অংগৰাগ

“Make up is art, beauty and Spirit”     -আকাংক্ষা গোস্বামী

 মেক আপ বৰ্তমান সময়ত সকলোৰে মাজত এটি জনপ্ৰিয় কলা। আমি সকলোৱে বিচাৰো নিজকে ধুনীয়াকৈ সজাই তুলিবলৈ, আৰু মেকআপে আমাৰ সেই কাম সহজ কৰি তোলে। সাজ পাৰৰ লগত মিলাই সুন্দৰকৈ নিজৰ মুখমণ্ডলক সজাই তোলাটো এক প্ৰকাৰৰ কলাই, আৰু এই কলাৰ প্ৰতি বৰ্তমান প্ৰায় সকলোকে আগ্ৰহী দেখা যায়। বৰ্তমান সময়ত মেকআপৰ কেইটামান ভাগ অতি জনপ্ৰিয় হৈ আছে। সকলোৱে আজিকালি এইধৰণৰ মেকআপৰ প্ৰতি বেছিকৈ আকৰ্ষিত হয় যেনে :

NO MAKE UP LOOK,

                      NUDE MAKE UP,

                     SMOKE EYES আদি।

   এতিয়া আহোঁ মেকআপ কৰাৰ পদ্ধতিৰ মাজলৈ, মেকআপ কৰাৰ প্ৰথম আৰু প্ৰধান স্তৰ হৈছে মুখ মণ্ডল পৰিষ্কাৰ কৰি লোৱাটো।অপৰিষ্কাৰ মুখত মেকআপ সুন্দৰকৈ ফুটি নুঠে। গতিকে  প্ৰথমে আমি আমাৰ মুখখন পছন্দৰ  ফেচৱাছেৰে ভালদৰে ধুই চাফা কৰি ল’ব লাগে, তাৰ পাছত প্ৰাইমাৰ লগাই ল’ব লাগে,যদি প্ৰাইমাৰ নাথাকে তেন্তে আমি এলোভেৰা জেল ব্যৱহাৰ কৰিব পাৰো, কিয়নো প্ৰাইমাৰ বা এলোভেৰা জেলে আমাৰ ছালখনক মেকআপৰ বেয়া প্ৰভাৱৰ পৰা  সুৰক্ষিত কৰি ৰাখে। অন্যথা  বহু সময় মেকআপ লৈ থাকিলে ছালত বেয়া প্ৰভাৱ পৰাটো স্বাভাৱিক।

   Day look:  দিনৰ বাবে সদায় আমি পাতল মেকআপ কৰিব লাগে, যাতে সূৰ্যৰ উজ্জ্বল পোহৰত মেকআপ অপ্ৰাকৃতিক (unnatural) নালাগে।প্ৰথমে প্ৰাইমাৰ (primer) ভালদৰে মুখখনত লগাই ল’ব লাগে,তাৰ পাছত ছালৰ ৰঙৰ লগত (skin tone) মিলাই যিকোনো ধৰণৰ দিনৰ বাবে উপযোগী পাতল ফাউণ্ডেচন  (light weight foundation) ব্ৰাছ বা স্পঞ্জৰ সহায়ত ভালদৰে মুখত মিলাই ল’ ব, ইয়াৰ পাছত  কম্পেক্ট পাউদাৰ(compact powder) বা লুজ পাউদাৰ (lose powder) লগাই ল’ব। ইয়াৰ পিছৰ পৰ্য্যায়ত যিকোনো পাতল গুলপীয়া  বা peach ৰঙৰ ব্লাছাৰ দুই গালৰ হাড়ৰ ওপৰত (cheek bone) ত লগাব, যাতে গাল দুখন  সুন্দৰ গুলপীয়া আভাৰে জিলিকি উঠে।ইয়াৰ পাছত আহোঁ চেলাউৰী যোৰলৈ। সাধাৰণতে চেলাউৰীৰ লগত মিলা ডাঠ ব্ৰাউন বা ক’লা আইব্ৰু পেঞ্চিলেৰে  চেলাউৰীৰ আঁকিলে প্ৰাকৃতিক আৰু ভাল দেখি ।

 চকুৰ বাবে যিকোনো ধৰণৰ nude eyepalate ব্যৱহাৰ কৰাতো ভাল । প্ৰথমে পাতল ব্ৰাউন বা ব্ৰঞ্জৰঙ ব্ৰাছৰ সহায়ত চকুৰ দুই পতা ভৰাই ল’ব।এই দুটা ৰং সাধাৰণতে চকুৰ base ৰং হিচাপে ব্যৱহাৰ কৰিবলৈ ভাল। তাৰ ওপৰত  কাপোৰৰ সৈতে  মিলাই যিকোনো nude ৰঙৰ আইশ্বেদ (eyeshadow) ওপৰত লগাই ল’ ব। আইব্ৰুৰ তলৰ অংশত হাই লাইট ব্যৱহাৰ কৰিব পাৰে, ই চকু কেইটা বেছি উজ্জল কৰি তোলে। যদি আপোনাৰ চকু কেইটা সৰু হয় তেন্তে তলত কলা ৰঙৰ কাজল ব্যৱহাৰ নকৰি বগা কাজল ব্যবহাৰ কৰিলে চকু কেইটা ডাঙৰ দেখা যাব। আৰু চকুৰ তলৰ অংশত পাতল গুলপীয়া বা আপোনাৰ পছন্দৰ যিকোনো আইশ্বেদৰ (eyeshadow) ৰঙ লগাব পাৰে। এই look তো আপোনাৰ মন পছন্দৰ যিকোনো nude লিপষ্টিকেৰেও সম্পূৰ্ণ কৰিব পাৰে।

    ৰাতিৰ বাবে  অলপ heavy  ফাউণ্ডেচন বা ফাউণ্ডেচন stick ব্যৱহাৰ কৰিব লাগে, ইয়াৰ পাছত কনটোৰিং (contouring) ৰ বাবে নিজৰ ছালৰ ৰঙতকৈ  ডাঠশ্বেদ (dark shade )ব্যৱহাৰ কৰিব লাগে। কনটোৰিং গালৰ হাড়ৰ তলত (cheek bone), jaw line ত, দীঘলীয়া কৈ নাকৰ দুয়োকাষে,  আৰু কপালৰ শ্বেপত আঁকি লব লাগে।  কনটোৰিঙে মুখমণ্ডলৰ  শ্বেপ সুন্দৰকৈ ডিফাইন (define)কৰি তোলে। তাৰ ফলত মুখমণ্ডল দেখাত সুন্দৰ হৈ পৰে।কনটোৰিং দিনটো ব্যৱহাৰ কৰিব পাৰি যদিও প্ৰতিদিনৰ সাধাৰণ মেকআপৰ বাবে কনটোৰিং ব্যৱহাৰ নকৰিলেও হয়। ইয়াৰ পাছত কোম্পেক্ট পাউদাৰ বা লুজ পাউদাৰৰে মেক আপতো ছেট কৰি ল’ব আৰু গালৰ হাড়ত (cheek bone) ত নিজৰ পছন্দৰ যিকোনো ৰঙ যেনে পাতল গুলপীয়া, ডাঠ গুলপীয়া, কমলা, পাতল ব্ৰাউন বা peach আদি ৰঙৰ ব্লাছাৰ ব্যৱহাৰ কৰিব পাৰে।

এইবাৰ জানো আহক স্মকি আইজ (smooky eyes)ৰ  বিষয়ে। প্ৰথমে চকুৰ পতাত  ডাঠ ব্ৰাউন বা ক’লা ৰঙৰ আইব্ৰু পেঞ্চিল দি আঁকি ল’ ব,তাৰ পাছত যিকোনো পাতল ৰঙ যেনে পাতল ব্ৰাউন, পাতল গুলপীয়া, peach আদি ৰঙ চকুত base হিচাপে ব্যৱহাৰ কৰিব,তাৰ পাছত চকুৰ এটা কোণৰ পৰা ক’লা ৰঙৰ আইশ্বেদ লগাই মিলাই ল’ ব। বেছি উজ্জ্বল দেখিবৰ বাবে চকুৰ মাজৰ অংশত অলপ golden glitter বা sliver glitter ব্যৱহাৰ কৰিব পাৰে। cheek bone ৰ ওপৰত নাকত আৰু কপালত অলপ হাই লাইটাৰ ব্যৱহাৰ কৰিব। হাই লাইটাৰৰ ব্যৱহাৰে মুখখন আকৰ্ষণীয় কৰি তোলাৰ লগতে আমি যি অংশক বেছিকৈ  focus কৰিব বিচাৰো সেই অংশক focus কৰিব পাৰি।যিহেতু smoky eyes কৰিলে  চকু দুটিৰ লগতে গোটেই মুখখনেই  উজ্জ্বল হৈ পৰে সেইবাবে আমি পাতল ৰঙৰ যিকোনো লিপষ্টিকেৰে এই lookতো সম্পূৰ্ণ কৰিব পাৰো।

 ( বি:দ্ৰ: যদিহে আপোনাৰ ছালৰ ৰং কিছু ডাঠ হয় (dark tone) হয় তেতিয়া খুব পাতল ৰঙ যেনে  peach, baby pink এনে ধৰণৰ ৰঙৰ লিপষ্টিক ব্যৱহাৰ নকৰিব,তাৰ সলনি fuschia pink,coffe, blussing nude, mauve matter এনে ধৰণৰ ৰঙৰ লিপষ্টিক ব্যৱহাৰ কৰিব।)

     দিনটোৰ শেষত সদায় মেকআপ আঁতৰাই ল’ব, ভালকৈ ক্লিঞ্জাৰ বা ফেচৱাছেৰে মুখখন ধুই ল’ ব,যাতে আপোনাৰ ছালখন খন সতেজ আৰু সুন্দৰ হৈ থাকে।

                         ই-মেইল:[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *