(কথা-কাঞ্চনৰ সাহিত্য প্ৰতিযোগিতাৰ কবিতাৰ শিতানত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত)
সময়ৰ হিচাপ বেহিচাপ
সকলো অৰ্থহীন৷
সঁচা কেৱল সময়ৰ দাগ
সময়ৰ চোক৷
সময় এক অজুহাত
সময়ৰ বোকোচাত থাকে স্মৃতিৰ দুহাত৷
তাত এটা পোটনি পুখুৰী আছিল
পাৰতে আছিল এজোপা গুলচ৷
জপংকৈ শব্দ এটা হ’ল,
সময়ৰ জাপ৷
পুখুৰীটো আৰু গুলচ জোপা
এতিয়াও আছে৷
এটা দীঘলীয়া পদূলি
দুজনী পখিলা খেদা ছোৱালী৷
মনবোৰ আঁটি আঁটি বান্ধিছিল
তেজৰ তাড়নাত৷
সময়ে সোলোকাই পেলালে বান্ধ
ছিটিকি পৰিল মন,
ছিটিকি পৰিল তেজ৷
সময়ে কাটে
সময়ে চেঙাতেল দিয়ে৷
সময়ে ৰেপি থাকে
সময়েই মলম সানে৷
ধূনাৰ গোন্ধত আমোলমোলাই থকা
সন্ধিয়াবোৰ সময়ৰ সৈতে ৰৈ গ’ল৷
কঠীয়াতলীৰ পৰা ঘূৰিআহ চাপিআহ
শব্দবোৰ নোহোৱা হ’ল৷
খীৰতী গাইজনীৰ ওহাৰত
সময়ে আঁচুৰি আঁতৰি গ’ল৷
সময়ে নিলে, সময়ে দিলে
সময়েই সময়ক ধৰি ৰাখিলে৷
তুলসী জোপাৰ তলত শুই থকা
মানুহবোৰ উঠি নাহে৷
মানুহবোৰে দি যোৱা সময়বোৰৰ
টোপনি কেতিয়াও নাহে৷
সেই সময় অপূৰ্ব
সেই সময় নিৰ্ভেজাল৷
মমতাৰ পিঠিত সাৰে ৰোৱা
সময়ৰ কেঁচুৱাক সময়েই নিচুকায়৷
এই সময় সেই সময়ৰে নাতি-পুতি
কঢ়িয়াই ফুৰে ধতুৰা গুটি৷
নিচাহীন সময় ৰৈ থাকে
পুখুৰীৰ দলঙত ধৰি৷
সময়! সময়! সময়!
বুকুত বাজি থাকে
সন্ধিয়াৰ ডবা-শংখৰ ধ্বনি৷
অতীত সদায় শুৱনি৷
সেই সময়ে এই সময়ৰ স’তে লৈ যায়
অনাগত সময়লৈ,সময়ৰ ৰু ৰুৱনি৷
***
মেইল আইডি:[email protected]