অসমীয়া নাৰী সমাজত লোকগীতৰ প্ৰাধান্য- দিগন্ত বৈশ্য

                                  

            অসমীয়া লিখিত তথা পৰিমাৰ্জিত সাহিত্য সৃষ্টি হোৱাৰ পূৰ্বে অসমীয়া লোক-সাহিত্যৰ জন্ম হৈছিল৷ লোক-জীৱনৰ প্ৰতিফলন ঘটে লোক সাহিত্যত৷ কিন্তু এই লোক-সাহিত্যৰ সৃষ্টিকৰ্তা কোন তাক স্পষ্টকৈ ক’ব পৰা নাযায়৷ তথাপি যে এই সাহিত্যৰ সৃষ্টিকৰ্তা কোনোবা আছিল সেইটো ধুৰুপ৷ এইক্ষেত্রত চহা লোকসকলৰ কথা উনুকিয়াব পাৰি৷ তেওঁলোক নিৰক্ষৰ আছিল কিন্তু অশিক্ষিত নাছিল৷ সেইবাবে, সৃষ্টিশীল কৰ্মৰ লগত তেওঁলোক জড়িত আছিল৷

            পৃথিৱীৰ প্ৰায় সকলো ভাষাতে লোক-সাহিত্য পোৱা যায়৷ অসমীয়া লোক-সাহিত্য অতি প্ৰাণৱন্ত আৰু সজীৱ৷ অসমীয়া লোক-সাহিত্যক প্ৰধানতঃ তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে – ক] লোকগীত, খ] ফকৰা যোজনা, পটন্তৰ বা প্ৰবচন আৰু গ] সাধুকথা৷ অসমীয়া লোক সাহিত্যৰ লোকগীত অতি সমৃদ্ধিশালী৷ ইয়াৰ উপৰি ফকৰা-যোজনা, পটন্তৰ বা প্ৰবচন আৰু সাধুকথায়ো অসমীয়া লোক-সাহিত্যক কিছু পৰিমাণে পৰিপুষ্টি প্ৰদান কৰিছে৷ অসমীয়া লোক-সাহিত্যত লোকগীতৰ প্ৰাধান্য সুকীয়া৷ পুৰুষ-নাৰী উভয়ে এই গীত গাব পাৰে যদিও নাৰী সমাজত ইয়াৰ ব্যৱহাৰ বেছি৷ অসমীয়া নাৰী সমাজত প্ৰচলিত লোকগীতসমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল–

বিয়ানাম : বিয়ানাম হৈছে নাৰী সমাজত প্ৰচলিত এটি লোকগীত৷ মূলতঃ বিবাহ অনুষ্ঠানত গাবৰ বাবে ৰচিত হয় বাবে এই গীতক বিয়ানাম বুলি জনা যায়৷ দৰা-কইনা উভয়ৰ ঘৰতে এই গীত পৰিবেশন কৰা হয়৷ প্ৰধানতঃ নাৰী এই বিয়ানামৰ লগত ঘনিষ্ঠভাৱে জড়িত৷ কইনাক ধুওৱা, জোৰোণ দিয়া, কইনা উলিয়াই দিয়া, আখৈ তোলা, দৰাঘৰত কইনা আদৰা ইত্যাদি নানা সময়ত নানা নাম পৰিবেশন কৰা হয়৷ বিয়ানামৰ যোগেদি নাৰীৰ সুখ-দুখ, হৰ্ষ-বিষাদ, হাঁহি-কান্দোনৰ প্ৰকাশ ঘটে৷ এই বিয়ানাম আকৰ্ষণীয় কৰি তুলিবলৈ দৰা-কইনাক, কৃষ্ণ-ৰাধা, ৰাম-সীতা, ঊষা-অনিৰুদ্ধ, হৰ-গৌৰী আদিৰে সম্বোধন কৰা  হয়৷ যেনে–

            ‘লাই হালে জালে কৃষ্ণগোঁসাই আহিছে 

            কৃষ্ণগোঁসাই আহিছে, মোহন বাঁহী বজাইছে 

            শহুৰৰ পদূলিত ৰাধা ভিক্ষা মাগিছে ৷

            ………………………………………………

            ধূপ-ধূনা জ্বলোৱা, ধূপ-ধূনা জ্বলোৱা

            জোৰোণ আহি ৰৈ আছে

                                      আদৰিব ওলোৱা

            ৰামৰে জননী পালেহি বিয়নী

            আছে কলৰ তলত ৰৈ হে

            হাততে শৰাই লৈ যোৱা আইদেউৰ মাজে

                                      বিয়নী আদৰা গৈ হে

            ……………………………………………….

            হাতত পাণ-বটা লৈ মাৰাক মাতাগৈ

                        মা মই ওলালোঁ 

            যাবৰ সময়তে সেৱাহে জনালোঁ৷

            অসমীয়া নাৰী-ৰোৱনী, দাৱনী, শিপিনী, কোনো ক্ষেত্ৰতে পিছপৰি থকা নাই৷ পুৰুষৰ দৰেই নাৰীও বৰ্তমান যুগত সমানে আগবাঢ়ি গৈ আছে৷ অসমীয়া বিয়ানামতো ৰোৱনী, দাৱনী, শিপিনীৰ চিত্ৰ বিদ্যমান৷ সময় গতিশীল৷ সময়ৰ লগে লগে বিয়ানাম আধুনিক জীৱনৰ স’তে খাপ নাখালেও ইয়াৰ জৰিয়তে পৰম্পৰাগত গ্ৰাম্য সমাজৰ ছবি স্পষ্টভাৱে ফুটি উঠিছে৷

তোলনী বিয়া : অসমীয়া নাৰী সমাজত প্ৰচলিত এটি অনুষ্ঠান হ’ল তোলনী বিয়া৷ ছোৱালী এগৰাকী এঘাৰ-বাৰ বছৰ হওঁতে ছোৱালীজনীৰ শৰীৰত এটি প্ৰাকৃতিক পৰিৱৰ্তনে দেখা দিয়ে৷ এই পৰিৱৰ্তনক পুষ্পিতা বোলে৷ পুষ্পিতাৰ লগত সংগতি ৰাখিয়েই তোলনী বিয়া অনুষ্ঠিত কৰা হয়৷ সম্পূৰ্ণভাৱে পুৰুষৰ বাবে নিষিদ্ধ এই বিয়াৰ পিছৰে পৰা পুষ্পিতা হোৱা ছোৱালীজনীয়ে সমাজৰ কিছুমান বিধি-বিধান মানি চলিব লগা হয়৷ এই বিধি-বিধান সম্পৰ্কে বিয়ানামত আছে–

            ‘অ’ ফুল ৰক্তজবা

            শান্তি হৈ আইদেউ সাৱধান হ’বা

            পুৰুষৰ মাজলৈ নাযাবা তুমি

            পুৰুষক নিদিবা অন্তৰখন খুলি

            পুৰুষে নাজানে নাৰীৰে মোল

            নাৰী যে এপাহি ধুনীয়া ফুল৷’

ভেকুলী বিয়া : অসমীয়া নাৰী সমাজত প্ৰচলিত আন এটি অনুষ্ঠান হ’ল ভেকুলী বিয়া৷ নাৰীসকলেই প্ৰধান অংশ লোৱা এই অনুষ্ঠানত দুটা ভেকুলীক দৰা-কইনা সজাই দুঘৰ মানুহৰ ঘৰত ৰাখি বিধি-বিধান অনুযায়ী পানী তুলি, নোৱাই-ধুৱাই নাম-গুণ গাই বিয়া পতা হয়৷ এই বিয়াৰ জৰিয়তে ইন্দ্ৰদেৱতাক বৰষুণ দিবলৈ প্ৰাৰ্থনা জনোৱা হয়৷ সাধাৰণতে গ্ৰাম্য সমাজতহে এই বিয়া প্ৰচলিত৷

আইনাম : অসমীয়া সমাজত ‘বসন্ত ৰোগ’ৰ ওপৰত ভিত্তি কৰি যি লোকগীত ৰচিত হৈছে, তেনে লোকগীতক আইনাম বোলে৷ জনবিশ্বাসমতে, বসন্ত ৰোগ হোৱাটো এটা দৈৱিক ঘটনা৷ কাৰণ, এই ৰোগ হৈ থকা  পৰ্যন্ত ভগৱতী আই (বসন্ত ৰোগৰ দেৱী) ৰোগীজনৰ দেহত বাস কৰি থকা বুলি ভবা হয়৷ সেইবাবে, আই ওলালে আসন পাতি ফুল, আখৈ, পায়স, কল, কুঁহিয়াৰ, পিঠা আদি আগবঢ়োৱা হয়৷ আইনামৰ মাজেৰে আইৰ প্ৰতি কৰা আকুল প্ৰাৰ্থনা প্ৰকাশ পায়–

[১]        দুখীয়াৰ ঘৰলৈ                 আহে সাতে ভনী

                        দিবলৈ নাইকিয়া একো

            মূৰৰ চুলি ছিঙি               দুটি পাৱ মলচি

                        দেহাক পাৰি দিমে সাঁকো৷

[২]        আঞ্চল পাতিয়া দিবো আসন বঢ়াই৷

            চৰণৰ ধূলা লৈবো কেশ মলচাই৷৷

            বন পুষ্প দিবো আৰু দিবো গংগাপানী৷

            তাকে লৈয়া তুষ্ট হোৱা জগত গোঁসানী৷৷

লখিমী সবাহৰ নাম : অসমীয়া লোক-সমাজত প্ৰচলিত লখিমী সবাহক উদ্দেশ্য কৰি ৰচিত নামেই লখিমী সবাহৰ নাম৷ কৃষিকৰ্মক কেন্দ্ৰ কৰি সৃষ্টি হোৱা এই সবাহৰ নাম ব’হাগ বা জেঠ মাহত খেতি আৰম্ভৰ আগমুহূৰ্তত আৰু খেতি চপোৱাৰ দিনা গোৱা হয় যদিও শস্যত পোকে ধৰিলেও এই সবাহৰ নাম গোৱা হয়৷ শস্যৰ অধিষ্ঠাত্ৰী দেৱী লখিমীক সন্তুষ্ট কৰাই এই সবাহৰ মূল উদ্দেশ্য৷ এই অনুষ্ঠানত গোৱা হয়–

‘আখৈৰে খৰাহী               ডাবাই ডুবাই

                        পিঠাৰে খৰাহী সৰু

            লখিমী আয়ে                   ভঁৰালটি ভৰাব

                        ভৰাব গোহালিৰ গৰু৷’

ধাইনাম : যিবিলাক নাম শিশুৰ ঠেহ-পেচ, খং আদি ভাঙিবলৈ গোৱা হয়, তেনে নামেই হ’ল ধাইনাম৷ মাকে শিশুৰ ঠেহ-পেচ ভাঙি মন আনন্দিত কৰিবলৈ এই গীত গায়৷ শিশুৰ বাবে ৰচিত শিশুলৈ আনন্দ কঢ়িওৱাৰ লগতে শিশুৰ মনত নানা জ্ঞানৰ সঞ্চাৰ কৰাৰ বাট মুকলি কৰে৷ কিয়নো, এই গীতবোৰত থাকে শিয়াল, শালিকা, বগলী, ভেকুলী আৰু জোনাকী পৰুৱাৰ বৰ্ণনা৷ যেনে–

১) আমাৰে মইনা শুব এ

বাৰীতে বগৰী ৰুব এ

বাৰীৰে বগৰী পকি সৰি যাব

মইনাই বুটলি খাব৷

২) অ’ ঘুমটি আহ অ’ আহ’

কঁহুৱাৰে যেন ফুল তোমাৰ মুখনি৷

             প্ৰধানতঃ নাৰীসকলৰ মাজত প্ৰচলিত এই ধাইনামক ‘ল’ৰা ওমলোৱা গীত’ বুলিও জনা যায়৷

অপেশ্বৰী সবাহৰ নাম : সাধাৰণতে, এই নাম সম্পূৰ্ণভাৱে জনবিশ্বাস আশ্ৰিত৷ কোনো দেৱ-দেৱী অসন্তুষ্ট হ’লে তেওঁলোকৰ সন্তুষ্টিৰ বাবে যি এক অনুষ্ঠানৰ আয়োজন কৰা হয়, এই অনুষ্ঠানেই অপেশ্বৰী সবাহ৷ অপেশ্বৰী স্বৰ্গৰ বাসিন্দা৷ এই অপেশ্বৰীয়ে বিভিন্ন কাৰণত মহাকাশেৰে বিচৰণ কৰি ফুৰে৷ তেনেকৈ বিচৰণ কৰোঁতে আহি মৰ্তত পৰা অপেশ্বৰীৰ ছাঁত যদি কোনোবাই ভৰি দি জগৰ লগায়, তেন্তে নানা অপায়-অমংগলে দেখা দিয়ে৷ যাৰ ফলত ছোৱালী হ’লে পুষ্পিতা হোৱাত পলম হোৱা, ল’ৰা হ’লে অকাৰণতে ক্ষীণোৱা, কেচুঁৱা হ’লে অকাৰণতে কন্দা বুলি বিশ্বাস কৰা হয়৷ তাৰ বাবে অপেশ্বৰীসকললৈ নানা উপকৰণ আগবঢ়াই আকুলভাৱে গোৱা হয়–

            ‘দেওবাৰে দুপৰ বেলা ছায়াত পৰিল ভৰি

            মাতিলে ক্ষেমিব দায় স্বৰ্গৰ অপেশ্বৰী৷’

শিৱ-পাৰ্বতীৰ নাম : সাধাৰণতে, এই নাম প্ৰধানতঃ শিৱ আৰু পাৰ্বতীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে৷ এই নামৰ বেছিভাগ ক্ষেত্ৰতে প্ৰকাশ পায় শিৱৰ প্ৰতি পাৰ্বতীয়ে কৰা ইতিকিঙৰ চিত্ৰ৷ শিৱ ভাঙুৰা আছিল৷ সংসাৰ কৰিলেও সংসাৰতকৈ ভাঙৰ চিলিমটোৰ লগতে শিৱ ব্যস্ত আছিল৷ সেইবাবে পাৰ্বতীয়ে গাইছিল–

            ‘অ’ শিৱ ভাঙুৰা

            সাত চিলিম ভাং খাই

            পৰি থাকে পুৱা

            বৃষভত উঠিয়া ফুৰে ল’ৰি

            নন্দী-ভৃংগী বাটত পাই আনে ধৰি৷

বৰ্তমানে অসমীয়া নাৰী সমাজত শিৱ-পাৰ্বতীৰ নাম বহুলভাবে নহ’লেও কিছু পৰিমাণে প্ৰচলন হৈ আছে৷

জেং বিহু : বিহু অসমৰ জাতীয় উৎসৱ৷ বিহু তিনিটা যদিও প্ৰধানতঃ ৰঙালী বিহুতহে গীত গোৱা হয়৷ বিহুনামত নাৰী-পুৰুষে সমানেই অংশগ্ৰহণ কৰে যদিও নাৰী সমাজৰ বাবে এক অনন্য বিহুনাম আছে৷ এই বিহুনামত কিশোৰীসকলে একগোট হৈ বাদ্য হিচাপে টকা আৰু গগনা লৈ পথাৰৰ মাজত গছৰ তলত এই নাম গায়৷ এই নামেই জেং বিহু৷ যেনে–

            ‘যোৱাটো বিহুতে গগনা খুজিলোঁ

                        এইবেলিও নিদিলা সাজি

            তোমাৰে গগনা                আমাকে নালাগে

                        দিয়াগৈ সিজনীক সাজি৷’

বিহু অসমীয়াৰ বাপতি সাহোন৷ এই বিহুনামৰ যোগেদি পুৰুষ-নাৰী উভয়ে নিজৰ অন্তৰৰ ভাব-অনুভূতি অতি সূক্ষ্মভাৱে প্ৰকাশ কৰি আহিছে৷ বৰ্তমানেও অসমীয়া নাৰী সমাজত জেং বিহু চলি আছে৷

            উপৰোক্ত আলোচনাৰ পৰা ক’ব পৰা যায় যে পুৰুষৰ দৰেই নাৰীসকলো কোনো ক্ষেত্ৰতে পিছ পৰি থকা নাই৷ বৰং তেওঁলোকেও নানা সৃষ্টিমূলক কৰ্মত হাত দি অসমীয়া লোকগীতক সজীৱতা প্ৰদান কৰিছে৷                                                                                    

ই-মেইল: [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *