অংগৰাগৰ এক উৎকৃষ্ট প্ৰাকৃতিক উপাদান: ছালকুঁৱৰী বা ঘৃতকুমাৰী (এলোভেৰা)৷

এলোভেৰা বা ছালকুঁৱৰীৰ ব্যৱহাৰ ভাৰতীয় নাৰীৰ  ৰূপচৰ্চাত অতীজৰে পৰা ব্যৱহাৰ হৈ আহিছে। ইয়াক ঘৃতকুমাৰী বুলিও জনা যায় ৷ এলোভেৰাৰ মঙহাল পাতৰ বীজল পদাৰ্থ ভিটামিন ‘এ’, ভিটামিন ‘চি’ আৰু ভিটামিন ‘ই’ ৰে সমৃদ্ধ। এই তিনিবিধ এণ্টিঅক্সিডেণ্টৰ উপৰিও প্ৰায় ৭৫ বিধ বিভিন্ন খনিজ পদাৰ্থ, এনজাইম আৰু শৰ্কৰাজাতীয় পদাৰ্থৰে ভৰপূৰ এলোভেৰা বিশেষকৈ চুলি আৰু ছালৰ বাবে মহৌষধ হিচাপে পৰিগণিত হৈ আহিছে।

pinup pin up pin up pinup

চুলিৰ অকালপক্কতা ৰোধ কৰিবলৈ সপ্তাহত দুবাৰ বা তিনিবাৰ নয়নতৰা ফুল আৰু পাতৰ সৈতে এচামুচ এলোভেৰাৰ ৰস মিহলাই চুলিৰ গুৰিত লগাব লাগে। চুলি পোন আৰু উজ্জ্বল কৰিবলৈ টেঙা দৈ, পকা কল, অলিভ অইল পাঁচ চামুচৰ সৈতে দুচামুচ এলোভেৰাৰ ৰস মিহলাই চুলিত লগাব লাগে। মাহেকত অন্ততঃ এবাৰ হ’লেও দুঘণ্টাৰ বাবে এই পেকটো লগালে চুলিৰ উজ্জ্বলতা বাঢ়ে। 

চুলিৰ ঘনত্ব বঢ়াবলৈ নৰসিংহ পাত, জবা ফুল আুৰু জবা পাত, তুলসী পাত, জেতুকা আৰু নিমপাতৰ সৈতে এলোভেৰা মিহলাই চুলি ধুব লাগে। সপ্তাহত দুদিনকৈ এই পদ্ধতিৰে চুলি ধুলে চুলিৰ বিভিন্ন সমস্যা দূৰ হয়।

চুলিৰ দৰেই ছালতো এলোভেৰাৰ ৰসে যাদুৰ দৰে কাম কৰে। সমপৰিমাণৰ নাৰিকল তেলৰ সৈতে এলোভেৰাৰ ৰস মিহলাই নিয়মিত বডি মেচেজ কৰিলে ছালৰ উজ্জ্লতা বৃদ্ধি পায়।

ওঁঠ ক’লা পৰিলে ৰাতি শোৱাৰ সময়ত ভেছলিন জেলৰ সৈতে এলোভেৰা জেল আৰু মৌজোল মিহলাই সানিলে ওঁঠৰ স্বাভাৱিক ৰং ঘূৰি আহে।

যদিও এলোভেৰা মৰুদেশীয় উদ্ভিদ, অসমৰ জলবায়ুত এলোভেৰাৰ খেতি কম আয়াসতে কৰিব পাৰি। ব্যৱসায়িক কোণৰ পৰাও ইয়াৰ গুৰুত্ব অপৰিসীম।

কথা-কাঞ্চনৰ দ্বাৰা সংগ্ৰহীত ৷

Leave a Reply

Your email address will not be published. Required fields are marked *