সপোনে শুবলৈ নিদিয়া মানুহৰ জীয়া কথাবোৰ-ডঃ ময়ূৰী শইকীয়া

বিভিন্ন প্ৰতিবন্ধকতা অতিক্ৰম কৰি জীৱনলৈ সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হোৱা মানুহবোৰ সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে প্ৰেৰণাৰ উৎস। পৃথিৱীৰ বিভিন্ন প্ৰান্তত এনে বহু মানুহ আছে যিসকলৰ জীৱন কাহিনীয়ে সপোন দেখিবলৈ ভয় কৰা বা সপোন দেখিবলৈ পাহৰি যোৱা জনৰ বুকুতো জগাই তুলিব পাৰে জীৱন জীয়াৰ অদম্য হেঁপাহ। সেয়ে এই সকল লোকৰ বিষয়ে বিভিন্ন মাধ্যমত চৰ্চা হোৱাটো অতি প্ৰয়োজনীয় কথা।

  তেনে এজন উদ্যমী, উদ্যোগী যুৱক হৈছে ৰাজীৱ বৰা। বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ শিক্ষিত  যুৱক ৰাজীৱ বৰাই নিজৰ অধ্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হৈ সমাজৰ বিভিন্ন জনৰ বাবে এতিয়া আদৰ্শ হৈ পৰিছে। নিজকে খেতিয়ক বুলি পৰিচয় দিবলৈ ভাল পোৱা বৰাৰ জন্ম হৈছিল দৰিদ্ৰ আধিয়া কৃষক পৰিয়াল এটাত। অভাৱী ঘৰখনত আজি খাবলে নাই, আজি খৰি – খেৰ নাই, আজি ভিতৰত বৰষুণৰ পানী পৰিল আদি কথাবোৰ আছিল জীয়া কথা। স্কুলীয়া দিনবোৰত স্কুল বেগ, ছাটি, ছেণ্ডেল আদি শব্দবোৰৰ লগত তেওঁৰ পৰিচয় নাছিল। আনকি কলেজীয়া দিনবোৰতো নিজাকৈ এটা চাৰ্ট বা এখন চাইকেলৰ গৰাকী হ’ব পৰা নাছিল। অভাৱে পিষ্ট কৰি ৰখা এনে দিনবোৰতো কিন্তু তেওঁ বুকুৰ সপোনবোৰক জীয়ন দি ৰাখিছিল। তেওঁৰ সপোন আছিল নিজাকৈ কিবা এটা কৰি আৰ্থিক ভাৱে স্বচ্ছল হোৱাৰ লগতে সমাজৰ বাবেও কিবা এটা কৰাৰ। নিজাকৈ কিবা এটা কৰিব বিচৰা মনটোৱে তেওঁক চাকৰিমুখী হ’বলৈ দিয়া নাছিল। তেওঁ আমাক জনাইছিল “কোনোদিনে চাকৰিৰ বাবে ইন্টাৰভিউ দি পোৱা নাছিলো। মনতে ঠিৰাং কৰিছিলো যি কৰিম নিজেই কৰিম। নিজৰ বাবেও লগতে সমাজৰ বাবেও। সেয়ে চাকৰি কৰাতকৈ চাকৰি সৃষ্টি কৰিবপৰা পৰিকল্পনা কৰিছিলোঁ। লক্ষ্য স্হান পাবলৈ কোনো দিনে কাৰো লগত প্ৰতিযোগিতা কৰি পোৱা নাছিলোঁ । প্ৰতিযোগিতাতকৈ উজুতি নোখোৱাকৈ লক্ষ্য প্ৰাপ্তিৰ চেষ্টা কৰিছিলোঁ ।” হয়, তেওঁৰ এনে মানসিকতাৰ বাবেই হয়তো আকৰ্ষিত হৈছিল এক পৃথক কৰ্মক্ষেত্ৰৰ প্ৰতি। মসৃণ নাছিল এই যাত্ৰা। কিন্তু ৰাজীৱৰ মনোৱল আছিল দৃঢ়, উদ্দেশ্য আছিল মহৎ আৰু লক্ষ্য আছিল স্হিৰ। সেই উদ্দেশ্য আগত ৰাখিয়েই ২০০৩ চনত ব্যৱসায়িক ভিত্তিত এখন ব্ৰইলাৰ কুকুৰাৰ ফাৰ্ম আৰম্ভ কৰে। অভাৱ নুগুচিলেও ব্যৱসায়টোৰ জৰিয়তে অভাবী ঘৰখনে কিছু সকাহ পাইছিল। সেই ব্যৱসায়কে সাৰথি কৰি ২০০৬ চনত ৰাজীৱ বৰাই বিবাহ পাশতো আৱদ্ধ হৈছিল। দৰিদ্ৰতাৰ কৱলৰ পৰা তেতিয়াও তেওঁলোক মুক্ত হ’ব পৰা নাছিল। নিজেই কৈছিল “২০০৬ চনত বিয়া পতাৰ পিছতো আঠুৱাৰ ওপৰত প্লাষ্টিক এখন দি থলেহে বাৰিষাৰ ৰাতি গাত পানী নপৰাকৈ শুব পাৰিছিলো।”  ২০১১ চনৰ পৰা লাহে লাহে লাহে ব্যৱসায়ত লাভৰ মুখ দেখিবলৈ ধৰিছিল তেওঁ আৰু ২০১৪ চনত নিজৰ সাচঁতিয়া টকা আৰু চৰকাৰৰ পৰা লোৱা বিশ লাখ ঋণৰ টকাৰে ‘Pothar agrovet’ নামৰ সংমিশ্ৰিত ফাৰ্ম এখন আৰম্ভ কৰে। ফাৰ্ম খনত ৰবৰ, ধানৰ লগতে বিভিন্ন ৰবি শস্য, ছাগলী পালন, দুটা ডাঙৰ পুখুৰী খান্দি মিন পালন আৰু লগতে আছে উন্নত প্ৰজাতিৰ গাহৰি। ২০১৯ চনত ইয়ৰ্ক ছেয়াৰ ( York Share)    প্ৰজাতিৰ চল্লিছটা গাহৰি পাঞ্জাৱৰ পৰা আনিছিল। এই প্ৰজাতিৰ এটা গাহৰিৰ মূল্যই আঠাইছ হাজাৰ টকা। বৰ্তমান ফাৰ্ম খনত ওচৰৰে কেইবাজনো নিৱনুৱাই কৰ্ম সংস্থাপন লাভ কৰিছে।

অৱশ্যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা অসমত দেখা দিয়া আফ্ৰিকান ছোৱাইন ফিভাৰ  বুলি সন্দেহ কৰা বেমাৰত বাসত্তৰটা গাহৰিৰ মৃত্যু হয়। পশুপালন বিভাগক উচিত সময়ত খবৰ দিয়াৰ পাছতো উপযুক্ত চিকিৎসা নোপোৱাৰ আক্ষেপ আৰু চৰকাৰৰ ঘৰৰ পৰাও সহযোগিতা নোপোৱাৰ আক্ষেপ তেওঁৰ কথাবোৰত প্ৰকাশ পাইছিল। কিন্তু তৎসত্বেও ৰাজীৱ বৰা ভাঙি পৰা নাই। তেওঁ নিজ মুখেৰেই আমাক জনাইছিল – মই তেতিয়াও সুখী আছিলো, এতিয়াও সুখী আৰু পূৰ্বৰ দৰে সকলো নাইকীয়া হ’লেও ভৱিষ্যতেও সুখী হৈ থাকিব পৰাকৈ নিজক গঢ়ি তুলিব পাৰিছোঁ। হয়, বৰ্তমান সময়ত আমাৰ সমাজত এনে হাজাৰজন মানসিক শক্তিৰ গৰাকী, উদ্যমী ৰাজীৱ বৰাৰ প্ৰয়োজন আছে। যি সমস্যা দেখিলে হালি নপৰি বট বৃক্ষৰ দৰে সহস্ৰজনক ছাঁ দিব পৰাকৈ দৃঢ়তাৰে মূৰ দাঙি উঠিবলৈ সাহস কৰে।

****

email_id:[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *