(১ম খণ্ড)
গুম্গুম্ গু্গুম ধুমকৈ ঢোলৰ শবদে আকাশ ফালিলে। লগে লগে ঝেং ঝেংকৈ তালৰ ধ্বনি। গাঁওখনৰ চৌপাশে এক চেপা উত্তেজনা। নাঙঠ পিঙঠ শিশুবোৰ ঢোল – তাল বজোৱা দলটোৰ পিছে পিছে ঢপলিয়াই আহিল। বোৱাৰী – জীয়ৰীবোৰে কাণিদুৱৰীৰ ফাঁকে ফাঁকে জুমাজুমি কৰিলে। চৰাইবোৰে আমনি পাই পাখি মেলি আকাশৰ বুকুলৈ উৰা মাৰিলে। হাবিৰ পশুবোৰে ভয়তে জুম বান্ধিলে।
আকাশে বতাহে প্ৰচণ্ড শব্দৰ বন্যা তুলি দলটো আগুৱাই গ’ল লীলাধৰৰ ঘৰৰ সমুখলৈ। লীলাধৰৰ কনিষ্ঠ পুত্ৰক নিবলৈ আহিছে দলটো। গাঁওখনৰ সৰু – বৰ সকলোৱে জানে কথাটো, উদ্দেশ্যটো। সকলোৰে মনত গভীৰ শংকা। এটা শব্দও কোনেও উচ্চাৰণ কৰা নাই। ভাল বুলি ক’বলৈও সত যোৱা নাই, বেয়া বুলি ক’বলৈও সাহস নাই।
স্বৰ্গদেৱে দি পঠিওৱা বস্ত্ৰৰ টোপোলাটো লৈ এজন লিগিৰা লীলাধৰৰ ঘৰৰ ভিতৰলৈ সোমাই গ’ল। চুখেনে হাত পাতি টোপোলাটো ল’লে। চুখেনৰ মাক, লীলাধৰৰ পত্নীৰ অৱস্থা শোচনীয়। কান্দি কাটি বাউলী হোৱা মানুহ জনীক সাবটি ধৰি আছে চুবুৰীৰ কিছু সংখ্যক মহিলাই। লিগিৰাজন নৰ’ল তাত। হাজাৰ হ’লেও তেওঁ মানুহ। ৰজাৰ আজ্ঞা পালন কৰা ভৃত্য হ’লেও তেওঁৰো আছে আবেগ অনুভূতিৰে ভৰা এখন হৃদয়। ওলাই আহি লিগিৰাজন আগৰ দলটোত চামিল হ’ল। ধুম্ ধুম্কৈ বাজি থাকিল ঢোল – তালৰ কাণ তালমৰা ধ্বনি।
”ধৰ্ ধৰ্ ঐ, পৰিল পৰিল …”
হঠাতে কাৰোবাৰ বিকট চিঞৰত বাদ্যযন্ত্ৰীবোৰ থমকি ৰ’ল। চুতীয়া বীৰ ভদৰামৰ চোতাললৈ এজাক মানুহ দৌৰি গ’ল। ভদৰামৰ আঠ – ন বছৰীয়া ছোৱালী লিকলিকি অচেতন হৈ চোতালতে বাগৰি পৰিল। কোনোবাই তাইক দুহাতেৰে ডাঙি ধৰিব খুজিলে। কোনোবাই চকুৱে মুখে পানী ছটিয়াই দিলে। মানুহবোৰ ভদৰামৰ চোতালত জুম বান্ধিলেগৈ।
”এই ফেৰাৰ আক’ কি হ’ল?”
মানুহবোৰে ইজনে সিজনক সুধিলে।
”নিনিবি ঐ … চুখেনক বলি নিদিবি ঐ …নিনিবি, এৰি দে, এৰি দে ঐ…” হঠাতে চেতনা পাই লিকলিকিয়ে চিঞৰিবলৈ ধৰিলে। ইনাই বিনাই কান্দি কান্দি পুনৰ মূৰ্ছা গ’ল তাই। সমবেত ৰাইজৰ মুখৰ মাত হৰিল। দেৱী কেঁচাইখাইতীৰ বিৰুদ্ধে মাত মতাৰ দুঃসাহস কাৰো নাই। গাঁৱৰ পৰা এজন সুঠাম ডেকাক বলিৰ বাবে আগবঢ়াব পৰাটো গাঁওখনৰ বাবেই গৌৰৱৰ কথা। তথাপি, তথাপি চুখেনৰ কথা ভাবি সকলোৰে বুকুত বাজি উঠিল কৰুণ সুৰ এটা। লিকলিকিৰ লগতে সকলো ৰাইজে উচুপি উচুপি কান্দিবলৈ ধৰিলে।
স্বৰ্গদেৱে দি পঠিওৱা চেলেং – চোলা পৰিধান কৰি ইকৰাৰ বেৰ দিয়া ঘৰটোৰ চাপৰ দুৱাৰখনেৰে চুখেন বাহিৰলৈ ওলাই আহিল। মাটিৰ চকচকীয়া চোতালখনত ৰৈ সি ডিঙি মেলি ভদৰামৰ চোতাললৈ চালে। লিকলিকিক বুজাবলৈ মন গ’ল তাৰ। সকলো জানি বুজিও কিয় বাৰু অবুজন হৈছে ছোৱালীজনী? এই মুহূৰ্তত সি লিকলিকিৰ কাষলৈ যাব নোৱাৰে। এতিয়া সি দেৱীৰ দ্ৰৱ্য। দেৱীৰ কাষত সি অৱস্থান কৰিব লাগিব। মোহৰ পংকৰ ঘূলিৰ পৰা উঠি চিকুন হৈছে সি। নাই, তাৰ মনত কোনো ধৰণৰ ইচ্ছা – কামনা নাই। দেৱীৰ চৰণৰ বাহিৰে তাৰ আৰু ভাবিব লগীয়া কোনো বিষয়ো নাই।
চুখেনক বাহিৰত দেখি লিকলিকিক তাতে এৰি মানুহৰ জুমটো লীলাৰ চোতালত গোট খালেহি। নতুন চোলা – চুৰীয়াই ল’ৰাটোক তুলি ধৰিছে। চৈধ্য বছৰীয়া চুখেনক মানুহবোৰে চাবলৈ হেতা ওপৰা লগালে। সৰুৰে পৰা এইখন গাঁৱৰ ধূলি বালিতে খেলি ডাঙৰ হোৱা ল’ৰাটোক শেষবাৰৰ বাবে চাই সকলোৱে হুমুনিয়াহ এৰিলে।
”দেৰি নকৰ, বহুদূৰ বাট। বলি সাজু হ’ল। ব’লহঁক।” কোনোবা এজন ৰজাঘৰীয়া মানুহে চিঞৰিলে। পুনৰ ঢোল আৰু তালৰ শব্দই আকাশ বিদাৰি গ’ল। লিকলিকিয়ে প্ৰাণটাকি চিঞৰিলে। নিজৰ মাকৰ বাহিৰে সেই সময়ত তাইৰ চিঞৰ শুনিবলৈ কাষত কোনো নাথাকিল। ঢোলে তালে ৰজনজনাই ৰাইজে চুখেনক আগত লৈ অহা বাটেৰে আগুৱাবলৈ ধৰিলে। গাঁৱৰ পুৰুষ আৰু শিশুবোৰ বহু দূৰলৈকে দলটোৰ লগে লগে গ’ল। মহিলা সকলে ঘৰৰ ভিতৰতে চকুলো টুকিলে। দুখ কৰিব নাপায় বুলি বুজি পোৱাৰ পাছতো কোমল নাৰী হৃদয় ভাগি দুখ বোৰ চকুলো হৈ বৈ পৰিল।
লীলাধৰৰ সাতোটি পুত্ৰ। একেবাৰে নুমলীয়া পো গৰ্ভত থাকোঁতেই কিবা ভাবি এদিন লীলাধৰে পত্নীক ক’লে -”এইটো ল’ৰা হ’লে তাক কেঁচাইখাইতী গোসাঁনীলৈ উছৰ্গা কৰিম।” উচপ খাই উঠিল গৰ্ভৱতী লতিয়ে। আটোলটোলকৈ অতদিনে গৰ্ভত সাঁচি ৰখা পোনাকনৰ নামত বাপেকীয়ে এনে কথা ক’ব পায়নে?
”আপুনি কি কৈছে বুজি পাইছেনে?”
লীলাধৰে লতিৰ চকুলৈ নাচালে। বুজি পায়, যিমান হ’লেও মাতৃৰ বুকু।
”নহয়, চা – আমাৰ ছটি পো আছেই। এটি যদি দেৱীলৈ দিওঁ, আমাৰ পৰিয়ালৰ সাত পুৰুষলৈ পূইন হ’ব। দেশৰো মংগল হ’ব। স্বৰ্গদেউৰ চকুতো আমাৰ সন্মান বাঢ়িব।”
”নিদোঁ নিদোঁ। মোৰ পোক বলি যাবলৈ দিব নোৱাৰোঁ মই।”
”হেই নেপায়। এবাৰ মোৰ মুখৰ পৰা ওলাল যেতিয়া লৰফৰ নহ’ব। গোসাঁনীৰ শাওপাত লাগিলে উচন হ’ব লাগিব।”
লীলাধৰ লতিৰ সমুখৰ পৰা আঁতৰি গ’ল।
সেই তেতিয়াৰ পৰা লতিৰ এটাই কামনা – এইবাৰ যেন ছোৱালী এজনীহে জন্ম পায়। ছটা ল’ৰা আৰু তিনিজনী ছোৱালীৰে লতি আৰু লীলাধৰৰ ডাঙৰ সংসাৰ। বৰ পুত্ৰ তোলন ডেকা হ’ল। ৰজাৰ কাম কৰিব পৰা হ’ল। স্বৰ্গদেউৰ আদেশত পথ বন্ধা, পুখুৰী খন্দা আদি কাম কৰি কৰি নিপোটল হৈছে শৰীৰ তাৰ। একেবাৰে সৰুটো তেতিয়াও মাকৰ কাপোৰত ধৰি থেনথেনাই থকা বয়সৰ।
হওক ভৰা সংসাৰ। তথাপি আপোন পোক কোন জননীয়ে বলি দিবলৈ এৰি দিব পাৰে? স্বামীৰ অবাধ্য হ’বও নোৱাৰে। দেৱীৰ শাওপাত ল’বও নোৱাৰে। গতিকে লতিয়ে মনে মনে নেদেখা কোনোবা এজনক প্ৰাৰ্থনা কৰি থাকিল -”প্ৰভু, এইবাৰ জীয়ৰীহে হোৱাবা আৰু।”
———–
”য়া দেৱী সৰ্ৱভূতেষু
শক্তিৰূপেণ সংস্থিতা
নমস্তস্যৈ নমস্তস্যৈ
নমস্তস্যৈ নমোনমঃ।”
শক্তিৰূপিণী মা কেঁচাইখাইতী গোসাঁনী। বিদৰ্ভ নৰেশ, শ্ৰীকৃষ্ণৰ শ্বশ্ৰু ভীষ্মক ৰজাৰ অহংকাৰে যাক ডাঙি আনিব নোৱাৰিলে অতল জলৰ পৰা। শুদ্ধ অন্তৰেৰে, শুদ্ধ বস্ত্ৰ পৰিধান কৰি চাৰিজন চুতীয়া দেউৰীয়ে যি কপাহকোমল দেৱীক প্ৰতিষ্ঠা কৰিলে শদিয়াৰ মন্দিৰত- সেই দেৱীৰ নামত উচৰ্গিত হ’ল লতিৰ দশম সন্তান। পোঁৱাতীৰ টেঁটুফলা চিঞৰে আনিলে সেই খবৰ। ল’ৰা পোৱালি হ’ল। সেয়া দুঃখবৰ নে সুখবৰ বুজিয়েই নাপালে লতিয়ে। নিজৰ নাড়ীত বদ্ধ, আপোন বুকুৰ ৰস পান কৰাই জীয়াই ৰখা সন্তানটো নিজৰ নহয়, দেৱীৰ সন্তান। দেৱীৰ আগত বলি দিব তাক। দেৱীয়ে লেলিহান জিহ্বা মেলি তাৰ গলৰ ৰক্তপান কৰি তৃপ্তা হ’ব।
লতি ভাগি পৰিল। সন্তানটোৰ মুখলৈ চালে শোকে খুন্দা মাৰি ধৰা হ’ল।
তথাপি নমৰালৈকে চাবই লাগিব।
লতিৰ বুকুত একুৰা তুঁহজুই জ্বলি উঠিল। উমি উমি জ্বলি থকা জুইকুৰাই এপদ এপদকৈ কাঢ়ি নিব তাইৰ জীৱনৰ সুখবোৰ। আজীৱন তাই কঢ়িয়াই ফুৰিব লাগিব এই দুখভৰা কাহিনীৰ বোজা। মুক হৈ পৰিল লতি।
ল’ৰাকনৰ নাম ৰখা হ’ল চুখেন। তোলন, দোলন, বৰণ, ললন, শলাই, হেমেন আৰু চুখেন। ল’ৰা – ছোৱালীবোৰৰ নামবোৰ কোনে ৰাখিলে, কেনেকৈ সৃষ্টি হ’ল সেই খবৰ লতিয়ে ৰখা নাই।
চুখেন উচৰ্গিত সন্তান। দেৱীৰ প্ৰতি উচৰ্গিত বালক। সেই কথা পাহৰিব নোৱাৰা হ’ল তাই।
বুকু ফালি অমৃত খুৱাই ডাঙৰ কৰিলে তাই চুখেনক।
”এই বালকক বৰ সাৱধানে ৰাখিব লাগিব বুইছ? দেৱীৰ সন্তান ই।” লীলাধৰে প্ৰায়ে লতিক সোঁৱৰাই থকা হ’ল। ঘৰখনৰ সৰু, ডাঙৰ সকলো সজাগ হ’ল। এই নতুন শিশুটি দেৱীৰ সন্তান। তাক আঘাত দিব, জুঠা খুৱাব, দুখ পোৱাব নাপায়।
অতি সাৱধানতাৰে চুখেনক ডাঙৰ কৰিবলৈ ধৰিলে লতি আৰু লীলাধৰে। লাহে লাহে চুখেন থিয় ডঙা দিব পৰা হ’ল, কথা ক’ব পৰা হ’ল। চুখেন যেন এই ঘৰৰ অতিথিহে! সকলোৱে তাক তেনে ব্যৱহাৰ কৰে। বাকী নটা সন্তানক বুজাই দিয়া হ’ল – চুখেন দেৱীৰ প্ৰতি উচৰ্গিত। তাক কষ্ট দিব নাপায়, নাপায়, নাপায় ….। নাপায় শব্দৰ বোকোচাতে উঠি দুলি থাকিল সমস্ত পৰিয়াল, পৰিজন আৰু গাঁৱৰ মানুহবোৰ। জোনাকী পৰুৱা হৈ নাপায় শব্দই চাৰিওফালৰ পৰা ঘেৰি ধৰিলে সকলোকে। পোহৰাব নোৱাৰা পোহৰৰ ৰেশে ছানি ধৰিলে গাঁওখন।
(আগলৈ)
*****