পৰুৱা-অনুভৱ তুলসী

লানি নিছিগা পৰুৱা 

চবৰে পৃথিৱী পৃথক

স্বভাৱ সুকীয়া চৰিত্ৰ সুকীয়া 

হেঙাৰ আঁতৰাই

প্ৰীতিৰ সম্পৰ্ক গঢ়া

চব পৰুৱাৰে বয়স হৈছে

কোনোৰ চুলিত পক ধৰিছে

কোনোৰ চকুত চলিহা

দাঁতৰ কথা নকলোৱেই বা

ৰেৱতীমোহন দত্ত চৌধুৰী

গণিতৰ ভাটী বয়সত 

হৈছিল শীলভদ্ৰ

এইটো বয়সত 

চেইক্‌চপিয়েৰৰ প্ৰৌঢ় ছাল 

ছনেটে চোৱা-চিতা কৰিছিল

হোমাৰৰ অৱস্থা কেনেকুৱা

সৰুৰেপৰাই  যি অন্ধ আছিল

মাছমৰীয়াৰ সাঁথৰ ভাঙিব নোৱাৰি

মৰণ সাবটি লোৱাৰ আগতে

জগতক পোহৰ দি গৈছিল

অনুভৱ তুলসী

*****

[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *