ভেকচিন -ড° ৰীতি কৌশিক

“আমাৰ ভেকচিনৰ গৱেষণা হিউমেন ট্ৰায়েলৰ চতুৰ্থ পৰ্য্যায়লৈ আগবাঢ়িছে ৷ অতি বেছি মিউটেছন বা পৰিৱৰ্তন হৈ থকা ভাইৰাছবিধক পৰাস্ত কৰা সহজ নাছিল বা এতিয়াও সহজ নহয়,  ষ্টিল আফটাৰ 22 মন্থচ্ উই আৰ চাপোচ্ড টু ৰিচ্চ আৱাৰ গ’ল (still after 22 months we are supposed to reach our goal) ৷ মই মোৰ গোটেই টিমটোক শুভকামনা জনালোঁ৷ সকলোৰে বিশ্বাস আৰু অপেক্ষাত থিয় হ’ব পৰাকৈ আমি আৰু কেইটামান ঘন্টা আমাৰ লেবৰেটৰীত দিব লাগিব৷ আশাকৰোঁ  সকলোৰে বাবে এয়া সন্তোষজনক হ’ব।”

     মুখ্য বিজ্ঞানী ড৹ অনিত্যম হেমাংগৰ প্ৰেৰণামূলক বক্তব্যত মুখৰিত হৈ পৰিল লেবৰেটৰীৰ ভিতৰচ’ৰা ৷ 

    “হি ইজ অলৱেজ এন ইন্সপিৰেশ্বনেল ফিগাৰ  (He is always an inspirational figure)।” কথাষাৰ কাণত বাজি ৰয় লেবৰেটৰীৰ পৰা পাৰ হৈ যোৱা অনিত্যমৰ কাণত ৷ কাণৰ পৰা হৃদয় আৰু হৃদয়ৰ পৰা মগজুলৈ বিয়পি পৰা কথাষাৰে যেন অনিত্যমৰ উদ্দেশ্য আৰু বেছি প্ৰগাঢ় কৰি তুলিলে, যেন আত্মবিশ্বাসৰ জ্যোতিৰে আলোকিত হৈ ৰোৱা এখনি দৃঢ় মুখ৷ 

“মুক্তিতো  নিস্পৃহ যিটো সেহি ভকতক নমো

  ৰসময়ী মাগোহো ভকতি৷

 সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য 

 ভজো হেন দেৱ যদুপতি॥” 

     মায়া লগা কন্ঠেৰে আধ্যাত্মিকতাত ডুবি ৰোৱা সময়খিনি ধূপ-চাকিৰ লগত যেন মিলিত হৈছে প্ৰাৰ্থনাৰ সুৰ আৰু কন্ঠ৷ ধৰাৰ কাৰণে সচাঁকৈয়ে বিচাৰিছে এক আশীৰ্বাদ৷ প্ৰাৰ্থনাৰ পোহৰেৰে জ্যোতিষ্মান এখন কৰুণ আৰু কোমল মুখ৷

     শেষলৈ কৰুণ হৈ পৰা প্ৰাৰ্থনাৰ সুৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ অন্তৰাত্মালৈ বিয়পি পৰিছে৷ যোৱা চল্লিশটা বছৰে সলনি হোৱা নাই প্ৰাৰ্থনা আৰু হেমাংগিনী দুৱৰা৷ 

      “পাৱে হৰি কৰোহো প্ৰণাম

               অ’ ৰাম

                      অ’ কৃষ্ণ।।”

     প্ৰাৰ্থনাৰ শেষত আঠু লৈ হেমাংগিনী দুৱৰা গোসাঁই ঘৰৰ পৰা ওলাই আহিল৷ ঊনষাঠি বছৰীয়া শান্ত-সৌম্য এক কৰুণ অবয়বৰ গৰাকী হেমাংগিনী৷ 

     “আইদেউ! সৰু দেউতাই ফোন কৰিছে।” আগন্তুকে আথে-বেথে ফোনটো আগবঢ়াই দিলে৷ ধন্যবাদসূচক হাঁহিৰে ফোনটো কাণত লোৱাৰ লগে লগে ইথাৰৰ সিপাৰৰ পৰা পৃথিৱীৰ সৰ্বোচ্চ সুন্দৰ মাতষাৰ ভাহি আহিল “মা”।

     অমীয়া মমতাৰ শাব্দিক ৰূপত হৃদয় বিগলিত হৈ উঠিল হেমাংগিনীৰ। 

     “তোমাৰ পৰা আৰু কেইটামান ঘন্টা বিচাৰিলো, শেষ পৰ্য্যায়লৈ আগবাঢ়িছে। আশীৰ্বাদ কৰিবা।”

ইথাৰৰ তৰংগ ভেদি অহা আবেগক উদ্দেশ্যি হেমাংগিনীয়ে কৈ উঠিল “সফল হোৱা তোমাৰ উদ্দেশ্যত। দহৰ ভালৰ অৰ্থে কৰা প্ৰতিটো কৰ্মত মোৰ আশীৰ্বাদ সদায়েই তোমাৰ লগত আছে। তোমাৰ এটা এটা খোজ সাফল্যৰ দিশে ধাৱমান হওঁক এয়া মোৰ প্ৰতিটো মুহূৰ্তৰ প্ৰাৰ্থনা।”

      “মা, সময়ৰ অভাৱ। এইবাৰ তোমাৰ লগত বিজয়ী হৈ কথা পাতিম।”

      ইথাৰৰ মাজেৰে অহা শেষ বাক্যৰ উত্তৰত হেমাংগিনীৰ মুখৰ পৰা নিঃশব্দে সৰি পৰিল “ওম…”

      মিহি ধাতৱীয় শব্দ হৈ ফোনৰ লাইন বিচ্ছিন্ন হৈ পৰিল। মমতা আৰু প্ৰশান্তিত ভৰি উঠিল হেমাংগিনী। 

     “আইদেউ, সৰুদেউতাৰ পৰীক্ষামূলক কামবোৰ শেষ হ’ল নেকি?”

     ফোনটো হেমাংগিনীৰ হাতৰ পৰা লৈ ঘৰখনৰ একমাত্ৰ অতীত সাক্ষী বহনকাৰী বিশ্বস্ত সহায়ক বুদ্ধেশ্বৰে লাহেকৈ সুধিলে।

      “নাই হোৱা, আৰু অলপ সময়ৰ প্ৰয়োজন আছে হেনো! বিপদত ধৈৰ্য্য ধৰা হয়তো কঠিন কিন্তু পৰিস্থিতি সহজ কৰি তোলাৰ একমাত্ৰ উপায় ধৈৰ্য্য ৷”

        “হয় আইদেউ, ধৈৰ্য্যৰ এক জলন্ত শিখা হৈ জ্বলি ৰোৱা আপোনাক সৌ তাহানিৰ দিনৰ পৰা দেখি আহিছোঁ।  এই দুচকুৰ পৰ্দাত আৰ-পাৰ হৈ সমস্ত অতীত আজিও ওলমি ৰয়হি৷ আইদেউ এইবাৰ সৰুবোপাৰ বিয়াখনৰ কথা ভাবিব লাগিব, নহয় নে?”

     বুদ্ধেশ্বৰৰ সৰল কথাকেইটাত হেমাংগিনীয়ে সন্মতিসূচকভাৱে মূৰ দুপিয়ালে৷ 

     “উস্!! কি যে মহামাৰী ওলাল এইবোৰ। ঘৰৰ লৰাটোক নেদেখা বহু যুগেই হ’ব এতিয়া। কৃষ্ণ কৃষ্ণ কৃষ্ণ…..।”

     কথাষাৰত হুমুনিয়াহ এটা এৰি বুদ্ধেশ্বৰ ঠাইখিনিৰ পৰা আঁতৰি গ’ল। 

     বুজি পায় হেমাংগিনীয়ে, বুদ্ধেশ্বৰৰ এই হুমুনিয়াহৰ শিপা ক’ত। দুৱৰা পৰিয়ালৰ সুখ-দুখ, হাঁহি-কান্দোন সকলোৰে অংশ আৰু সাক্ষী বুদ্ধেশ্বৰ। 

     হেমাংগিনীৰ পৰা দুৱৰা পৰিয়ালৰ আইদেউ হৈ ৰোৱা সময়ত বিবাহ নামৰ মহামাৰীয়ে তাণ্ডৱ চলোৱা জীৱনটোক সামৰি-সুতৰি আগবাঢ়োতে এই বুদ্ধেশ্বৰেই সহোদৰৰ দৰে ছাঁ হৈ আহিছে। 

     চাৰি দশকৰ আগত দুৱৰা হাউলীৰ সন্মুখত ভৰি দিয়া হেমাংগিনী তেনেই লেহুকা লতা আছিল। চকুত সপোনৰ ৰামধেনু আঁকি কলেজীয়া শিক্ষা জীৱনৰ আৰম্ভণি কৰা ঊনৈশ বছৰীয়া হেমাংগিনী, কালৰ ৰচনা আৰু ভাগ্যৰ খেলখনত বেয়াকৈ হাৰি গৈছিল। আচলতে পৰাজিত হৈছিল নিজৰ সপোনৰ ওচৰত, নিজৰ আত্মবিশ্বাস আৰু আত্মসন্মানৰ ওচৰত। 

     দেউতাকৰ নিৰ্দেশত অফিচৰ নথি দিবলৈ অহা ঊনৈশ বছৰীয়া সুন্দৰী হেমাংগিনীক নিজৰ দৃষ্টিত বন্দী কৰি থৈছিল অভিজিৎ দুৱৰাই, একমাত্ৰ সন্তান দুৱৰা পৰিয়ালৰ।

      তাৰ পাছৰ ঘটনাবোৰ তেনেই খৰতকীয়া আছিল। সমাজৰ অঘোষিত কিছুমান সত্যৰ প্ৰৱেশ ঘটিছিল হেমাংগিনীৰ জীৱনত। মাতৃহীনা নিম্ন মধ্যবিত্ত ঘৰৰ জীয়ৰীক আজীৱন সুখী হোৱাৰ আশীৰ্বাদ দিছিল। নিজৰ জীয়ৰীক ধনী আৰু সম্ভ্ৰান্ত ঘৰৰ একমাত্ৰ পুত্ৰবধু হিচাপে চাই গৌৰৱত ডুবি ৰৈছিল পিতৃত্ব, অৱশ্যে তেখেত এই গৌৰৱ আৰু আশীৰ্বাদৰ ৰং চাবলৈ পৃথিৱীত ৰৈ যোৱা নাছিল। 

     “চাৰিটা স্তৰ পাৰ হোৱাৰ পাছতহে এটা মহামাৰীৰ ভেকচিন প্ৰস্তুত হয় মা। প্ৰথম স্তৰত জীৱ-জন্তুৰ ওপৰত পৰীক্ষা চলোৱা হয়, দ্বিতীয় স্তৰত কিছুমান নিৰ্বাচিত মানুহৰ ওপৰত প্ৰয়োগ কৰি পৰীক্ষা কৰা হয়। ঠিক সেইদৰে তৃতীয় স্তৰত বিভিন্ন দেশৰ পৰা কিছুমান মানুহ একগোট কৰি তাৰ ওপৰত প্ৰয়োগ কৰা হয়। আৰু এইস্তৰত যদি আমি সফল হওঁ তেন্তে চতুৰ্থ আৰু ফাইনেল স্তৰলৈ উন্নীত হয় আৱিস্কৃত ভেকচিন।”

     মহামাৰীৰ গ্ৰাসত ডুবিব ধৰা সময়ত ভেকচিনৰ বাবে পৰীক্ষা-নিৰীক্ষাত ব্যস্ত থকা অনিত্যমে হেমাংগিনীক কথাখিনি বুজাইছিল। 

    ভেকচিনৰ পৰীক্ষাৰ দৰে পৰীক্ষামূলক আছিল নৰকসদৃশ জীৱন। এই পৰীক্ষাৰে সৰ্বোত্তম উপহাৰ আছিল অনিত্যম। সময়ত বন্ধু, অভিভাৱক হৈ আজিও তাইক তুলি ৰাখিছে। নহ’লে ৰৈ যোৱা সময়ে মাথোঁ দাগ দিছিল, কেতিয়াবা শৰীৰত আৰু কেতিয়াবা অন্তৰত। ৰক্ত জবা ফুল সদৃশ ছিটিকনিৰে ফুল বাচিছিল সমগ্ৰ শৰীৰত আশীৰ্বাদৰ প্ৰথম নিশাটোতে। ফুলকুমলীয়া হেমাংগিনীৰ দেহটো নেফানেফ কৰিছিল স্বামীৰূপে অহা দানৱে। 

     পিতৃৰ আশীৰ্বাদক আঁজলি পাতি নতুন জীৱনৰ প্ৰথম নিশাটোত ধৰ্ষিতা হৈ ৰৈছিল নিজৰ জীৱনসংগীৰ ওচৰত। বেদৰ মন্ত্ৰ, হোমৰ অগ্নি আৰু প্ৰতিটো বৈদিক নিয়মক অন্তৰেৰে গ্ৰহণ কৰি হেমাংগিনীয়ে পদূলি গচকিছিল দুৱৰা পৰিয়ালৰ। পৰিয়ালত আছিল অতিকৈ কম কথা কোৱা শাহুগৰাকী আৰু গম্ভীৰ অথচ কঠিন শহুৰজন। সকলোৰে মাজত অত্যন্ত অকলশৰীয়া অনুভৱ কৰিছিল সেইদিনা হেমাংগিনীয়ে। জীৱনত প্ৰথমবাৰৰ বাবে নাৰী হৈ জন্ম গ্ৰহণ কৰাত আপত্তি হৈছিল হেমাংগিনীৰ। 

       স্বামীৰ মৰমে এই নিসংগতা ধুৱাই নিব বুলি এক আশাৰ ক্ষীণ বন্তি জ্বলাই ৰাখিছিল নিজৰ মাজতে। সেইখিনি সময়ত চুচুক-চামাক কৈ চিনাকি হৈছিলহি বুদ্ধেশ্বৰে। প্ৰথমদিনা আইদেউ সম্বোধন কৰা, তাইতকৈ বয়সত কিছু ডাঙৰ বুদ্ধেশ্বৰ সেইখন ঘৰত ল’ৰালিৰ পৰা এতিয়ালৈ থকা অতি বিশ্বাসী সংগী। এই বিশ্বাসকেই সংগী কৰি দুচকুত হেঁপাহৰ আল্পনা আঁকি অপেক্ষা কৰিছিল হেমাংগিনীয়ে জীৱন সংগী অভিজিৎ দুৱৰালৈ। 

     অপেক্ষাৰ অন্ত পৰিছিল, আৰু হেমাংগিনী পৰি ৰৈছিল এডোঙা ৰক্তৰ মাজত। মানসিক সাহচৰ্য আৰু পৰিচয় নোহোৱাকৈ হেমাংগিনীৰ শৰীৰে সহন কৰিবলগীয়া হৈছিল বেদনাদায়ক বিষ। নাৰী জীৱনৰ অমূল্য সম্পদক আজুৰি আকুহি বাকুহি চিৰাচিৰ কৰি পেলাইছিল। অসূৰ্যস্পৰ্শা সেইদিনা ৰঙা ফাকুৰ মাজত ডুব গৈছিল। তলসৰা শেৱালিৰ দৰে পৰি ৰৈছিল হেমাংগিনী, মূৰ্চ্ছিত হৈ। 

     “চিলাই পৰিছে ছয়টা, পিছলৈ সতৰ্ক হৈ ৰ’ব। মই ঘৰুৱা চিকিৎসক বাবেহে ইমানতে সামৰিছোঁ। নহ’লে, মেৰিটেল ৰেপ ইজ এ বিগ ক্ৰাইম ।”

     সজ্ঞান অৱস্থালৈ ঘূৰি অহাৰ পাছত কৰ্ণকুহৰত পৰিছিল দুৱৰা পৰিয়ালৰ ঘৰুৱা চিকিৎসকৰ পৰামৰ্শ। কঠিন আৰু কম কথা কোৱা পুৰুষ-মহিলাহালে হুমুনিয়াহ এৰিছিল। বৰ্বৰতাৰ প্ৰদৰ্শন কৰি মানুহৰূপী দানৱজন বতাহত মিলি যোৱাৰ দৰে হৈছিল। পিতৃ-মাতৃ হিচাপে চিন্তিত হোৱা নাৰী-পুৰুষহালৰ বিপৰীতে তেওঁ মুকলি উশাহ লৈছিল। সকলোৰে পৰিচৰ্য্যা আৰু যত্নত ভাললৈ অহা শৰীৰটোৱে কিন্তু মনটোক সান্তনা দিব পৰা নাছিল। উত্তাল ধুমুহা আৰু ঢৌৰ তৰ্জন-গৰ্জন হৃদয়ৰ প্ৰতিটো উশাহত অনুভৱ কৰিছিল৷ বেপৰোৱা অভিজিৎ দুৱৰা ঘূৰি আহিছিল। ৰুদ্ধদ্বাৰ বৈঠক চলিছিল দুৱৰা পৰিয়ালৰ মাজত।  আপোন বুলি ভবাসকলৰ মাজত অচিনাকি হৈ পৰিছিল হেমাংগিনী ৷

      “বৰ্তমানলৈকে এই মহামাৰীত বিশ্বজুৰি প্ৰায় তিনি কৌটি পোন্ধৰ লাখ মানুহ আক্ৰান্ত হৈছে আৰু প্ৰায় দহ লাখ মানুহৰ মৃত্যু হৈছে। চৌদিশে মৃত্যুৰ কিৰিলি মাথোঁ। এই মহামাৰীৰ আটাইতকৈ দুখজনক দিশটো হৈছে শেষ মুহূৰ্তত আপোনজনক দেখা নোপোৱাটো।”

       মহামাৰীৰ ওপৰত দি থকা বাতৰিসমূহে হেমাংগিনীক বাৰে প্ৰতি অতীতলৈ টানি নিছিল। মৃত্যুৰ দৰে নিৰৱ হোৱা নাছিল এই বৈবাহিক জীৱনৰ মহামাৰী। পৰিয়ালৰ জ্যেষ্ঠজনৰ অনুৰোধত ক্ষমাৰ লগত মিতিৰালি কৰি পেলাইছিল হেমাংগিনীয়ে। 

     ক্ষমা এক দুৰ্বোধ্য শব্দ নহয়। কিন্তু ক্ষমাৰ ওপৰত সকলোৰে অধিকাৰ নাথাকে। ক্ষমাই পৰম ধৰ্ম।

       আকৌ এবাৰ তেখেতক জীৱনসংগী বুলি ভবাৰ অৱকাশ নাছিল। প্ৰেমবিহীন সম্বন্ধ মাথোঁ কামুকতাৰ প্ৰলেপৰ ওপৰত জী নুঠে। জ্যেষ্ঠজনৰ আগ্ৰহক অসন্মান কৰাৰ সাহস গঢ়ি উঠা নাছিল হেমাংগিনীৰ। দেহৰ অসুস্থতা আৰু মনৰ অসুস্থতাক আওকান কৰি খোজ আগবঢ়াইছিল। খোজবোৰত দৃঢ়তা নাছিল, আছিল আশা। চকুৰ পতাত সপোনৰ ৰঙে ঢৌ খেলিবলৈ অনুমতি বিচাৰিছিল। কিন্তু মৰম আকলুৱা হৃদয়খনে আকৌ এবাৰ উজুটি খাইছিল। 

     এইবোৰ কষ্ট বন্ধ কোঠাৰ ভিতৰত সামৰিব লগা হৈছিল। চৰ্ত ৰখা হৈছিল প্ৰাণ নাশৰ। জীৱনৰ পাশাখেলত আকৌ এবাৰ লাঞ্চিত হৈ পৰিছিল। দ্বিতীয়বাৰ নাৰী হোৱাৰ বাবে আক্ষেপ হৈছিল। প্ৰতিনিশা ন ন অত্যাচাৰৰ সন্মুখত লেৰেলি গৈছিল কুমলীয়া হেমাংগিনী। সমস্ত দেহত দাগ বহিছিল। চকুপানী গোট মাৰিছিল, তাৰ বিপৰীতে মম গলি ৰৈছিল শৰীৰৰ গোপনীয় অংশত। লোকলজ্জাৰ ভয়ত, সাহসৰ অভাবত নিজকে কাপোৰেৰে সকলোফালৰ পৰা আবুৰ কৰি ৰাখিছিল। হুমুনিয়াহবোৰ বুকুত সামৰি, কৃত্ৰিম হাঁহি ওঁঠত সজাই দিনবোৰ পাৰ কৰিছিল। মাথোঁ অন্ধকাৰ নিশাবোৰ বহুত বেছি দীঘল হৈ পৰিছিল। জীৱনৰ মমতাত এই অমানুষিক অত্যাচাৰ সহি থকাৰ দিনত প্ৰথমবাৰৰ বাবে এচাটি সুখৰ বতাহে চুইছিলহি হেমাংগিনীৰ জীৱন।

     নাৰী জীৱনৰ আটাইতকৈ মধুৰতম ক্ষণৰ আগজাননী হৈছিল, মাক হ’বলৈ আগবাঢ়িছিল হেমাংগিনী। পৰিয়ালৰ সকলো সদস্য সুখী হৈ পৰিছিল। বুদ্ধেশ্বৰে হেমাংগিনীক ঘৰখনৰ সকলো কামৰ পৰা আজৰি কৰি দিছিল। ইতিমধ্যে মাতৃহীনা আৰু পিতৃহীনা হেমাংগিনীৰ জীৱনত শাহু-শহুৰ  পিতৃ-মাতৃৰ অৱতাৰ হৈ আহিছিল। কিন্তু সকলোৰে আগত সুখী হোৱাৰ অভিনয় কৰা অভিজিৎ দুৱৰাৰ সতে কটোৱা প্ৰতিটো অমানুষিক নিশাত, তেওঁৰ অন্ধকাৰৰ অভিনয়ৰ মুখা খোল খাই পৰিছিল। বহুতো প্ৰাৰ্থনা, কাকুতি-মিনতি তল পৰি ৰৈছিল নিকৃষ্ট মানসিকতাৰ ওচৰত। ন ন যৌন অত্যাচাৰৰ ফলত ভাঙি পৰিছিল হেমাংগিনীৰ শৰীৰ। 

     “মাতৃ হ’ব পৰাকৈ হেমাংগিনীৰ শৰীৰ পূৰঠ হোৱা নাই। গতিকে এই সন্তানক এই পৃথিৱীলৈ অনা উচিত নহয়।” অভিজিৎ দুৱৰাৰ এই সিদ্ধান্তই আকৌ এবাৰ জোৱাৰ তুলিলে দুৱৰা নিবাস। পুত্ৰীসম জীৰ জীৱনক অগ্ৰাধিকাৰ দিলে শাহু আৰু শহুৰে। কিন্তু হেমাংগিনীয়ে চিৎকাৰ কৰি উঠিছিল। তৃতীয়বাৰৰ বাবে নাৰী হোৱাৰ বাবে আক্ষেপ আৰু গৌৰৱ, দুয়োটা অনুভৱে চুই গৈছিল। 

      এমহীয়া ফুলৰ কলিটিয়ে যেন ভিতৰৰ পৰা চিৎকাৰ কৰি উঠিছিল দানৱৰূপী অভিজিৎ দুৱৰাৰ অত্যাচাৰত। 

       নৰক সদৃশ হৈ পৰা নিশাবোৰৰ কোনোবা এদিন অৰ্ধমূৰ্চিত হৈ পৰিছিল হেমাংগিনী। সূৰ্যৰ পোহৰে উজ্বলাব পৰা নাছিল হেমাংগিনীৰ চকুৰ পতা। বুদ্ধেশ্বৰৰ ষষ্ঠ ইন্দ্ৰিয়ৰ সংকেতত দুৱৰা নিবাসত আকৌ এবাৰ ঘৰুৱা চিকিৎসকৰ পৰামৰ্শ লোৱা হ’ল। 

      “তেখেতৰ ওপৰত একাধিকবাৰ যৌন নিৰ্যাতন চলোৱা হৈছে। শিশু আৰু মাতৃক যথেষ্ট পৰিচৰ্য্যাৰ প্ৰয়োজন। আগতেও মই কৈছিলো যে, মেৰিটেল ৰেপ ইজ অ বিগ ক্ৰাইম (Marital Rape is a big crime), আপোনালোক সাৱধান হওক আৰু নতুন জীৱনটোৰ স্বাৰ্থত স্বাৰ্থপৰ হওক।”

     চিকিৎসকৰ ঘোষণাত দুৱৰা দম্পতী হতভম্ব হৈ পৰিছিল। শাহুৰূপী মাতৃগৰাকীয়ে হেমাংগিনীক নিজৰ কোলালৈ তুলি লৈছিল। শহুৰেকে নিজক কঠিন কৰি তুলিছিল নিজৰ তেজৰ বিপক্ষে। কৰ্মৰ তাগিদাত বাহিৰত থকা মদগৰ্বী, অত্যাচাৰী অভিজিৎ দুৱৰা ঘূৰি আহি শূন্য শোৱনি কোঠা আৱিস্কাৰ কৰিছিলহি। হিতাহিত জ্ঞান হেৰুৱাই মাকৰ কোলাৰ পৰা হেমাংগিনীক চোঁচৰাই লৈ আহিছিল। 

       সেইবাৰ মহাভাৰতৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ অংশ যেন আকৌ এবাৰ ন ৰূপত ঘটিবলৈ আগবাঢ়িছিল। কিন্তু এইবাৰ মুক হৈ ৰোৱা নাছিল ভীষ্ম, গান্ধাৰী কিম্বা ধৃতৰাষ্ট্ৰ। প্ৰচণ্ড বাক-বিতণ্ডাৰ পৰা হতাহতিলৈ আগবাঢ়িছিল, পিতৃ আৰু পুত্ৰৰ মাজৰ তৰ্কা-তৰ্কি। অৱশেষত নিচাসক্ত পুত্ৰ চিৰিৰে বাগৰি পৰিছিল। 

অৱসান ঘটিছিল এক দানৱৰ

অৱসান ঘটিছিল এক অত্যাচাৰৰ 

অৱসান ঘটিছিল এক অসুৰ পুত্ৰ আৰু স্বামীৰ….

      মৌন হৈ ৰৈছিল দুৱৰা নিৱাস। গোট মাৰি বৰফ হোৱা চকুলো বাগৰি আহিছিল হেমাংগিনীৰ। মুক্তিৰ চকুলো নে স্বামীহীনা হোৱাৰ চকুলো আছিল সেয়া আজিও দুৰ্বোধ্য হেমাংগিনীৰ বাবে।

     ধৰ্ম আৰু সত্যৰ সপক্ষে থিয় দিয়া যুজঁখনত পুত্ৰক হেৰুৱাই দুৱৰা দম্পতী মানসিকভাৱে ভাগি পৰিছিল। কিন্তু হেমাংগিনীৰ কৰুণ-কোমল মুখখনে জীয়াই থকাৰ প্ৰেৰণা দিছিল। পো-নাতিৰ লগত বাকী থকা কালচোৱাত সুখৰ কাৰেং সাজিবলৈ নিজকে প্ৰস্তুত কৰি তুলিছিল দুৱৰা দম্পতী। 

     বুদ্ধেশ্বৰৰ অকৃত্ৰিম পৰিচৰ্য্যা আৰু হেমাংগিনীৰ নিজৰ মনোবলৰ ফলত দুৱৰা নিবাসলৈ সুখৰ লয় বৈ আহিছিল। আকাশৰ জোনটো খহি পৰিছিল হেমাংগিনীৰ মমতাৰ আঁচলত। কান্দোন, অভিমান, হুমুনিয়াহ আৰু হতাশা সকলো একাষৰীয়া হৈ ৰৈছিল শিশুটিৰ কল্‌ কলনি্‌ত। ককাক আৰু আইতাক, বুদ্ধেশ্বৰ আৰু হেমাংগিনীৰ মৰমত বাঢ়ি অহা জোনটোৰ নাম থৈছিল অনিত্যম হেমাংগ। 

    দুৱৰা পৰিয়ালৰ জ্যেষ্ঠসকলে হেমাংগিনীৰ নামেৰে অনিত্যমক সজাই পেলাইছিল কিয়নো ধৈৰ্য্য আৰু সহনশীলতাৰ প্ৰতীক আছিল হেমাংগিনী। 

         शमो दमस्तप: शौचं क्षान्तिरार्जवमेव च |

         ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ||

হেমাংগিনীৰ ছাঁ লৈ ডাঙৰ হৈ আহিছিল অনিত্যম; শান্ত, সৌম্য, সংস্কাৰী আৰু ধৈৰ্য্যশীল হৈ।

        পৰিৱৰ্তন সংসাৰৰ নিয়ম৷ সময়ৰ লগে লগে সকলো বস্তুৱেই পৰিৱৰ্তনৰ নিয়ম পালন কৰে। এই নিয়মক কোনেও বাধা দি ৰাখিব নোৱাৰে। জন্মিলে মৃত্যুৰ দুৱাৰদলি গচকিব লাগিবই। কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণত ককাক আৰু আইতাকে বিদায় মাগিছিল পৃথিৱীৰ কোলাৰ পৰা। অনাথ হৈ পৰিছিল হেমাংগিনী। কিন্তু ‘কান্ধত দায়িত্বৰ ভাৰ আৰু বুকুত মমতাৰ জোৱাৰ’ ইয়াকে সাৰথি কৰি অনিত্যমক সংস্কাৰী, শিক্ষিত আৰু সুস্থ মানসিকতাৰে গঢ় দি তুলিছিল। সাধনা আছিল একান্ত এক তপস্যা। অকলশৰীয়া, এই জীৱনজোৰা সাধনাৰ ছাঁ হৈ সহোদৰৰ দৰে লগত আছিল দুৱৰা পৰিয়ালৰ বিশ্বস্ত সংগী বুদ্ধেশ্বৰ। 

            “কৰ্ম কৰি যোৱা

             ফল তোমাৰ আঁচলত 

             নিজে ধৰা দিব”

      নাৰী হোৱাৰ আক্ষেপ লাহে লাহে জয় কৰিছিল হেমাংগিনীয়ে। অনিত্যম গঢ় লৈ উঠিছিল  সুস্থ আৰু সমাজৰ শুভ চিন্তক হৈ। পিতৃৰ মৰম আৰু নিৰাপত্তাৰ অভাৱ হ’বলৈ দিয়া নাছিল অনিত্যমক। সৰুৰে পৰা অনুসন্ধিৎসু মনৰ গৰাকী অনিত্যম বিজ্ঞানৰ ৰাজ্যখনলৈ ঢাপলি মেলিছিল। আকৌ এবাৰ নিসংগতাই কোবাই গৈছিল হেমাংগিনীক। সংগী হিচাপে বাচি লৈছিল কিতাপৰ সুবাস। ডুবি ৰৈছিল বিভিন্ন গ্ৰন্থৰ ভিন ভিন সুবাসৰ মাজত। ঊনৈশ বছৰ বয়সত এৰি অহা সপোনবোৰ মাথোঁ জীপাল হৈ ৰৈছিল গ্ৰন্থ সমূহৰ মাজত। 

      কায়িকভাৱে উপস্থিত নথকা অনিত্যম কিন্তু ন ন প্ৰযুক্তিৰ সহায়ত সম্পূৰ্ণ সাহচৰ্য্য দিছিল মাতৃক। অনিত্যমৰ মাতৃৰ প্ৰতি মৰম অথবা শ্ৰদ্ধা কোনো গুণে কম নাছিল আঁতৰি থাকিও। বিজ্ঞানী হৈ নিজৰ জ্ঞানক দহৰ ভালৰ বাবে ব্যৱহাৰ কৰিছিল। জনপ্ৰিয় হৈ পৰিছিল বিজ্ঞানী অনিত্যম হেমাংগ। অভিভাৱকৰ দায়িত্বৰ সামৰণি নাই। অনন্ত কাললৈ সন্তানৰ দায়বদ্ধতাত বন্দী অভিভাৱক। জীৱন সংগীৰ বান্ধোনেৰে বান্ধি পেলোৱাৰ কথা চলিছিল। অনিত্যমে মাকৰ ওপৰত এৰি দিছিল সেই দায়িত্ব। অত্যন্ত হেঁপাহেৰে পুত্ৰবধুৰ সন্ধানত নামি পৰিছিল হেমাংগিনী। 

       “এই কঠিন সময়ত সমাজৰ হকে, দেশৰ হকে, মানে জাতিৰ হকে তোমাৰ পৰা আৰু অলপ আঁতৰি থাকিব লাগিব মা। এই মহামাৰী আন মহামাৰীতকৈ অধিক সংকটপূৰ্ণ। ঘনাই ৰূপ সলায়, গতিকে ভেকচিনৰ বাবে যথেষ্ট কষ্ট আৰু সাধনাৰ প্ৰয়োজন। তোমাৰ আশীৰ্বাদ সদায়েই কাম্য।” 

      ৰৈ গৈছিল হেমাংগিনী। নিজৰ হেঁপাহক কষ্টেৰে দমন কৰিছিল। ৰং সলোৱা মহামাৰীৰ ভাইৰাছটো যেন স্বামী অভিজিৎ দুৱৰা, তেনে অনুভৱ কৰিছিল। তেতিয়াৰ যুদ্ধখনত তেওঁ হাৰিছিল। নিজৰ আত্মসন্মানকণ চুৰ্ণ-বিচুৰ্ণ হৈ ৰৈছিল। এইখন যুঁজত অন্তৰৰ পৰা বিচাৰে পুত্ৰ জয়ী হোৱাটো। গতিকে আহি থকা সময়ত যাতে পুত্ৰ বিজয়ী হয়, তাৰ বাবে প্ৰাৰ্থনা জনাইছিল নেদেখা জনৰ ওচৰত। 

   “সময়ে সকলো জীৱকে নিপুণতা প্ৰদান কৰে, সময়েই সকলো জীৱৰ সংহাৰো কৰে, সকলো শোৱাৰ পাছতো কেৱল সময় সাৰে থাকে, সময়ক কোনেও জিকিব নোৱাৰে, সময়তহে হ’ব সময়ৰ কাম।”

        “এক্টিভ হৈ থকা ভাইৰাছৰ সংক্ৰমণৰ ক্ষমতা কমাই আমাৰ শৰীৰত প্ৰৱেশ কৰোৱা হয় যাতে আমাৰ শৰীৰে উক্ত বীজাণুৰ বিৰুদ্ধেই প্ৰতিৰোধ ক্ষমতা বা ‘Antibody’ প্ৰস্তুত কৰি ল’ব পাৰে। এয়াই ভেকচিনৰ মূলমন্ত্ৰ। এই ভেকচিনৰ চাৰিওটা পৰ্য্যায় আমি সফলতাৰে পাৰ কৰি আহিছোঁ। অতি শীঘ্ৰেই আপোনালোকৰ ওচৰত এই ভেকচিন উপলব্ধ হ’ব।” এয়াই আছিল পৰিৱৰ্তিত সুখৰ সময়ৰ এক বক্তব্য।

         নিজে আৱিস্কৃত ভেকচিনৰ বিষয়ে বুজাই কোৱা যুৱ বিজ্ঞানী অনিত্যম হেমাংগক অদূৰত টেলিভিছনৰ পৰ্দাত চাই ৰোৱা এগৰাকী মাতৃয়ে তেতিয়া নিৰৱে স্বগতোক্তি কৰিছিল, “মোৰ জীৱনৰ মহামাৰীস্বৰূপ Marital Rape ৰ একমাত্ৰ ভেকচিন আজি বিশ্ব দৰবাৰত।”

        নাৰী জীৱনক লৈ আক্ষেপ কৰি থকা সময়ত সন্তানৰূপী অনিত্যমে তেখেতক তুলি ধৰিছিল, যিদৰে আজি বিশ্বৰ সন্মুখত অনিত্যমে তুলি ধৰিছে  জীৱন-সঞ্জীৱনী “ভেকচিন”।

[email protected] 

Leave a Reply

Your email address will not be published. Required fields are marked *