লুইতৰে পানী যাবি অ বৈ-নিৰ্মালি নয়নতৰা

ৰাজ্য জয়ৰ লোভত ঈশ্বৰৰ সৃষ্টি ধ্বংস কৰিবলৈ ওলাইছিলো! ঈশ্বৰে নসহিলে ৷ সহিব নো কিয়? সামান্য নৰ মনিচে পাহাৰ খহাই পেলাব? মানুহৰ ইমান অহংকাৰ??

-পথালিফোঁটাক বিশ্বাস নকৰিবি ৷ জোঙা ঢোল বজাই ৰাজসভাত নটিনী ননচুৱাবি৷

-ভালে থাকহঁত! চোমদেৱে কুশলে ৰাখিব৷ পৰমেশ্বৰ মহাদেৱে মংগল কৰিব৷

স্বৰ্গদেউ নৰিয়াপাটিত ৷ বৰপুত্ৰ শিৱসিংহক যুৱৰাজ পাতি থৈ তেওঁ সসৈন্যে যুদ্ধ যাত্ৰা কৰিবলৈ ৰাওনা হৈছিল৷ উদ্দেশ্য গংগা নৈক নিজৰ সোণালী শইচৰ দেশ ‘মুং ডুন চুন খাম’ৰ অন্তৰ্গত কৰি সাম্ৰাজ্য বিস্তাৰ কৰা৷

মুছলমানৰে ৰণ জিকি, কৰতোৱা নৈ লৈকে সাম্ৰাজ্য বিস্তাৰ কৰি ইতিমধ্যেই তেওঁ সেই উদ্দেশ্যৰ অৰ্ধাংশ পৰিপূৰ্ণ কৰিছে ৷ কিন্তু, তেওঁৰ সপোন কেৱল কৰতোৱাৰ সীমা নহয়! স্বৰ্গদেউৰ সপোন যে ভাগিৰথী গংগা, যি গংগাৰ সীমালৈকে তেওঁৰ গৌৰৱগাথাঁ গুঞ্জিত হব! যি গংগাৰ তীৰত মহাদেৱ শিৱৰ আটকধুনীয়া গম্ভীৰ মন্দিৰে মূৰ দাঙি উঠিব! যি গংগাৰ দুয়োপাৰে সোণালী শস্যৰ পথাৰ ভৰি পৰিব! যি গংগাৰ মাটিত ওপজা প্ৰজাই লেংডনৰ বংশধৰ স্বৰ্গদেউ চ্যুখ্ৰংফাক মূৰ দোঁৱাই স্বৰ্গদেউ বুলি সম্ভ্ৰম প্ৰদৰ্শন কৰিব !

কিন্তু মহাদেৱৰ ৰুদ্ৰ দৃষ্টিয়ে যেন স্বৰ্গদেউৰ হিন্দুনাম ৰুদ্ৰসিংহক ক্ষমা নকৰিলে৷ প্ৰলয় আৰু সংহাৰৰ দেৱতা মহাদেৱে দেখিলে, তেওঁৰ মহাভক্ত ৰুদ্ৰসিংহ ওৰফে চ্যুখ্ৰংফাই যুদ্ধযাত্ৰাৰ বাবে প্ৰকৃতিৰ গাতো কোপ দৃষ্টি পেলাইছে৷

পৰ্বতৰ গা খান্দি যুদ্ধলৈ যাবৰ বাবে বাট কাটিবৰ প্ৰয়োজন সঁচাই আছিল নে?

মানুহৰ ইমান স্পৰ্ধা, ইমান অহংকাৰ, ইমান বিচাৰশূন্য মন ?

প্ৰকৃতিৰ কোলাতে লালিত মানুহে, প্ৰকৃতিৰ সৃষ্টিক ধ্বংস কৰিবৰ সময়ত অলপো বিচলিত হ’ব নোৱাৰেনে ?

স্বৰ্গদেউ নৰিয়াপাটিত পৰিল৷ নিজৰ ভুল তেওঁ মৰ্মে মৰ্মে যেন উপলব্ধি কৰিলে৷

মানুহ পৃথিৱীৰ সকলোতকৈ অসহায়, সকলোতকৈ নিসংগ আৰু সকলোতকৈ দুৰ্বল প্ৰাণী৷

দিগ্বিজয়ী বাসনাৰ অপূৰণ হেঁপাহটো বুকুৰ বৰপেৰাত সামৰি স্বৰ্গদেউ শুই পৰিল৷

চন ১৭১৪, ভাদমাহ৷ স্থান গুৱাহাটী ৷

তেওঁৰ কক্ষৰ বন্তিগছি ধিমিক ধামাককৈ জ্বলি থাকিল৷

বন্তিগছিৰ ম্লান পোহৰে যেন ক’লে,”এই পোহৰ ক্ষণস্থায়ী! এই পোহৰৰ আয়ুস টুটি আহিব লাগিছে৷”

শিঙৰিঘৰত উঠি সাতোখলপীয়া সোণৰ সিংহাসনত স্বৰ্গদেউ শিৱসিংহ ওৰফে চুতনফা অধিষ্ঠিত হ’ল৷

স্বৰ্গী মহাৰাজ ৰূদ্ৰসিংহৰ চাৰিগৰাকী কুঁৱৰীৰ ফালৰ পৰা জন্মা ৰাজকোঁৱৰ শিৱসিংহ, প্ৰমত্তসিংহ, মোহনমালাদেব, ৰাজেশ্বৰসিংহ আৰু লক্ষ্মীসিংহৰ ভিতৰত শিৱসিংহই জ্যেষ্ঠতাৰ অনুক্ৰমে ৰাজপাটত বহিল৷

পিতৃৰজাৰ শিৱভক্তিক যেন শিৱসিংহই উত্তৰাধিকাৰ সূত্ৰে পালে৷

স্বভাৱজাত আলস্য আৰু অন্ধবিশ্বাসী মনোভাৱ তেওঁৰ আছিলেই৷ নাছিল মাথোঁ, পিতৃৰজাৰ দৰে ৰাজনৈতিক বিচক্ষণতা আৰু অসমৰ সকলো জাতি জনগোষ্ঠীকে সামৰি সাতৰাজ মাৰি একৰাজ কৰাৰ শৌৰ্য বীৰ্য ৷

ৰাজকাৰ্যৰ পৰিৱৰ্তে দীক্ষা মন্ত্ৰ জপ কৰিবলৈ তেওঁ বেছি সময় লবলৈ ধৰিলে৷

পিতৃৰ আজ্ঞামতে তেওঁ শান্তিপুৰৰ কৃষ্ণানন্দ ন্যায়বাগীশ ভট্টাচাৰ্য্য গোঁসাইত শৰণ লৈছিল৷

গোঁসাইক উজনি আৰু নামনিত ভালেমান বহ্মোত্তৰ মাটি দান কৰি শিৱসিংহই তেওঁক নীলাচল পৰ্বতত আটকধুনীয়া ঘৰ বাৰী সজাই দিলে৷

মানুহে কৃষ্ণানন্দক পৰ্বতীয়া গোঁসাই বুলিবলৈ ল’লে৷ তেওঁৰ চৰণত শৰণ ল’বলৈ, তেওঁৰ শিষ্য হ’বলৈ মানুহৰ হেতা ওপৰা লাগিল৷

: অহ ! মানে শিৱসিংহৰ দিনৰ পৰাই হিন্দু ধৰ্মত দীক্ষিত আহোম ৰজা আৰু প্ৰজাৰ সংখ্যা আৰু পুৰোহিতসকলৰ প্ৰভাৱ বাঢ়ি গ’ল?

:ওঁহো৷ একদম নহয়৷ তেওঁৰ শাসনকালৰো বহু আগতেই ১৩৯৮ চনত চুডাংফা বামুণী কোঁৱৰক আহোমৰ ৰাজসিংহাসনত অধিষ্ঠিত কৰোওৱা হৈছিল। ঘটনাক্ৰমত সেই কোঁৱৰে সৰুৰে পৰাই যি ঘৰ ব্ৰাহ্মণৰ লগত প্ৰতিপালিত হৈছিল, তেওঁলোকক ৰাজকাৰেঙলৈ তুলি অনা হৈছিল৷ আহোম ৰাজ্যত ব্ৰাহ্মণৰ প্ৰতিপত্তিৰ এয়ে সূত্ৰপাত আছিল!

আৰু নহ’বনো কিয়? চুডাংফাৰ মাতৃ সৰুকুঁৱৰী যেতিয়া সগৰ্ভা আছিল, তেতিয়া চুডাংফাৰ পিতৃৰজা ত্যাওখামথি গৈছিল চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ৷ সেই ছেগতে নি:সন্তান বৰকুঁৱৰীয়ে সগৰ্ভা সৰুকুঁৱৰীক মিছা অপৰাধত দণ্ডিত কৰি প্ৰাণদণ্ড দিয়ে৷ কিন্তু ডাঙৰীয়া সকলে সেই পাপ নকৰি কুঁৱৰীক দিহিং নৈত ভূৰেৰে উটুৱাই দিলে৷ সেই কুঁৱৰীকে হাবুঙৰ এক ব্ৰাহ্মণে পাই তুলি নিলে আৰু চুডাংফাকো তুলি তালি ডাঙৰ কৰিলে৷

সেই পালক ব্ৰাহ্মণৰ ঋণ সুজিবৰ সাধ্য চুডাংফাৰ নাছিল৷ যাৰবাবে তেওঁ ৰাজপাটত উঠিবৰ সময়ত ব্ৰাহ্মণৰ ঘৰখনকে তুলি আনি ৰাজপৰিয়ালৰ মৰ্যাদা দিলে৷

:এই বামুণী কোঁৱৰৰ ককাই ভাই সকলৰ পুলি পোখাৰ পৰাই তোমাৰ জন্ম নেকি কাত্যায়নী? তুমি যে দেখাত মুঠেই আহোমনী নহয়! নামটোতো মুঠেই নহয়? আৰু উপাধিটো? বৌৰপাত্ৰৌ গ’হাই বাৰুৱা৷

:হেল্লৌ মিষ্টাৰ মাথুৰ৷ ইটচ বৰপাত্ৰ গোঁহাঞি বৰুৱা৷

চেভেন য়েৰচ অব টুগেদাৰনেচ বোলা পোষ্টটো আপলোড কৰাও ছয়মাহ হ’ল৷ এটলিষ্ট মোৰ লাষ্টনেইমটোতো শুদ্ধ কৈ কোৱা আৰু শুনা মাই ডিয়েৰ! অসমৰ অসমীয়া মানুহ দেখাত কোনো কাৰো নিচিনা নহয়| তুমি কাৰ্বি ছোৱালীৰ দৰে দেখাত দেউৰী ছোৱালীও পাবা, নাকজোঙা মিচিং জীয়ৰীও পাবা৷ আছাম ইজ নট অল আবাউট সৰু চকু, নাকভোটা, চাল হালধীয়া পিপ’ল৷

:আৰু কোৱা৷

:নৌ৷ আজিলৈ ইমানেই৷ ক’বতো লাগিবই৷ কিন্তু কাইলৈ৷

কাত্যায়নীয়ে বেলকনিৰ পৰা উভতিব খুজিলে৷

দিব্যাংশুৱে তাইক পিছপিনৰ পৰা সাবটি ল’লে৷

:একদম মূলাৰ দেশৰ জিনিছ ৰে! তীখি ভী৷ চুইট ভী৷

তাৰ কথাষাৰ, উমাল আলিংগনটো কাত্যায়নীৰ ভাল লাগিল৷

-হওক তেওঁ ! তাইৰ মুখত শুনি শুনি মূলাগাভৰুৰ নামটো যে তাৰ মনত ৰ’ল!

  *****    *****   *****

:বন্দুলি ফুলৰ পাহিৰ দৰে তাইৰ ওঁঠৰ ৰং৷ বন্দুলি ফুল তুমি চিনি পোৱা? আমাৰ জিতু মামাৰ ঘৰত দেখুৱাইছিলো মই তোমাক৷ তাই চিনাতলীয়া নটৰ জীয়ৰী৷ কেঁচা যৌৱনে টগবগ শৰীৰ৷ আত্মম্ভৰী, ডাঙৰ সপোন দেখা এজনী নটিনী গাভৰু৷ সমাজত তেতিয়া নট নটী মানেই নিম্নস্তৰৰ মানুহ৷ আমাৰ অসমীয়া জীয়ৰীয়ে এতিয়া নৃত্যৰ পৃথিৱীত দপদপাই ফুৰিলেও অসমত এতিয়াও দুষ্ট নাৰীক গালি পাৰিবলৈহে ‘নটী’ শব্দৰ ব্যৱহাৰ হয়৷

দক্ষিণ ভাৰতৰ মন্দিৰৰ শৰীৰত যেনেকৈ ভাৰতনাট্যমৰ মুদ্ৰাবোৰ দেখা যায়,অসমত মন্দিৰৰ দেৱতাৰ আগত নচা নটী বা দেৱদাসী সকলৰ নৃত্যৰ কোনো চিহ্ন অসমৰ ক’তো দেখিবলৈ নাই৷ আজিকালি অসমীয়া শিক্ষিত এচাম যুৱতীয়ে এই দেৱদাসী বা দেওধনী নৃত্য শিকিছে৷ আমি কলাক্ষেত্ৰত হালধীয়া চোলা পিন্ধা এজাক গাভৰুৰ নাচ চাইছিলো, সেয়াই!

এই চিনাতলীয়া নটৰ জীয়েক ফুলমতী নটিনীয়ে জয়দৌলত দেৱতাৰ প্ৰস্তৰ মূৰ্তিৰ আগত নাচে৷ ফুল- ফল ধূপ-বন্তিৰ লগতে গাভৰু শৰীৰৰ কেঁচা যৌৱনো দেৱতাৰ চৰণত সমৰ্পিত হয়৷ সতী জয়মতীৰ স্মৃতিত নিৰ্মিত জয়দৌলে নাৰীৰ বিজয় গৰিমা ঘোষণা কৰাৰ পৰিৱৰ্তে গাভৰু শৰীৰৰ নৃত্যৰ ছন্দ আৰু নূপুৰৰ ৰুণ্‌ঝুণ্‌হে চৌদিশে বিয়পাই দিছিল৷ এই সকলো আছিল, আহোম ৰাজত্বকালত নতুনকৈ আমদানিকৃত হিন্দু ধৰ্মৰ আন্ধাৰ দিশত৷ যি হিন্দুধৰ্ম সনাতন ধৰ্ম বুলি সমগ্ৰ বিশ্বত সমাদৃত,সেই ধৰ্মৰ গইনা লৈ এচাম সুযোগ সন্ধানীয়ে এক ঘৃণনীয় খেল খেলিছিল৷ তচনচ হৈ গৈছিল চুকাফাই গঢ়ি যোৱা সাতোখলপীয়া সোণৰ সিংহাসনৰ সমস্ত গৌৰৱ৷

চিনাতলীয়া নটৰ জীয়েক ফুলমতীৰ দেহৰ ভাঁজত স্বৰ্গদেউ শিৱসিংহৰ দৃষ্টি লিপিট খাই ধৰিছিল৷ চতুৰা ফুলমতীয়ে সেই দুৰ্বলতাৰ সদ্ব্যৱহাৰ কৰিছিল৷ ধৰ্মভীৰু, অন্ধবিশ্বাসী আৰু কামনাকাতৰ ৰজাই ফুলমতীক দৌল প্ৰাংগনৰ পৰা তুলি নি কাৰেঙত ঠাই দিলে৷ পাটমাদৈ পাতি সিংহাসনৰ কাষত অধিষ্ঠিত কৰালে আৰু কেৱল ঠায়েই দিলেনে? ফুলমতী হৈ পৰিল “বৰৰজা ফুলেশ্বৰী” ৷

:কেনেকৈ?

:সেই যে পৰ্বতীয়া গোঁসাই! তেওঁৰেই অনুগত এচাম দৈবজ্ঞ জ্যোতিষীয়ে শিৱসিংহক স্বৰ্গদেউ হোৱাৰ ছমাহ পাছতে ক’লে বোলে আপোনাৰ ‘ছত্ৰভংগ যোগ’ পৰিছে৷

স্বৰ্গদেৱে ভীতিবিহ্বল হৈ মন্দিৰ দেৱালয়ত অনেক দান দক্ষিণা কৰোৱালে আৰু এসময়ত পাটমাদৈ ফুলেশ্বৰীক সিংহাসনত নিগাজীকৈ বহুৱাই নিজে ৰাজকাৰ্যৰ পৰা সম্পূৰ্ণ আঁতৰি থাকিল৷

ৰাজপাটত উঠিয়েই নটিনী ফুলমতী অহংকাৰত মতিভ্ৰষ্ট হ’ল৷

ৰাজপৰিয়ালৰ সৈতে কোনোকালেই দূৰ দূৰণিৰো সম্পৰ্ক নথকা ফুলেশ্বৰীয়ে ৰাজকাৰ্য কেনেকৈ চলাব লাগে তাৰ একো আও-ভাও নেপাইছিল৷ কুমন্ত্ৰণা দি থাকিবলৈ অনবৰতে গাৰ লগৰ ছাঁ হৈ আছিল পৰ্বতীয়া গোঁসাই৷ ফুলেশ্বৰীৰ দম্ভ আৰু অহংকাৰ ইমানেই বাঢ়িল যে নিজৰ নাম মা দূৰ্গাৰ সৈতে ৰিজাই প্ৰমথেশ্বৰী কৰি ল’লে৷ নিজৰ নাম খোদিত সোণ ৰূপৰ মোহৰ মৰোৱালে৷ অনেক দৌল দেৱালয়ৰ বিষ্ণুমূৰ্তি আনি লুইতত পেলাই দিয়ালে৷ তাৰ ঠাইত শিল আৰু পিতলৰ শক্তিদেৱীৰ প্ৰতিমা অধিষ্ঠিত কৰোৱালে৷

ইমানতো ফুলেশ্বৰী শান্ত নহ’ল৷

শাক্তপন্থা গ্ৰহণ নকৰি বৈষ্ণৱ পন্থাত বিশ্বাসী মোৱামৰীয়া মহন্ত সকলক দূৰ্গোৎসৱলৈ নিমন্ত্ৰণ জনাই তেখেত লোকৰ কপালত বলিকটা ম’হ ছাগলীৰ তেজেৰে ফোঁট দিয়ালে, সকলোকে গোঁসানী সেৱা কৰালে আৰু পূজাৰ প্ৰসাদো কটিয়াই কটিয়াই খুৱালে৷

এই ঘটনাৰ প্ৰতিক্ৰিয়াত একালত ভয়ংকৰ ৰূপ লৈ মোৱামৰীয়া বিদ্ৰোহৰ জন্ম হ’ল৷

যি বিদ্ৰোহে ৰূদ্ৰসিংহ স্বৰ্গদেউৰ পাঁচোজন কোঁৱৰৰ এজনকো সুখেৰে মৰিবলৈ নিদিলে৷

:মোৱামৰীয়া বৈষ্ণৱ সকলেনো দেৱী পূজাৰ প্ৰসাদ কিয় গ্ৰহণ কৰা নাছিল? কটিয়াই খুৱাব লগা হ’ল যে?

:অহ হো মি: মাথুৰ! চমুকে কৈছো শুনা৷ ধৰ্মটো অতি স্পৰ্শকাতৰ বস্তু৷ মানুহৰ বাবেহে ধৰ্ম৷ ধৰ্মৰ বাবে মানুহ নহয়৷ এই একান্ত নিজা বস্তুটো লোকক দেখাই ফুৰাৰ কিবা দৰকাৰ আছে বুলি মই নাভাবো ৷ কিন্তু বহুতে ভাবে ৷ বহুতে ধৰ্মৰ নামত মানৱীয়তাকে বিসৰ্জন দিয়ে ৷ অথচ মানুহৰ প্ৰথম ধৰ্মই হোৱা উচিত মানৱীয়তা, যিটো এতিয়া শূন্যৰ ঘৰলৈ গুচি গৈছে৷

মোৱামৰীয়া মহন্ত বৈষ্ণৱসকলে দেবীপূজা নমনাৰো কাৰণ আছিল, তেওঁলোকৰ পক্ষতো যুক্তি আছিল৷

যি মাতৃক আমি জগদ্ধাত্ৰী অৰ্থাৎ সমগ্ৰ জগতৰ প্ৰাণীকূলৰ মাতৃ বুলি ভাবোঁ, তেওঁৰ পূজাত ম’হ ছাগলীৰ বলি কিয়? কোন মাতৃয়ে মানুহক কয়, যে তোৰ সৰু ভায়েৰক বলি দে মই তোক ৰূপ দিম যশ দিম ধন দিম ? প্ৰাণীমাত্ৰেই ঈশ্বৰৰ অংশ৷ তেনে ঈশ্বৰে জানো নিজৰ সন্তানৰ বলিত তুষ্ট হব? বলি যদি দিবই লাগে তেনে মানুহৰ মনত লুকাই থকা ছাগলীৰ মূৰ্খতা, ম’হৰ দৰে খং অহংকাৰ আদি ৰিপুবোৰ  বলি দিলেওতো হয়! ঈশ্বৰেতো তাকেই বিচাৰে৷ মানুহবোৰ মানুহ হৈ ৰওক!

মোৱামৰীয়া মহন্তসকলে এনেধৰণৰ কথাবোৰকে মানিছিল৷

বৰৰজা ফুলেশ্বৰীৰ শাক্তধৰ্ম গ্ৰহণতো তেওঁলোকৰ আপত্তি নাছিল৷

আপত্তি আছিল, তেওঁলোকক ৰাজসভালৈ মাতি নি জোৰকৈ জাপি দিব খোজা ৰাজধৰ্মৰ বোজা আৰু সমূহীয়া অপমানত৷

এই অপমানৰ জ্বালা সহিব নোৱাৰি মহন্ত সকলে বৰৰজাক অভিশাপ দিছিল৷

যি অভিশাপৰ বাবেই নে দৈৱৰ আদেশ ক্ৰমেই নাজানো ফুলেশ্বৰীয়ে ভয়ংকৰ মৃত্যুযন্ত্ৰণাৰ সন্মুখীন হৈছিল বুলি বুৰঞ্জীয়ে কয়৷

গোটেই গাতে পোক লগা বৰৰজাই জীৱন নহয়, মৃত্যু বিচাৰি হাহাকাৰ লগাইছিল বুলি জনা যায়৷

যি আহোম সাম্ৰাজ্যত জাত পাত ধৰ্ম বৰ্ণৰ ভেদ নাৰাখি যোগ্য ব্যক্তি হোৱা মাত্ৰেই বৰবৰুৱা, বৰফুকন অথবা ৰাজখোৱাৰ বাব দিয়া হৈছিল, সেই একে আহোম সাম্ৰাজ্যতে ক্ষমতাৰ ৰাগীত অন্ধ বৰৰজাৰ দৰে নীচ চিন্তাৰ অদূৰদৰ্শী শাসক আৰু পৰ্বতীয়া গোঁসাইৰ দৰে কুমন্ত্ৰণাৰ ভঁৰাল মানুহে ৰজা প্ৰজাৰ মাজত এক অপূৰণীয় ব্যৱধান আনি দিলে৷

হিন্দু ধৰ্মৰে এটা ঠাল শাক্তপন্থাক বৰৰজা আৰু পৰ্বতীয়া গোঁসায়ে চিৰকাললৈ কলংকিতও কৰিলে৷

ৰূদ্ৰসিংহ স্বৰ্গদেউৱে নিজেই হিন্দুধৰ্মৰ অনুৰাগী আছিল৷

অনেক মঠ মন্দিৰ সজায়ে ক্ষান্ত নাথাকি মোগল সম্ৰাটৰ পাগুৰিৰ আৰ্হিৰে ‘মোগলাই’ পাগুৰি,পাগ জামাৰ প্ৰচলনো কৰিছিল৷ ইয়াতে অনেক ডা-ডাঙৰীয়াই বঙলুৱা সাজপাৰ প্ৰচলন কৰাৰ বাবে অসন্তুষ্টিও প্ৰকাশ কৰিছিল৷ তেওঁলোকে স্বৰ্গদেৱে প্ৰদান কৰা সাজ প্ৰত্যাখ্যানো কৰিছিল৷ কিন্তু বৰৰজাৰ দৰে কাকো জোৰকৈ একো জাপি দিয়া নাছিল৷ ভাললগাটো মানুহে নিজেই গ্ৰহণ কৰিব৷ গ্ৰহণ কৰিবলৈও বল প্ৰয়োগ কৰিব নালাগে৷ নকৰিবলৈও ভাবুকি দিব নালাগে৷ সংস্কৃতিৰ আদান প্ৰদান নিজে নিজেই হয়৷

বৰৰজাই নিজৰ মৃত্যুৰ পাছৰ নৰকখন নিজেই, জীয়াই থকাৰ কালতে দেখি গৈছিল৷ যি শৰীৰক লৈ তেওঁৰ অহংকাৰৰ অন্ত নাছিল, যি শৰীৰৰ বল বিক্ৰমৰ অপপ্ৰয়োগেৰে তেওঁ এচাম প্ৰজাক নিজেই নিজৰ শত্ৰু কৰি তুলিছিল, সেই শৰীৰৰ সৰ্বাংগতে কিলবিলাই ফুৰা পোকবোৰ  আৰু অসহনীয় যন্ত্ৰণাখিনি একেলগে সহি সামৰি তেওঁ চাগৈ উপলব্ধি কৰিছিল, অহংকাৰ আৰু ক্ষমতাই মানুহক জীৱন দিব নোৱাৰে৷

জীৱন দিব পাৰে দেশপ্ৰেম আৰু মানুহৰ প্ৰতি থকা অনিশেষ শুভকামনাইহে!

যি দেশপ্ৰেম, যি শুভাশা আৰু যি অনন্য আত্মত্যাগেৰে শিৱসিংহৰ আইতাক সতী জয়মতীয়ে লুইতৰ প্ৰতিবিন্দু পানীৰে বৈ গৈ সমগ্ৰ ভাৰততে নিজৰ গৰিমা বিলাই দিবলৈ সক্ষম হৈছে|

সেই শুভাশা, সেই বিচক্ষণতা, সেই দেশভক্তি আৰু সেই আত্মত্যাগ ফুলেশ্বৰীৰ আছিলনে?

নাছিল৷

নথকাৰে কথা৷

সেই কথা জানিছিল বাবেই হয়তো, মৃত্যুৰ প্ৰাক্ ক্ষণত স্বৰ্গদেউ ৰূদ্ৰসিংহই বিৰবিৰাইছিল, “পথালিফোঁটাক বিশ্বাস নকৰিবি৷ জোঙাঢোল বজাই ৰাজসভাত নটিনী ননচুৱাবি”

শিৱসিংহই পিতৃবাক্য মনা নাছিল৷

ৰূদ্ৰসিংহইও ঈশ্বৰৰ সৃষ্টিক ধ্বংস কৰাৰ ফল ভুগিছিল৷

আৰু ফুলেশ্বৰী? ফুলেশ্বৰী আছিল পৰ্বতীয়া গোঁসাইৰ আঙুলি ঠাঁৰত নচা কাঠপুতলা!

পৰিণাম? পৰিণাম বুৰঞ্জীয়ে আজিও সোঁৱৰাই আছে৷

:ইমান কথা জানা কাত্যায়নী?

:ওঁ,নাজানিলে কেনেকৈ হব? বুৰঞ্জী নজনা মানেইতো শিপাহীন গছ৷

আৰ্টিফিচিয়েল গছ৷ সৌন্দৰ্য আছে বাট অক্সিজেন নাই৷

:তোমাৰ দুয়োটাই আছে মানে?

:ওঁহো৷ মোৰ অকল শিপাডাল আছে৷ অসমত পুতি থৈ আহিছো৷ তাত যি হয় শিপাৰে আহি আহি মোৰ গোটেই গাতে বিয়পে৷ তাত এতিয়া বানপানীত মানুহৰ কিমান হাহাকাৰ!

কাত্যায়নীৰ দোঁ খাই পৰা মূৰটো মি: মাথুৰে বুকুত সাবটি ল’লে৷

দেশ ভালপোৱা,মানুহ ভাল পোৱা নাৰীৰ কোনো নাম নাথাকে৷

সেই নাম জয়মতী, মূলাগাভৰু অথবা কাত্যায়নীও হব পাৰে!!

*****

Email_id:[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *