ভালেকেইটি কাৰণত ‘স্মৃতিৰ পৰশ’ ছবিখন অসমীয়া ছবিৰ ইতিহাসৰ এখন গুৰুত্বপূৰ্ণ ছবি৷ ছবিখনৰ পৰিচালক আছিল নিপ বৰুৱা৷ বৰুৱা ভ্ৰাতৃসকলৰ ভিতৰত নিপ বৰুৱা আছিল বহুমুখী প্ৰতিভাৰ গৰাকী৷ একাধিক ক্ষেত্ৰত তেওঁ আছিল দক্ষ৷ তেওঁ আছিল সুদক্ষ ফুটবল খেলুৱৈ, চেন্টাৰ ফৰ’ৱাৰ্ড হিচাপে তেওঁ আছিল বিখ্যাত৷ তেওঁ বাঁহী বজাইছিল, ছবি আঁকিছিল (পা-ফু চিৰিজৰ কেইবাখনো কিতাপৰ বেটুপাতত তেওঁৰ অংকন প্ৰতিভা প্ৰকাশ পাইছিল), নাটক ৰচনা কৰিছিল, পৰিচালনা কৰিছিল, অভিনয় কৰিছিল, মূৰ্তি সাজিছিল আৰু এই জাতীয় সকলো কামতেই জড়িত হৈ পৰিছিল৷ এনে এজন লোক চিত্ৰ নিৰ্মাণৰ পিনে আগবাঢ়ি নিজৰ সৃষ্টি ব্যাকুল মনটোৰ বাবে এখন ক্ষেত্ৰ বিচাৰি লোৱাটো তেনেই স্বাভৱিক কথা আছিল৷
১৯৫৬ চনত মুক্তিলাভ কৰা ‘স্মৃতিৰ পৰশ’ ছবিখনৰ নিৰ্মাণ আৰম্ভ হৈছিল তেনেদৰেই৷ নিপ বৰুৱাই প্ৰযোজনা সংস্থাটিৰ এটি নাম- চিনেমাৰ পৰিভাষাত যাক কোৱা হয় বেনাৰ, ঠিক কৰি উলিয়াইছিল, ‘বৰুৱা আৰ্ট প্ৰডাকচন’৷ এই বেনাৰতে ছবিখন পৰিচালনা কৰিছিল গৌৰী শংকৰ হিম্মৎসিংকাই৷ এই ছবিৰেই ব্ৰজেন বৰুৱাই ছবি জগতত প্ৰবেশ কৰে সংগীত পৰিচালক, গায়ক আৰু অভিনেতা হিচাপে৷ সংগীত ৰচনাৰ ক্ষেত্ৰত অৰ্কেষ্টেচনৰ প্ৰয়োগ, গীতৰ সুৰত নাটকীয়তাৰ সংযোজন আদিৰে তেওঁ ব্যতিক্ৰমী সুৰকাৰ হিচাপে প্ৰতিষ্ঠিত আছিল, গায়ক হিচাপেও আছিল জনপ্ৰিয়৷ বিশেষকৈ ১৯৪৮ চনত আৰম্ভ হোৱা অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটীৰ গুৱাহাটী কেন্দ্ৰৰ গায়ক হিচাপে আৰু অইন গায়ক-গায়িকাৰ বাবে গীত ৰচনা আৰু সুৰ কৰি দিয়া দায়িত্ব পালন কৰি তেওঁ হৈ পৰিছিল সংগীত জগতৰ এগৰাকী এৰাব নোৱৰা ব্যক্তিত্ব৷ তেনে এগৰাকী সংগীতজ্ঞক সংগীত পৰিচালনাৰ দায়িত্ব দিয়াটো তেনেই স্বাভাৱিক কথা আছিল৷ আন এটা কথা হ’ল তৰুণ নীপ বৰুৱাই ছবি কৰিব ওলাইছিল পৰম্পৰাগত ছবিৰ ধাৰাৰ বিপৰীতে৷ গতিকেই এগৰাকী ব্যতিক্ৰমী সংগীত পৰিচালকৰ প্ৰয়োজন তেওঁ অনুভৱ কৰাটো আছিল তেনেই স্বাভাৱিক৷ এক কথাত ব্ৰজেন বৰুৱাৰ দক্ষতা আৰু জনপ্ৰিয়তা, দুয়োটাকেই পৰিচালক নিপ বৰুৱাই নিজৰ ছবিৰ বাবে ব্যবহাৰ কৰিছিল৷
নিপ বৰুৱাই নিজে লিখা আৰু বহুবাৰ মঞ্চস্থ কৰা নাটক ‘স্মৃতিৰ পৰশ’ক চিনেমা ৰূপ দিবলৈ লৈ মূল চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছিল মঞ্চ-নাটখনত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰা ব্ৰজেন বৰুৱাকেই৷ ব্ৰজেন বৰুৱা আছিল বাস্তৱধৰ্মী অভিনয়ৰ ধাৰাৰ অভিনেতা৷ তেওঁৰ অভিনয়ত মূলতঃ হলিউদৰ ছবিৰ অভিনেতাৰ প্ৰভাৱ দেখা গৈছিল৷ বাস্তৱ জীৱনতো দীৰ্ঘদেহী ব্ৰজেন বৰুৱা আছিল চৌখীন (সেই সময়তেই তেওঁ চানগ্লাচ পিন্ধিছিল, যিটো আছিল পুৰুষৰ চৌখীন ৰূপৰ উজ্জ্বল উদাহৰণ), ভিৰৰ পৰা আঁতৰত থাকি একান্তমনে নিজৰ কাম কৰি যোৱা বিধৰ আৰু তেওঁ অভিনয় কৰা চৰিত্ৰৰ চেহেৰাটোত সেই ৰূপটি প্ৰকাশ পাইছিল৷
গায়ক আৰু সুৰকাৰ হিচাপে প্ৰতিষ্ঠিত হলেও ছবিৰ সংগীত পৰিচালক হিচাপে ‘স্মৃতিৰ পৰশ’ ব্ৰজেন বৰুৱাৰ বাবে আছিল যথেষ্ঠ প্ৰত্যাহ্বানমূলক কাম৷ ইমানদিনে তেওঁ মূলতঃ আকাশবাণীৰ লাইভ ৰেকৰ্ডিঙৰ পৰিৱেশ আৰু মঞ্চ পৰিবেশনৰ বাবে সংগীত ৰচনা আৰু পৰিচালনা কৰি আছিল৷ কিন্তু কাৰিকৰী দিশৰ পৰা চিনেমাৰ সংগীত ৰচনা আৰু বাণীবন্ধন এটা সম্পূৰ্ণ পৃথক কাম আৰু সেই কাম কৰিব লাগিব কলিকতাৰ অচিনাকি পৰিৱেশৰ মাজত৷ এই পৰিবেশৰ পৰিবৰ্তন সৃষ্টিশীল কামৰ বাবে এটা প্ৰত্যাহ্বান৷ এই প্ৰত্যাহ্বানে কিন্তু আশা কৰাতকৈ অধিক সুন্দৰ ফলাফলৰ পিনেও নিয়াৰ সম্ভাৱনা বহন কৰে৷ ব্ৰজেন বৰুৱাৰ ক্ষেত্ৰতো সেইটোৱেই হৈছিল আৰু তাৰ কাৰণ আছিল তেওঁৰ নেতৃত্ব দিব পৰা গুণ৷
‘স্মৃতিৰ পৰশ’ৰ গীত বাণীবন্ধনৰ সময়ত ব্ৰজেন বৰুৱা আছিল গায়ক হিচাপে প্ৰতিস্থিত৷ কিন্তু ছবিৰ পুৰুষ কণ্ঠৰ গীতৰ বাবে তেওঁ নিৰ্বাচন কৰিছিল তৰুণ গায়ক ৰমেন বৰুৱাক৷ আনকি তেওঁ নিজে অভিনয় কৰা চৰিত্ৰৰ বাবেও ৰমেন বৰুৱাকেই ব্যবহাৰ কৰিছিল৷ কুন্দনলাল চাইগল, কিশোৰ কুমাৰ, সুৰাইয়া, নুৰজাহান আদিৰ দৰে জনপ্ৰিয় গায়ক-অভিনেতাৰ উদাহৰণ ভাৰতীয় ছবিত আছিল৷ ইচ্ছা কৰা হলে ব্ৰজেন বৰুৱায়ো অসমীয়া ছবিত তেনেকুৱা এটা উদাহৰণ যোগ কৰিব পাৰিলেহেঁতেন৷ কিন্তু তাকে নকৰি, যোগ্যতা থকাৰ পাচতো তেওঁ বেলেগ শিল্পীক পোহৰলৈ অনাৰ কথা ভাবিলে৷ কিয় এনেকুৱা কৰিলে তাৰ তাৎক্ষণিক উত্তৰ নাই, কিন্তু তেওঁৰ সমগ্ৰ শিল্পী জীৱনৰ বিৱৰ্তনলৈ মনযোগেৰে লক্ষ্য কৰিলে সেই প্ৰশ্নৰ এটা গ্ৰহণযোগ্য উত্তৰ পোৱা যায়৷ দেখা যায় যে, একক ব্যক্তি হিচাপে তেওঁ সংস্কৃতিৰ সাধনা কৰিব বিচৰা নাছিল৷ সংস্কৃতি চৰ্চাক তেওঁ এটা সামাজিক দায়িত্ব হিচাপেহে গ্ৰহন কৰিছিল আৰু সেইবাবেই তেওঁ অকলে আগ নাবাঢ়ি বহুতৰ লগত একেলগে আগবাঢ়ি যোৱাটোকে সাংস্কৃতিক জীৱনৰ মূল আদৰ্শ হিচাপে গণ্য কৰিছিল৷ ‘স্মৃতিৰ পৰশ’ত অংশগ্ৰহন কৰা আন শিল্পীসকল আছিল কলকাতাৰ শ্যামল মিত্ৰ আৰু আল্পনা বেনাৰ্জী আৰু গুৱাহাটীৰ ননী কাকতি, বিভা বৰুৱা, গিৰীণ বৰুৱা, ব্ৰজেন বৰুৱা আৰু গুণদা দাস৷ এই অসমীয়া শিল্পীসকলৰ মাজৰ অকল গুণদা দাসৰহে পূৰ্ব অভিজ্ঞতা আছিল চিনেমাৰ গীতত কণ্ঠদান কৰা৷ ছবিখনৰ গীতকেইটি হ’ল-
১. অ’ আই আমাৰ কপালতে;
কথা- কেশৱ মহন্ত, কণ্ঠ- ৰমেন বৰুৱা, ননী কাকতি৷
২. অজান বেথাৰ লাগি শিহৰণ;
কথা- কেশৱ মহন্ত, কণ্ঠ- ৰমেন বৰুৱা৷
৩. আহা আহা টুন টুন;
কথা- কেশৱ মহন্ত, কণ্ঠ- ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা, গিৰীণ বৰুৱা৷
৪. অ’ মোৰে দেহিটি ঐ;
কথা- কেশৱ মহন্ত, কণ্ঠ- ৰমেন বৰুৱা, ননী কাকতি, বিভা বৰুৱা, গিৰীণ বৰুৱা৷
৫. তিৰবিৰ কৰি থাকা তুমি;
কথা- দ্বিবন বৰুৱা, কণ্ঠ- ব্ৰজেন বৰুৱা৷
৬. কিছি কি য়াদ ম্যে [হিন্দী];
কথা- এম গৌতম, কণ্ঠ- আল্পনা বেনাৰ্জী৷
৭. হেই ছলক পড়ী চান্দনী [হিন্দী];
কথা- বীৰেন দত্ত, কণ্ঠ- শ্যামল মিত্ৰ৷
গায়ক আৰু সুৰকাৰ হিচাপে ব্ৰজেন বৰুৱাই সদায়েই উচ্চমানৰ গীতি সাহিত্যৰ অনুৰক্ত আছিল৷ অজিত বৰুৱা, নৱকান্ত বৰুৱা, লক্ষহীৰা দাস, বীৰেন গোহাঁই আদি আছিল তেওঁৰ প্ৰিয় গীতিকাৰ৷ কিন্তু ‘স্মৃতিৰ পৰশ’ৰ বাবে তেওঁ সন্ধান কৰিছিল নতুন গীতিকাৰৰ৷ তেনে এগৰাকী গীতিকাৰ হ’ল কেশৱ মহন্ত৷
‘স্মৃতিৰ পৰশ’ত হোৱা এই গোটবন্ধন এখন বোৱঁতী নৈৰ দৰে বৈ আছিল ব্ৰজেন বৰুৱাৰ অন্তিমখন ছবিলৈকে৷ ব্ৰজেন বৰুৱাই কেশৱ মহন্তক লগ পাইছিল কটন কলেজত পঢ়ি থকা সময়তে৷ তাৰ পাছত লগ পাইছিল জামুগুৰিহাটত৷ কেশৱ মহন্তই তেতিয়া জামুগুৰিহাটৰ এখন স্কুলত শিক্ষকতা কৰি আছিল৷ স্কুলৰ বাৰ্ষিক অনুষ্ঠানৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কৰিব পৰাকৈ এখন সংগীতালেখ্য ৰচনা কৰিছিল কেশৱ মহন্তই৷ সেই আলেখ্যখন মঞ্চস্থ হোৱাৰ দিনা ব্ৰজেন বৰুৱা আছিল জামুগুৰিহাটত আৰু কথাটো জানি কেশৱ মহন্তই তেওঁক তালৈ নিমন্ত্ৰণ কৰিছিল৷ জনপ্ৰিয় গায়ক-সুৰকাৰ এজনক দৰ্শক হিচাপে পাই স্কুলৰ সকলো আনন্দিত হৈছিল৷ অনুষ্ঠান শেষ হোৱাৰ পাচত ব্ৰজেন বৰুৱাই আলেখ্যখনৰ কপিটো চাব বিচাৰিলে আৰু তাৰ পৰা এটি গীত লৈ নিজৰ জেপত ভৰাই থলে৷ ‘স্মৃতিৰ পৰশ’ত সেই গীতটোকে স্মৃতিৰ পৰা তুলি আনিলে আৰু নতুন পৰশ দিলে৷ ‘আই, আমাৰ কপালতে, ৰঙা সেন্দূৰেৰে তিলক আঁকি দিয়া, ডাৱৰ ফালি ৰং মেলালৈ যাওঁ৷’ ছবিখনৰ বাবে ব্ৰজেন বৰুৱাই কেশৱ মহন্তক আৰু কেইটিমান গীত লেখোৱাইছিল৷ গীতকেইটি আছিল ‘অজান বেথাৰ লাগি শিহৰণ’, ‘আহাঁ আহাঁ টুণ টুণ কণমান আহাঁ,’ আৰু ‘অ’ মোৰে দেহি ঐ’, আৰু দুটি গীত৷
ছবিখনৰ বাবে আৰু এটি গীত বিচাৰি লৈছিল তেওঁৰ সৰু ভায়েক দ্বিবন বৰুৱাৰ পৰা৷ গীতিকাৰ হিচাপে দ্বিবন বৰুৱাৰ বিশেষ পৰিচয় নাছিল, কিন্তু নাটকীয় পৰিৱেশৰ লগত খাপ খোৱাকৈ আৰু অইনে নভবা ধৰণে গীত এটি ৰচনা কৰাত তেওঁৰ দক্ষতা অকল্পনীয় আৰু কেইবাখনো অসমীয়া ছবিত সেই কথা তেওঁ প্ৰমাণ কৰি গৈছে৷ দ্বিবন বৰুৱাই লেখা গীত এটিৰ নাটকীয় ৰূপ ব্ৰজেন বৰুৱাৰ ভাল লাগিছিল৷ স্মৃতিৰ পৰশৰ এটি পৰিবেশত সেই গীতটি খাপ খাব কাৰণে ব্ৰজেন বৰুৱাই সেই গীতটি নিৰ্বাচন কৰিছিল৷ গীতটিৰ প্ৰথম ফাঁকি হ’ল ‘তিৰিবিৰি কৰি থকা তুমি যেন মুকুতাৰে মণি…কচুপাতৰ পানী’ৰ৷ ছবিখনৰ বাবে দুটি হিন্দী গীতৰ প্ৰয়োজন আছিল৷ এটা গীত ৰচনা কৰিছিল তেওঁলোকৰ ঘৰৰ ওচৰতে থকা চাৰ্টাৰ্ড একাউনটেণ্ট এম গৌতমে৷ আনটো গীতৰ বাবে ব্ৰজেন বৰুৱাই বিচাৰি উলিয়াইছিল কলেজীয়া ছাত্ৰ গায়ক বীৰেন দত্তক৷ কটন কলেজৰ ছাত্ৰ বীৰেন দত্তই হিন্দী ভালদৰে জানিছিল আৰু কেৱল বিনোদনৰ বাবেই হিন্দী গান ৰচনা কৰিছিল আৰু গাইছিল৷ সেই কথা জানিয়েই ব্ৰজেন বৰুৱাই তেওঁৰ ওচৰ চাপিছিল আৰু সুৰ এটি দিছিল, বীৰেন দত্তই সেই সুৰত শব্দ খাঁজি গৈছিল৷
ছবি এখনৰ সফলতাত, বিশেষকৈ ছবি এখনক গীতবোৰৰ যোগেৰে দৰ্শকৰ মাজত পৰিচয় কৰাই দি জনপ্ৰিয় কৰি তোলাত সংগীত পৰিচালকজনৰ বিশেষ দায়িত্ব থাকে৷ ছবিখন পৰিচালকৰ প্ৰথম ছবি হ’লে সংগীত পৰিচালক গৰাকীৰ ওপৰত পৰা চাপটো হয় অধিক৷ সেই অৱস্থাত যদি সংগীত পৰিচালক গৰাকীৰো প্ৰথম ছবি হয়, তেনে অৱস্থাত সমগ্ৰ কথাটো প্ৰত্যাহ্বানৰ চূড়ান্ত সীমাত উপনীত হয়৷ এই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ সংগীত পৰিচালক গৰাকীৰ থাকিবলগীয়া আত্মপ্ৰত্যয় ব্ৰজেন বৰুৱাৰ আছিল আৰু তাক সকলো ধৰণে সহায় কৰিছিল পৰিচালক নিপ বৰুৱাই৷ সময়ৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ‘স্মৃতিৰ পৰশ’-এ অসমীয়া ছবিৰ ইতিহাসত নিজৰ আসন অধিকাৰ কৰিলে৷
ই-মেইল: utpal91@gmail
************************