S O R R Y-মুনমী বৰা

—————-

স্নেপশ্বট্

অফিচৰ কিবা কথা লৈ ৰাজবীৰৰ বিৰক্তি লাগি আছিল। ঘৰ সোমাওঁতেই পত্নীয়ে কি বনাম আজি বুলি সোধোঁতেই তীব্ৰ খং উঠি গ’ল তাৰ। অকথ্য গালি গালাজ কৰি দিলে। সমস্ত খং মানুহজনীৰ ওপৰত জাৰি বিচনাত উঠিলগৈ সি। 

খং শামকটাৰ পিছত সি অনুভৱ কৰিলে যে ভুলটো তাৰেই। আহোঁতে অফিচৰ পৰা দেৰি কৰিলে আজি। তাইৰো বনাবলৈ ল’ৰালৰি হ’ল সি খাবলৈ বুলিয়ে। ইফালে অফিচৰ কামত থাকিলেও ঘৰৰ কথা লৈ ফ’ন কৰিলে দিগদাৰ । লগতে তাৰ দৈনিক নিজৰ ইচ্ছামতে খোৱাৰ হেঁপাহ। তাই বেচেৰীয়ে কি কৰিব। সেয়ে সোনকাল কৰিবলৈ যাওঁতে সুধি পালে অফিচৰ পৰা ঘৰ সোমাওঁতেই। নিজৰ ভুলখিনি অনুভৱ কৰিলে কিন্তু আগবাঢ়ি গৈ কোন স’তে বেয়া নাপাবা বুলি ক’ম ভাবি নাপালে। ইফালে মেল্ ইগ’। 

পাকঘৰত মানুহজনীয়ে কান্দি কান্দি ভাত বনাই থাকিল। কিন্তু সি কাষলৈ উঠি নগ’ল। ভাবিলে কালিলৈ কিবা এটা উপহাৰ আনি দিলেই ভাল হৈ যাব।

…………

নাহ্……এইটো খুউব ভুল ধাৰণা। উপহাৰ এটা আনি দিলেই মানুহজনীক দিয়া কষ্টখিনি লাঘৱ হ’ব বুলি  ভবাতোঁ ৰাজবীৰৰ ভুল আছিল। তাৰ সলনি সি যদি পাকঘৰলৈ উঠি গৈ পিছফালৰ পৰা সাৱটি ধৰি ক’লেহেঁতেন- ভুল হৈ গ’ল। মাফ্ কৰি দিয়া, চ্‌ৰী।

এনেকৈ কৰা প্ৰতিটো ভুলৰ বাবে সি কেতিয়াও একো নক’লে। উপহাৰবোৰ জমা হ’ল লগতে বুকুত জমা হ’ল দুখ, নিৰ্লিপ্ততা। এবাৰ আন্তৰিকতাৰে চ্‌ৰী এটা কোৱা হ’লে পিছত ক’বলৈ সহজ হ’লহেঁতেন। এনে হোৱা হ’লেই মানুহজনীয়ে ৰাজবীৰক বেয়া পাবলৈ নল’লেহেঁতেন, তাৰ ইচ্ছা-অনিচ্ছাক গুৰুত্ব দিবলৈ নেৰিলেহেঁতেন। কাৰণ পত্নীয়ো মানুহহে। পাষাণ প্ৰতিমাতো আঘাত কৰিলে দাগ লাগে। সময় অতিক্ৰমৰ লগে লগে ৰাজবীৰৰ পত্নী বেপৰুৱা আৰু ৰাজবীৰ খঙাল। সম্পৰ্কটো নামতহে টিকি থাকিল।

…………

বহুতে কয় নিজৰ মানুহক চ্‌ৰী নকয়। মই নামানো। নিজৰসকলকহে চ্‌ৰী কোৱাতো বেছি প্ৰয়োজন। কাৰণ তেওঁলোক আমাৰ আচল ব্যক্তিত্বৰ লগত পৰিচিত ব্যক্তি। ঘৰৰ বাহিৰে বা আপোনজনৰ বাহিৰে আন সকলোৰে ক্ষেত্ৰত আমি একোখন মুখা আঁৰি লওঁ। আমাৰ খং, পাগলামি, অস্থিৰতা, হাহাকাৰ, চঞ্চলতা, আকোঁৰগোজতা, অহমিকতা আদি প্ৰত্যেকটো অনুভূতিৰ লগত আপোনসকলহে জড়িত। আমাৰ বেয়া ৰূপটোৰ সন্মুখীন, সমাধান সকলো নিজৰজনেহে কৰে। 

একেবাৰে সৰু, উচ্চাৰণ কৰিবলৈ এক চেকেণ্ডো নলগা এই শব্দটো কোৱাৰ আগৰ মুহূৰ্তখিনিতহে অলপ প্ৰস্তুতিৰ প্ৰয়োজন।

১। একদম প্ৰথমেই নিজৰ ভুল অন্তঃকৰণেৰে নিজৰ ওচৰত স্বীকাৰ কৰক। এফালৰ পৰা চালি জাৰি চাওক, কি কাৰণে কি হ’লগৈ। নিজৰ ভুল বেছিকৈ খুঁচৰিব। আনজনৰ ওপৰত দোষ জাপিবলৈ চেষ্টা নকৰিব যে, তেওঁ এনেকৈ কোৱাৰ বাবেহে মই এনেকৈ ক’লো। তেওঁ তেনেকৈ কওঁতে মইতো এইটোও কৰিব পাৰিলোহেঁতেন’……এনেকৈ ভাবি নিজৰ ভুলখিনিৰ পৰাতো কমচেকম নিজক ৰিলিফ্ কৰক।

২। কেতিয়াও চৰী শব্দটোক কোনোবা এজন কাৰোবাৰ ওচৰত হাৰি যোৱা বা জিকি যোৱাৰ অস্ত্ৰ বুলি নল’ব। 

৩। আমি মানুহ। আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ আৱেগ, অনুভূতি কঢ়িওৱা মানুহ আছে, এটা পৰিৱেশ আছে। কি পৰিস্থিতিত কেতিয়া কি হৈ যাই আমি ক’ব নোৱাৰোঁ। সেয়ে আপোনজনক বুজোৱা আৰু কোৱা উচিত যে- তোমালোক মোৰ আপোন। তোমালোকক খুউব ভালপাওঁ। জানি বুজি দুখ দিব নোখোঁজো। কেতিয়াবা ভুল হৈ যায়। মই সলনি কৰিবলৈ চেষ্টা কৰিম নিজৰ এই দুৰ্বলতাক। 

৪। আমাৰ বহুতে নিজৰ ভুলটোৰ পৰা হোৱা ক্ষতিখিনি ঠিক কৰিবলৈ চেষ্টা কৰে কামেৰে। যেনে- এক্সটা কেয়াৰ্ , উপহাৰ, মৰম, আগতে নকৰা যাৱতীয় কাম কাজ কৰি দিয়া ইত্যাদি। কিন্তু সময় পাৰ হ’ব, আপোনাৰো এইবোৰ কৰা কমি যাব। কিন্তু সেই যে হৃদয়ত আঘাত লাগিল সেইখিনিৰ দাগ যে থাকিয়ে গ’ল। সেয়ে যিমান পাৰে আপোনজনক গালি-গালাজ কৰা, মাৰ-পিট কৰা আদি ভুলবোৰ নকৰিবই। যদি হৈ যাই কেতিয়াবা তেতিয়া উপৰোক্ত কামখিনি কৰাৰ লগতে মুখেৰেও কওক। শুদ্ধ অন্তৰেৰে, সঁচা মৰমেৰে, আকুলতাৰে, আন্তৰিক স্পৰ্শেৰে কোৱা এই সৰু শব্দটোৱে যাদুৰ দৰে কাম কৰিব।

আমাক সুখে দুখে তুলি ধৰাজন আপোনজনহে। কথাই কথাই আনক চ্‌ৰী কোৱাৰ সলনি নিজৰসকলক কওঁ আহক। আমি কৰি অহা প্ৰতিটো ভুলৰ ক্ষমা আজিয়ে বিচাৰোঁ আহক। কোনে জানে………কালিলৈৰ দিনটো আমাৰ ভাগত থাকে বা নাথাকে!!

*****

Leave a Reply

Your email address will not be published. Required fields are marked *