাইলটো উলিয়াই বৰুৱাক এটা ভিডিঅ চলাই দেখুৱালে। ভিডিঅটোত দেখা গ’ল অসমৰ এটা পিকনিক স্পট। এজাকমান ডেকা ল’ৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নাম লৈ  পিকনিক খাবলৈ যোৱা মানুহবোৰৰ চৰু কেৰাহি চৌকা আদি এফালৰ পৰা লণ্ডভণ্ড কৰি গৈছে আৰু বেকগ্ৰাউণ্ডত সৰু সৰু ল’ৰা-ছোৱালী তিৰোতা মানুহৰ কান্দোনৰ লগতে, অসমীয়াতে অনুনয় বিনয় শুনা গৈছে। বুজা গৈছে যে, দুয়োপক্ষই অসমীয়া মানুহ। বৰুৱাই ভিডিঅটো বেছি সময় চাই থাকিব নোৱাৰিলে। তেওঁ ৰাহুল তিৱাৰিৰ কান্ধত হাত এখন থৈ ইংগিতেৰে মোবাইলটো বন্ধ কৰিবলৈ ক’লে। তিৱাৰিয়ে বৰুৱাৰ অৱস্থাটো বুজিব পাৰি মোবাইলটো এটা পকেটত ভৰাই আন এটা পকেটৰ পৰা পুনৰ চিগাৰেটৰ পেকেটটো উলিয়াই বৰুৱাৰ ফালে আগবঢ়াই দিলে। পাঁ‌চবছৰ আগেয়ে ছোৱালীজনী জন্ম হওঁ‌তেই চিগাৰেট এৰা বৰুৱাই তিৱাৰিক নালাগে বুলি কৈ অফিচত জৰুৰী কাম থকাৰ কথা জনালে।

দুয়ো মনে মনে নিজৰ নিজৰ অফিচ ৰূমলৈ উভতিল।

*****

Email: [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *