( ১ )
ঋতুৱে পঞ্জিকা অনুসৰণ কৰেনে ? বসন্তই দিনপঞ্জী লিখেনে ? পিছ দুৱাৰেদি প্ৰস্থানোদ্যত শীতক বসন্তয়েতো পলাশৰ ৰক্তিম পতাকা জোকাৰি বিদায় অভিবাদন জনায়। ঠিক সময়তেই সৰি পৰে প্ৰকৃতিৰ জীৰ্ণ গাত্ৰাভৰণ। প্ৰকৃতিয়ে ক’ত লিখি ৰাখে প্ৰাত্যহিক এই গোপ্য আচাৰ সংহিতা, কোনোবাই জানেনে ?
(২ )
এটা দৈত্যাকাৰ পাথৰ শিতানত লৈ মই শুই পৰিলো। মোৰ সুপ্তিৰ সুযোগ লৈ ছেগ চাই জাগি উঠিল পাথৰটো। মোৰ কাণৰ কাষত সি সুহুঁৰি বজাই দিলে। মই সাৰ পোৱাৰ লগে লগে পাথৰটো পুনৰ নিদ্ৰামগ্ন হ’ল। এইবাৰ শিতানত নহয়—- পাথৰটো ধাৰণ কৰিলো বুকুত।
( ৩ )
নিজৰ প্ৰতি মই সু বিচাৰ কৰিব নোৱাৰোঁ। কোনো এক দুৰ্বল মুহূৰ্তত নিজৰ প্ৰতি ক্ষমাশীল হ’ব খুজিলেই দৌৰ মাৰি গৈ থিয় হওঁ ভগা আয়নাখনৰ সমুখত। ভগা আয়নাই মোক প্ৰতিবিম্বিত কৰে কদাকাৰ ৰূপত। মুহূৰ্ততে মই হৈ পৰোঁ নিজৰ প্ৰতি দয়া মায়াহীন ।
( ৪ )
ৰেলগাড়ীখনক অভিবাদন জনাবৰ বাবে প্ৰকৃতিৰ কি যে বিপুল আয়োজন। সৰিয়হৰ হালধীয়া বিস্তাৰ, পথাৰৰ সেউজীয়া শস্য স্তৱক , বন বিহগৰ প্ৰাৰ্থনা সংগীত, শিলনিৰ বুকুৱেদি বৈ যোৱা নটিনী তটিনীৰ সূৰীয়া কলৰৱ, ঘাঁহ পাগুলি শুই থকা গবাদি পশুৰ উদাস চাৱনি আৰু গৰখীয়াৰ উত্তাল কিৰীলি, বন বিৰিখৰ লজ্জানম্ৰ অৱগুণ্ঠন, বিৰিণা কঁপাই তোলা বতাহৰ মিঠা সুহুঁৰি। পিছে ৰেল গাড়ীখনে কেৰাহীকৈও ঘূৰি নাচায়। গুচি যায় ভোঁ ভোঁকৈ এটা অহম্মক গোঁৱাৰৰ দৰে।
*****