টিউচন শেষ কৰি মোৰ পৰা বিদায়লৈ মণিয়ে হুৰমূৰকৈ নঙলা ভালকে নুখুলাকৈয়ে ৰিমি আৰু ৰংজালিলৈ বাট নাচাই চাইকেল তীব্ৰগতিত চলাই গ’ল৷ মণি যোৱাৰ ফালে চাই ৰিমি আৰু ৰংজালিয়ে কথাপাতি থকা দেখি মই দুয়োজনীকে মাতিলোঁ৷
‘‘কি হ’ল মণিৰ? তাইৰ টোপনি ক্ষতি নেকি? আজি দেখোন তাই টিউচনতো মন দিয়া নাই? তহঁতি জান নেকি তাইৰ কি হৈছে?’’
‘‘ৰিমিয়েহে জানিব ছাৰ৷ তাইৰ ঘৰ ৰিমিহঁতৰ হোকাজান গাঁৱৰ ওচৰৰ জংঘলবস্তিতে। ’’ ৰংজালিয়ে মোক ক’লে৷
‘‘কচোন ৰিমি মণিৰ কি হৈছে? ’’
‘‘বৰ দুখলগা কথা ছাৰ৷ মণিৰ মাকক সিহঁতৰ গাঁৱৰ মানুহে ডাইনি বুলি সন্দেহ কৰিছে!’’
‘‘কি ক’লি ডাইনি? ’’
‘‘হয় ছাৰ, আমাৰ সেইফালে কিছুমান গাঁৱত এতিয়াও পূজা- পাতল, বেজৰ বেজালি, জৰা-ফুকা চলিয়েই আছে৷ বেজে বেমাৰী মৃত্যুৰ দুৱাৰদলিত পোৱা সময়তহে হস্পিতাল নিবলৈ দিয়ে৷’’ ৰিমিয়ে আক্ষেপেৰে কথাবোৰ কৈ যায়৷
‘‘তই ঠিকেই কৈছ৷ ময়ো নুশুনা নহয়৷ পিছে মণিৰ মাকক গাঁৱৰ মানুহখিনিয়ে কিয় ডাইনি বুলি ভাবিলে? ঘৰখনততো মণি আৰু মাকহে থাকে নহয় জানো?’’
‘‘হয় ছাৰ৷ পিছে আপুনি কেনেকৈ গম পালে?’’ ৰংজালিয়ে আচৰিতহৈ সুধিলে৷
‘‘মই তহঁতৰ ঘৰ চিনি নাপালেও, ঘৰত কোন কোন আছে, কি কৰে সৱ খবৰ ৰাখি থওঁ ৷ বাৰু এতিয়া কচোন মণিৰ মাকক গাঁৱৰ মানুহখিনিয়ে কিয় ডাইনি বুলি সন্দেহ কৰিছে?’’
‘‘নাজানো ছাৰ৷ মণিয়ে কোৱামতে বাপেকৰ মাটি – বাৰীৰ ওপৰত খুৰাকহঁতৰ বিৰাট লোভ৷ মাকক বোলে সদায় মাটি-বাৰীবোৰ সিহঁতৰ নামত লিখি দিবলৈ কয়৷’’
‘‘সিহঁতে ক’লে বুলিয়েই গাঁৱৰ মানুহবোৰে মণিৰ মাকক ডাইনি বুলি ভাবিব নে?’’
‘‘নহয় ছাৰ, মণিৰ খুৰাককেইটাই প্ৰথমে গাঁৱত মাকৰ বদনাম উলিয়াইছিল। তাৰপাছতো গাঁৱৰ পৰা খেদাব নোৱাৰিলে৷’’ ৰিমিয়ে ক’লে৷
‘‘আগৰ বুদ্ধিৰে কাম নিদিয়াত, খুৰাকহঁতে চক্ৰ বেজ নামৰ ধূৰন্ধৰ বেজৰ সহায়লৈ এই কাম কৰিছে বুলি মণিয়ে আমাক কৈছে৷’’ এইবাৰ ৰংজালিয়েও ৰিমিৰ লগতে সহযোগ কৰি ক’বলৈ ধৰিলে৷
‘‘চক্ৰ বেজ মানে সেই পেটুলীবাৰীৰৰ গৰু চোৰটো নহয় জানো?’’
‘‘ছাৰ নাজানো নহয়৷ আমাৰ সেইফালৰ গাঁৱবোৰত চক্ৰ বেজক সকলোৱে ভয় আৰু ভক্তি দুয়োটা সমানে কৰে৷’’ ৰিমিয়ে ক’লে৷
‘‘মণিৰ মতে চক্ৰ বেজৰ কথা গাঁৱৰ সকলোৱে আখৰে আখৰে পালন কৰে৷’’ ৰংজালিয়েও টপৰাই ক’লে৷
‘‘আৰু কিবা কৈছে নেকি মণিয়ে? মাকক ডাইনি বুলি চক্ৰ বেজে কওঁতেই গাঁৱৰ মানুহবোৰে মানি ল’লে নে?’’
‘‘নহয় ছাৰ, চক্ৰ বেজে বোলে ডাইনি চিনাক্ত কৰাৰ বিদ্যা জানে৷ সেইবাবে তেখেতে কালি গোটেই নিশা গাঁৱৰ বোৱাৰী বিলাকক পূজাত বহুৱাইছিল৷’’ ৰিমিয়ে ক’লে৷
‘‘ডাইনি চিনাক্ত কৰা পূজা?’’
‘‘হয় ছাৰ, শুনিলেই কিবা বুকুখন কঁপি যায়৷’’ ৰংজালিয়ে বুকুত হাতখন থৈ ভয় ভাঙিবলৈ তিনিবাৰ থু পেলালে৷
‘‘ছাৰ, আমাৰ দাদাহঁতো গৈছিল চক্ৰ বেজৰ ডাইনি ধৰা পূজা চাবলৈ৷’’ ৰিমিয়ে ক’লে৷
‘‘অঁ বিকি আছিল নেকি পূজাত?’’
‘‘ছাৰ দাদাহঁতৰ কাৰণেহে মণিৰ মাক কালি বাচিল! নহ’লে…’’ ৰিমিৰ মাত থোকাথুকি হৈ পৰিল৷
‘‘ঠিক আছে তহঁত যা এতিয়া, মই বিকিলৈ ফোন কৰিম৷’’
দুয়োজনীকে বিদায় দি, বিকিক ফোন কৰিলোঁ৷ সি মোলৈ ফোন কৰাৰ কথাই আছিল বোলে৷ আজি গাঁৱখনলৈ পুলিচ গৈছে৷ হোকাজান আৰু জংঘলবস্তিৰ ল’ৰাকেইটামানে মণিৰ ঘৰত ৰাতি পহৰা দিয়াৰ সিদ্ধান্ত লৈছে৷ মোক বিকিয়ে চক্ৰ বেজৰ ঐশ্বৰিক শক্তিৰ ৰহস্য ভেদ কৰি ৰাইজৰ মোহ ভংগ কৰিবলৈ অনুৰোধ জনালে৷ লগতে বেজে পূজাত কি কি ঐশ্বৰিক শক্তি দেখুৱাই ডাইনি চিনাক্ত কৰিছিল বিশদভাৱে জনালে৷
‘‘ঠিক আছে, এটা কাম কৰ, গাঁৱৰ মানুহবোৰক ৰাতি ১১ বজাত চক্ৰ বেজে পূজা কৰা ঠাইলৈ মাতিবি ৷ লগতে বোৱাৰী কেইজনীক ৰঙা কাপোৰ পিন্ধি আহিবলৈ ক’বি৷ মণিৰ মাক প্ৰকৃত ডাইনি হয়নে নহয় পৰীক্ষা কৰিবলৈ তহঁতে লক্ষীমপুৰৰ পৰা বাবাজী এজন মাতিছোঁ বুলি জনাই দে৷ মণিক মই যাম বুলি নক’বি৷’’
‘‘হ’ব ছাৰ৷ আপুনি কোৱামতেই কৰিম৷ আপোনাৰ পৰিচয় ভূপেন আৰু মোৰ মাজতে থাকিব৷’’
‘‘ভূপেন ক’ৰ পৰা আহিল আকৌ?’’
‘‘ছাৰ সি আমাৰ ঘৰলৈ ফুৰিবলৈ আহিছিল৷’’
ভুপেন আৰু বিকি দুয়োজনেই মোৰ ছাত্ৰ৷ বৰ্তমানে দুয়ো গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে৷
‘‘ভালেই হ’ল৷ মই কোৱামতে তহঁতে আয়োজন কৰগৈ যা, সময় বেছি নাই৷ ’’
ফ’নটো কাটি ঘৰৰ ভিতৰলৈ গৈ পৰিবাৰক কথাখিনি জনালো৷
[জংঘলবস্তি গাঁৱখনত চৰকাৰী কোনো আঁচনিৰে পোহৰ পৰা নাই নিচিনা লাগে৷ বাট-পথ, ঘৰ, বিদ্যুতীকৰণ আদি সকলো ফালৰ পৰাই পিছপৰা৷ কণটিলৈয়ে মুখখন এপাচিমান কৰি মোৰ ক’লা ৰঙৰ মাৰুতি ভানখন ৰাস্তাত থেকেচি থেকেচি নি আছে৷ টোপনি ক্ষতি কৰি এনেদৰে ৰাতিখন আহিবলগীয়া হ’লে তাৰ বৰ খং উঠে৷ তাতে দুয়ো বাবাজীৰ বেশত সাজি-কাচিও আহিবলগীয়া হৈছে৷]
মোৰ গাড়ীখনে কেঁকুৰি তিনিটা পাৰ হোৱাৰ লগে লগে মই বিকিলে মিছকল মাৰিলোঁ৷ কণটিলৈয়ে বিকিয়ে দিয়া টৰ্চৰ সংকেত অনুসৰণ কৰি গাড়ীখন আগুৱাই নিলে৷ গৰু যোৱা লুংলুঙীয়া বাট, যেনেতেনে গাড়ীখন আগবঢ়াই নি বিকিহঁত থকা ঠাইখন পালোগৈ৷ পোহৰ বুলিবলৈ চাৰ্জ লাইট কেইটামান জ্বলি আছে চোতালত৷ মই বিচৰা ধৰণে গাঁৱৰ মুনিহ-তিৰুতাক বিকিহঁতে মণিমালাহঁতৰ ঘৰৰ চোতালত গোট খুৱাইছে৷ মই শিকাই থোৱামতে কণটিলৈ কামত লাগি গ’ল৷ গাড়ীৰ পৰা মই খোজকাঢ়ি আগবাঢ়ি যোৱাৰ লগে লগে মণিমালাহঁতৰ ঘৰৰ নঙলামুখত ভমককৈ জুই একুৰা জ্বলি উঠিল৷
‘‘দেখিছ, দেখিছ৷ এইখন ঘৰত থকা অশুভ শক্তিয়ে মোক বাট আগচি ধৰিছে৷ কণটিলৈ দে মোক কমণ্ডলটো দে, ইহঁতৰ আজি নিস্তাৰ নাই৷ ’’ (বিশেষ অংগি-ভংগী কৰি উপস্থিত মানুহবোৰৰ মাজত এক জয়াল পৰিৱেশৰ সৃষ্টি কৰিলোঁ)
‘‘বাবাজী আপোনাক সহস্ৰ প্ৰণাম, আমাৰ পৰিয়ালটোক এই ডাইনিজনীৰ পৰা উদ্ধাৰ কৰক বাবা!’’ মানুহ এজনে মোৰ ভৰিত ধৰি সেৱা জনাই কাকূতি কৰিব ধৰিলে৷
‘‘তই কোন?’’
‘‘মই মণিমালাৰ সৰু খুৰা, জয় বাবাজী’’ মণিৰ ধূৰন্ধৰ খুৰায়কক আগেয়ে চিনি পাই ভালেই হ’ল৷
‘‘উঠ বাচা উঠ৷ তই চিন্তা নকৰিবি, মই আহিছো যেতিয়া সকলো ঠিক হৈ .যাব৷ ’’
‘‘মই চোতালৰ মাজত কণটিলৈয়ে সেন্দূৰেৰে বনোৱা ঘেৰৰ মাজত ৰখা কঠত বহি কিবা কিবি চিহ্ন আঁকি থাকিলোঁ৷’’ মোৰ এই কাম চলি থকা সময়ত, চাৰিওফালে এক নিমাওমাও পৰিৱেশে বিৰাজ কৰিলে৷ চোতালত থকা মানুহবোৰে যেন থুই গিলিলেও শব্দ হ’ব, এইভাবত চুপ-চাপ কোচমোচ খাই বহি থাকিল৷
‘‘গাঁৱৰ বিবাহিত মহিলাসকলক মোৰ সন্মুখত আহি শাৰী পাতি বহিবলৈ ক’লো৷’’ ভয়-শংকাৰে, আহোঁ-নাহোঁকৈ মহিলাসকল আহি বহিল৷
‘‘সৰু সৰু বাটিত আটাইকেইগৰাকীকে আটা মাৰিব দিয়া৷’’ বিকি, ভূপেনে আৰু কণটিলৈয়ে দেখুওৱাৰ দৰে সৰু সৰু ষ্টিলৰ বাটিত আটা দি থৈ গ’ল৷ পানীৰে সকলোৱে আটা মাৰিব ধৰিলে৷
‘‘বাটিবোৰ মোৰ কাষলে লৈ আহাঁ৷’’ বাটিবোৰ মোৰ সন্মুখত ৰাখি মন্ত্ৰ মাতি প্ৰতিটো বাটিৰে একোটাকৈ সৰু লডা বনালো৷
‘‘বহাৰ পৰা উঠি আহি মোৰ পৰা আটাৰ লডাবোৰ লৈ যোৱা’’ মহিলাসকলে আহি মোৰ পৰা আটাৰ লডাবোৰ লৈ গ’ল৷
‘‘মই মন্ত্ৰ পাঠ কৰাৰ লগে লগে আটাৰ সৰু লডাবোৰক লাড়ুৰ আকৃতি দিবলৈ চেষ্টা কৰিবা৷ মন্ত্ৰ শেষ নোহোৱা পৰ্যন্ত কোনোও যাতে হাত নৰখাই৷’’ মই মন্ত্ৰোচ্চাৰণ কৰিব ধৰিলোঁ৷ মহিলাসকলেও হাতত থকা আটাৰ লডাবোৰ লাড়ুৰ আকৃতি দিবলৈ ধৰিলে৷ শেষৰফালে মন্ত্ৰোচ্চাৰণৰ গতি তীব্ৰ কৰিব ধৰিলোঁ . . .
‘‘ওম ব্ৰিম ক্ৰিম ডাইনী চৰিত্ৰায়ে প্ৰকট হওঁ নমঃ, ওম নমো নমঃ৷ চাওক ৰাইজ যিগৰাকী মহিলাৰ হাতত থকা লাড়ু ৰঙা পৰিব সেইগৰাকীৰ গাতে অশুভ শক্তিয়ে বাহ কৰি আছে… ’’ মই কিবা আৰু কোৱাৰ আগতেই মণিৰ খুৰাক দৌৰি আহি মোৰ ভৰিৰ ওপৰত পৰি কান্দি কান্দি ক’ব ধৰিলে,
‘‘বাবাজী মোৰ তিৰিটো ডাইনি নহয় অ’৷ তাই বৰ ভাল তিৰি, বাবাজী তাইক বচাওক নহ’লে গাঁৱৰ মানুহে তাইক নেৰিব৷
‘‘বুজিলে ৰাইজ, গিৰিয়েক নোহোৱা মণিৰ মাকক ডাইনি সাজি আঁচল গৰাকীক আঁতৰাই ৰাখিছিল ই ৷” “তোক আজি . . .’’ গাঁৱৰে মুখিয়াল যেন লগা এজনে মণিৰ খুৰায়কৰ ফালে চোঁচা মাৰি আহে৷
‘‘মাৰ অই… গিৰিয়েক-ঘৈণীয়েক হালকে মাৰ, ইহঁতৰ কাৰণেই গাঁওখনত অতদিনে অপায় অমঙ্গল আঁতৰ হোৱা নাই৷ নে কি কয় ৰাইজ?’’ ডেকা যেন লগা আন এজনো গৰজি উঠিল৷
‘‘মাৰ মাৰ’’ চোতালত উপস্থিত থকা সকলো মানুহ উত্তেজিত হৈ হাতত যি পাইছে সেই বস্তুৰেই মণিৰ খুৰাক আৰু খুৰীয়েকক মাৰিবলৈ উদ্যত হোৱা দেখি, মণিৰ খুৰাকে মোৰ ভৰিত ধৰি ক’বলৈ ধৰে,
‘‘বাবাজী, আপুনি সঁচাই মহান৷ মোৰ ঘৰৰ মানুহজনীয়েই আচলতে সঁচা ডাইনি৷ তাইৰ প্ৰৰোচনাত পৰিয়েই মই মোৰ বৌক ডাইনি সজাবলৈ চক্ৰ বেজক পইচা দি মান্তি কৰাইছিলোঁ৷ ’’
‘‘কি? কথাটো সঁচানে?’’
‘‘হয় বাবাজী, বিধৱা বৌৰ নামত থকা মাটি-বাৰী আত্মসাৎ কৰিবলৈ আমি দুয়ো এনেদৰে নিকৃষ্ট পৰিকল্পনা কৰিছিলোঁ৷ মই প্ৰথমতে ভবা নাছিলোঁ৷ কিন্তু এই ডাইনিজনীয়েহে মোক উচতাই থাকে৷ তথাপিও বাবাজী তাই মোৰ পত্নী, তাইক কিবা কৰি বচাওক প্ৰভু বচাওক…’’ মণিৰ খুৰাকে কথাখিনি কৈ কান্দোনত ভাগি পৰে৷
‘‘তই যদি ৰাইজক মণিৰ মাকৰ ওপৰত কৰা অন্যায়ৰ কথা সঁচাকে কৱ, তেতিয়া মই তহঁত দুয়োকে বচাবলৈ চেষ্টা কৰিব পাৰো৷’’
‘‘হ’ব বাবাজী, বাবাজী হ’ব…..ৰ’ব ৰাইজ ৰ’ব ৷ মোক মৃত্যুদণ্ড দিয়াৰ আগতে মই কৰা পাপৰ স্বীকাৰোক্তি কৰিব বিচাৰিছোঁ ৷’’ মণিৰ খুৰাকে বহাৰ পৰা উঠি ঘৈণীয়েকৰ কাষলৈ গৈ ৰাইজৰ সন্মুখত হাতযোৰ কৰি সম্পত্তিৰ কাৰণে কেনেকৈ মণিৰ মাকক চক্ৰ বেজৰ সহায়ত হাৰাশাস্তি কৰিছিল সকলো বিৱৰি ক’লে৷
‘‘ৰাইজ ইহঁতৰ ঘৰৰ সকলো ডাইনি৷ নহ’লেনো মণিৰ মাকৰ হাতৰ লাড়ু পানীত ওপঙি থাকেনে? সেইদিনাতো আমাৰ চকুৰ আগতেই এই পূজাভাগ কৰিছিল?’’ ৰাইজৰ মাজৰে বয়সীয়াল যেন লগা মানুহ এজনে ক’লে৷
‘‘হয় হয় তই ঠিকেই কৈছ৷ ’’ মানুহবোৰৰ মাজত উত্তেজিত কণ্ঠৰে আলোচনা হোৱা কথোপকথনবোৰ মই মনযোগেৰে শুনি থাকিলো৷
‘‘অই কি চাই আছ? ব’ল ইহঁত মখাক খেৰৰ মেজিত বান্ধি জ্বলাই দিওঁ। ’’ চোতালত থকা ডেকা এজনে উচ্চস্বৰ কথাখিনি কৈ মণিৰ খুৰাকক ধৰিবলৈ আগবাঢ়ি আহে৷
‘‘ৰ’বি… হুচিয়াৰ! মোৰ অনুমতি নোহোৱাকৈ কোনো যাব নোৱাৰ৷ নিজৰ জেগাত বহি থাক ৷’’ মোৰ খং দেখি মানুহবোৰে ভয় খাই নিজৰ ঠাইত বহিলগৈ ৷
‘‘এই ঘৰখনত কোনো ডাইনি নহয়৷ ডাইনি জংঘলবস্তি গাঁৱখনতো নাই বুজিছ৷’’
‘‘বাবাজী আপুনি কি কৈছে মই হ’লে একো বুজি পোৱা নাই?’’ গাঁৱৰে এজনে ক’লে৷
‘‘তহঁত মূৰ্খ মখাই ক’ত গম পাবি? চক্ৰৰ দৰে কিমান বেজে তহঁতৰ তেজ চুহি নিজৰ পকেট গৰম কৰি ঘৰ চলাই আছে!’’
মোৰ কথাবোৰ মানুহবোৰে একো তত্ ধৰিব পৰা নাই যেন অনুমান হ’ল৷ মই চোতালত বহি থকা লিডাৰ যেন লগা মানুহজনক মাতিলো৷
‘‘এই আটাৰ লাড়ুটো ভালকৈ ঘূৰণীয়া কৰ৷ এইবাৰ বাৰু মই মন্ত্ৰ নামাৰোঁ৷’’
আটাৰ লাডুটো হাতেৰে ঘূৰণীয়া কৰি থাকোঁতে ৰঙা হৈ পৰাত সি ভয়তে লডাটো পেলাই তাৰ পৰা পলাব বিচাৰিছিল৷ কিন্তু কণটিলৈ, বিকি আৰু ভূপেনে কোনোমতে তাক ধৰি ৰাখিলে৷
‘‘কি হ’ল তইয়ো ডাইনি হয় বুলি ভয় খাই পলাব ধৰিছ! হেৰ’ তইয়ো ডাইন বা ডাইনি কোনো নহয়৷’’
‘‘বাবাজী কথাটো মানুহখিনিক ভালকৈ বুজাই দিয়ক’’ গাঁৱবুঢ়াই হাতযোৰ কৰি ক’লে ৷
‘‘প্ৰকৃত বাবাজীয়ে কেতিয়াও ডাইনি বিশ্বাস নকৰে৷ আমি ঈশ্বৰৰ ভক্ত হৈ কেতিয়াও কোনো মানুহৰ ক্ষতি কৰিব নোৱাৰোঁ৷ ডাইনি বুলি একো বস্তু এই পৃথিৱীত নাই৷ চক্ৰ এটা গৰুচোৰ, সি নিজকে বাবাজী সাজি তোমালোকৰ মাজত ধন টকা পইচা লুট কৰি আছে৷ তোমালোকে অন্ধভাৱে তাৰ কথা বিশ্বাস কৰি নিজৰ আত্মীয়-স্বজনক হত্যা কৰিব ওলাইছা৷ মাটি-সম্পত্তিৰ কাৰণে দেওৰেক এজন কিমান তললৈ গৈ নিজৰ বিধৱা বৌৱেকক হত্যাৰ পৰিকল্পনা কৰিবৰ বাবে চক্ৰৰ দৰে ভণ্ড বাবাজীৰ সহায় ল’ব পাৰে, ভাবিলেই কিবা লাগি যায়…’’
‘‘মই পাপী বাবাজী, সম্পত্তিৰ লোভত পৰি নিজৰ বাইদেউ সম বৌক হত্যাৰ পৰিকল্পনা কৰিছিলোঁ৷ এতিয়া নিজকে ডাইনি বুলি মৃত্যুৰ মুখত পৰা দেখিহে অনুভৱ হৈছে মই কিমান নিষ্ঠুৰ কাম কৰিবলৈ ওলাইছিলোঁ৷’’ মণিৰ খুৰীয়েকে প্ৰথমবাৰৰ বাবে মুখ খুলিলে৷
‘‘আজিৰ পৰা এইখন গাঁৱত কোনো ডাইনি বুলি শব্দ নোলাব৷ নহ’লে কাকো এৰি দিয়া নহ’ব৷ কিবা বেমাৰ আজাৰ হ’লে চিধাই হস্পিতাল নিব লাগিব৷ মোৰ বাহিৰে কোনো দুই নম্বৰী বাবাজী গাঁৱত সোমোৱা দেখিলে গাঁৱৰ বাহিৰ কৰি দিবি৷ হ’বনে? ’’
‘‘চক্ৰ বেজক পুলিচত দিব লাগে বাবাজী!’’ পলাবলৈ ধৰা ল’ৰাজনে খঙৰে কয়৷
‘‘তাক পুলিচে ধৰি ইতিমধ্যে জেলত ভৰালেই৷ মণিৰ খুৰাক আৰু খুৰীয়েককো নিব লাগিব৷ নহ’লে এনেকুৱা নিকৃষ্ট পৰিকল্পনা কৰা মানুহৰ কোনো শাস্তি নাপালে, গাঁৱত থকা ধূৰন্ধৰসকলৰ সাহস বাঢ়িব৷’’
‘‘আমি আমাৰ কৃতকৰ্মৰ শাস্তি ভোগ কৰিবলৈ প্ৰস্তুত বৌ, তুমি কেৱল আমাক ক্ষমা কৰি দিবা৷’’ এইবুলি কৈ মণিৰ খুৰাক আৰু খুৰীয়েকে মাকৰ ভৰিত ধৰি হুকহুকাই কান্দিব ধৰিলে৷ ইতিমধ্যে গাঁৱৰ মানুহৰ মাজত সাধাৰণ কাপোৰ পিন্ধি পুলিচ বিষয়া অৰুপ বৰদলৈৰ এটা দল তাত আছিলেই৷ তেওঁলোকে মণিৰ খুৰাক – খুৰীয়েকক কেঁকুৰিটোত লুকুৱাই ৰখা পুলিচৰ গাড়ীলৈ হাত বান্ধি লৈ গ’ল৷ কেৱল অৰুপ বৰদলৈহে আমাৰ লগত থাকিল৷
‘‘তহঁতৰ গাঁৱত কিবা গণ্ডগোল লাগিলে মোক ফোন কৰিবি৷ মই ফোন নম্বৰটো গাঁওবুঢ়াৰ হাতত আছে৷ ডাইনি বুলি মানুহ মাৰিবলৈ বিচৰা বাবে তহঁত চবকে জেইলত ভৰাব লাগিছিল৷ কিন্তু এইবাৰলৈ তহঁতক বাবাজীৰ কথামতে এৰিলোঁ৷ ইয়াৰ পিছত কিবা হ’লে সোপাকে ধৰি গুৰুলা-গুৰুলকৈ পিটি জেইলত ভৰাই থম৷’’ অৰুপ বৰদলৈয়ে অলপ পুলিচৰ কায়দাত মানুহখিনিক ভয় খুৱাই ভালেই কৰিলে৷
‘‘বাবাজী বলক এতিয়া৷ ৰাতি পুৱাবৰে হ’ল৷’’ বৰদলৈয়ে লগ ধৰিলে।
‘‘অ’ যাওঁ …তহঁতৰ কিবা এনেকুৱা অসুবিধা হ’লে পুলিচক ক’বলৈ ভয় কৰিলে মোৰ ভাই এটা তহঁতৰ হাইস্কুলৰ অংকৰ মাষ্টৰ হয়৷ মণিহঁতে তাৰ ওচৰতে পঢ়িবলৈ যায়৷ তাক জনালে তহঁতৰ সকলো সমস্যা মই গম পাই যাম৷’’
‘‘হ’ব বাবাজী হ’ব৷’’
‘‘হ’ব আজিলৈ আহোঁ তেতিয়াহ’লে, ব’ম ব’ম ব’ম ভোলেনাথ…’’
‘‘ব’ম ব’ম ব’ম ভোলেনাথ…’’ কণটিলৈৰ লগত গাৱঁৰ মানুহবোৰেও চিঞৰিব ধৰে৷
গাড়ীত উঠামানে চৰায়ে নিজ সজা এৰি খাদ্যৰ সন্ধানত ওলাবলৈ ল’লেই৷ অৰুপ বৰদলৈ, বিকি আৰু ভূপেনো আমাৰ গাড়ীতে উঠিল৷
‘‘কণটিলৈ টোপনি ধৰিছে নেকি?’’
‘‘নাই ধৰা ছাৰ, আনন্দতে সকলো ভাগৰ নাইকীয়া হৈ গ’ল৷’’ কণটিলৈয়ে গাড়ীখন চলাই থকাৰ পৰাই ক’লে৷
‘‘হওক দে মানুহবোৰে ইমানতে বুজি উঠিল যে?’’ অৰুপ বৰলৈয়ে ক’লে৷
‘‘বাৰু ছাৰ আপুনি নিজৰ পৰিচয় নিদিলে যে?’’ বিকিয়ে সুধিলে৷
‘‘হয় ছাৰ মণিয়েও আপোনাক চিনি নাপালে!’’ ভূপেনে ক’লে৷
‘‘ভালেই হ’ল৷ মই এজন সাধাৰণ মাষ্টৰ হিচাপে ক’লে কথাখিনি মানুহে গুৰুত্ব নিদিলে হয়৷ তেওঁলোকৰ মনত এটা সন্দেহ ভাৱ থাকি গ’লহেঁতেন৷ কাৰণ এই অশিক্ষিত মানুহবোৰক তেওঁলোকৰ বুজিব পৰা ধৰণে বুজালেহে ফলটো ভৱিষ্যতলৈও পোৱা যায়৷ অন্তত এতিয়া গাঁৱখনত কিবা এটা হ’লে মোক বিচাৰিবই৷ বেমাৰ-আজাৰ হ’লে হস্পিতাল নিবই৷ গাঁৱখনৰ মানুহবোৰৰ মাজত এনেদৰে লাহে লাহে বিজ্ঞানৰ পোহৰ বিলাবলৈ চেষ্টা কৰিব লাগিব৷’’
‘‘জুই জ্বলা আৰু আটাৰ লাডু ৰঙা হোৱাৰ ৰহস্য কি?’’ অৰুপ বৰদলৈয়ে সুধিলে৷
‘‘একেবোৰে চিম, জুই জ্বলাটো ছডিয়াম ধাতুৰ কামাল৷ আৰু আনটো হ’ল চূণৰ পানীত ফিনলফথেলিন পাউডাৰৰ ধামাল৷’’
‘‘মানে ছাৰ?’’ ভূপেন আচৰিত হৈ সুধিলে৷
‘‘ছডিয়ামে জলীয় বাষ্পৰ স্পৰ্শ পালে নিজে জ্বলি উঠে৷ গাড়ীৰ পৰা নামোতে কণটিলৈয়ে কেৰাচিনৰ বটলত ভৰাই থোৱা ছডিয়ামৰ টুকুৰা এটা ঘাঁহনিত দি দিয়াৰ লগে লগে জ্বলি উঠিল। ’’
‘‘ৱাও, আৰু ডাইনি চিনাক্ত কৰা কিটিপটো৷’’
‘‘একেবাৰে সাধাৰণ চক্ৰ বেজে আটাখিনিত মাৰোতে সকলোকে পানীৰ লগতে নিজৰ কমণ্ডলুৰ পৰা দিয়া মন্ত্ৰপুত পানী বুলি চূণপানী দিলে৷ তাৰপিছত বাটিখিনি তেওঁৰ কাষৰ পৰা অনা সময়ত যি গৰাকীক ডাইনি সাজিব সেই বাটিত কোনেও নেদেখাকৈ ফিনলফথেলিনৰ পাউডাৰ দিলে৷ মন্ত্ৰ মতাৰ লগে লগে মহিলাসকলে আটাখিনি মাৰি মাৰি লাডু কৰোঁতে চূণপানীৰ লগত ফিনলফথেলিনৰ পাউডাৰ লাগি লাডুটো ৰঙা হৈ পৰিল৷”সেয়ে মানুহখিনিক বিশ্বাসত ল’ব পাৰিলে।
‘‘অবিশ্বাস্য….মই বিজ্ঞানৰ ছাত্ৰ হৈয়ো সৰু সৰু বিজ্ঞানৰ কথা নাজানো যেতিয়া গাঁৱৰ সাধাৰণ মানুহে কি বুজি পাব? ’’ অৰুপ বৰদলৈয়ে নিজকে কোৱা দি ক’লে৷
‘‘তাৰমানে, ছাৰ এই ভণ্ড বাবাজীবিলাকে আমাতকৈ বেছি বিজ্ঞানৰ ব্যৱহাৰিক দিশটো জানে আৰু ব্যৱহাৰ কৰি ধন উপাৰ্জন কৰে৷ ’’
‘‘অ’ সেইটোৱেই হৈ আছে৷’’
‘‘যি নহওক, তেনেকুৱা বাবাজীৰ মুখা খুলিবলৈকে আমাৰ মাজত আজি জন্ম হ’ল জ্ঞানী বাবাজীৰ’’ পুলিচ বিষয়া অৰুপ বৰদলৈয়ে এক বিশেষ ভংগীত কথাখিনি ক’লে৷
‘‘জ্ঞানী বাবাজী!….ৱাহ কি নাম পাইছে ছাৰে?’’ ভূপেন আৰু বিকি দুয়ো একেলগে কৈ উঠিল৷
সকলোৰে লগত মোৰো হাঁহি উঠি গ’ল৷ পূবৰ আকাশত বেলিৰ ৰঙা পোহৰ হালধীয়া হ’বলৈ ধৰাৰ দৰে, জংঘলবস্তি গাঁৱখনলৈও যেন এক ধনাত্মক পৰিবৰ্তন আহক তাকে মনে প্ৰাণে কামনা কৰিলোঁ৷
শেষত পাঠক সমাজক কওঁ, ‘‘শুনা কথাত নিদিবা কাণ, দেখাৰো ল’বা তিনি প্ৰমাণ’’৷
*****