কভিড-১৯: ড° মিতালী বৰুৱা

কভিড-১৯ , SARS COV-2 নামৰ এবিধ ভাইৰাছএ সৃষ্টি কৰা এটা নতুন ৰোগ। যোৱা ডিচেম্বৰ মাহত চীনৰ য়ুহান প্ৰদেশত হোৱা মহামাৰীত ইয়াক চিনাক্ত কৰা হয় আৰু ভাইৰাছ বিধৰ নাম দিয়া হয় SARS COV-2। যিহেতু ই পৃথিৱীৰ বিভিন্ন দেশলৈ বিয়পি পৰে ,বিশ্ব স্বাস্থ্য সন্থাই ইয়াক অতিমাৰী ( Global Pandemic) ঘোষণা কৰে। এই বীজাণু কাঁহ, হাঁচি বা কথাৰ লগত ওলোৱা কণিকাৰ দ্বাৰা মানুহৰ পৰা মানুহলৈ বিয়পে। যিহেতু এই ভাইৰাছ নতুন , এতিয়ালৈকে ইয়াৰ বিষয়ে বৰ  বেছি জানিব পৰা হোৱা নাই বা ইয়াৰ চিকিৎসা বা প্ৰতিষেধক ওলোৱা নাই।

এই ৰোগ কেনেকৈ বিয়পে বা লক্ষণ সমুহ ইতিমধ্যে আমি সকলোৱে জানো। ৮০% ৰোগীৰ সাধাৰণ লক্ষণ হ’ল; জ্বৰ, কাহ, চৰ্দি , ডিঙিৰ বিষ বা সুৰ-সুৰনি,গাৰ বিষ আদি। ২০% ৰোগীৰ ক্ষেত্ৰত উশাহ নিশাহত কষ্ট হয় আৰু চিকিৎসালয় ত ICU ত ভৰ্তি কৰাব লাগে । তাৰে কিছু লোকক ভেনটিলেচনৰ প্ৰয়োজন হয়। কিন্তু সামান্য উপসৰ্গ দেখুৱা সকলেও বা  লক্ষণ নথকা সকলেও এই ৰোগ এজনৰ পৰা আনজনলৈ বিয়পাব পাৰে বা ইয়াত অৰিহণা যোগায় । সেয়ে বাহিৰলৈ ওলালে মাস্ক ব্যৱহাৰ কৰাটো জৰুৰী।

যিহেতু , এই বীজাণু গধুৰ, বেছি দেৰি বতাহত উৰিব নোৱাৰে , ই ওচৰৰ টেবুল , দৰ্জা হেণ্ডেল আদিত স্থিতি লয়। সেয়ে এজনে আনজনৰ পৰা এক মিটাৰ বা তিনিফুট দূৰত্ব ৰাখিব লাগে। চাবোনেৰে ঘঁহি হাত ধুই থাকিব লাগে বা hand senitizer ব্যৱহাৰ কৰিব লাগে আৰু মুখ,নাক আৰু চকুত হাত দিব নালাগে। বাহিৰৰ পৰা ঘূৰি আহি পাৰিলে গা , কাপোৰ আদি ধুই পেলাব লাগে। পোহনীয়া জীৱ জন্তুৰ মানুহৰ পৰা এই ৰোগ হব পাৰে , কিন্তু অন্য ক’ৰনা ভাইৰাছৰ দৰে এই ভাইৰাছ জন্তুৰ পৰা মানুহলৈ বিয়পাৰ কোনো প্ৰমাণ নাই।

মল, মূত্ৰৰ যোগেদি এই বীজাণু বিয়পাৰো কোনো প্ৰমাণ এতিয়ালৈকে নাই , কিন্তু আক্রান্ত ৰোগীৰ মলত ৩ দিনলৈকে এই ৰোগৰ বীজাণু পোৱা গৈছে। যদিও খাদ্যবস্তুৰ দ্বাৰা বা পানীৰ পৰা এই বীজাণু বিয়পাৰ প্ৰমাণ পোৱা নাই, তথাপি শাক পাচলি ঘৰলৈ অনাৰ পিছত ভালদৰে ধুই পেলাব লাগে।

দেখা গৈছে যে, এই ৰোগে ৬০ বছৰৰ উৰ্ধৰ , আৰু অন্য অসুখ যেনে উচ্চ ৰক্তচাপ, ডায়েবেটিচ, হৃদযন্ত্ৰৰ বা হাওঁফাওঁৰ অসুখ , কৰ্কট ৰোগী, শকত মানুহ , ধূমপান বা সুৰাপান কৰা সকলৰ ক্ষেত্ৰত বেছি গুৰুতৰ লক্ষণ দেখুৱায় ৷ সেয়ে তেওঁলোকে যিমান পাৰে ঘৰতে থাকিব লাগে। বাহিৰলৈ ওলাব লগা হলে যিমান পৰা যায় সাৱধানতা অৱলম্বন কৰিব লাগে। এই সময়ত মানুহৰ এনেয়ো জ্বৰ আদি হব পাৰে। ইয়াৰ কাৰণে ভয় খাব নালাগে। কিন্তু, যিহেতু বৰ্তমানে আমি অতিমাৰীৰ লগত বাস কৰিছোঁ, কাঁহ , চৰ্দি হলে   ওচৰৰ স্বাস্থ্য কেন্দ্ৰৰ লগত  যোগাযোগ কৰাটো বাঞ্ছনীয় আৰু প্ৰয়োজন অনুসৰি নিজৰ কভিড পৰীক্ষা কৰাব লাগে।

এতিয়া কভিড পজিটিভ হলেও ঘৰতে থকাৰ ব্যৱস্থা চৰকাৰে কৰি দিছে, সেয়ে লক্ষণ দেখা দিলে ভয় নকৰি পৰীক্ষা কৰাই লব লাগে। আক্ৰান্ত ব্যক্তিয়ে নিজকে পৰিয়ালৰ লোক বা সমাজৰ পৰা আঁতৰাই ৰাখিব লাগে আৰু লক্ষণসমূহৰ ওপৰত লক্ষ্য ৰাখিব লাগে। উশাহৰ কষ্ট হ’লে লগে লগে কভিড হেল্প লাইনত জনাব লাগে। Pulse oxymeter ত SpO2 যদি 94-95 হয়, তেতিয়া লগে লগে  চিকিৎসালয়ত ভৰ্তি হ’ব লাগে।

মেলেৰিয়া ,  এনকেফেলাইটিছ, ডেংগু আদি প্ৰাদুৰ্ভাৱ থকা ঠাইত জ্বৰ হলে চিকিৎসকৰ পৰামৰ্শ লব লাগে। চিকিৎসালয়লৈ যাওঁতে নিয়ম মানি থাকিব লাগে। টেবুল আদিত বেছিকৈ হাত দিব নালাগে বা নিজৰ মুখত হাত দিব নালাগে , hand senitizer ব্যৱহাৰ কৰিব লাগে।অন্য অসুখ আদি থকা মানুহে ফোনেৰে হ’লেও চিকিৎসকৰ লগত যোগাযোগ ৰাখিব লাগে আৰু নিয়মীয়া ঔষধ আদি খাই থাকিব লাগে।

কিছুমান দেশত এতিয়া herd immunity বা স্বৰোগ প্ৰতিৰোধ ক্ষমতাৰ কথাও কোৱা হৈছে। চুইদেন আদি দেশত নিৰোগী ,কম বয়সীয়া লোকক বাহিৰত কাম কৰিবলৈ অনুমতি দিয়া হৈছে ,যাতে এই বীজাণুৰ সংস্পৰ্শলৈ আহি নিজে নিজে প্ৰতিৰোধ ক্ষমতাৰ পাব পাৰে। কিন্তু এই সকলোবোৰ এতিয়াও পৰিকল্পনাহে। কভিড 19 ৰ বাবে আজি ছয় মাহ দিন ধৰি সকলোৱে ঘৰতে সোমাই থাকিব লগীয়া হৈছে । সংক্ৰমণ বাঢ়ি যোৱাৰ লগে লগে মানুহৰ প্ৰতিৰোধক ক্ষমতা বঢ়োৱাৰ সম্পৰ্কত বহুলভাৱে চিন্তা-চৰ্চা তথা গৱেষণা কৰি থকা হৈছে ৷

এই ক্ষেত্ৰত কেইটামান মন কৰিবলগীয়া দিশ তলত দিয়া ধৰণৰ:-

১. বয়সৰ লগে লগে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমে। বয়সস্থ লোকৰ যিকোনো ধৰণৰ সংক্ৰমণ ,যেনে ইনফ্লুৱেঞ্জা, নিউমনীয়া, কভিড আদি কম বয়সীয়া লোকতকৈ বেছি সহজে হয়।

২. স্বাস্থ্য সন্মত আহাৰ ভাল প্ৰতিৰোধ ক্ষমতাৰ বাবে জৰুৰী। শৰ্কৰা (Carbohydrate) কম কৈ খালে ওজন কমি থাকে, ডায়বেটিচ আদিও সন্তুলিত মাত্ৰাত থাকে। প্ৰটিন জাতীয় খাদ্যই কোষৰ গঠনত সহায় কৰে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। মাছ, মাংসৰ লগতে ৰাজমা , বুট , চয়াবিন, ডাইল আদিৰ উপৰিও ৰঙলাওৰ গুটি, তাৰমুজৰ গুটি, flax seed , sunflower seed আদিত প্ৰটিন আৰু ভিটামিন E থাকে।

যথেষ্ট পৰিমাণে শাক পাচলি , ফল মূল খাব লাগে।বিশেষকৈ বিলাহী, গাজৰ, capsicum, ব্রকলি, পালেং, নেমুটেঙা, আমলখি, আদা , নহৰু, কেঁচা হালধি, জিৰা , তুলসী আদি খাব পাৰে। কিছুমান micronutrient ,যেনে zinc , Iron , copper, folic acid , ভিটামিন C , A , B, E আদিৰ পৰিমাণ কম হ’লে ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। দৈ আৰু অন্য গাজ ওলোৱা খাদ্য খোৱা ভাল। প্ৰয়োজন হলে জিংক আৰু ভিটামিন আদিৰ tablet ব্যৱহাৰ কৰিব পৰা যায়।

৩. যথেষ্ট পৰিমাণে পানী খাব লাগে। তেতিয়া শৰীৰৰ আদৰকাৰী বস্তু বোৰ সোনকালে দেহৰ পৰা ওলাই যায়।

৪. পৰ্যাপ্ত পৰিমাণৰ টোপনি ৰোগ প্ৰতিৰোধৰ বাবে উপযোগী। ৬ পৰা ৮ ঘন্টা টোপনি জৰুৰী। সৰু লৰা-ছোৱালী তাতকৈও বেছি শুব লাগে।

৫। ব্যায়াম কৰিব লাগে। যোগাসন , যিকোনো free hand ব্যায়াম আদি নিয়মীয়াকৈ কৰিব লাগে । ঘৰৰ কাম কৰা, বাগানত কাম কৰা আদিও ব্যায়ামত পৰে।

৬.মানসিকভাৱে সুস্থ থাকিবৰ যত্ন কৰিব লাগে। যোগাত্মক চিন্তা ( positive thinking) কৰিব লাগে। ধ্যান বা meditation মন ভালে ৰখাৰ এটা এক প্ৰধান উপায়।

৭. ধূমপান, সুৰা বা অন্য নিচা জাতীয় বস্তু খাব নালাগে।

এয়া অনস্বীকাৰ্য যে, আমি কভিড-১৯ ৰ লগতে জীয়াই থাকিব লাগিব। এইটো ভয় খোৱাৰ বা ঘিণ কৰাৰ সময় নহয়। আমি যিহেতু এনে আৰু বহুত অসুখৰ সৈতে জীয়াই আছো, এদিন লাহেকৈ এই নতুন অসুখটোৰ লগতো আমি জীয়াই থাকিবলৈ শিকিম। এই শিকালৈকে হয়তো আমাৰ বহুজন আক্ৰান্ত হ’ব, সাধাৰণ লক্ষণৰ পিছত বহুজনে হয়তো আৰোগ্যও লাভ কৰিব। এই অসুখত মৃত্যুৰ হাৰ এতিয়াও বৰ বেছি নহয়। Epidemiologist সকলৰ মতে 60% পৰা 80% আক্ৰান্ত হোৱাৰ পিছত মানুহৰ মাজত এই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পাব, কিন্তু একোৱেই এই মুহূৰ্তত সথিককৈ ক’ব পৰা হোৱা নাই, সকলো পৰীক্ষা নিৰীক্ষাৰ পৰ্যায়তে চলি আছে ৷

মনত ৰাখিব লগীয়া অন্যতম প্ৰধান কথা হ’ল যে, নিজৰ হাতখনত যাতে আমাৰ বীজাণু নাথাকে। কিন্তু বাহিৰলৈ গলে গ্লোভ পিন্ধাৰ প্ৰয়োজন নাই। কাৰণ ই হাত ধোঁৱা বা পৰিষ্কাৰ কৰাতকৈ বেছি কাম নকৰে , আনহাতে ইয়াৰ মাজত থকা বিন্ধাই দি বা খোলাৰ সময়ত বীজাণু হাতলৈ বিয়পাব পাৰে।

আমাৰ ইয়াৰ নিচিনা বেছি জনসংখ্যা থকা ঠাইত বাহিৰলৈ গলে মাস্ক পিন্ধি থকা অতিশয় জৰুৰী । যিহেতু বহুত ক্ষেত্ৰত আমি দূৰত্ব বজাই ৰখাত অসুবিধা হয়। মাস্ক যিকোনো পিন্ধিব পৰা যায়, কিন্তু তিনিতৰপীয়া হ’লে ভাল। ভালভ থকা মাস্কৰ মাজেদি নিশাহৰ সময়ত কভিড ভাইৰাছ ওলাই যাব পাৰে, সেয়ে তেনে মাস্ক নিপিন্ধা ভাল। কাপোৰৰ মাস্ক পিন্ধিলে যাতে লেতেৰা হাতেৰে নোচোৱাকৈ থাকে আৰু তিতিলে সলাই লয়। মাস্ক ডিঙি বা মূৰত ওলোমাই থব নালাগে । আমি নাক ঢাকিব লাগে নিজক বীজাণুৰ পৰা বচাবলৈ আৰু মুখ অন্যক বেমাৰৰ পৰা বচাবলৈ। মানুহ নথকা ঠাইত অৱশ্যে মাস্ক পৰিধান নকৰিলেও চলে । 

বজাৰত যদি ট্ৰলি বা বাস্কেট ব্যৱহাৰ কৰে ,ব্যৱহাৰৰ আগত আৰু পিছত তাৰ হেণ্ডেল senitiser দি পৰিষ্কাৰ কৰি লব। দোকানৰ বস্তুত বা counter ত  যিমান পাৰে কম হাত লগাব লাগে ৷ ঘৰৰ দৰ্জা হেণ্ডেল আদি পৰিষ্কাৰ কৰিবলৈ আমি ঘৰত ব্যৱহাৰ কৰা বীজাণু নাশক ব্যৱহাৰ কৰিলেই হয় ৷ কভিড-১৯ হোৱা মানুহৰ সংস্পৰ্শলৈ নাহিলে , প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি , এই ৰোগৰ পৰা বাছি থাকিব পৰা যায় ৷ মুকলিকৈ কাঁহি বা হাঁচিয়াই থকা আৰু ধূমপান কৰা মানুহক বুজাই দিব লাগে যাতে তেওঁলোকে সতৰ্কতা অৱলম্বন কৰে আৰু মাস্ক ব্যৱহাৰ কৰে। 

সমাজ সচেতন হ’লে আমি সোনকালেই এই ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰিম বা সহাৱস্থান কৰিবলৈ শিকিম।

***

[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *