কওঁতে বা লিখোঁতে সততে কৰা কেতবোৰ সৰু সৰু ভুল-ভৰত সন্দিকৈ

আমি অসমীয়া মানুহ। অসমীয়া আমাৰ মাতৃভাষা। সেইবাবে আমাৰ এটা ধাৰণা আছে যে অসমীয়া ভাষা ক’বলৈ বা লিখিবলৈ আমাৰ কিনো সমস্যা হ’ব পাৰে? ই দেখোন আমাৰ মাতৃভাষাই। এনেধৰণৰ ধাৰণা এটা আমাৰ সকলোৰে নহ’লেও অধিকাংশ লোকৰ মনতে গঢ় লৈ উঠে। সেয়ে হয়তো বিদ্যালয়-মহাবিদ্যালয়ত পঢ়ি থাকোঁতে অসমীয়া বিষয়টোৰ প্ৰতি কিঞ্চিত হ’লেও সকলোৰে অৱহেলাৰ ভাব এটা আহে আৰু সেই বাবেই পৰীক্ষাত আশানুৰূপধৰণে এই বিষয়টোত নম্বৰ সংগ্ৰহ কৰিব নোৱাৰে। 

আমাৰ আন এটা ভ্ৰান্ত ধাৰণা আছে যে আমাৰ অসমীয়া ভাষাটো অতি সহজ আৰু সৰল। সেইবাবেই অনা-অসমীয়া লোকে সহজে আমাৰ ভাষাটো শিকিব পাৰে। কথাষাৰ আংশিকভাৱেহে সত্য। অসমীয়া মানুহে কোৱা কথাবোৰ শুনিহে অনা-অসমীয়াই ক’বলৈ শিকে। তেওঁলোকে কিন্তু লিখিব বা পঢ়িবলৈ শিকিবৰ বাবে যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হয়। ব্যাকৰণৰ নীতি-নিয়মৰ ফালৰ পৰা অসমীয়া ভাষাটো এটা যথেষ্ট কঠিন ভাষা। ইয়াত বৰ্ণ বা আখৰৰ সংখ্যাই দুকুৰিৰো অধিক। ইংৰাজী ভাষাৰ থকা মাত্ৰ ছাব্বিশটা বৰ্ণই সেই ভাষাৰ সকলোবোৰ শব্দ সৃষ্টি কৰি লোৱাৰ বাবে যথেষ্ট। সেই ভাষাত D বৰ্ণই ড আৰু দ,  T বৰ্ণই ট আৰ ত,  N বৰ্ণই ণ আৰু ন – দুয়োটাকে বুজায়। এনে বৰ্ণ আৰু আছে। কিন্তু আমাৰ ভাষাত এইবোৰ উচ্চাৰণৰ ধ্বনি অনুসৰি মূৰ্ধন্য বা দন্ত্যমূলীয় বুলি সুকীয়া সুকীয়াকৈ লিখিব লাগিব। অলপ ইফাল-সিফাল হ’লেই সিবোৰক ভুল বুলি গণ্য কৰা হয়। কাজেই ইংৰাজীতকৈ অসমীয়া ভাষাটো আয়ত্ত কৰিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। ইয়াত আমি সততে কৰা দুই এটি ভুলৰ কথা আলোচনা কৰিম।

বাতৰি কাকতবোৰত মাজে সময়ে সলিল সমাধি, অবৈধ বেদখল, নৃশংস হত্যাকাণ্ড আদি শব্দবোৰ সঘনাই দেখিবলৈ পোৱা যায়। সমাধি মানে মৰিশালি। পানীত পৰি মৃত্যু হ’লেই সলিল সমাধি নহয়। কাৰণ পানীত কোনেও অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নকৰে। সেয়ে সলিল সমাধি শুদ্ধ নহয়। তেনেদৰে বেদখল সদায়েই অবৈধ। গতিকে বেদখলৰ আগত অবৈধ লিখাৰ কোনো যুক্তি নাই। অবৈধ দখল বুলি ক’ব পাৰে। হত্যাকাণ্ড সদায়েই নৃশংস। গতিকে নৃশংস হত্যাকাণ্ড বুলি কোৱাৰ কোনো যুক্তি নাই।

এনেদৰেই অসমীয়া ভাষাটো দিনে দিনে বিজতুৱা হৈ গৈ আছে। কালিৰ ঠাইত যোৱাকালি, কালিলৈ বা কাইলৈৰ ঠাইত অহাকালি, ৰৈ থকা বুজাবলৈ ৰখি থকা, শাক-পাচলি বা আঞ্জাৰ সলনি চব্জী, স্বয়ঙৰ ঠাইত খোদ, উদঙাই দিয়াৰ সলনি ফাদিল কৰা আদি শব্দবোৰে ভাষাটো আৰু অধিক বিজতৰীয়া কৰি পেলাইছে।  

আটাইতকৈ ভয়াৱহ শব্দটোৱেই হ’ল বনা। বনা ধাতুৰ পৰা সৃষ্টি হোৱা ক্ৰিয়া পদবোৰ  হৈছে– বনাই, বনায়, বনাইছে, বনাবা, বনোৱা ইত্যাদি। বনাৰ অৰ্থ – (১) শগুণে আকাশৰ বহু ওপৰত পাখি নমৰাকৈ গোলাকাৰকৈ ঘূৰি ঘূৰি উৰি থকা কাৰ্যটোক বনোৱা বোলে। (২) আনৰ দ্বাৰা ধান খুন্দুওৱা কাৰ্যটোক বনা বা বনোওৱা বোলে। (৩) বন-বনাই ঘূৰি ফুৰাকো বনা বুলিব পাৰি। ইয়াৰ বাদে আন অৰ্থ নাই। কিন্তু  সম্প্ৰতি বনা শব্দটো হিন্দীৰ পৰা অসমীয়া ভাষাত সোমাই বহুত অসমীয়া জতুৱা ঠাঁচ নিঃচিহ্ন কৰি দিলে। আজিকালি ভাত নাৰান্ধে, বনায়। পিঠা নোপোৰে বা নাভাজে, বনায়। চাহ নকৰে বা নতপতায়, বনায়। ঘৰ বা চকী টেবুল নাসাজে, বনায়। হাস্যকৰ কথা এয়ে যে আজিকালি বহুতে চেলুনত চুলি নছটোৱায়, দাঢ়িও নুখুৰোৱায়, বনায়হে।  

শেহতীয়াকৈ অসমৰ টিভি চেনেলবোৰে অসমীয়া ভাষাৰ শৰাধ পাতিছে। বৰ্তমান আৰু ভৱিষ্যত কাল একাকাৰ কৰি পেলোৱা দেখা গৈছে। চেনেলবোৰৰ সূত্ৰধাৰ আৰু সংবাদদাতাসকলে কৰা এই ভুলটো ইতিমধ্যে সৰ্বসাধাৰণৰ মাজতো সোমাবলৈ আৰম্ভ কৰিছে।  ব্যাকৰণৰ  নিয়ম মতে ইম, ইবি-ইবা, ইব ভৱিষ্যত কালৰ ক্ৰিয়া বিভক্তি। সেইমতে কৰ ধাতুত এই বিভক্তিকেইটা যোগ হৈ কৰিম, কৰিবি-কৰিবা আৰু কৰিব ক্ৰিয়া পদকেইটাৰ সৃষ্টি হয়। তেনেদৰেই ধৰিম, ধৰিবি-ধৰিবা, ধৰিব/শুৱাম, শুৱাবি-শুৱাবা, শুৱাব/বিচাৰিম, বিচাৰিবি-বিচাৰিবা, বিচাৰিব আদি পদবোৰ গঠন হৈছে। এই সকলোবোৰ শব্দই ভৱিষ্যতে সম্পাদন হ’বলগীয়া কাৰ্যৰ কথাহে কৈছে। কিন্তু চেনেলৰ কোনো কোনো সূত্ৰধাৰে দৰ্শকক উদ্দেশ্যি ‘আমাৰ দৰ্শকসকলক জনাব বিচাৰিম যে……’ বুলি কয়। সুত্ৰধাৰসকলৰ লগতে সংবাদদাতা সকলেও কাৰোবাৰ পৰা কিবা বিষয়ত মতামত জানিব খুজিলে কয়– ‘মই আপোনাৰ পৰা জানি্ব বিচাৰিম’ ইতাদি। কিন্তু তেওঁলোকে কাৰ্যবোৰ কৰি থাকে স্বৰূপ বৰ্তমান কালত। গতিকে ‘বিচাৰিম’ৰ সলনি ‘বিচাৰিছোঁ’ বুলিহে ক’ব  লাগে। ব্যাকৰণৰ নিয়ম মতে সেইটোহে শুদ্ধ। ‘বিচাৰিম’ বুলিলে ‘ভৱিষ্যতে বিচৰা’ৰ কথাহে বুজায়। 

অসমীয়া লিখোঁতে সততে ভুল কৰা এটা বিষয় হৈছে চন্দ্ৰবিন্দুৰ ব্যৱহাৰ। চন্দ্ৰবিন্দু বহুওৱাৰ ক্ষেত্ৰত বহুলোকে ভুল কৰে। এই বিষয়ে পূৰ্বৱৰ্তী সংখ্যাত অলপ আলোচনা কৰিছিলোঁ। কাজেই সেই বিষয়ে পুনৰ আলোচনা কৰাৰ কোনো যৌক্তিকতা নাই।

পৰলোকগত লোকৰ ক্ষেত্ৰত নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰাৰ পৰম্পৰা পূৰ্বৰে পৰা চলি আহিছে। সেই চন্দ্ৰবিন্দুটোক আজিকালি বহুতে স্বৰ্গীয় চিহ্ন বুলি নামকৰণ কৰিব খুজিছে যিটো গ্ৰহণযোগ্য বুলি ভবা নাযায়। এই ক্ষেত্ৰত সততে এটি ভুল পৰিলক্ষিত হয়। 

১) স্বৰ্গীয় জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল৷
২) প্ৰয়াত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল৷
৩) ৺জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল৷
৪) শ্ৰীজৱাহৰলাল নেহৰু (বৰ্তমান প্ৰয়াত) ভাৰতৰ প্ৰধান মন্ত্ৰী আছিল৷

ওপৰৰ চাৰিটা বাক্যৰ প্ৰথম তিনিটা বাক্য অশুদ্ধ৷ কেৱল ৪ নং বাক্যটোহে শুদ্ধ৷ কাৰণ মানুহজন পৰলোকপ্ৰাপ্ত হ’লেহে ‘স্বৰ্গীয়,’ ‘প্ৰয়াত,’ বা ‘৺’ আদি প্ৰয়োগ কৰে৷ এই বাক্যকেইটায়ো মৃত জৱাহৰলাল নেহৰুকহে বুজাইছে৷ মৃত নেহৰু প্ৰধানমন্ত্ৰী নাছিল৷ জীৱিত নেহৰুহে প্ৰধানমন্ত্ৰী আছিল৷ জীৱিত বুজাবলৈ ’শ্ৰী’ ব্যৱহাৰ কৰিব লাগিব আৰু যিহেতুকে মানুহজন বৰ্তমান এই সংসাৰত নাই সেই কথাও উনুকিয়াব লাগিব৷ কাজেই নামৰ শেষত বন্ধনীৰ ভিতৰত ‘বৰ্তমান প্ৰয়াত’ বুলি উল্লেখ কৰা প্ৰয়োজন৷ 

এই ভুলটো শ্ৰাদ্ধলৈ নিমন্ত্ৰণী পত্ৰ বা শ্ৰাদ্ধত প্ৰকাশিত সোঁৱৰণ পুস্তিকাসমূহত প্ৰায়ে দেখা যায়৷ বহুতে লিখে ঁভদীয়া ডেকাৰ যোৱা ১০ তাৰি্খে পৰলোকপ্ৰাপ্তি ঘটে। নামৰ আগত চন্দ্ৰবিন্দু দিয়াৰ লগে লগেই মানুহজনৰ মৃত্যু হোৱা বুজালেই। গতিকে মৃত ব্যক্তিজন পুনৰ পৰলোকপ্ৰাপ্ত কেনেকৈ হ’ব? গতিকে ভদীয়া নামটোৰ আগত চন্দ্রবিন্দুৰ সলনি শ্ৰী লিখিব লাগে। শ্ৰীভদীয়াহে মৰিব পাৰে। তেনে সমস্যাৰ পৰা হাত সাৰিবৰ বাবে নামৰ আগত “স্বৰ্গীয়,” “প্ৰয়াত,” বা “৺” আদি ব্যৱহাৰ নকৰাই উচিত৷ 

অসমীয়া ভাষাৰ বিজতৰীয়া ৰূপটোৰ বিষয়ে লিখিবলৈ আৰু বহুত কথা আছে। সকলোবোৰ কথা খৰছি মাৰি লিখিবলৈ গ’লে এখন মহাভাৰতেই হ’ব। আমাৰ সমাজৰ প্ৰতিজন সচেতন আৰু শিক্ষিত লোকে এই বিষয়ত চিন্তা চৰ্চা কৰা যুগুত। স্কুল-কলেজৰ শিক্ষকসকলে এই বিষয়ত আগ-ভাগ লৈ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অসমীয়া ভাষাৰ সঠিক ৰূপটোৰ বিষয়ে অৱগত কৰিব লাগিব। অন্যথা পানী মিহলি গাখীৰৰ দৰে অসমীয়া জাতিটো ভেজাল বুলি বিশ্বই হাঁহিবলৈ বেছি দিন নাই।

ই-মেইল: [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *