সাম্প্ৰতিক ঘটনা-প্ৰবাহ

(সংগ্ৰহ:মল্লিকা কলিতা)

১)  আমেৰিকাৰ প্ৰখ্যাত  কবি লুইছ গ্লুকলৈ এই বছৰৰ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছে স্পষ্ট আৰু আপোচবিহীন কৰ্মৰাজিৰ বাবে। গ্লুকৰ প্ৰকাশিত কাব্য-১২। মাৰ্কিন কবিতাক গতিশীল কৰিছে লুইজিয়ে।

২) বিশিষ্ট  শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ যোৱা ৩০চেপ্টেম্বৰত মৃত্যু হয়।

৩) বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ধাম-খুমিয়াৰ মাজতে ৰাজ্যখনৰ আগশাৰীৰ নেতা-কেন্দ্ৰীয় মন্ত্ৰী তথা লোকজনশক্তি পাৰ্টীৰ প্ৰতিষ্ঠাপক ৰাম বিলাস পাছোৱানৰ যোৱা ৮ অক্টোবৰৰ নিশা দিল্লীৰ এইমছত মৃত্যু হয়। 

৪) ভাৰতীয় বায়ুসেনা বাহিনীয়ে ৮ অক্টোবৰত ৮৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। 

৫) জিন’ম এডিটিঙৰ প্ৰণালী ‘ক্ৰিছপাৰ-কাছ ৯’ ৰ আৱিস্কাৰৰ বাবে ফৰাচী বিজ্ঞানী ইমানুৱেল শ্বাৰপেনটিয়াৰ আৰু মাৰ্কিন বিজ্ঞানী জেনিফাৰ এ ডাউডনালৈ যৌথভাৱে ২০২০ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। 

৬) ব্ৰিটিছ বিজ্ঞানী ৰ’জাৰ পেনৰ’জ, জাৰ্মান বিজ্ঞানী ৰেইনহাৰ্ড গেঞ্জেল তথা মাৰ্কিন এন্দ্ৰিয়া গেজক ২০২০ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। 

৭) বিশিষ্ট সংগীতশিল্পী-অভিনেতা  এছ পি বালাসুব্ৰমণিয়মে ২৫ ছেপ্টেম্বৰত কোভিড-১৯ ত আক্ৰান্ত হৈ ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।

৮) দেশৰ প্ৰখ্যাত অভিনেতা তথা অসম সন্তান আদিল হুছেইনে প্ৰকাশ ঝা পৰিচালিত ‘পৰীক্ষা’ ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে বাৰ্লি’নত অনুষ্ঠিত ইণ্ডো-জাৰ্মান ফিল্ম উইকত শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।

৯) অসমৰ প্ৰথম তথা একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী চৈয়দা আনোৱাৰা টাইমূৰৰ ২৮ চেপ্টেম্বৰত নিউজিলেণ্ডত ৮৪ বছৰ বয়সত মৃত্যু হয়।

১০) সমগ্ৰ বিশ্বত ক্ষুধাৰ বিৰুদ্ধে চলোৱা অহৰহ সংগ্ৰাম আৰু যুদ্ধবিধ্বস্ত অঞ্চললৈ শান্তি ওভোতাই অনাৰ বাবে চলোৱা অনন্য প্ৰয়াসৰ বাবে ‘বিশ্ব খাদ্য কৰ্মসূচী’(ৱৰ্ল্ড ফুড প্ৰগ্ৰেম বা ডব্লিউ এফ পি)ক ২০২০ চনৰ শান্তিৰ নোবেলৰ বাবে নিৰ্বাচিত কৰিছে ।

১১) ২০২০ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে আমেৰিকাৰ দুগৰাকী অৰ্থনীতিবিদ পল মিলগ্ৰ’ম আৰু ৰবাৰ্ট উইলছনক নিলামৰ নতুন পদ্ধতি উদ্ভাৱন আৰু উন্নয়নৰ বাবে।  

১২)ফ্ৰেন্স অ’পেনৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আমেৰিকাৰ চতুৰ্থ বাছনিৰ খেলুৱৈ ছ’ফিয়া কেনিনক পৰাস্ত কৰি নতুন ৰাণী হিচাপে ভূমুকি মাৰিলে পোলেণ্ডৰ খেলুৱৈ ইগা ছিয়ানটেক। 

১৩) ফ্ৰেন্স অ’পেনত ত্ৰয়োদশবাৰলৈ চেম্পিয়ন হৈছে ৰাফেল নাডাল। স্পেনিছ খেলুৱৈজনে পুৰুষৰ ছিংগলছৰ ফাইনেলত বিশ্বৰ ১নম্বৰ খেলুৱৈ ন’ভাক জ’ক’ভিচক পৰাস্ত কৰি ফেডেৰাৰৰ অভিলেখ স্পৰ্শ কৰে।১২) অসম আৰক্ষীৰ বহু চৰ্চিত এছ আই পদৰ বাবে ২০ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যজুৰি পৰীক্ষা অনুষ্ঠিত হৈছিল৷ কিন্তু  পৰীক্ষা আৰম্ভ হোৱাৰ তিনি মিনিটৰ পিছতেই প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য লাভ কৰাৰ ফলত সমগ্ৰ পৰীক্ষা বাতিল কৰিব লগা হয়৷

১৪) বিশ্ব ক্ৰিকেটৰ আটাইতকৈ বৃহৎ টি-২০ লীগ আই পি এল-১৩ মহাৰণ আৰম্ভ হয় ১৯ ছেপ্টেম্বৰৰ পৰা, দৰ্শকশূন্য ষ্টেডিয়ামত৷ আঠটা দলৰ খিতাপ জয়ৰ যুঁজখন বিশ্ব সন্ত্ৰাস কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবেই ছয়মাহলৈ পিছুৱাব লগীয়া হয় তথা খেলৰ স্থান সলাবলগীয়া হয় সংযুক্ত আৰৱ আমিৰশ্বাহিত ১০ নৱেম্বৰত হ’ব ফাইনেল৷

১৫)অসম আৰক্ষীৰ বহু চৰ্চিত এছ আই পদৰ বাবে ২০ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যজুৰি পৰীক্ষা অনুষ্ঠিত হৈছিল৷ কিন্তু  পৰীক্ষা আৰম্ভ হোৱাৰ তিনি মিনিটৰ পিছতেই প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য লাভ কৰাৰ ফলত সমগ্ৰ পৰীক্ষা বাতিল কৰিব লগা হয়৷

Leave a Reply

Your email address will not be published. Required fields are marked *