জোনৰ কথা-কল্যাণী দত্ত

——————–

তৰা অ’ তৰা তুমি আকাশত থাকা

জোনবাইৰ লগত কিনো মনৰ কথা পাতা ?

জোনবায়ে কয় নে বাৰু তোমাক তাইৰ যত লেঠা,

পৃথিৱীৰ যে তাই একমাত্ৰ উপগ্ৰহ এইবোৰ কথা ?

প্ৰতি দিনে যে তাই একলাকৈ বাঢ়ে ,

পোন্ধৰ দিনৰ মূৰে মূৰে এক পক্ষ বোলে !

কেতিয়াবা নাওখন হৈ আকাশত ভাঁহে ,

আইতাই তাকে দেখি কাঁচিজোন বোলে ।

দিনে দিনে বাঢ়ি বাঢ়ি কাঁহী এখন হয়,

সোলা হাঁহিৰে আইতাই তাকে পূৰ্ণিমা বুলি কয় ।

তাৰ পাছত প্ৰতি দিনে একলাকৈ কমে,

পোন্ধৰ দিনৰ মূৰত দেখোন আমাক আন্ধাৰে ছানি ধৰে ।

এদিন ৰাতি মই ভয় খাই দিছিলোঁ কান্দি 

মোৰ মৰমৰ জোনবাইজনীক কোনে কাজল সানিলে বুলি !

মায়ে ক’লে মিচিকিয়াই অ’ মোৰ পোনা ,

আজি যে অমাৱস্যা তুমি জানো নাজানা ?

নকৰিবা ভয় পোনা নকৰিবা ভয় ।

এইটো পক্ষকেই কৃষ্ণ বুলি কয় ।

কৃষ্ণ মানে ক’লা জানি বুজি ল’বা ,

তেতিয়াহে লগৰীয়াক শিকাব পাৰিবা ।

আৰু এটা পক্ষ আছে কৃষ্ণৰ ওলোটা ,

শুক্ল পক্ষ তাৰ নাম আজিয়েই শিকি ল’বা ।

শুক্ল মানে শুকুলা, তাৰ অৰ্থ বগা ,

জোন -তৰাৰ কথা আৰু অনেক জানিবলৈ পাবা ।

****

Leave a Reply

Your email address will not be published. Required fields are marked *