বেবেৰিবাং-নিবেদিতা বৰি

জপং জপংকৈ বগলী ককাই

মাছ বিচাৰি আছিল,

গছৰ পৰা ঔটেঙা এটা 

থপংকৈ পানীত পৰিল।

ভয় খাই ধপধপাই

বগলীটো উৰি গ’ল,

দপদপাই থকা বান্দৰ কেইটাও

ভয়তে নিতাল হ’ল।

সোলোক-ঢোলোক পেন্টটো পিন্ধি

মলুৱা ককাই আহে,

শহা আৰু ডালশলিয়াই

মিচিক মাচাক হাঁহে।

আমৰলি পৰুৱাই বাঘৰ পেটত

কুটকুটাই দিলে,

পিৰপিৰণিত বাঘ বপুৰাই

ভিৰাই ল’ৰ মাৰে।

বোকাত পৰি লুতুৰি-পুতুৰি

খজুৱতি মাৰ যায়,

তাকে দেখি জহামালে 

থাকে খিলখিলাই।                                   

 ই-মেইল: 1[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *