পৃথিৱীৰ অলেখ স্বনামধন্য কলাকাৰ, চিত্ৰশিল্পী, সংগীতজ্ঞ, সাহিত্যিকৰ ৰম্যভূমি পেৰিচ৷ এই পেৰিচতেই বিখ্যাত প্ৰাসাদ-সংগ্ৰাহলয়ৰ পয়োভৰ। পেৰিচ মূলতঃ আইফেল টাৱাৰৰ বাবেই যেন বিখ্যাত৷ পেৰিচ বুলিলেই প্ৰথমে মনলৈ আহে আইফেল টাৱাৰৰ ছবি। পেৰিচ আৰু আইফেল টাৱাৰ হৈ পৰিছে এক অভিন্ন যুতি। মৌৰিছ কেকলিন নামৰ ব্যক্তি এজনে প্ৰস্তুত কৰা আৰ্হিক লৈ ইঞ্জিনীয়াৰ আলেকজেণ্ডাৰ গুস্তাভ আইফেলে ইয়াৰ নিৰ্মাণকাৰ্য্য আৰম্ভ কৰে। ১৮৮৭ চনত যেতিয়া পেৰিছৰ আইফেল টাৱাৰৰ নিৰ্মাণকাৰ্য আৰম্ভ হয়, সংগীতজ্ঞ চাৰ্লচ গুন’, সাহিত্যিক গাই ডে’ ম’পাছাঁ, পেইণ্টাৰ ৱিলিয়াম ব’ৰগ’ৰ, স্থপতিবিদ চাৰ্লচ গাৰ্ণিয়াৰ আদি পেৰিচৰ বিশিষ্ট ব্যক্তিয়ে এখন গোহাৰিত চহী কৰি কয় যে, “এই টাৱাৰটো এক অৰ্থহীন, ক’লা দৈত্য। এক বৃহৎ কাৰখানাৰ চিমনিসদৃশ এই টাৱাৰটোৱে আমাৰ আন সকলো স্থাপত্য-ভাস্কৰ্যক লাজত পেলাব”। এই গোহাৰিৰ আপত্তি সত্বেও ১৮৮৯ চনৰ ৩১ মাৰ্চত মুকলি কৰা হয় দৰ্শকৰ বাবে। ৩২৪ মিটাৰ ওখ টাৱাৰটো নিৰ্মাণৰ বাবে ৯৪৪১ টন ওজনৰ ১৮০৩৮ টুকুৰা উৎকৃষ্ট মানৰ লোৰ টুকুৰা ব্যৱহাৰ কৰা হৈছিল আৰু ১৮৮৭ চনৰ ২৬ জানুৱাৰীৰ পৰা নিৰ্মাণ আৰম্ভ হোৱা এই সুউচ্চ টাৱাৰটো ২ বছৰ ২ মাহ আৰু ৫ দিনৰ কষ্টসাধ্য শ্ৰমৰ বিনিময়ত, ১৮৮৯ চনৰ ৩১ মাৰ্চ তাৰিখে নিৰ্মাণ কাৰ্য সম্পন্ন হয়। এশ বৰ্গ মিটাৰ কালি আৱৰি থকা আইফেল টাৱাৰক প্ৰতি সাত বছৰৰ মূৰত এবাৰ ৰং বুলোৱা হয়। টাৱাৰটো ভ্ৰমণকাৰীৰ বাবে মুকলি কৰাৰ দিন ধৰি বৰ্তমানলৈকে প্ৰায় ২০ কোটি লোকে ইয়াক দৰ্শন কৰিছে। (সংগ্ৰহ)