-অশোক কুমাৰ নাথ
ৰত্নেশ্বৰ হাজৰিকা সেই অঞ্চলত কলীয়া বেজ নামেৰে জনাজাত। তেওঁৰ বেজালিৰ চোক দেখি ডাঙৰ ডাঙৰ ডাক্তৰেও হেনো তবধ মানে। চিঞৰি-বাখৰি আমতলা গাঁৱৰ এদল মানুহে পিটৌকণক কলীয়া বেজৰ কাষলৈ লৈ আহিছে। বাল্টিত জিৰণ দি থোৱা শ’ল মাছ এটাৰ স’তে ধেমালি কৰি থাকোঁতেই শ’লটোৱে এপাকত জঁপিয়াই দিওঁতেই মুখ মেলি থকা পিটৌকণৰ মুখেদি সোমাই শ’ল গৈ পেট পালেগৈ। পেটত গৈ শ’লটোৱে ধপধপাই আছে নে পেটত থকা পানীত খেলি আছে শ’লটোৱেহে জানিব! ভয়তে পিটৌকণে চিঞৰি চিঞৰি কান্দি-কাটি এয়া আহি কলীয়া বেজৰ চোতাল পাইছেহি।
পৰিস্থিতি বুজ লৈ কলীয়া বেজে ক’লে– “নাকান্দিবি– ৰ-চোন ৰ! ধৈৰ্যৰে শুন– ডাক্তৰৰ ঘৰলৈ গ’লে অপাৰেশ্বন কৰি মানে পেট কাটি উলিয়াই দিব শ’লটো। খৰচ-পাতিও বাঢ়ি যাব তেতিয়া। নাই-নাইকৈও ৫০ হাজাৰ টকা লাগিব। মই কিন্তু পেট নাকাটো; বেলেগ বুদ্ধিৰে উলিয়াম শ’লটো। মোৰ মাননি যথেষ্ট কম– মাত্ৰ ১০ হাজাৰ টকা। কি ভাব পিটৌকণ ?”
“কাইদৌ, টকা দুহেজাৰ কমাই ল’বি দে। জানই নহয়– খেতি-পথাৰ সব এইবাৰো বানপানীয়ে মাৰিলে। ৮ হাজাৰ টকা দিম, যেনে তেনে…”
পিটোকণে কথা শেষেই কৰিবলৈ নাপালে, টেঙৰ শ’লে পিটোকণৰ পেটত পুনৰ ধপধপাবলৈ ধৰিলে। সি আকৌ লগালে চিঞৰ– “অ’ কাইদৌ! উলিয়া সোনকালে মাছটো! ইয়াৰ উৎপাতত মই মৰিম এতিয়া! আজি পেট ফুটাইহে এৰিব ই মোৰ!”
চতুৰ কলীয়া বেজো কম নহয়! ক’লে– “প্ৰথমে মাননিটো দি ল, তেতিয়াহে কামটো কৰিবলৈ উৎসাহ পাম।”
পিটৌকণৰ ভিনিহিয়েক দেৱেন্দ্ৰই ৮,০০১ টকা গুৱা-পাণৰ সৈতে বঁটাটোত দিবলৈহে পালে, কলীয়া বেজে সাউৎকৰে চপাই থ’লে।
দেৱেন্দ্ৰই ক’লে– “অ’ কাইদৌ, আৰম্ভ কৰ সোনকালে। চাচোন কেনেকৈ সি ছটফটাই আছে!”
শ’লৰ বিৰুদ্ধে ৰণনীতি প্ৰকাশ কৰিলে কলীয়া বেজে– “এটা কাম কৰোঁ বুলি ভাবিছোঁ– মুখেদি সুমুৱাই পেটত বৰশী পেলাওঁ। মানে পিটৌকণ, তই মুখখন মেলি থাকিবি, মই একেবাৰে তোৰ দিঙিৰ গুৰিত বৰশী পেলাম। গৰহ নহয় জানো এই শ’ল-চেঙেলীমখা! বৰশীটো খালেই লাহেকৈ মুখেদি উলিয়াই লৈ আনিম শ’লটো।”
কলীয়া বেজৰ কথা শুনি পিটৌকণে ভয়তে চিঞৰি উঠিল– “কি বৰশী পেলাবি! যদি বৰশীটো দিঙিত লাগে ??
“ধেৎ! কিয় দিঙিত লাগিব ? সাৱধানে কৰিমতো কামটো। তই মুঠতে একো চিন্তা নকৰিবি। বৰশীত কেঁচু চিলাম নে বেং চিলাম সেইটো ক ?”
“ছিঃ! কেঁচু– অক্! বেঙকেই চিলা কাইদৌ।”
দেৱেন্দ্ৰই ক’লে– “অ’ কাইদৌ, ইয়াৰ এপেণ্ডিক্সৰো অপাৰেশ্বন কৰিব লগা হৈ আছে। অহা সপ্তাহত কৰিম বুলি ভাবিয়েই থৈছিলোঁ। বেচেৰাটোৰ বিপদেই বিপদ!”
“কি! এপেণ্ডিক্সৰ অপাৰেশ্বন কৰিবলগা আছে নেকি ? ধেই! তেন্তে মোক কোৱা নাই কিয় খুলি-খালি কথাবোৰ ? বৰশী এতিয়াই নেপেলাওঁ তেন্তে।”
পিটৌকণে ছটফটাই থকাৰ মাজতে কলীয়া বেজক সুধিলে– “বৰশী কিয় এতিয়াই নেপেলাৱ কাইদৌ ?”
“তোৰ এপেণ্ডিক্সৰ অপাৰেশ্বন কৰিবলগীয়া হৈ আছে বুলি মোক কিয় কোৱা নাই ? শুন দেৱেন্দ্ৰ– ভিনি যেতিয়া তয়ো শুনাটো জৰুৰী। এপেণ্ডিক্সৰ অপাৰেশ্বনটো কৰোঁতে ডাক্তৰে নাই নাইকৈও ৪০ হাজাৰ টকা বিচাৰিব। তহঁতে মোক ৮ হাজাৰ হাজাৰ টকা দিলেই হ’ব। মই শ’লটোক মন্ত্ৰ মাৰি এনেকুৱা কৰি দিম যে সি এপেণ্ডিক্স খাবলৈ পাগল হৈ যাব। তীব্র বেগেৰে শ’লটো পিটৌকণৰ এপেণ্ডিক্সটোৰ ফালে গতি কৰিব আৰু গৈয়ে এফালৰ পৰা এপেণ্ডিক্সটো খাই শেষ কৰি পেলাব। তাৰ ১০ মিনিটমানৰ পাছতেই আমি বৰশী পেলাম। ই শ’লে কি বুলি ভাবিছে মোক হা! চাই ল আজি– মই তাক কি কৰিব পাৰোঁ!
কলীয়া বেজে শ’লটোৰ বিৰুদ্ধে যেন এখন তয়াময়া ৰণৰ হুংকাৰ দিলে!
দেৱেন্দ্ৰই মাত লগালে– “অ’ কাইদৌ, হাতত মাত্ৰ আৰু ৫ হাজাৰ টকাহে আছে। নিজৰ বুলি ভাবি এইটোকে ল আৰু! দেখিছই নহয় অৱস্থাটো কেনেকুৱা।”
“হ’ব দে; মোক নিজৰ বুলি ক’লি যেতিয়া এইবাৰলৈ মানিছোঁ বাৰু! খালী এই পইচা কমাই লোৱা কথাবোৰ যাকে-তাকে কৈ নুফুৰিবি।”
দেৱেন্দ্ৰই ৫,০০১ টকা উলিয়াই বঁটাটোত থ’বলৈহে পালে, কলীয়া বেজে একে থাপে বঁটা উদং কৰিলে!
কিবা মন্ত্ৰ মুখৰ ভিতৰতে বিৰবিৰাই ফু এটা মাৰি বিহলঙনীৰে পিটোকণক এবাৰ নে দুবাৰ মাত্ৰ জাৰিবলৈহে পালে, হঠাৎ পিটৌকণে চিঞৰি এটা মাৰি দিলে– “অ’ কাইদৌ, তহঁতৰ বাথৰুমটো কেনি ?”
পিটৌকণে বাথৰুমলৈ ভিৰাই লৰ মাৰিলে। বাথৰুমত পিটৌকণে ওপৰা-উপৰিকৈ কেইবাটাও বিকট চিঞৰ মাৰি দিলে। খন্তেক সময় নীৰৱ-নিস্তব্ধ। কিছু সময়ৰ পাছত দুৱাৰ খুলি পিটৌকণ ওলাই আহিল। তাৰ চকুৱে-মুখে যেন স্বস্তি আৰু আনন্দৰ আভা। কলীয়া বেজৰ ওচৰ পাই সি ক’লে– “অ’ কাইদৌ, শ’লটো ওলাল দে। উস্! বৰ জ্বলালে অ’ ই! বাথৰুমৰ commode-টোত ধপধপাই আছে। আজি পথাৰত হোৱা হ’লে তাক– মাৰিলোঁহেঁতেন লাখুটিৰে কেইকোবমান!”
কলীয়া বেজে আচৰিত হৈ বিজুলীবেগেৰে সুধিলে– “কি! কেনি ওলাল ? এটা সামান্য শ’ল মাছ পেটৰ ভিতৰত ধৰি ৰাখিবলৈ নোৱাৰিলি তই ?”
৫ হাজাৰ টকা লোকচানৰ ভয়ত কলীয়া বেজে পিটৌকণক এইবাৰ অনুনয়ৰ সুৰত ক’লে– “এপেণ্ডিক্সটোচোন পেটৰ ভিতৰত থাকিয়েই গ’ল! আৰু এটা শ’ল পেটৰ ভিতৰত ভৰাই দিওঁ নেকি ?”
পেটৌকণে ভয়তে এক জাঁপ দিলে– “কি ?”