কথা-কাঞ্চনৰ জন্মকথা

পুষ্পৰ দৰে শোভন আৰু স্বৰ্ণৰ দৰে মূল্যৱান কথাবোৰ বান্ধি ৰখাৰ প্ৰয়াস জাগিল হঠাতে। বাখৰ খটোৱা সোণগুটি আখৰবোৰক আন্তঃজালত সংহিত কৰাৰ এই প্ৰচেষ্টা আমাৰ বাবে এক দুঃসাহস বুলিবই পাৰি। আইৰ মুখেৰে নিৰ্গত শব্দবোৰ আমাৰ কোমল কৰ্ণকূহৰত যি ভাষাৰে শ্ৰুত হৈছিল, জীৱনৰ প্ৰথম কলকলনি যি ভাষাত আমাৰ জিহ্বা নিগৰি আহিছিল, সেই ভাষাৰ বাবে এনে দুঃসাহস বোকোচাত বান্ধি ল’বলৈ আমি সকলোবোৰেই বদ্ধপৰিকৰ হ’লোঁ। তাৰ পৰিণতিতেই জন্ম হ’ল কথা-কাঞ্চন নামৰ মাহেকীয়া বাৰ্তালোচনীখনৰ।

সাম্প্ৰতিক সময়ত ছপা মাধ্যম তথা আন্তঃজাল মাধ্যমত বহুতো আলোচনী প্ৰকাশ হৈছে। সকলোবোৰৰেই নিজা বৈশিষ্ট্য আছে। সকলোবোৰেই গুণগতভাৱে উন্নত মানদণ্ডৰ। তথাপি বহুত কথা, বহুত বিষয়ৰ যেন এতিয়াও অৱকাশ ৰৈ গৈছে। তেনে নতুন আৰু অগতানুগতিক বিষয়সমূহ কথা-কাঞ্চনে নিশ্চয়কৈ সামৰি ল’ব।

আমি আশাবাদী। আমি প্ৰতিশ্ৰুতিত বন্দী।

চিৰ চেনেহী মোৰ ভাষা জননী।

3 thoughts on “কথা-কাঞ্চনৰ জন্মকথা

Leave a Reply

Your email address will not be published. Required fields are marked *