কোভিদ-১৯ য়ে সমগ্ৰ বিশ্ব ছানি ধৰাৰ বিভীষিকাময় সময়ছোৱাতে দুগৰাকীমান অত্যুৎসাহী ভাষাপ্ৰেমীৰ ঔৰসত জন্ম হ’ল কথা-কাঞ্চন নামৰ অনলাইন মাহেকীয়া আলোচনীখনৰ। গতিকে মাহেন্দ্ৰ ক্ষণ বুলি নকৈ দৰাচলতে এই জন্মক দু:সময় আৰু অশান্ত পৰিস্থিতিত জন্ম লোৱা পৱিত্ৰ শিশুৰ দৰেই বুলিব পাৰি। কাজেই সকলোৰে উৎসাহ-উদ্দীপনাত শিশুটি বিকশিত হ’বলৈ ওলাইছে। বৰ্তমানেও ডিজিটেলাইজড অসমীয়া আলোচনীৰ প্ৰক্ৰিয়াটো চালুকীয়া অৱস্থাতে থাকিলেও আমাৰ আশাসুধীয়া প্ৰচেষ্টাই ইয়াক উন্নত মানৰ তথা সৰ্বপঠনযোগ্য কৰি তোলাৰ বাবে সদায় থাকিব।
আলোচনী এখন যুগুতাবলৈ ল’লেই সৰ্বপ্ৰথমেই যিকেইটা শিতান মনলৈ আহে তাৰ ভিতৰত এটা হ’ল সাক্ষাৎকাৰ শিতান। সাক্ষাৎকাৰৰ বাবে যিকেইজন স্বনামধন্য ব্যক্তিৰ নাম মনলৈ আহিছিল তেখেতসকলৰ ভিতৰত ড° নগেন শইকীয়া ছাৰৰ নাম হয়তো সৰ্বপ্ৰথমেই আহিছিল। ছাৰৰ দৰে এজন পুৰোধা ব্যক্তি, যিজন যোৱা ছটা দশক ধৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ বাঘজৰী ধৰোতাসকলৰ এজন হৈ আছে, তেনে এজন ব্যক্তিৰ হাত শিৰত লৈ আগুৱাই যাব পৰাটো কথা-কাঞ্চনৰ বাবে পৰম সৌভাগ্যৰ কথা। সেই নিমিত্তেই যোগাযোগ কৰা হৈছিল ছাৰৰ লগত আৰু লকডাউনৰ দৰে পৰিস্থিতিৰ সীমাবদ্ধতাৰ মাজতো ছাৰে আমাক সঁহাৰি জনাইছিল। ছাৰৰ সৈতে হোৱা কথা-কাঞ্চনৰ অমূল্য সময়খিনি কথা-কাঞ্চনৰ প্ৰথম প্ৰকাশৰ প্ৰথম সংখ্যাতে প্ৰকাশ হোৱাকৈ ইয়াত তুলি ধৰা হ’ল।
১)
কথা-কাঞ্চন: ছাৰ, অসমৰ ৰাইজে মূলতঃ আপোনাক এজন শিক্ষাবিদ হিচাপে জানে। শিক্ষাবিদ হিচাপে আপুনি ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক উত্তৰণৰ বাবে সুদীৰ্ঘ জীৱন ধৰি যথেষ্ট কষ্ট কৰি আহিছে। এই সুদীৰ্ঘ সময়ৰ পৰিক্ৰমাত আপুনি শিক্ষাৰ সূচকডাল উৰ্ধগামী হোৱা দেখিছেনে নিম্নগামী হোৱা দেখিছে? এটা তুলনামূলক বিশ্লেষণ সংক্ষেপে আপোনাৰ পৰা শুনিবলৈ পাম নেকি?
ড° নগেন শইকীয়া ছাৰ: মই আচলতে নিজকে শিক্ষাবিদ বুলি নাভাবোঁ, শিক্ষক বুলিহে ভাবোঁ। শিক্ষাবিদসকলে শিক্ষা সম্পৰ্কে জানে আৰু মই শিক্ষা সম্পৰ্কে জনাতকৈ শিক্ষক হিচাপে নিজকে পৰিচয় দি ভাল পাওঁ। মই দেখিছোঁ যে, সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সভ্যতা আৰু সংস্কৃতিৰ পৰিৱৰ্তন ঘটিছে। আৰু তাৰ লগে লগে ইয়াৰ প্ৰভাৱ সকলোতে পৰিছে। শিক্ষাতো এই পৰিৱৰ্তনৰ প্ৰভাৱ আহি পৰিছে। মই আগতে যেতিয়া কলেজত কাম নাইবা বিশ্ববিদ্যালয়ত কাম কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ যে আমাৰ শিক্ষা স্বাধীনতাৰ আগৰ পৰা আহি থকা যি সুঁতি, সেই সুঁতিটোত মূল্যবোধৰ শিক্ষা আছিল প্ৰধানভাৱে। লাহে লাহে দেখিছোঁ যে শিক্ষা বিভিন্ন বিষয়ত বিভক্ত হৈবিভিন্ন শাখা প্ৰশাখা মেলি ধৰিছে। এই বহুধা-বিভক্ত শিক্ষাৰ লগত জড়িত শিক্ষকসকলেও একো একোটা বিভাগতহে তেওঁলোকে চকু দিবলৈ আহৰি উলিয়াব পাৰে। ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো সেই একেই কথা। গতিকে এই দুয়োটা সময়ৰ মাজত মই যথেষ্ট ব্যৱধান দেখিছোঁ। কিন্তু এই কথাটো কৈ দিবলৈ অসুবিধা যে আগতকৈ ভাল হৈছে বা বেয়া হৈছে। বৰঞ্চ ভাল আৰু বেয়াটো একেপাহ ফুলকে বিভিন্ন ধৰণে প্ৰকাশ কৰা এক তুলনাহে। বৰ্তমান বহুধা-বিভক্ত শিক্ষাৰ ক্ষেত্ৰত বিভাগীয় শিক্ষকসকলেহে ক’ব পাৰিব যে তেওঁৰ শাখাটোৰ ছাত্ৰ-ছাত্ৰীসকলে আগতকৈ ভালকৈ শিক্ষাগ্ৰহণ কৰিছে নে এই মানদণ্ড নিম্নগামী হৈছে। কিন্তু ভাষাৰ ক্ষেত্ৰত দেখিছোঁ যে আগতকৈ নিম্নগামী হৈছে, এইটো ৰূপ। কাৰণ অসমীয়া ভাষাৰ যিটো ৰূপ, সেই ৰূপটো এতিয়া বহু সময়ত ভ্ৰান্তিযুক্ত হৈ পৰিছে আৰু সি আমাৰ শিক্ষাৰ ক্ষেত্ৰতো এটা বেয়া প্ৰভাৱ পেলাইছে বুলি আমি শিক্ষকসকলে ভাবোঁ।
২)কথা-কাঞ্চন:আন বহু অঞ্চলৰ তুলনাত অসমৰ ছাত্ৰ-ছাত্ৰীৰ পুথিগত জ্ঞান তথা ধ্যান ধাৰণা তুলনামূলকভাৱে উন্নত হোৱাৰ পিছতো দেশীয় প্ৰেক্ষাপটত সফলতা অৰ্জন কৰাৰ উদাহৰণ কম। বিশেষকৈ সৰ্বভাৰতীয় পৰীক্ষাসমূহত অসমীয়া ল’ৰা-ছোৱালীৰ আগ্ৰহ আৰু অংশীদাৰিত্ব কম। ইয়াৰ কাৰণ কি বুলি ভাবে?
ড° নগেন শইকীয়া ছাৰ: এটা কাৰণ, আমাৰ ল’ৰা-ছোৱালীৰ মাজত থাকিবলগীয়া যিটো প্ৰতিযোগিতামূলক মনোভাৱ, বোধকৰোঁ সেইটো আমি গঢ়ি তোলাত ক’ৰবাত ব্যৰ্থ হৈছোঁ। প্ৰতিযোগিতামূলক মনোভাৱ যেতিয়ালৈকে গঢ় লৈ নুঠিব আৰু প্ৰতিটো বিষয়ৰ মাজলৈ সোমাই যোৱাৰ প্ৰকৃতি গঢ়ি নুঠিব, তেতিয়ালৈকে আমি ল’ৰা-ছোৱালীৰ পৰা বহুত বেছি আশা কৰিব নোৱাৰিম।
দ্বিতীয় এটা কাৰণ আছে, সেইটো হ’ল আমাৰ বহুত ল’ৰা-ছোৱালীৰ জীৱনৰ লক্ষ্য কি, সেইবিষয়ে কোনো ধাৰণা নাই। তেওঁ কি হ’ব খোজে, এই বিষয়টোৰ সম্পৰ্কে স্পষ্ট ধাৰণা সৰহখিনি ছাত্ৰ-ছাত্ৰীৰ নাই। তাৰ ফলস্বৰূপে, সৰ্বভাৰতীয় পৰীক্ষাসমূহত আমাৰ ল’ৰা-ছোৱালীয়ে ভাল ফল দেখুওৱাত ব্যৰ্থ হয়।
৩)কথা-কাঞ্চন: নতুন প্ৰস্তাৱিত শিক্ষানীতিয়ে আমাক লাভান্বিত কৰিব বুলি আপুনি আশাবাদী নে?
ড° নগেন শইকীয়া ছাৰ: এই বিষয়ে মোৰ মনোভাৱ মই কাকতত ইতিমধ্যেই প্ৰকাশ কৰিছোঁ। এই যিটো শিক্ষানীতি মডেল প্ৰস্তুত কৰি তোলা হৈছে, সেইটো বিভিন্ন প্ৰকাৰে প্ৰতিযোগী সময়ক উপযোগী ৰূপ দিবৰ বাবেই প্ৰস্তুত কৰি উলিওৱা হৈছে। অধ্যক্ষগৰাকী নিজেই এজন বিজ্ঞানী আছিল, তেওঁ এই শিক্ষানীতিৰ মডেল প্ৰস্তুতকৰণত যথেষ্ট কষ্ট কৰিছে।কিন্তু আমাৰ সকলো বিষয়েই সামাজিক আৰু অৰ্থনৈতিক পটভূমিৰ পৰা আঁতৰাই ৰাখিব নোৱাৰোঁ।
গতিকে আমাৰ এই আৰ্থসামাজিক পটভূমিত সৰহসংখ্যক ল’ৰা-ছোৱালীয়ে যিদৰে শিক্ষা গ্ৰহণ কৰে, সেয়া যিদৰে এই শিক্ষানীতিয়ে সফল হ’ব বুলি আশা দাঙি ধৰিছে, সেইদৰে মই আশা কৰিবলৈ টান পাম। কাৰণ, আমাৰ সৰহখিনি ল’ৰা-ছোৱালী গাঁওৰ পৰা ওলাই আহিছে ফুলকুমলীয়া বয়সতে। তদুপৰি আমি দেখিছোঁ যে নগৰ অঞ্চলৰ বস্তিৰ মাজত থকা ল’ৰা-ছোৱালীও পঢ়াৰ বাবে ওলাই আহিছে। কিন্তু তেওঁলোকৰ যিটো আৰ্থসামাজিক জীৱন, সেই জীৱনটোৱে তেওঁলোকক আধুনিক শিক্ষাৰ এই ৰূপটোক সৰ্বাংগনভাৱে সম্পূৰ্ণৰূপে গ্ৰহণ কৰিব বুলি আশা কৰিব নোৱাৰি।
দ্বিতীয়তে, আৰু এটা অভাৱ দেখিছোঁ। সেইটো হ’ল মূল্যবোধৰ শিক্ষা। আমাৰ পুৰণিকলীয়া শিক্ষা বুলি কথা নাই, ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত মূল্যবোধৰ শিক্ষাই এক আগস্থান পাই আহিছে। কিন্তু কিছুদিনৰ পৰা পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা শিক্ষানীতিসমূহত মূল্যবোধৰ ওপৰত যেন কম গুৰুত্ব দিয়া হৈছে, সেয়া পৰিলক্ষিত হৈছে। ইয়াৰ ফলত আমাৰ ল’ৰা-ছোৱালীসমূহৰ যিটো ব্যক্তিত্ব সেয়া যেন সঠিকভাৱে সমাজে বিচৰাধৰণে গঢ় লৈ উঠা নাই। আমাৰ যিবিলাক অসামাজিক ঘটনা ঘটিবলৈ ধৰিছে, এই ঘটনাবিলাকৰ মূলতে মই মূল্যবোধৰ শিক্ষাৰ নাটনিকে ঘাই কাৰণ বুলি মই ভাবোঁ।
গতিকে, সৰ্বসাধাৰণ তথা দৰিদ্ৰ ল’ৰা-ছোৱালীৰ বাবে এই শিক্ষানীতিটো কিমান দূৰ উপযোগী হ’ব সেয়া সময়েহে ক’ব পাৰিব।
৪)কথা-কাঞ্চন: আপোনাৰ গৱেষণাৰ বিষয় আছিল, উনবিংশ শতিকাত অসমৰ সামাজিক আৰু বৌদ্ধিক ইতিহাস। ইতিহাসবিদ হিচাপে আপোনাৰ পৰা দুটামান কথা জানিব খুজিম। আমাৰ মানুহৰ মাজত ইতিহাস অধ্যয়নৰ অনীহা দেখিবলৈ পায় নেকি আপুনি? প্ৰাক্-আহোম যুগৰ বুৰঞ্জীখিনি যেন আমাৰ মাজত বহুল প্ৰচলিত হৈ উঠা নাই। আহোম বুৰঞ্জীক লৈ বহুত গল্প উপন্যাসৰো সৃষ্টি হৈছে, যিটো প্ৰাক্-আহোম বুৰঞ্জীক লৈ হোৱা নাই। ইয়াৰ কাৰণ কি বুলি ভাবে?
ড° নগেন শইকীয়া ছাৰ: আমি গৌৰৱ কৰোঁ যে ভাৰতবৰ্ষৰ ভিতৰতে ইতিহাস ৰচনা কৰা জাতি হিচাপে অসমীয়া মানুহৰ এটা নাম আছে। কিন্তু বৰ দুখৰ কথা, আমি সেই গুণটো কিমান দূৰ আগুৱাই আনিব পাৰিছোঁ আৰু কিমান বিজ্ঞানসন্মতভাৱে তাৰ চৰ্চা চলাই আনিছোঁ, সেইটো এটা ডাঙৰ প্ৰশ্ন।
আমাৰ প্ৰাচীন বুৰঞ্জী সম্পৰ্কে জ্ঞান অতি সীমিত। ইয়াৰ কেইবাটাও কাৰণ আছে। আমাৰ ইয়াত কোনো খনন কাৰ্য বা তেনেধৰণৰ ইতিহাস বিচাৰ কৰাৰ বিজ্ঞানসন্মত পদ্ধতিসমূহপ্ৰয়োগ কৰাৰ সুযোগ খুব কম। উদাহৰণস্বৰূপে, আমবাৰী খননকাৰ্যত ইতিহাসৰ সমল হ’ব পৰা সামগ্ৰী কিছু ওলাইছিল, কিন্তু সেই সামগ্ৰীখিনি তাতে সীমাবদ্ধ হৈ থাকিল। এই কামটো আগবঢ়াই নিবলৈ কোনোধৰণৰ সহায় পোৱা নগ’ল আৰু গৱেষকসকলে সঠিক দিশত আগবাঢ়ি আহিব নোৱাৰিলে। যেতিয়ালৈকে বুৰঞ্জীত খননকাৰ্যৰ দৰে বিজ্ঞানসন্মত পদ্ধতি আমি প্ৰয়োগ নকৰিম, তেতিয়ালৈ আমি এটা ৰাষ্ট্ৰৰ, এখন ৰাজ্যৰ বা এটা জাতিৰ প্ৰকৃত বুৰঞ্জীখন উলিয়াই আনিব নোৱাৰোঁ। প্ৰাচীন ইতিহাস আমাৰ প্ৰথম ইতিহাস বুলি আমি গৌৰৱ কৰোঁ। কিন্তু গৌৰৱ কৰিলেও আমাৰ সীমাবদ্ধতা
“Early history of Kamrup” তে ৰৈ আছে। কনকলাল বৰুৱাই সেই গ্ৰন্থখনি নিলিখা হ’লে বোধকৰোঁ এইখিনি তথ্য এতিয়াও আমাৰ বাবে সহজে পাব পৰা তথ্য হৈ নুঠিলেহেঁতেন।
৫)কথা-কাঞ্চন: এতিয়া আপোনাৰ সাহিত্য জগতলৈ আহোঁ। ক’ৰবাত পঢ়িবলৈ পাইছিলোঁ, গোলাঘাটতে আপোনাৰ সাহিত্য চৰ্চাৰ বীজ ৰোপণ হৈছিল। সূদীৰ্ঘ ছয়দশকজুৰি আপুনি সাহিত্যচৰ্চাৰ সৈতে জড়িত হৈ আছে। সাহিত্যৰ ক্ষেত্ৰত আপুনি কেইবাটাও বঁটা লাভ কৰিছে। ১৯৯৭ চনত ‘আন্ধাৰত নিজৰ মুখ’ গল্প সংকলনটোৰ বাবে সাহিত্য অকাডেমিৰ বঁটা লাভ কৰিছে। ইয়াৰ পিছতো আপুনি ভিন ভিন সময়ত অসম উপত্যকা বঁটাপ্ৰাপ্তিকে ধৰি বিভিন্ন বঁটা তথা সাহিত্য অকাডেমিৰ সন্মানীয় ফেল’পদ লাভ কৰিছে। ৭০ খন মৌলিক গ্ৰন্থ তথা তিনিকুৰিৰো অধিক সম্পাদিত গ্ৰন্থৰে আপোনাৰ সাহিত্যিক জীৱন যথেষ্ট সমৃদ্ধিশালী। এই সমৃদ্ধিৰ মাজতো এনেকুৱা হৈছে নেকি যে, কোনো গ্ৰন্থ উপন্যাস পঢ়ি আপোনাৰ মনলৈ ভাব আহিছে এইটো গল্পবা উপন্যাস যদি মই লিখিলোঁহেঁতেন।
ড° নগেন শইকীয়া ছাৰ: আনৰ ভাল গল্প পঢ়িলে দেখোন ভালহে লাগে। এনেকুৱা ভাব হয় যে, মই এনেকৈ ভাবিব নোৱাৰিলোঁ দেখোন। কিন্তু মই কেতিয়াও এই কথাটো লৈ আক্ষেপ নকৰোঁ এইকাৰণেই যে, প্ৰত্যেক মানুহৰে নিজৰ ক্ষমতাৰ সীমাবদ্ধতা এটা আছে। মোৰো সীমাবদ্ধতা আছে। এই সীমাবদ্ধতাৰ মাজত থাকিয়ে আমি যিখিনি কাম কৰোঁ,সেইখিনিয়ে আমাৰ নিজৰ কাম। তাৰ ভিতৰত যদি আমি গ্ৰহণ কৰিব পৰা বিষয় বা লেখা ওলায়, সেইটো আমাৰ বাবে আনন্দৰ কথা হয়। আৰু যদি নোলায়, তেতিয়াও মই ভাবোঁ যে বেজাৰ কৰি লাভ নাই, কাৰণ যিখিনি লিখিছোঁ সেইখিনি মই লিখা বিষয়। তাৰ মূল্যটো আনেহে কৰিব। মোৰ লেখাটো পঢ়ি তেওঁলোকে ভাল পালে ভাল পাম আৰু আনে বেয়া বুলি ক’লে তেওঁলোকক বেয়া কোৱাৰ কোনো প্ৰশ্ন নাহে। বৰঞ্চ মই নিজকহে দোষী কৰিম, যে মই নিশ্চয় সঠিকভাৱে যিটো স্তৰলৈ যাব লাগিছিল, সেইটো স্তৰলৈ যাব পৰা নাই। কিন্তু তাৰ বাবে মোৰ নিজক লৈ কোনো আক্ষেপ নাই।
৬)কথা-কাঞ্চন: অনলাইন সাহিত্যৰ ক্ষেত্ৰত আপোনাৰ মতামত জানিব খুজিম। সাহিত্যক্ষেত্ৰখনো ডিজিটেলাইজড হৈ যোৱাৰ পাছত সাহিত্যৰ ক্ষেত্ৰত ভালে বেয়াই বহুত ধৰণৰ লেখা সৃষ্টি হোৱা দেখা যায়। কোনোবাটোৰ হয়তো মান বহুত ওপৰত, কোনোবাটোৰ হয়তো তলত। ডিজিটেল মাধ্যমত এজন অভিজ্ঞ সম্পাদকৰ অভাৱেই এই বাচনি কৰাত অসুবিধাৰ সৃ্ষ্টি কৰে।এই বেয়া সাহিত্যখিনিক লৈ আপোনাৰ মতামত জানিব বিচাৰিম। সময়ৰ সোঁতত এইখিনি এলাগী হৈ পৰি থকাতেই আমাৰ চিন্তা শেষ হ’ব নে সাময়িকভাৱে ই আমাৰ সমাজত বেয়া প্ৰভাৱ পেলাই যাব বুলি আপুনি শংকিত?
ড° নগেন শইকীয়া ছাৰ: ব্যক্তিগতভাৱে মই অনলাইনৰ পৰা বহুত দূৰত থকা মানুহ। মই ডিজিটেল ৱৰ্ল্ডৰ মানুহেই নহয়। মই নিজে অনুভৱ কৰো যে মই ডিজিটেল জগতৰ কিছু কাম শিকিব লাগিছিল, কিন্তু মোৰ ৮২ বছৰ বয়সত মই যে এই জগতত প্ৰৱেশ কৰিব পাৰিম, সেই ভাব নাহে। মই সদায় আনৰ সহায় বিচাৰিব লগা হয়।মোৰ সহায়কাৰী ছোৱালী এজনীৰ যোগেদিহে মই এই কামবোৰ কৰি থাকোঁ।
কিন্তু মই ভাবোঁ যে, অনলাইন বস্তুবিলাক ক্ষণস্থায়ী হোৱাৰ সম্ভাৱনাটো বেছি।হয়,তাক সংৰক্ষণ কৰিব পাৰি, কিন্তু আমি সকলো বস্তু সংৰক্ষণ কৰিমনে? আমি যেতিয়ালৈ প্ৰত্যয় নাযাওঁ যে এই বস্তুটো আমি সংৰক্ষণ কৰিব লাগে, তেতিয়ালৈকে আমি যিকোনো বস্তু সংৰক্ষণ নকৰোঁ।
মই ভাবোঁ যে অনলাইন হওক, কিন্তু ছপা সাহিত্যও আমাক লাগে।
বেয়া সাহিত্যৰ ক্ষেত্ৰত কওঁ যে, বেয়া সাহিত্যক কেতিয়াও উৎসাহ দিব নালাগে। বেয়া সাহিত্যক বৰ্জনীয় জ্ঞান কৰিব লাগে, কাৰণ সমাজত ই ঋণাত্মক প্ৰভাৱ পেলাব পাৰে।
৭)কথা-কাঞ্চন: অসম সাহিত্য সভাৰ দুটাকৈ অধিবেশনত আপুনি সভাপতিত্ব কৰিছে। সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্যক সদায়েই বাট দেখুৱাই আহিছে। তথাপি যেন সাহিত্য সভাৰ পূৰ্বৰ গৰিমা হ্ৰাস পাইছে। ইয়াৰ কাৰণ কি বুলি ভাবে?
ড° নগেন শইকীয়া ছাৰ: মই ভাবোঁ যে সাহিত্য সভা দৰাচলতে সাহিত্যিকসকলৰ অনুষ্ঠান হৈ থাকিব লাগে, অৰ্ধসাহিত্যিক বা অসাহিত্যিকৰ অনুষ্ঠান হ’ব নালাগে।কিন্তু সাহিত্য সভাত যিবোৰ নতুন নীতি-নিয়ম কৰিলে,সেই নিয়মবিলাক ৰাজনৈতিক দলৰ নীতি-নিয়মৰ দৰে হ’ল।তাৰ ফলস্বৰূপে সাহিত্য সভাৰ যিটো পূৰ্বৰ গৰিমা, সেইটো বহুপৰিমাণে হ্ৰাস পালে বুলি মই ভাবোঁ। মই সদায় অনুভৱ কৰোঁ যে সাহিত্য সভাৰ সভাপতিজনক প্ৰতিদ্বন্দিতা কৰি নিৰ্বাচন কৰিব নালাগে। এখন উচ্চস্তৰীয় বাচনি কমিটিৰ যোগেদি সভাপতিজনক বাচি আনিব লাগে। বিশ্বৰ বিভিন্ন সাহিত্য সভাৰ সভাপতিজনক তেনেকৈয়ে নিৰ্বাচন কৰা হয়। কিন্তু আমাৰ ইয়াত যিজনে ভোট সৰহকৈ পায়, তেওঁকেই আমি সভাপতি পাতোঁ।গতিকে আমি চাব লাগিব যে আমাৰ ভোট দিয়া শাখাবিলাকত কিমান সচেতন, শিক্ষিত সাহিত্যিক, কবি তথা সাহিত্য সম্পৰ্কে জনা কিমান ব্যক্তি আছে তথা কিমান পঢ়ুৱৈ আছে। এই অভাৱৰ বাবেই সাহিত্য সভাৰ মান ৰক্ষা হোৱা নাই বুলি ভাবোঁ মই। তাৰ মাজতে যোৱা কিছুদিনত সাহিত্য সভাৰ সভাপতি হ’বৰ বাবে বাক-বিতণ্ডাৰো সৃষ্টি হৈছে। সেইবিলাকেও সাহিত্য সভাৰ গৰিমা হ্ৰাস কৰিছে বুলি মই ভাবোঁ। মানুহে কেতিয়াও ক্ষমতাৰ কাৰণে লোভ কৰি আগবাঢ়িব নালাগে। অৱশ্যে এইবাৰৰ সাহিত্য সভাৰ সভাপতিজন ব্যক্তি হিচাপে ভাল। কিন্তু মাজতে যিবোৰ ঘটনা ঘটি গ’ল সেইবোৰ আমাৰ বাবে বৰ দুৰ্ভাগ্যজনক।অসম সাহিত্য সভাৰ ইতিহাসত এটা কলীয়া অধ্যায় হিচাপে ৰৈ গ’ল।
মই আশা কৰিম, ভৱিষ্যতে সাহিত্য সভা ভাল হওক, সাহিত্য সভা আকৌ সাহিত্যিকৰ অনুষ্ঠান হওক আৰু সাহিত্য সভাৰ যিগৰাকী কৰ্ণধাৰ হ’ব, তেওঁলোক ৰাজনৈতিক দলত প্ৰতিদ্বন্দিতা কৰি অহাৰ দৰে জিকি আহিব নালাগে, বৰঞ্চ উচ্চস্তৰীয় কমিটিৰ যোগেদি যাতে নিৰ্বাচন কৰি আনিব পাৰে, তেনে ব্যৱস্থা হ’লে মই সুখী হ’ম।
৮)কথা-কাঞ্চন: কম সময়ৰ বাবে হ’লেও আপুনি সাংবাদিকতাত যোগদান কৰিছিল। আজিৰ সময়ত সাংবাদিকতা বৃত্তিটোৰ লগত কেইবাটাও ঋণাত্মক দিশ লগ লাগিছে। অসমৰ সাংবাদিকসকলৰ গুণগত মানদণ্ডক লৈ আপোনাৰ মতামত জানিব পাৰিমনে?
ড° নগেন শইকীয়া ছাৰ: প্ৰথমতে সাংবাদিক নিৰ্বাচনত সাৱধান হোৱাৰ কথা ক’ম। সংবাদপত্ৰ এখনে সাংবাদিক নিৰ্বাচন কৰোঁতে কেতবোৰ দিশ চালিজাৰি চাব লাগিব। দ্বিতীয়তে সাংবাদিকজন এটা প্ৰশিক্ষণ পাঠ্যক্ৰমৰ অধিকাৰী হ’ব লাগিব। যিবোৰ বাতৰিৰ সামাজিক মূল্য নাই, তেনেকুৱাধৰণৰ বাতৰি পৰিহাৰ কৰা উচিত। বেয়া ঘটনাসমূহ বাতৰিৰ মাধ্যমেৰে নিশ্চয়কৈ দাঙি ধৰিব লাগিব। কিন্তু এনেকুৱা বাতৰি সঘনাই দেখুৱাই থাকিলে তাৰ বেয়া প্ৰভাৱ এটাও সমাজত পৰে। উদাহৰণস্বৰূপে, হত্যা-আত্মহত্যাৰ দৰে যিবোৰ ঘটনা বৰ্তমান যুগত বাঢ়িবলৈ ধৰিছে, সেই বাতৰিবোৰ নিশ্চয়কৈ প্ৰচাৰ কৰিব লাগিব। কিন্তু সেই ঘটনাসমূহ ‘ইন-ডিটেইল’, বিস্তাৰিতভাৱে বা বিশদভাৱে প্ৰচাৰ কৰিব নালাগে।
এজন সাংবাদিকৰ সমাজখনৰ প্ৰতি, নিজৰ দেশৰ প্ৰতি, ৰাজ্যৰ প্ৰতি, সাধাৰণভাবে মানৱতাৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগিব। তেতিয়াহে এই সৰু সুৰা ত্ৰুটিসমূহৰ পৰা সাংবাদিক এজন মুক্ত হ’ব পাৰিব।
৯)কথা-কাঞ্চন: আপুনি ১৯৮৬ চনৰ পৰা ১৯৯২ চনলৈ ৰাজনীতিৰ লগত প্ৰত্যক্ষভাবে জড়িত হৈ আছিল।এই বিষয়ে আপোনাৰ অভিজ্ঞতা কেনেধৰণৰ?
ড° নগেন শইকীয়া ছাৰ: মই আচলতে কোনোদিন সক্ৰিয় ৰাজনীতিত যোগ দিম বুলি ভবা নাছিলোঁ। মোক যেতিয়া বিচৰা হ’ল, তেতিয়া বহুত তৰ্ক-বিতৰ্কৰ শেষত মোক এনেদৰে বান্ধোনত পেলোৱা হল, যে মই যাবলগীয়া হ’ল। কিন্তু মই গৈ দেখিলোঁ যে মোৰ এটা লাভ হ’ল।সেইটো হ’ল ভাৰতীয় গণতন্ত্ৰক মই ভিতৰৰ পৰা দেখিলোঁ। আৰু এটা কথা দেখিলোঁ মই যে, ভাৰতবৰ্ষত যিজনেই প্ৰধানমন্ত্ৰী হয়, তেওঁৰ নিৰ্দেশতেই গোটেই দেশখন চলে।গণতন্ত্ৰত যদিও মূল্যবোধৰ কথা আমি কওঁ,এই গণতন্ত্ৰও একপ্ৰকাৰ ৰাজতন্ত্ৰৰ লেখীয়াই।আগৰ ৰাজতন্ত্ৰত যিদৰে ৰজাৰ কথামতেই দেশ চলিছিল,এতিয়াও প্ৰধানমন্ত্ৰীজনে যি কথা কয়,সেই কথাটোকেই সৰ্বতোপ্ৰকাৰে সংসদত গৃহীত হয়গৈ। এই ত্ৰুটিটো মই দেখা পালোঁ। তদুপৰি আৰু এটা ত্ৰুটি মই দেখা পালোঁ, ৰাজ্যসভাত এবাৰ মই উত্থাপন কৰিছিলোঁ এই বিষয়ে। সেইটো হ’ল, লোকসভা বা ৰাজ্যসভালৈ পঠিওৱা সাংসদসকলৰ এটা ন্যূনতম শৈক্ষিক অৰ্হতা থাকিব লাগে। সাংসদসকল আইনৰ স্নাতক হ’লে খুব ভাল, নহ’লেও স্নাতক নোহোৱা ব্যক্তিক নিৰ্বাচন কৰিব নালাগে। কাৰণ, যিসকল প্ৰতিভাৱান লোক অথচ শিক্ষাগত অৰ্হতা নাই, তেনেলোকক ৰাষ্ট্ৰপতিৰদ্বাৰা মনোনিত কৰা সুবিধা এটা আছেই যেতিয়া, আমি বাকীসকলৰ ক্ষেত্ৰত এই শৈক্ষিক মানটো ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগে। এইটোৱেই মোৰ ভাব আৰু মোৰ এই মনোভাৱটো মই নিজে সংসদত মুকলিকৈ প্ৰকাশ কৰি আহিছিলোঁ।কিন্তু সেইটো হ’বলৈ নিদিয়ে। কাৰণ তেতিয়া বহুতৰ চাউলমুঠি মৰিব। মই দেখিছোঁ যে, আমাৰ যেতিয়া গোচৰ এটা হয়, আমি যেতিয়া উকীল ধৰোঁ, সেই উকীলজন আইনৰ স্নাতক হ’ব লাগিব। যিজন বিচাৰকে গোচৰটোৰ ৰায় দিব, তেৱোঁ আইনৰ স্নাতক হ’ব লাগিব। কিন্তু লোকসভাৰ নিৰ্বাচিত সাংসদসকল, যিসকলে আইন তৈয়াৰ কৰে, তেওঁলোক আইন সম্পৰ্কে কোনো জ্ঞান নহ’লেও হয়। এইটো এটা বৰ ডাঙৰ ত্ৰুটি বুলি মই ভাবোঁ।
১০)কথা-কাঞ্চন: এই কথাটো কেতিয়াও এনেধৰণে চিন্তাই কৰা নাছিলোঁ। ধন্যবাদ ছাৰ। আমাৰ শেষৰ প্ৰশ্নটো ‘মিতভাষ’ক লৈ। অসমীয়া সাহিত্যত মিতভাষ মানেই ড° নগেন শইকীয়া। ড° নগেন শইকীয়া মানেই মিতভাষ। মিতভাষৰ ধাৰণাটো সৃষ্টিৰ সময়ত আপোনাৰ লক্ষ্য কি আছিল? নতুন প্ৰজন্মৰ কোনো কবি-সাহিত্যিকে মিতভাষৰ ধাৰাটো আগুৱাই নিয়া চকুত পৰিছে নে আপোনাৰ?
ড° নগেন শইকীয়া ছাৰ: মিতভাষ মোৰ বাবে জীৱনসম্পৰ্কীয় কিছুমান অনুভৱৰ আত্মপ্ৰকাশ।যিবোৰ চমু আৰু সৰু সৰু কথাই আহি মোৰ মনত ডাঙৰ আলোড়নৰ সৃষ্টি কৰে,তেতিয়াই মই কম কথাত তাক প্ৰকাশ কৰিবৰ বাবে চেষ্টা কৰোঁ। আৰু এটা কথা মই অনুভৱ কৰি আহিছোঁ যে মানুহৰ জীৱনৰ সৰহখিনি সময় দুখেৰে ভৰাআৰু আমি তাক সুখৰ কৰিবলৈ যত্ন কৰি থাকোঁ।কিন্তু দুখেই বাৰে বাৰে সুখক পৰাজয় কৰি নিজক প্ৰতিষ্ঠা কৰে।এই দুখটোক মই ব্যক্তিগত দুখ বুলি কোৱা নাই,এয়া বিভিন্ন প্ৰকাৰৰ দুখ হ’ব পাৰে।পোৱাৰ আনন্দ মানুহৰ খুব কম। হেৰুওৱাৰ দুখহে বেছি।
“সুখৰ সোঁতত ভাহে দুখৰ নাৱত
ছয়াঁময়া চেনেহ ভিখাৰী”
– যতীন্দ্ৰনাথ দুৱৰাৰ কবিতা।
সোঁতটো সুখৰেই। কিন্তু নাওখনি দুখৰ। এই ভাৱটোৱে জীৱনৰ এই দুখৰ ফালটো যেন সদায় দাঙি ধৰিব খোজে। এইবোৰে মোৰ মনত যেতিয়া আলোড়ন কৰিছে, মই তাক চমু কথাৰে কৈ থ’ব খোজোঁ। কিন্তু অনুভৱ প্ৰকাশ কৰিবৰ বাবে পৃথিৱীৰ কোনো ভাষাতে কোনো শব্দ নাই। গতিকে মোৰ মনলৈ এই অনুভৱ প্ৰকাশৰ যি আধাৰ আহে, মই সেইখিনিকে গ্ৰহণ কৰি তাক প্ৰকাশ কৰিব বিচাৰোঁ। প্ৰথম অৱস্থাত মই এইবোৰ প্ৰকাশ কৰিম বুলি ভবা নাছিলোঁ। ডায়েৰীৰ পৃষ্ঠাৰ দৰে আছিল। কিন্তু পিছত কবি নীলমণি ফুকনে এইখিনি পঢ়ি ক’লে যে, এয়া একো একোটা কবিতাৰ টুকুৰাৰ দৰে হৈছে। তাৰ পিছতহে এইখিনি মই ৰাজহুৱা কৰিছোঁ।
এতিয়া মই দুই-এজনক দেখিছোঁ মিতভাষৰ আৰ্হিত লিখিবলৈ আগবাঢ়ি আহিছে। আৰ্হিটো লোৱা এটা কথা আৰু তাৰ ভিতৰৰ দৃষ্টিভংগীটো লোৱা আন এটা কথা। যদি আৰ্হি আৰু দৃষ্টিভংগী দুয়োটা খাপ খায়, তেতিয়াহ’লে মই আপত্তি কৰিব লগা একো নাই।
১১) ছাৰ আপোনাৰ শৈশৱ, পিতৃমাতৃ তথা পৰিয়ালৰ বিষয়ে চমুকৈ দুআষাৰ জনাব নেকি?
ড° নগেন শইকীয়া ছাৰ: মোৰ পিতৃ-মাতৃ দুয়োজনৰে ইতিমধ্যে পৰলোকপ্ৰাপ্তি ঘটিছে। মোৰ ডিব্ৰুগড়ৰ বাসভৱনতে তেওঁলোকৰ মৃত্যু হৈছে। তেওঁলোক গোলাঘাটৰ “হাতীয়েখোৱা” গাঁৱত আছিল। দেউতা আছিল শিক্ষক। ডিব্ৰুগড়লৈ অহাৰ পিছত মই বাৰে বাৰে গাঁওলৈ যাবলৈ অসুবিধা পোৱাত তেওঁলোকক ইয়ালৈ লৈ আনিলোঁ। ইয়াত মোৰ পত্নী, ল’ৰা দুজন, ছোৱালী এজনী, বোৱাৰী দুগৰাকী আৰু জোঁৱাই এজন। ডাঙৰ ল’ৰাই দুলিয়াজান অইলত কাম কৰে। ডাঙৰ বোৱাৰী কানৈ কলেজৰ অধ্যাপিকা আৰু জোঁৱাই ডিব্ৰু কলেজৰ অধ্যাপক। সৰুটো ল’ৰাই এম টেক কৰি জ্যেষ্ঠ ভূতত্ববিদ হিচাপে চৌদি আৰৱত কৰ্মৰত হৈ আছে। সৰু বোৱাৰী উচ্চতম ন্যায়ালয় তথা দিল্লী উচ্চ ন্যায়ালয়ত কৰ্মৰত। নাতি-নাতিনীৰ কথা ক’বলৈ হ’লে নাতি এজন আৰু নাতিনী পাঁচজনী।
দশ পুত্ৰ সম কন্যা বুলি কয়। আমাৰ পাঁচজনী নাতিনী কাৰণে আমি পঞ্চাশটা ল’ৰা বুলি ধৰি লৈছোঁ। (ৰসিকতাভৰা উত্তৰেৰে সুখী সংসাৰৰ আভাস দিলে তেওঁ)
কথা সামৰাৰ সময় হৈ আহিছিল। কথা-কাঞ্চনলৈ ছাৰৰ আশীৰ্বাদ আৰু পৰামৰ্শ জানিব খুজিলোঁ।
উত্তৰত ছাৰে ক’লে, “লেখাবিলাক খুব ভালকৈ চালিজাৰি চাবা। ব্যক্তিগত কাৰণত মানুহক হেয় কৰাৰ যত্ন যাতে কোনেও নকৰে। আক্ৰমণাত্মক লেখাবোৰ পৰিহাৰ কৰিবা। কবিতাৰ ক্ষেত্ৰত আনুভূতিক আলোড়নটো কিমান গভীৰ সেইটো চাব লাগে। আচলতে ক’বলৈ গ’লে কবিতা লিখাটোৱেই আটাইতকৈ টান কাম। কিন্তু আমাৰ সমাজত কবিৰ সংখ্যাই সৰহ। কবিতা হৈছে আনুভূতিক শব্দৰ মালা। কিন্তু অনুভূতিৰ কোনো ভাষা নাই, শব্দ নাই। গতিকে আমি বিভিন্ন আধাৰৰ মাধ্যমতহে কবিতাত অনুভূতি প্ৰকাশ কৰোঁ। কবিতা পোনপটীয়া শিক্ষাৰ জৰিয়তেও লিখা নাযায়।এই কথাখিনি মানি লৈ এটা আদৰ্শ ৰাখি আলোচনীখন প্ৰকাশ কৰা। মোৰ শুভকামনা সদায় আছে”।
‘মিতভাষ’ৰ স্ৰষ্টা মিতভাষী নগেন শইকীয়া ছাৰৰ আশিষভৰা কথাই সমগ্ৰ সময়খিনি মোহাচ্ছন্ন কৰি ৰাখিলে। স্বনামধন্য এনে লোকসকলৰপৰা অনেক কথাই জানিবলৈ থাকে যদিও তাকৰীয়া সময়ৰ ভিতৰতে তেখেতে আমাক যিখিনি জ্ঞান তথা দিহা-পৰামৰ্শ দিলে সেয়া আমাৰ বাবে পাথেয় হৈ ৰ’ব। সদৌশেষত ছাৰৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰি কথা-কাঞ্চনৰ পৰিয়ালৰ তৰফৰপৰা তেখেতক ধন্যবাদ জনাই নাতিদীৰ্ঘ সাক্ষাৎকাৰটিৰ ইমানতে অন্ত পেলালোঁ।
(সাক্ষাৎকাৰটি যুগুতোৱাত সহায় কৰিলে ডিব্ৰুগড়ৰ প্ৰীতি শইকীয়া আৰু পৰী পাৰবীনে)
সাক্ষাৎকাৰটি পঢ়ি ভাল লাগিল ৷
সাক্ষাৎকাৰটো পঢ়ি ভাল লাগিল।শইকীয়া ছাৰৰ সুবিশাল ব্যক্তিত্বই আকৰ্ষণ কৰে।আগলৈও আৰু আশা কৰিলোঁ।
অতি ভাল প্ৰয়াস। কথা কাঞ্চনলৈ ধন্যবাদ