কোনাৰ্ক সূৰ্য মন্দিৰ উৰিষ্যাৰ কোনাৰ্ক নামৰ সাগৰৰ পাৰৰ ঠাইখনত অৱস্থিত। মন্দিৰটো ১২৫০ খ্ৰীষ্টপূৰ্বত ৰজা নৰসিংহদেৱ – ১ৰ শাসন কালত বনোৱা হৈছিল। ১০০ ফুট (এসময়ত ২০০ ফুটৰ আছিল) উচ্চতাৰ মন্দিৰটো সূৰ্য দেৱতাক উৎসৰ্গা কৰি স্থাপন কৰা হৈছিল। মন্দিৰটোৰ শিলৰ ওপৰত খুদিত সুন্দৰ কাৰু-কাৰ্য্য সমূহে উৰিষ্যাৰ অথবা কালিংগৰ স্থপতি ভাস্কৰ্য্যৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে।
১৯৮৪ চনত এই মন্দিৰটোক ইউনেচকʼৰ ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে ঘোষিত কৰা হৈছিল।
– কাভ্যা গৌতম