পৰীক্ষাঃ এখন সময়োপযোগী কথাছবি:ঈশান জ্যোতি বৰা

বহুধাবিভক্ত আমাৰ ভাৰতীয় সমাজত পৰীক্ষা-কেন্দ্ৰিক আলোচনাবোৰ কেৱল এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উত্তীৰ্ণ হৈ যোৱাৰ এডাল পৰম্পৰাগত মাপকাঁঠি বা সাঁকো হৈয়েই থকা নাই৷ বৰঞ্চ শ্ৰেণীকোঠাৰ সৰু কোঠালি এটাত সৃষ্টি হোৱা নম্বৰকেন্দ্ৰিক প্ৰতিযোগিতাই বিদ্যালয়ৰ গেটৰ বাহিৰৰ বিশাল পৃথিৱীখনক এটা জটিল আৰু বহুমাত্ৰিক ৰূপ ধাৰণ কৰায় ; য’ত প্ৰধানকৈ সামাজিক মৰ্যাদা, বংশগৌৰৱ আদি পৰিভাষাবোৰে এক নতুন মাত্ৰা লাভ কৰে৷ ইয়াৰ লগতে চৰকাৰী শিক্ষা-ব্যৱস্থাৰ অনুজ্জ্বল গাঁঠনি আৰু বেচৰকাৰী শিক্ষাব্যৱস্থাৰ অভিলাষী আভিজাত্যৰ মাজত থকা পাহাৰসদৃশ পাৰ্থক্যই দ্ব্যৰ্থহীনভাৱে খুলি দিয়ে সমাজৰ শ্ৰেণীগত পাৰ্থক্যৰ চিৰপৰিচিত দুৱাৰখন৷ কিন্তু উচ্চাকাংক্ষা কিম্বা সপোনৰ দুৰ্দমনীয় প্ৰভাৱে দুবেলা-দুমুঠি যেনেতেনে খাই জীৱিকা নিৰ্বাহ কৰি থকা মানুহ এজনকো ইমান গভীৰলৈকে পৰিচালিত কৰিব পাৰে যে, যিকোনো মূল্যৰ বিনিময়ত তেওঁ সেই সপোনটো বাস্তৱায়িত কৰিবলৈ বদ্ধপৰিকৰ হৈ পৰে৷ আৰম্ভ হয় সপোন আৰু বাস্তৱৰ মাজত এখন কৰুণ, জটিল আৰু নেৰানেপেৰা যুদ্ধৰ৷ কোৱা বাহুল্য যে, সেই অন্তহীন যুদ্ধখনেও কালক্ৰমত একধৰণৰ পৰীক্ষাৰেই ৰূপ পৰিগ্ৰহ কৰে যি পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাটোৱেই সেই বিশেষ মানুহজনৰ বাবে সফলতা৷  প্ৰসিদ্ধ পৰিচালক প্ৰকাশ ঝাৰ দ্বাৰা লিখিত, প্ৰযোজিত আৰু পৰিচালিত শেহতীয়া হিন্দী ছবি ‘পৰীক্ষা’য়েও তেনে এখন যুদ্ধৰ কথায়েই মূলতঃ সামৰি লয়৷

বিহাৰৰ এখন চৰকাৰী বিদ্যালয়ত পঢ়ি থকা মেধাৱী ছাত্ৰ বুলবুলৰ পিতৃ বুচ্চী হৈছে এজন ৰিক্সাচালক আৰ মাতৃ ৰাধিকা হৈছে বাচন-বৰ্তনৰ কাৰখানাত কাম কৰা এগৰাকী চাফাই কৰ্মচাৰী৷ কোনোধৰণৰ টিউছনৰ সহায় নোলোৱা মেধাসম্পন্ন বুলবুলে নিজৰ বস্তিত থকা কেইজনমান ল’ৰা-ছোৱালীকো আজৰি সময়ত পঢ়ায়৷ বুলবুলৰ মেধা আৰু বুদ্ধিদীপ্ততাই তাৰ পিতৃ-মাতৃ বিশেষকৈ বুচ্চীৰ বাবে গৌৰৱ আৰু আনন্দৰ উৎস৷ কিন্তু গৌৰৱ আৰু আনন্দৰ লগতে যিটো অনুভূতিয়ে সঘনাই পিতৃক আমনি কৰি থাকে; সেইটো হৈছে ‘ভয়’৷ চৰকাৰী শিক্ষানুষ্ঠানৰ অনিয়মীয়া পাঠদান, অনিশ্চিত ভৱিষ্যৎ, দুৰ্বল আন্তঃগাঁঠনিয়ে বুলবুলৰ সফলতাৰ বাটত হেঙাৰ হিচাপে থিয় নিদিয়েতো ! বুলবুলে তেওঁলোকক দৰিদ্ৰৰ মলীনতাৰ পৰা উদ্ধাৰ কৰাৰ যি সপোন অতদিনে দেখি আহিছে-সেই সপোনটোক চৰকাৰী শিক্ষানুষ্ঠানৰ শোচনীয় ৰূপটোৱে ক্ষতিগ্ৰস্ত নকৰেতো! শিক্ষাদান প্ৰক্ৰিয়াৰ মাজত সৃষ্টি হোৱা এইবোৰ পাৰ্থক্যই ক্ৰমাৎ বুচ্চীক বিচলিত কৰে আৰু এদিন বুচ্চীয়ে পুতেকক অঞ্চলৰ এখন অভিজাত ইংৰাজী মাধম্যমৰ বিদ্যালয় ‘শ্বেফায়াৰ’ত নামভৰ্তি কৰায়৷ বুলবুলেও নিজৰ মেধা আৰু তীক্ষ্ণতা প্ৰতিপন্ন কৰি শিক্ষক আৰু অধ্যক্ষৰ প্ৰিয়পাত্ৰ হৈ পৰে৷ কিন্তু অভিজাত শিক্ষানুষ্ঠান এখনত শিক্ষাদান কৰাবলৈ মেধা আৰু প্ৰতিভাতকৈও যিটো বিশেষ বস্তুৰ প্ৰয়োজন, সেইটো হৈছে ‘ধন’-যাৰ অভাৱ পূৰাব পৰাকৈ বুচ্চী আৰু ৰাধিকাৰ দৰে দৰিদ্ৰ মানুহৰ বিশেষ সমল নাই৷ ক্ৰমান্বয়ে ধাৰ-ঋণৰ পৰিমাণ বাঢ়ি আহে৷ সেইবোৰৰ দ্বাৰাও বুলবুলৰ অধ্যয়নৰ খৰচৰ জোৰা নমৰে৷ সেয়ে উপায়ন্তৰ হৈ জেদী পিতৃ বুচ্চীয়ে এক দোষনীয় পন্থা হাতত ল’লে৷ তেওঁ চুৰ কৰিবলৈ আৰম্ভ কৰিলে৷ চুৰ কৰি নিয়া সামগ্ৰী তেওঁ ৰিক্সাৰ মালিকক বিক্ৰী কৰে আৰু তাৰ বিনিময়ত মালিকে তেওঁক এক শকত ধন প্ৰদান কৰে৷ পিছে এদিন এটা ‘বৃহৎ চুৰি কাণ্ড’ সংঘটিত কৰিবলৈ গৈ বুচ্চী ধৰা পৰে৷ তেওঁক ততালিকে থানালৈ লৈ যোৱা হয়৷ কিন্তু অপৰাধৰ অনুশোচনাতকৈও পুত্ৰৰ মুখামুখি হোৱাৰ অবাঞ্ছিত ভয়টোৱে তেওঁক অধিক আতংকিত কৰে আৰু তেওঁ আৰক্ষীৰ জেৰাত কোনো উত্তৰ নিদিয়ে৷ তেনে সময়তে তেওঁৰ ওচৰলৈ কাষ চাপি আহে এছপি কৈলাশ আনন্দ৷ তদন্তৰ জৰিয়তে তেওঁ মৌন হৈ থকা বুচ্চীৰ অন্তৰৰ কথা বুজি পাই বুলবুলৰ কাষ চাপে৷ বুলবুলৰ প্ৰখৰ মেধাৰ স্বৰূপ আৰক্ষী অধীক্ষকজন বিস্মিত হয়৷  দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ গল্ড মেডেলিষ্ট কৈলাশ আনন্দেও এক মানৱতাবাদী অন্তদৃষ্টিৰ দ্বাৰা পৰিচালিত হৈ বুলবুলকে ধৰি তেওঁলোকৰ বস্তিত থকা ল’ৰা-ছোৱালীহঁতক নিশা পঢ়াবলৈ লয়৷ ইয়াৰ পিছতে চিত্ৰপটত প্ৰৱেশ কৰে ৰাজনীতিয়ে৷ বুলবুলে শ্ৰেণীত শীৰ্ষস্থান লাভ কৰাৰ খবৰটো পাই স্থানীয় বিধায়ক আৰু কেইগৰাকীমান ব্যক্তিয়ে কৈলাশ আনন্দক তেওঁলোকৰ সন্তানকো পঢ়াবলৈ প্ৰথমতে অনুৰোধ কৰে৷ কিন্তু স্বাৰ্থহীন মনোভাৱেৰে সেৱা আগবঢ়াই অহা বিষয়াজনে বিধায়কৰ সেই অনুৰোধত অমান্তি হয়৷ স্বাভাৱিকতেই বিধায়কজন অপমানবোধ কৰে আৰু বিষয়ালৈ দুদিন পাছতেই বদলীকৰণৰ অৰ্ডাৰ পঠায়৷ সিপিনে চুৰিৰ অপৰাধত বুলবুলৰ পিতৃক তিনি বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হয়৷ এই খবৰটোৱে ‘শ্বেফায়াৰ’ত এক বিশেষ ব্যাপ্তি লাভ কৰে আৰু চক্ৰান্তকাৰী বিধায়কজনে বুলবুলৰ ‘এডমিট কাৰ্ড’ নাকচ কৰিবলৈ বিদ্যালয় কতৃপক্ষক অনুৰোধ জনায়৷ যিটো বিশেষ পৰীক্ষাৰ বাবে বুলবুলে অতদিনে দিন-ৰাতি পৰিশ্ৰম কৰি আছিল, যিটো পৰীক্ষাত বহুৱাবৰ বাবেই তাৰ পিতৃয়ে এতিয়া কাৰাবাস খাটি আছে, মাতৃয়ে নিৰৱতাৰে চকুলো টুকি আছে-সেই বিশেষ পৰীক্ষাটোত বহিবলৈকে এতিয়া বুলবুলৰ বাবে অসম্ভৱ যেন লগা হ’ল৷ বুলবুলৰ এডমিট কাৰ্ডৰ সন্দৰ্ভত ‘শ্বেফায়াৰ’ বিদ্যালয়খনৰ অন্তিম নিৰ্ণয় কি হয়গৈ-সেইয়াই হৈছে ছবিখনৰ ক্লাইমেক্স৷

কাহিনীটোৰ জৰিয়তে লেখক প্ৰকাশ ঝাই ভাৰতীয় শিক্ষা আৰু সমাজব্যৱস্থাৰ লগত জড়িত তিনিটা বিশেষ দিশ পৰ্যবেক্ষণ কৰিব বিচাৰিছে৷ তেওঁৰ মূল সম্বল হৈছে মেধাৱী সন্তানক লৈ সপোন দেখা এজন দৰিদ্ৰ স্বপ্নাতুৰ পিতৃ৷ ধনীক শ্ৰেণীৰ পিতৃ এজনে সপোন দেখে-তেওঁৰ সন্তানে উচ্চ শিক্ষা আহৰণ কৰি সমাজত নিজাকৈ এক শক্তিশালী ব্যক্তিত্ব আৰু মৰ্যাদা গঢ়ি তোলক, বংশৰ গুণ-গৰিমা বঢ়াওক৷ কিন্তু বুলবুলৰ পিতৃৰ আন্তৰিক সপোন হৈছে-বুলবুলে উচ্চ শিক্ষা আহৰণ কৰি তেওঁলোকক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা উদ্ধাৰ কৰক৷ কাহিনীটোৰ বৰ্দ্ধনৰ বাবে প্ৰকাশ ঝাই তিনিটা বিশেষ পৰ্যায় তৈয়াৰ কৰিছে৷ তাৰে এটা পৰ্যায়ৰ অৱস্থান হৈছে- বুলবুল আৰু তাৰ অভিভাৱকে দেখা সপোনটোত৷ দ্বিতীয়টো পৰ্যায়ত দেখা গৈছে-এগৰাকী আৰক্ষী বিষয়াৰ সমাজসেৱাৰ প্ৰতি থকা মনোভাৱ৷ তৃতীয়টো পৰ্যায়ত দেখা গৈছে-ক্ষমতালোভী ৰাজনীতিবিদৰ এখন পৰিচিত অথচ লজ্জাজনক ছবি৷ কোৱাটো নিষ্প্ৰয়োজন যে, এই তিনিওটা পৰ্যায়ৰ মাজত থকা আন্তঃসম্পৰ্কৰ মূল ভেটিটো হৈছ বুলবুলৰ পিতৃ৷ এদিন মাতৃৰ অসুস্থতাৰ বাবে বুলবুল বিদ্যালয়লৈ নগৈ বাচন ধুবলৈ যায়৷ এই কথাটো সন্ধ্যা ঘৰলৈ উভতি অহা পিতৃৰ দৃষ্টিগোচৰ হোৱাত তেওঁ ক্ৰোধান্বিত হৈ পৰে৷ তেওঁ অন্তৰখনে সঘনাই এটা দাবীয়েই কৰিব বিচাৰে-‘বুলবুল, তই মাথোঁ পঢ়িবি৷ কেৱল পঢ়িবি৷ তাৰ বাহিৰে কোনো কথাই নাভাবিবি তই৷’ পিতৃৰ চৰিত্ৰত অভিনয় কৰা অসম-সন্তান আদিল হুছেইনে সেই বিশেষ দৃশ্যটোত প্ৰদৰ্শন কৰা অভিব্যক্তি ইমানেই দুৰ্দমনীয় আৰু বাস্তৱিক যে; সমগ্ৰ দৃশ্যটোৱেই এগৰাকী সংগ্ৰামী পিতৃৰ অন্তৰ্দ্বন্দ্ব, ব্যথাভৰা বেদনা প্ৰকট হৈ উঠে৷ সপোনবোৰ ভাঙি যোৱাৰ আশংকাই দেখা দিলে এগৰাকী সপোনপ্ৰিয় পিতৃৰ চিন্তা-চেতনা কিমান গভীৰলৈকে ৰূপান্তৰ ঘটিব পাৰে, আতংক আৰু ভীতিৰ চাপে কিমান প্ৰবলভাৱে তেওঁক জোকাৰি যাব পাৰে-সেই দৃশ্যটোৱে তাকেই প্ৰমাণ কৰিব খোজে৷ পিতৃ আৰু ৰিক্সাচালকৰ চৰিত্ৰত আদিল হুছেইনৰ দুৰ্দান্ত অভিনয় ছবিখনৰ অন্যতম শক্তিশালী আৰু প্ৰভাৱশালী দিশ৷ বুচ্চী নামৰ চৰিত্ৰটিয়ে আদিল হুছেইন অভিনীত নৰৱেজিয়ান ছবি ‘হোৱাট উইল পিপল ছে’ৰ পিতৃ মিৰ্জালৈ মনত পেলাই দিয়ে৷ কাহিনী-চিত্ৰনাট্যৰ মাজত বিস্তৰ প্ৰভেদ থাকিলেও বুচ্চী আৰু মিৰ্জাৰ অন্তৰ্দ্বন্দ্বৰ মাজত যেন এক যোগসূত্ৰ স্থাপন কৰিব পৰা যায়৷ দুয়োজন পিতৃৰেই যেন উদ্দেশ্য একেটাই-সন্তানৰ জৰিয়তে সমাজত নিজৰ স্থান উন্নততৰ কৰা৷ যি কি নহওক, ‘পৰীক্ষা’ৰ প্ৰতিটো শ্বটতেই, প্ৰতিটো সংলাপতেই আদিল হুছেইনৰ অভিব্যক্তিয়ে এজন সৰলমনা, অথচ জেদী পিতৃক প্ৰতিনিধিত্ব কৰে; যিগৰাকী পিতৃয়ে সন্তানৰ সাফল্যৰ বাবে চুৰিকাৰ্যৰ দৰে অপৰাধো সংঘটিত কৰিব পাৰে৷ কিন্তু তেওঁৰ সেই কাৰ্যৰ চালিকাশক্তি অপৰাধপ্ৰৱণতা নহয়৷ বৰঞ্চ পুত্ৰস্নেহত বন্দী এগৰাকী আকোৰগোঁজ পিতৃৰ সপোনেহে তেওঁক তেনেবোৰ কাৰ্য কৰিবলৈ প্ৰৰোচিত কৰে৷  ছবিখনে চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ মাজত থকা প্ৰভেদটো উদঙাই দিবলৈ কাকত-আলোচনী বিক্ৰী কৰা স্নাতক-উত্তীৰ্ণ বৰ্ষীয়ান ‘ওছমান ভাই’ৰ চৰিত্ৰটোক ব্যৱহাৰ কৰে- যিটো চৰিত্ৰৰ ‘তেনেই সাধাৰণ’ জীৱনশৈলীয়ে বাৰেবাৰে বুচ্চীক চৰকাৰী শিক্ষানুষ্ঠানৰ অধঃপতিত গাঁঠনিটোৰ বিৰোধী কৰি তোলে৷ কিন্তু দেখা যায়, লেখক প্ৰকাশ ঝা তেনেধৰণৰ পক্ষপাতিত্বমূলক ধাৰণাৰ দ্বাৰা তীব্ৰভাৱে পৰিচালিত হোৱা নাই৷ সেয়েহে ছবিখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰ আৰক্ষী বিষয়াজনৰ সহায় লৈ তেওঁ সেই বিভ্ৰান্তিটো দূৰ কৰিছে আৰু ক’ব খুজিছে যে-চৰকাৰী শিক্ষানুষ্ঠানত পঢ়ি-শুনিও শিক্ষাৰ্থী এজনে জীৱনত সফলতা লাভ কৰিব পাৰে, আৰক্ষী অধীক্ষক হ’ব পাৰে৷ যেতিয়া বিধায়কৰ দলটোৱে তেওঁলোকৰ সন্তানক পঢ়োৱাৰ এক অনুৰোধ লৈ আৰক্ষী বিষয়াজনৰ কাষ চাপে; তেতিয়া আৰক্ষী বিষয়াজনে দৰিদ্ৰ পৰিয়ালৰ সন্তানৰ মাজত থকা দুৰ্বাৰ ‘ভোক’টোৰ কথা উল্লেখ কৰে; যি ভোকৰ তাড়নাত বুলবুলৰ দৰে মেধাৱী অথচ দৰিদ্ৰ ছাত্ৰই সফলতামুখী পথটোৰে খোজ কাঢ়ি থাকিবলৈ প্ৰেৰণা লাভ কৰিছে৷ এইখিনিতে লেখক হিচাপে প্ৰকাশ ঝাই আৰু এটা সামাজিক বিভ্ৰান্তি আঁতৰবাৰ চেষ্টা কৰে৷ সেইটো হৈছে-সাধাৰণীকৰণে সৃষ্টি কৰা বিভ্ৰান্তি৷ এছপিৰ চৰিত্ৰটোৰ জৰিয়তে তেওঁ ক’ব বিচাৰিছে যে, আৰক্ষী সেৱাৰ দৰে এটা জৰুৰীকালিন আৰু দায়িত্বপূৰ্ণ সেৱাত নিয়োজিত হৈও নিশা দুপৰলৈকে কোনোবা সৎ আৰু দয়াৱান বিষয়াই বস্তিত শিক্ষাদান কৰিব পাৰে, বুলবুলৰ দৰে ছাত্ৰক উৎসাহিত কৰিব পাৰে, অথবা কোনো অসৎ উদ্দেশ্য চৰিত্ৰাৰ্থ কৰিবলৈ অহা অসৎ বিধায়কৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্টকৈ ঘোষণা কৰিব পাৰে৷ এনেবোৰ দৃষ্টান্ত আমাৰ সমাজত বিৰল, কিন্তু অবাস্তৱ নহয়৷ অথচ আমাৰ সাধাৰণীকৃত চিন্তাধাৰাবোৰত এনেধৰণৰ প্ৰশংসনীয় দৃষ্টান্তৰ বিপৰীতে ঘোচখোৰ আৰু দুৰ্নীতিপৰায়ণ আৰক্ষী বিষয়াৰ ভাৱমূৰ্তি কিছুমানহে জমা হৈ আছে৷ ইয়াৰ এটা কাৰণো ছবিখনত দেখুৱাবলৈ চেষ্টা কৰে৷ সেইটো হৈছেঃ প্ৰচাৰবিমুখিতা৷ বুলবুলক শিক্ষাদান কৰি থকা বিষয়াজনেও কোনোধৰণৰ প্ৰচাৰমুখী মানসিকতাৰ বাবে শিক্ষাদান কৰা নাছিল৷ তেওঁ শিক্ষাদান কৰিছিল এটা নিঃস্বাৰ্থ মনোবৃত্তিৰে৷ কিন্তু তেওঁ জানিছিল, ৰাজনীতিৰ বাধাহীন প্ৰৱেশে তেওঁৰ এই মনোবৃত্তিটোক বাধা প্ৰদান কৰিব৷ সেয়েহে, বদলিৰ অ’ৰ্ডাৰটো হাতত পৰোঁতে তেওঁ বিচলিত নহ’ল৷ তেওঁৰ মুখত এটা শেঁতা হাঁহিহে ওলাল৷ যিটো হাঁহিৰ আঁৰত থকা বেদনাই আমাৰ ৰাজনৈতিক কলুষতাৰ অপৰিষ্কাৰ ক্ষমতাপিপাসু ছবিখনকেই মূলতঃ উন্মুক্ত কৰে৷ আৰক্ষী অধীক্ষকৰ চৰিত্ৰত অভিনেতা সঞ্জয় সুৰীৰ অভিনয় জটিলতাবিহীন৷ ছবিখনে চৰকাৰী আৰু বেচৰকাৰী শিক্ষা-ব্যৱস্থাৰ মাজত থকা ভাষাকেন্দ্ৰিক আৰু আৰ্থসামাজিক পাৰ্থক্যবোৰ স্পৰ্শ কৰে৷ সমান্তৰালভাৱে ব্যক্তিগত শিক্ষানুষ্ঠানৰ প্ৰতি থকা সাধাৰণ মানুহৰ আন এটি প্ৰচলিত মনোভাৱকো দূৰ কৰিবলৈ প্ৰয়াস কৰে৷ তাৰ বাবে তেওঁ তৈয়াৰ কৰিছে ‘শ্বেফায়াৰ’ৰ সংবেদনশীল অধ্যক্ষাগৰাকী; যিয়ে বুলবুলৰ পিতৃৰ একমাত্ৰ অনুৰোধটোৰ ওপৰত ভিত্তি কৰিয়েই বুলবুলৰ বাবে নামভৰ্তিৰ বাট এটা মোকলাই দিয়ে৷ পিতা-পুত্ৰৰ দীপ্তিমান চকুযুৰিত জিলিকি থকা সুতীব্ৰ হেঁপাহক সাকাৰ কৰিবলৈ অধ্যক্ষাই ব্যক্তিগত শিক্ষানুষ্ঠানৰ আভিজাত্যসৰ্বস্ব গণ্ডীটোকো প্ৰত্যাহ্বান জনায়৷   

  ছিনেমটোগ্ৰাফী বা চিত্ৰগ্ৰহণৰ ফালৰ পৰা ছবিখনে প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াব পৰা নাই৷ বিশেষকৈ নিখুঁত শৰীৰি-ভংগীমা আৰু অভিব্যক্তিৰে চিত্ৰনাট্যৰ অধিকাংশ ঠাই আগুৰি থকা বুলবুলৰ পিতৃ আৰু মাতৃৰ কথোপকথনৰ গভীৰতাখিনি পৰিষ্কাৰকৈ দেখুওৱাত কেমেৰা কোনোবাসময়ত ব্যৰ্থ হৈছে৷ বুচ্চীৰ পৰিয়ালটোৰ গতিশীলতাৰ লগত সামঞ্জস্য ৰক্ষা কৰিব পৰাকৈ কেমেৰাই লোৱা কিছুমান শ্বট বৈচিত্ৰ্যহীন আৰু অসংযত৷ ‘শ্বেফায়াৰ’ৰ দৰে বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগত চৰকাৰী শিক্ষানুষ্ঠানৰ পাৰ্থক্য বহুত৷ সেই পাৰ্থক্যখিনি অধিক পোনপটীয়া আৰু পৰিপাটি কৰিবলৈ কেমেৰাৰ ব্যৱহাৰ কৰা দেখা নহ’ল৷ দুই-তিনিটা অ’ভাৰহেড বা এৰিয়েল শ্বটৰ প্ৰয়োজন আছিল৷ ছবিখনৰ নেপথ্যত বাজি থকা সংগীত বেছিভাগ ক্ষেত্ৰতে নতুনত্বহীন আৰু ‘চিনেমেটিক’৷ সামাজিক প্ৰেক্ষাপটৰ ছিৰিয়াছধৰ্মী ছবি এখনৰ সৌন্দৰ্য তেনেধৰণৰ ‘চিনেমেটিক’ আৰু ‘আৱেগিক টান’ থকা আৱহ সংগীতে বিনষ্ট কৰে৷ আনহাতে পিতৃৰ অভিনয়ত আদিল হুছেইনৰ অভিনয় ইমানেই স্বাভাৱিক আৰু ‘বাস্তৱ-নিৰ্ভৰ’ যে, অতিৰিক্তভাৱে সেই দৃশ্যসমূহত বিষাদৰ সংগীতৰ কোনো প্ৰয়োজন নাছিল৷ সংগীত আৰু চিত্ৰগ্ৰহণ ছবিখনৰ দুটা দুৰ্বল দিশ৷ আনহাতে মাতৃ আৰু পুত্ৰৰ চৰিত্ৰত প্ৰিয়ংকা বসু আৰ শুভম ঝাৰ অভিনয় সাৱলীল৷ ছবিখনত পুত্ৰ বুলবুলৰ অভিব্যক্তিত এজন বাধ্য আৰু শান্ত-সমাহিত সন্তানৰ প্ৰতিচ্ছবি পৰিলক্ষিত হয়৷ কিতাপৰ প্ৰতি অন্তহীন ৰাপ থকা মেধাৱী  বুলবুলে নতুন বিদ্যালয়খনত শ্ৰেণী-বৈষম্যৰ চিৰপৰিচিত দেৱালখনৰ লগত মোকাবিলা কৰিবলগা হয় যদিও নিজৰ মেধা আৰু প্ৰতিভাৰ বলত সি সেই দেৱাল পাৰ্যমানে অতিক্ৰম কৰি যায়৷ দৰিদ্ৰ ঘৰৰ সন্তান যদিও বুলবুলৰ মুখত কোনোধৰণৰ বিষাদৰ নাইবা অসন্তুষ্টিৰ ছাপ নাই৷ দেউতাকৰ দৰে সিও শ্ৰেণী-বৈষম্যৰ নিচিনা সামাজিক সমস্যাবোৰক ‘সৰ্বাধিক গুৰুত্বপূৰ্ণ’ বুলি নাভাবে৷ তাৰ কেৱল এটাই চিন্তা-কিদৰে মাক-দেউতাকৰ সপোনটো পূৰণ কৰিব পাৰি! শ্ৰেণীকোঠাত বুলবুলৰ সহপাঠীকে ধৰি বিদ্যালয়ৰ আন একাংশ ব্যক্তিৰ অভিনয় জঠৰতা আৰু অপৰিপক্কতাৰে পূৰ্ণ; যাৰ বাবে কিছুমান বিশেষ দৃশ্যৰ সৌন্দৰ্য ক্ষতিগ্ৰস্ত হৈছে৷ 

সদৌশেষত ক’ব পাৰি, দুই-তিনিটা খুঁটি-নাটি সত্ত্বেও ‘পৰীক্ষা’ নামৰ ছবিখনে সমসাময়িক ভাৰতীয় সমাজত এক চিন্তা-উদ্ৰেকককাৰী ঢৌৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ বিশেষকৈ শিক্ষাপ্ৰণালীৰ বহুতৰপীয়া ব্যৱস্থাটোৱে সৃষ্টি কৰা শ্ৰেণীগত পাৰ্থক্য আৰু তেনে এক অস্বস্তিকৰ বৈসাদৃশ্যৰ বিৰুদ্ধে যুঁজ দি থকা বুচ্চী আৰু বুলবুলৰ দৰে পিতাপুত্ৰৰ অলেখ কাহিনীক প্ৰকাশ ঝাৰ ছবিখনে মৰ্যাদাসহকাৰে স্মৰণ কৰিবলৈ উৎসাহিত কৰিব৷ লগতে প্ৰেৰণা যোগাব আৰক্ষী অধীক্ষক কৈলাশ আনন্দৰ দৰে বহুতো অল্পখ্যাত সহানুভূতিশীল মানুহক যিয়ে একমাত্ৰ মানৱতাবাদী চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হৈয়েই নিজে বাস কৰি থকা সমাজখনত কিছু ধনাত্মক পৰিৱৰ্তনৰ সূচনা কৰিব বিচাৰে৷ 

০০০০০০

mail_id:[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *