আকাশৰ অতুলনীয় সৌন্দৰ্য আৰু সীমাহীন ৰহস্যই মানুহক সদায় আকৰ্ষিত কৰি আহিছে৷ এনে লাগে আকাশৰ বিশালতাৰ তুলনাত আমাৰ ভৌতিক অৱস্থিতিৰ কি গুৰুত্ব আছে? প্ৰসংগক্ৰমে আমাৰ প্ৰিয় সাহিত্যিক ড° ভৱেন্দ্ৰ নাথ শইকীয়াৰ ’এই বন্দৰৰ আবেলি’ নামৰ কিতাপখনত বৰ্ণিত এটা কথা মনত পৰিছে৷ লেখকে লণ্ডন চহৰৰ পদপথত সদায় এটা ভিক্ষাৰী দেখা পাইছে৷ লেখকে ভাবিছে এই লণ্ডন চহৰৰ বিশালতাৰ তুলনাত ভিক্ষাৰীৰ কি অস্তিত্ব আছে? কিন্তু আকৌ মনলৈ আহিছে যেন এই ভিক্ষাৰীটো অবিহনে লণ্ডন চহৰৰ অস্তিত্বই নোহোৱাহৈ যাব!
ব্ৰহ্মাণ্ডৰ তুলনাত মানুহ অস্তিত্ব নগণ্য যদিও এটা কথা স্বীকাৰ কৰিব লাগিব যে মানুহে কল্পনাৰ সীমা অতিক্ৰম কৰি বাস্তৱতে ব্ৰহ্মাণ্ডৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ পৰ্যবেক্ষণ কৰি ইয়াক অধিক প্ৰাসংগিক কৰি তুলিছে৷ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৰচনাত পোৱা যায় যে অনন্ত কোটি ব্ৰহ্মাণ্ড বিৰাজমান আৰু যাৰ অধিপতি শ্ৰীহৰি৷ আজিৰ বিজ্ঞানৰ গৱেষণাই প্ৰমাণিত কৰিছে যে অগণন ব্ৰহ্মাণ্ড বিৰাজমান৷ কোটি কোটি তৰাৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে বিজ্ঞানীসকলে তিনিটা জনসমষ্টিৰ তৰাৰ কথা কৈছে৷
(১) প্ৰথম জনসমষ্টিৰ তৰা (Population I Star) : এই শ্ৰেণীৰ তৰাবোৰ মূলতঃ গধূৰ মৌলৰ দ্বাৰা গঠিত৷ আমাৰ সূৰ্যটো প্ৰথম জনসমষ্টিৰ তৰা৷
(২) দ্বিতীয় জনসমষ্টিৰ তৰা (Population II Star) : এই শ্ৰেণীৰ তৰাত গধূৰ মৌলৰ পৰিমাণ যথেষ্ট কম৷ নিযুত নিযুত তৰাৰে ঠাহ খাই থকা তাৰকাপুঞ্জ এইশ্ৰেণী তৰাৰ প্ৰতিনিধি৷
(৩) তৃতীয় জনসমষ্টিৰ তৰা (Population III Star) : এই পৰ্যন্ত একেবাৰে গধূৰ মৌলহীন কোনো তৰাৰ অস্তিত্ব ধৰা পৰা নাই যদিও জ্যোৰ্তিবিদসকলে আন একশ্ৰেণীৰ তৰাৰ সম্ভাৱনীয়তা লক্ষ্য কৰিছে৷ ইহঁতৰ তৃতীয় জনসমষ্টিৰ তৰা বুলি কোৱা হৈছে৷ এনে তৰাত কোনো গধূৰ মৌল নাথাকিব৷ কেৱল পাতল মৌলৰ দ্বাৰা এই তৰাবোৰ গঠিত হ’ব৷
পৃথিৱীতে থাকি শ শ আলোকবৰ্ষ দূৰত্বত থকা তৰাৰ বিষয়ে অধ্যয়ন কৰিবলৈ বিজ্ঞানী সকলে ব্যৱহাৰ কৰা কৌশলবোৰ হৈছে তৰাৰ পৰা বিকিৰিত হৈ থকা বিদ্যুত চুম্বকীয় তৰংগৰ বিশ্লেষণ৷
এই বিদ্যুত চুম্বকীয় তৰংগবোৰৰ ভিতৰত দৃশ্যমান পোহৰ,অদৃশ্য ৰেডিঅ’ তৰংগ, অৱলোহিত (infra red) তৰংগ ইত্যাদি৷ ১৯৯০চনত মহাকাশত স্থাপন কৰা হাবল মহাকাশ দূৰবীণ (Hubble Space Telescope) হ’ল উচ্চতম প্ৰযুক্তিৰে নিৰ্মিত যন্ত্ৰ৷ গ্ৰহ-নক্ষত্ৰৰ পৰা অহা পোহৰ ৰশ্মি পৃথিৱীৰ বায়ুমণ্ডলত মূলতঃ প্ৰতিসৰণ আৰু শোষণ হয় বাবে কেতিয়াবা সঠিক বিশ্লেষণত অসুবিধা হয়৷ হাবলৰ দূৰবীণৰ দ্বাৰা বায়ুমণ্ডলৰ প্ৰভাৱৰ পৰা মুক্ত তথ্য সংগ্ৰহ কৰিব পাৰি বাবে ই সমগ্ৰ বিশ্ববাসীৰ বাবে এক উমৈহতীয়া সম্পদত পৰিণত হৈছে৷ বিখ্যাত জ্যোৰ্তিবিদ Edwin Hubbleৰ নামত NASAই ১৯৯০ চনৰ ২৪ এপ্ৰিলত মহাকাশলৈ প্ৰেৰণ কৰা এই ভ্ৰাম্যমান দূৰবীণটো কেতিয়াবা মেৰামতিও কৰা হৈছে৷ ইতিমধ্যে ৩০ বছৰ সম্পূৰ্ণ কৰা এই বিখ্যাত দূৰবীণটোৰ আয়ুস কাল ২০৩০ চনৰ পৰা ২০৪০ চনলৈ বুলি অনুমান কৰা হৈছে৷ মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ লগত জড়িত ঝোডৰেল বেংক পৰ্যবেক্ষণ কেন্দ্ৰ (Jodrell Bank Observatory) বিশ্বৰ অন্যতম প্ৰকাণ্ড ৰেডিঅ’ দূৰবীণ এটা আছে৷ ইয়াত তৰাৰ পৰা বিকিৰিত ৰেডিঅ’ তৰংগ বিশ্লেষণ কৰি তৰাৰ গঠন আৰু জীৱন কাল আদি অধ্যয়ন কৰা হয়৷
তৰাৰ প্ৰকাৰ (Types of Stars) :
বিশ্বব্ৰহ্মাণ্ডৰ বয়স প্ৰায় ১৪শ কোটি বছৰ বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে৷ তৰাৰ আয়ুস তাৰ ভৰৰ ওপৰত নিৰ্ভৰ কৰে৷ গধূৰ তৰাৰ আয়ুস কম আৰু আপেক্ষিকভাৱে পাতল তৰাৰ আয়ুস বেছি৷ তৰাৰ আয়ুস, সংযুক্তি, পোহৰৰ বিকিৰণ আদিৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতক বিভিন্ন ভাগ কৰা হৈছে৷ মূলতঃ তলত উল্লেখ কৰা তৰাবোৰ আমাৰ বাবে পৰম কৌতুহলৰ উৎস৷
(১) Oh Be A Fine Girl/Guy, Kiss Me! এই বাক্যটোৰ দ্বাৰা উঞ্চতাৰ অধঃক্ৰমত O B A F G K আৰু M তৰাবোৰ ভাগ কৰা হয়৷ O, B তৰাবোৰ সহজে পোৱা নাযায়৷ যিবোৰ এই শ্ৰেণীৰ তৰা সেইবোৰ অতি উজ্জ্বল৷
M শ্ৰেণীৰ তৰাৰ সংখ্যাই সৰ্বাধিক৷ ইহঁত অনুজ্জ্বল৷
(২) তৰাৰ বিলোৱা পোহৰৰ তীব্ৰতাৰ ভিত্তিত সিহঁতক এনেকৈ ভাগ কৰা হৈছে-
Ia- অতি উজ্জ্বল মহাদানৱ (Very Luminous Supergiants)
Ib-কম উজ্জ্বল মহাদানৱ
II- উজ্জ্বল দানৱ
III- দানৱ
IV- অপদানৱ (Sub-giants)
V-মূল ক্ৰমৰ তৰা-বামন তৰা (Main sequence stars-dwarf stars)
VI-অপবামন (Sub-dwarfs)
VII-শ্বেতবামন (White Dwarfs)
আমাৰ সূৰ্য মূলক্ৰমৰ তৰা৷ ইয়াত প্ৰতি মুহূৰ্তত হাইড্র’জেন গেছ হিলিয়ামলৈ ৰূপান্তৰ ঘটি আছে৷ অতি উচ্চ উঞ্চতাত সংঘটিত হোৱা নিউক্লীয় সংলীলন (Nuclear Fusion) বিক্ৰিয়াত হাইড্র’জেনৰ দুটা পৰমাণু একে লগ হৈ হিলিয়ামলৈ ৰূপান্তৰ হৈছে৷ সাধাৰণ অৰ্থত বুজিবলৈ হ’লে আমি ধৰোঁ যে দুটা সমান ভৰৰ আটাগুৰিৰ লাডু গোটাই এটা লাডু কৰোঁতে অলপ পৰি গ’ল৷ এই পৰি যোৱা আটাখিনি যদি আমি হাইড্র’জেন বুলি ধৰি লৈ আইনষ্টাইনৰ ভৰ-শক্তিৰ সমতুল্যতা সমীকৰণ (E=mC2) দ্বাৰা শক্তিৰ পৰিমাণ বহুত বেছি হ’বগৈ৷
সমীকৰণ আকাৰত H+H=He+ (E=mC2)! এই বিক্ৰিয়া বহু বছৰলৈ চলি থাকিব৷
সূৰ্যক আমি পীত বামন(Yellow Dwarf) বুলি গণ্য কৰিব পাৰোঁ৷ আনহাতে প্ৰক্সিমা চেণ্টাউৰী ৰক্ত বামন (Red Dwarf) তৰাৰ উদাহৰণ৷ আমাৰ এটা ভুল ধাৰণা আছে যে ৰঙা মানেই শক্তিশালী আৰু বিপজ্জনক৷ কিন্তু ৰঙা পোহৰৰ শক্তি কম,তৰংগ-দৈঘ্য বেছি৷ ৰঙা বস্তু সততে চকুত পৰে৷ পোহৰৰ যি শক্তি সেয়া কোৱাণ্টাম বলবিদ্যাৰ জৰিয়তে প্ৰকাশ কৰা হয়৷ সমীকৰণ মতে পোহৰৰ শক্তি E=hn৷ ইয়াত h =প্লাংকৰ ধ্ৰুৱক, n=পোহৰ কণিকা মানে ফ’টনৰ কম্পনাংক৷ গতিকে কম্পানাংক বাঢ়িলে শক্তি বাঢ়ে৷ আকৌ পোহৰৰ বেগ, C=nL, L=পোহৰ তৰংগৰ তৰংগ দৈঘ্য৷ ৰঙা পোহৰৰ L বেছি,গতিকে n কম৷ n কম মানে শক্তি কম৷ গতিকে আমি দেখি থকা ৰঙা তৰাবোৰৰ উঞ্চতা কম৷
অতি দানৱ, দানৱ আদি বয়সীয়াল আৰু বৃহদাকাৰ তৰা৷ সিহঁত ক্ৰমে কমলা ৰঙৰ দৰে হৈ জীৱনটো আগুৱাই থাকে৷ ক্ৰমে ডাঙৰ হৈ হৈ গৈ থাকি চেঁচা পৰিবলৈ আৰম্ভ কৰে৷ আদ্ৰা নক্ষত্ৰ (Betelegeuse) এটা ৰক্ত দানৱ৷ যেতিয়া তৰা একোটাৰ ভৰ বাঢ়ি গৈ চন্দ্ৰশেখৰৰ সীমা (Chandrasekhar Limit) অতিক্ৰম কৰে তেতিয়া তাৰ বিস্ফোৰণ ঘটে আৰু সি চুপাৰনভা (Supernova) আৰু কৃষ্ণগহ্বৰত পৰিণত হয়৷
চন্দ্ৰশেখৰ সীমা মানে হ’ল এনে এক ভৰ যি ভৰ সূৰ্যৰ ভৰৰ ১.৪গুণ৷ তৰাৰ অন্তিম কাল নিৰ্ণয় কৰা এই ভৰ গণনা কৰি ভাৰতীয় মূলৰ আমেৰিকান বিজ্ঞানী ড° সুব্ৰমণিয়াম চন্দ্ৰশেখৰে ১৯৮৩চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল৷ উল্লেখ্য যে এওঁ আকৌ ড° চি ভি ৰামনৰ ভতিজা৷ বিজ্ঞানৰ মহাতাৰকাৰ নাতিও আন এজন প্ৰখ্যাত মহাতাৰকা হৈ ৰ’ল৷
****
ই-মেইল : [email protected]