বেবেৰিবাং-নিবেদিতা বৰি

জপং জপংকৈ বগলী ককাই

pin up pinup

মাছ বিচাৰি আছিল,

গছৰ পৰা ঔটেঙা এটা 

থপংকৈ পানীত পৰিল।

ভয় খাই ধপধপাই

বগলীটো উৰি গ’ল,

দপদপাই থকা বান্দৰ কেইটাও

ভয়তে নিতাল হ’ল।

সোলোক-ঢোলোক পেন্টটো পিন্ধি

মলুৱা ককাই আহে,

শহা আৰু ডালশলিয়াই

মিচিক মাচাক হাঁহে।

আমৰলি পৰুৱাই বাঘৰ পেটত

কুটকুটাই দিলে,

পিৰপিৰণিত বাঘ বপুৰাই

ভিৰাই ল’ৰ মাৰে।

বোকাত পৰি লুতুৰি-পুতুৰি

খজুৱতি মাৰ যায়,

তাকে দেখি জহামালে 

থাকে খিলখিলাই।                                   

 ই-মেইল: 1[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *