বৰালি মাছৰ টেঙা জোল:পম্পী শৰ্মা খাউণ্ড

বৰালি মাছৰ টেঙা জোল । অতীজৰে পৰা আমাৰ মাজত চলি অহা এফাঁকি জনপ্ৰিয় প্ৰবচন প্ৰায়ে শুনিবলৈ পোৱা যায়। পকা তেঁতেলী বুঢ়া বৰালি বিস্তৰ কৰিয়া দিবাহা জালি  কাঢ়ি থৈয়া দিবা টেঙ্গা…

মহালাবিয়া-চাফৰিন হাজৰিকা

মহালাবিয়া এটি মধ্য পূৱৰ গাখীৰৰ পুদ্দিং। ই এটি গুলাপ জলৰ ফ্লেভাৰ থকা ক্রীমী ডেজাৰ্ত, যি দেখা মাত্রকেই আপোনাৰমুখলৈ পানী আহিব। লগতে ইয়াক তৈয়াৰ কৰাও খুব সহজ। সামগ্ৰী: ১. ৪ কাপ গাখীৰ ২. ১/২ কাপ চেনী ৩. ৪ ডাঙৰ চামুচ কৰ্নফ্ল’ৰ ৪. ৩ সৰু চামূচ গোলাপ জল ৫. ১ কাপ ক্ৰীম ৬. অলপ পিস্তা  ৭. শুকান গুলাপৰ পাহি প্ৰণালী: ১. আধা কাপ ঠাণ্ডা গাখীৰত ৪ ডাঙৰ চামুছ কৰ্নফ্লৰ মিহলাই লওক যাতে তাত কোনো গুটি নাবান্ধে। তাৰ পিছত মিশ্ৰণটো কিছুসময়ৰ বাবে থৈ দিয়ক। ২. চছ্পেন এটাত ৩ আৰু ১/২ কাপ গাখীৰ উতলাই লওক। মনত  ৰাখিব যাতে জুইৰ তাপ মধ্যমীয়া ৰাখে।  ৩. আধা কাপ চেনি ( বা সোৱাদ অনুসৰি  ) দি ভালদৰে মিহলাই থাকক। ৪. এতিয়া আগতে তৈয়াৰ কৰি থোৱা কৰ্নফ্লৰ গাখীৰখিনিত মিহলাই দিয়ক আৰু সঘনাই লৰাই থাকক যাতে মিশ্ৰণখিনি পুৰিনাযায়। ৫. মিডিয়াম জুইৰ ফ্লেমত মিশ্ৰণখিনি লৰাই থাকক আৰু লাহে লাহে দেখিব মিশ্ৰণখিনি ডাঠ হৈ আহিছে। ৬. ডাঠ হৈ যোৱাৰ পিছত মিশ্ৰণখিনি জুইৰ পৰা নমাই থওক। ৭. মিশ্ৰণখিনিত একাপ ক্ৰীম মিহলাই দিয়ক। লগতে ৩ সৰু চামুচ গোলাপ জল মিহলাই দিয়ক।  ৮. এতিয়া মিশ্ৰণখিনি বাতি অথবা ডিজাইনাৰ কাপ বা বাতিত ঢালি দিয়ক আৰু ওপৰত অলপ পিস্তা আৰু শুকান গুলাপৰপাহি দি সজাই দিয়ক।  ১০. ২ ৰ পৰা ৩ ঘণ্টা ফ্ৰিজত থৈ দিয়ক। ১১. আপোনাৰ মহলাবিয়া খোৱাৰ বাবে সাজু। ফ্ৰিজৰ পৰা উলিয়াই স্বাদযুক্ত ডেজাৰ্তৰ আনন্দ লওক। আপোনালোকে যদি মোৰ “মহলাবিয়াঁ গাখীৰ পুদ্দিং”ৰ   প্ৰস্তুত প্ৰণালী  ভিডিঅ’ আকাৰে চাব খোজে তেন্তে মোৰ YouTube  channel ” Srin Taste”ত ই উপলব্ধ। ইয়াৰ উপৰিও আন বহুতো সহজ আৰু সুস্বাদু ৰেচিপিৰ বাবে মোৰ চেনেলটো অনুগ্ৰহ কৰিsubscribe কৰিব। লেখিকা অসমৰ উঃলখিমপুৰ চহৰৰ জীয়ৰী ও বোৱাৰী চাফৰিন হাজৰিকা। বৰ্তমান আমেৰিকাৰ কেলিফৰ্ণিয়াৰ বাসিন্দা।তেখেতৰ ৰেচিপিসমূহে অতি কমদিনৰ ভিতৰতে খাদ্যানুৰাগীসকলৰ মাজত জনপ্ৰিয় হৈছে। তেখেতৰ ৰেচিপি সমূহৰ বিষয়েঅধিক জানিবলৈ [email protected] ত যোগাযোগ কৰিব পাৰিব।

অসমীয়া পৰম্পৰাগত থলুৱা খাদ্য:পম্পী শৰ্মা খাউণ্ড

বৰালি মাছৰ টেঙা জোল । অতীজৰে পৰা আমাৰ মাজত চলি অহা এফাঁকি জনপ্ৰিয় প্ৰবচন প্ৰায়ে শুনিবলৈ পোৱা যায়। পকা তেঁতেলী বুঢ়া বৰালি বিস্তৰ কৰিয়া দিবাহা জালি  কাঢ়ি থৈয়া দিবা টেঙ্গা…