১]
মোৰ মন যায় পথিক হ’বলৈ।
কিন্তু মইতো নাজানো কিমান দূৰ খোজকাঢ়ি গ’লে
এজন একান্ত পথিক পোৱা যায়।
২]
যাত্ৰাৰম্ভতেই লিখি ল’লা কপালত বিদায়ৰ সুৰীয়া চনদ।
তোমাৰ চাদৰৰ আঁচলত বন্ধা আছে বন্দৰৰ নতুন ঠিকনা।
হে’ ক্ষণপ্ৰভা, মেঘে গৰজিলেও তুমি আউলি বাউলি হৈ
কোন দিগন্তত মিলি যোৱা—— পাৰিলে তাকেই মোক কৈ থৈ যোৱা।
৩]
প্ৰেম বিচাৰি মই বাহিৰ ওলালোঁ।
ৰাজপথ জনপথ শূন্য পথ ছায়া পথে পথে,
পাহাৰৰ চূড়াই চূড়াই, শইছ সেউজীয়া পথাৰে সমাৰে
নিৰ্জন নিশাৰ বন্দৰে বন্দৰে, গিৰি গুহা কন্দৰে কন্দৰে
কত দিকচৌ বাট ভ্ৰমণ কৰিলোঁ।
ক্লান্তিত ক্ষন্তেক জিৰাওঁতেই কোনোবাই প্ৰেমেৰে
মোৰ হাতত তুলি দিলে এপাট চোকা অস্ত্ৰ আৰু কৈ গ’ল
‘লোৱা তোমাৰ প্ৰেম ঘূৰাই দিলো’।
৪]
সময় বালিত মোৰ পদচিহ্ন নিবিচাৰিবা।
উতপ্ত বালিৰ ওপৰেদি মই খোজ কাঢ়ি যোৱা নাই।
সমুখৰ বিশাল মৰুপ্ৰান্তৰলৈ ক্ষন্তেক চাই
মই সম্পূৰ্ণ বিপৰীত দিশে মুখ ঘূৰাওঁ।
মৰুভূমি পৰি ৰয় মোৰ পৃষ্ঠভূমিত।
সকলোৱে ভাবে মই দূৰন্ত মৰুভূমি খোজেৰেই পাৰ হওঁ।
মই ম্লান হাঁহিৰে অভিবাদন গ্ৰহণ কৰোঁ।
৫]
মই সদায় শেষৰ পৰা আৰম্ভ কৰোঁ।
মৃত্যু, বাৰ্দ্ধক্য, যৌৱন, কৈশোৰ, শৈশৱ এনেকৈ।
কাহানিও মোৰ দীঘ বাণিৰ সূতাত জঁট লগা নাই।
ঠিক সময়তেই মই ঠিক ঠাইত উপস্থিত হওঁ।
ঠিক সময়তেই অন্তৰ্ধান হওঁ।
সূৰ্যোদয়ো হ’ব পাৰে সূৰ্যাস্তৰ দৰে ৰক্তিম, জিলিৰ মাতৰ দৰে কৰুণ।
৬]
খিৰিকিখন কেৱল খিৰিকিয়েইনে?
ই বহু বায়বীয় চিন্তানুভূতিৰ প্ৰৱেশ আৰু প্ৰস্থানৰ পথ।
আলোকবৰ্ষৰ দূৰত্বৰে সৈতে আলিংগন কৰাৰ মাধ্যম।
দূৰতমা প্ৰেয়সীক হাত জোকাৰি বিদায় দিয়াৰ মাধ্যম।
খিৰিকীৰ কাষত বহিলেই মোৰ খোল খাই পৰে
মগজুৰ বহুৰঙী সহস্ৰ খিৰিকি।
****
ই-মেইল : [email protected]