বিহংগম দৃষ্টিত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ-ভৰত সন্দিকৈ

চন্দ্ৰবিন্দু সকলোৱে চিনি পায় । আমি আমাৰ ভাষাত অনুনাসিকতা বুজাবলৈ ইয়াক ব্যৱহাৰ কৰোঁ । এই ক্ষেত্ৰত ধ্বনিগত আৰু বৰ্ণগত কেতবোৰ বৈশিষ্ট আছে । এই বিষয়ে বহলাই আলোচনা কৰাৰ সলনি আমি ইয়াত চন্দ্ৰবিন্দু ব্যৱহাৰৰ কেইটামান নিয়মহে উল্লেখ কৰিম ।

১) চন্দ্ৰবিন্দুক বহুতে আখৰ বা বৰ্ণ নহয় বুলি কয় । তেওঁলোকৰ মতে ই এটা ধ্বনিহে । বহুতে অৱশ্যে বৰ্ণৰ মৰ্যাদা দিছে । যিবোৰ আখৰ বা বৰ্ণ নাসিক্য সুৰত উচ্চাৰণ কৰিব লাগে তাত এই চিনটো ব্যৱহাৰ  কৰা  হয় । যেনে – দাঁত, গঁড় ।

২) এই চিনটো ব্যৱহাৰ কৰিলে শব্দৰ অৰ্থৰো পৰিবৰ্তন হয় । যেনে – ধোৱা ( কাপোৰ পৰিষ্কাৰ কৰা) আৰু ধোঁৱা ( জুই জ্বলালে ওলোৱা বাষ্পীয় পদাৰ্থ)।

৩) সংস্কৃত ভাষাৰ বহু শব্দ অসমীয়া ভাষাত তদ্ভৱ আৰু তৎসম ৰূপত আছে । যিবোৰ সংস্কৃত শব্দত নাসিক্য ধ্বনি থাকে আৰু তাৰ পৰা উদ্ভৱ হোৱা অৰ্থাৎ তদ্ভৱ অসমীয়া শব্দবোৰত চন্দ্ৰবিন্দু বহে । উদাহৰণ হিচাপে দন্ত শব্দটোকে ল’ব পৰা যায় । দন্ত সংস্কৃত শব্দ আৰু ই নাসিক্য ধ্বনিযুক্ত । এই শব্দটোৰ পৰা উদ্ভৱ হোৱা অসমীয়া শব্দ দাঁত । গতিকে ইয়াতো চন্দ্ৰবিন্দু বহিছে ।

৪) কিছুমান সংস্কৃত মূল শব্দত নাসিক্য ধ্বনি নাথাকিলেও অসমীয়াত চন্দ্ৰবিন্দু বহে । যেনে – সংস্কৃত ঘোটক শব্দটোৰ পৰা অসমীয়াত ঘোঁৰা শব্দটো সৃষ্টি হৈছে । এই মূল শব্দ ঘোটক কিন্তু অনুনাসিক নহয়, তথাপি  ঘোঁৰাত চন্দ্ৰ বিন্দু বহিল । এনেধৰণৰ কেতবোৰ ব্যতিক্ৰম দেখা যায় যিবোৰক দৰাচলতে কোনো নিয়মৰ অন্তৰ্ভুক্ত কৰিব পৰা নাযায় । এইবোৰক স্বতঃসিদ্ধ বুলিব লাগিব । 

৫) ধাতুৰূপৰ ক্ষেত্ৰত প্ৰথম পুৰুষত চন্দ্ৰবিন্দু বহিব । যেনে – খাওঁতে, যাওঁতে, খালোঁ, গৈছিলোঁ, কৰিলোঁ, গালোঁ ইত্যাদি । কিন্তু এই ক্ষেত্ৰত এটা কথা মন কৰিব লাগিব যে যদি ৰূপটোত নাসিক্য ধ্বনি থাকে তেন্তে চন্দ্ৰবিন্দু দিব নালাগে । ঙ, ঞ, ণ, ন আৰু ম – এইকেইটা হৈছে নাসিক্য ধ্বনি । ইয়াৰ ওপৰত চন্দ্ৰবিন্দু নবহে ।  যেনে – আনো, শুনো, জানো শুদ্ধ । আনোঁ, শুনোঁ, জানোঁ বুলি লিখিলে ভুল হ’ব । 

উল্লেখ্য যে ‘ও’ বৰ্ণটো দেখিলেই বহুতে চন্দ্ৰবিন্দু বহুৱাই দিয়ে । নেওগ শব্দটো  নেওঁগ বুলি লিখাও দেখা যায় । সেইটো শুদ্ধ নহয় । তেনেকুৱা আৰু বহুত শব্দ আছে । নাওঁ, নেওঁতা, যাওঁক, খাওঁক, হওঁক, নহওঁক আদি বানান অশুদ্ধ । এইবোৰত চন্দ্ৰবিন্দু নবহে ।

৬) শব্দৰ স্বৰবৰ্ণ বা স্বৰান্ত বৰ্ণৰ ওপৰতহে চন্দ্ৰবিন্দু বহে । ব্যঞ্জনান্ত বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু নবহে । যেনে – হাঁহ শুদ্ধ কিন্তু হাহঁ ভুল ।

৭) অনুজ্ঞাৰ দ্বিতীয় পুৰুষতো চন্দ্ৰবিন্দু বহুৱাব লাগে । যেনে – আমাৰ ঘৰত সোমাবাঁ । কিন্তু আজিকালি এনেকৈ লিখা দেখা নাযায় । তদুপৰি সম্প্ৰতি এই গৈছিলোঁ, কৰিলোঁ, গালোঁ আদি প্ৰথম পুৰুষৰ ধাতুৰূপবোৰত বহু  ভাল ভাল লেখকেও চন্দ্ৰবিন্দু দিয়া দেখা নাযায় । 

চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ বিষয়ে বিভিন্ন কাকত আলোচনীত মাজে সময়ে কিছু আলোচনা হৈ থাকে । ফেচবুকৰ দৰে সামাজিক মাধ্যমতো সাহিত্য সম্পৰ্কীয় গোটত ভালেকেইটা তথ্যপূৰ্ণ লেখা আমি পঢ়িবলৈ পাইছিলোঁ  ।   সেইবোৰ খুঁচৰি চালে এই বিষয়ে আৰু অধিক কথা জানিব পাৰিব । মই মাথোন সাধাৰণভাৱে জনা দুটিমান কথাহে উল্লেখ কৰিলোঁ ।  এইকেইটা কথাও যদি আমি সম্যকভাৱে মানি চলিব পাৰোঁ তেন্তে অসমীয়া ভাষাটো শুদ্ধকৈ লিখাৰ ক্ষেত্ৰত আমি বহু পৰিমাণে সফল হ’ব পাৰিম ।

*****

email id: [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *