ই-কলম অসমৰ লক্ষ্য আৰু উদ্দেশ্য(Our mission and vision)

 
 
আমাৰ উদেশ্য:
 
লেখকসকলক মুকলিমনেৰে লিখিবৰ বাবে এখন উমৈহতীয়া ডিজিটেল মঞ্চৰ তৈয়াৰ কৰি পেচাদাৰী লেখক সৃষ্টি কৰা আৰু অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যোৱা।
 
আমাৰ লক্ষ্য:
 
– পঢ়ুৱৈক নতুনত্বৰ সোৱাদেৰে আনন্দ প্ৰদান কৰা
– আমাৰ বিভিন্ন ডিজিটেল প্ৰডাক্টবোৰৰ মাধ্যমেৰে অসমৰ লগতে সমগ্ৰ বিশ্বৰ চুকে – কোণে থকা অসমীয়াভাষী লোকসকলক সংযোগ স্থাপন কৰোৱা।
– সকলো ধৰণৰ, সকলো বয়সৰ লোকসকল যাতে নিজৰ মাতৃভাষাৰ লগত লিখিত তথা দৃশ্য-শ্ৰাব্য মাধ্যমেৰেও পৰিচিত হৈ থাকিব পাৰে।
 
ই-কলম অসমৰ বিষয়েঃ
 
ই- কলম অসম হৈছে কেইগৰাকী মান বিভিন্ন পেছাৰ লগত জৰিত বান্ধৱীৰ সপোনৰ প্ৰতিফলন, যিসকলে সমাজখনক দিব বিচাৰিছে প্ৰজ্ঞা আৰু সাধনাৰ এখন উমৈহতীয়া মঞ্চ।
ই-কলম অসমৰ উৎপত্তিৰ মূল কাৰকেই হʼল অসমীয়া ভাষা-সাহিত্যৰ লগতে অন্য থলুৱা ভাষা -সাহিত্যকো ডিজিটেল মাধ্যমৰ যোগেদি বিশ্ব সভালৈ আগবঢ়াই নিয়া। লগতে সকলো লেখক-লেখিকাক এখন মাল্টি মিডিয়া ডিজিটেল মাধ্যমৰ যোগান ধৰা যাতে তেখেতসকলৰ সকলো ধৰণৰ সমাধান মাথোঁ একেখন প্লেটফৰ্মতে দিব পৰা যায়।
তাৰোপৰি নৱ্প্ৰজন্মৰ মাজত মাতৃভাষাৰ লগতে নিজৰ কৃষ্টি – সংস্কৃতিক জনপ্ৰিয় কৰি তোলা যাতে সকলো উন্নত জাতিৰ দৰেই আমাৰ ভাষা – সংস্কৃতিও বিশ্ব দৰবৰাত চিৰকাল জিলিকি থাকিব পাৰে। সেয়ে সময়ৰ সোঁতৰ লগত তাল মিলাই চলিবলৈ আমি আহিছোঁ ৰাইজৰ মাজলৈ । বৰ্তমান সময়খিনিক ডিজিটেল প্লেটফৰ্মৰ সোণালী যুগ হিচাপে গণ্য কৰিব পৰা যায় । সেয়ে আমি বদ্ধপৰিকৰ আমাৰ লক্ষ্য আৰু উদেশ্যত সফলতা অৰ্জন কৰিম বুলি।মনকৰিবলগীয়া যে কাৰিকৰী দিশটোৰ লগতে প্ৰকাশন সম্পৰ্কীয় সকলোখিনি ব্যৱ্স্থাপনা আমাৰ নিজৰ, মাথোঁ সেয়াই হৈছে আমাৰ শক্তি ।

Vision:

To create a group of Professional Writers and to take Assamese Language to the Global stage

Mission:

  1. To enhance the satisfaction of the readers through providing the best quality with new and unique features.
  2. To connect all the Assamese people all over the world through our different Digital Media Platform.
  3. To promote the Mother tongue, so that all people of different ages can connect themselves with their native language and native place through reading, listening and watching .

About E-kolom Asom

E-Kolom Asom is a Digital Platform to expand Knowledge and Wisdom among the people. A few highly experienced professionals of different fields have set up this Platform to provide a common platform for the Writers, so that all their requirements can be fulfilled at one go.

Further we want to popularize our own culture like all other highly developed communities and to introduce it to our next generation so that it can shine always in the Global arena.

At present, it can be said that this is the Golden Era of Digital Platform. So we are here to serve you with our own technical team. We are confident that we can achieve the zenith of success. Please shower your blessings upon us.

Leave a Reply

Your email address will not be published. Required fields are marked *