অনুবাদ কবিতা : আহিছিল বাঘ

মূল (হিন্দী)-কেদাৰনাথ সিং 

অনুবাদ– প্ৰাঞ্জল কুমাৰ লাহন 

আজি পুৱাৰ খবৰ কাকতত 

এটা সৰু খবৰ আছিল 

যে যোৱাৰাতি চহৰলৈ 

আহিছিল বাঘ 

কোনোৱে তাক দেখা নাছিল

আন্ধাৰত শুনা নাছিল কোনোৱে

তাৰ খোজৰ শব্দ

পৰা নাছিল কোনো ৰাস্তাতে 

তেজৰ এটি সৰু কণিকাও

পিছে সকলোৰে বিশ্বাস 

যে পুৱাৰ খবৰ কাকতত লুকাই থকা খবৰ 

ভুল হ’ব নোৱাৰে‍

নিঃসন্দেহে যোৱা ৰাতি চহৰলৈ 

আহিছিল বাঘ!

সঁচা এয়াই যে আমি সন্দেহ কৰিব নোৱাৰোঁ

বাঘ অহাত 

বতৰ যেনেকুৱা 

আৰু বতাহ যেনেকৈ বলিছে 

তাত কেতিয়াবা আৰু ক’ৰবাত

আহিব পাৰে বাঘ

পিছে প্ৰশ্ন এইটোৱেই যে

ইমান দিনৰ মূৰত 

এয়া ইমান ডাঙৰ চহৰলৈ 

কিয় আহিছিল বাঘ? 

কি সি ভোকাতুৰ আছিল? 

বেমাৰত আছিল? 

কি চহৰৰ বিষয়ে 

সলনি হ’ল তাৰ বিচাৰ? 

এয়া কেনেকুৱা আজৱ যে‍

সি আহিল

সি গোটেই চহৰক

এক ভীষণ তিৰস্কাৰ 

আৰু ঘৃণাৰে চালে 

আৰু যি বস্তু য’তেই আছিল 

সি তাতে এৰি 

নিশ্চুপ আৰু বিৰক্তিৰে 

গুচি গ’ল বাহিৰলৈ!

পুৱাৰ ৰ’দত 

নিজৰ নিজৰ বাৰীত 

সকলো নিশ্চুপ হ’ল 

পিছে মই শুনি আছোঁ

সকলোৱে কৈ আছে‍

গছক সুধিছে জোতাই

ডিঙিক সুধিছে চুলিয়ে‍

নখক সুধিছে কান্ধে‍

দেহক সুধিছে ছালে‍

যে কেতিয়া আহিব

আকৌ কেতিয়া আহিব বাঘ? 

(কেদাৰনাথ সিং : হিন্দী সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি, প্ৰাবন্ধিক, গল্পকাৰ ৷ তেখেতৰ জন্ম: ১৯৩৪ চনৰ ৭ জুলাইত চাকিয়া বেনাৰসত আৰু মৃত্যু : ২০১৮ চনৰ১৯ মাৰ্চত, নতুন দিল্লীত ৷ তেখেতৰ কাব্যগ্ৰন্থ- ‘অভি বিলকুল অভি’, ‘জামিন পৰ ৰাহি হে’, ‘এহি চে দেখৌ’, ‘অকাল মে সাৰস’ ‘ভাগ’ ট্ৰলষ্টয় অ’ৰ চাইকেল’ ৷ ১৯৮৯ চনত হিন্দী কাব্যগ্ৰন্থ ‘অকাল মে সাৰস’ ৰ বাবে সাহিত্য অকাডেমী বঁটা আৰু ২০১৩ চনত জনপীঠ বঁটা লাভ কৰে ৷)

ই-মেইল : [email protected] 

********************

Leave a Reply

Your email address will not be published. Required fields are marked *