আয়ে কয়— খং উঠিলে মাটিলৈ চাবি
পিতায়ে কয়— দুখ লাগিলে তৰা গণিবি
আজিকালি লগত খংটো থাকেই
আজিকালি দুখ এটা কলিজাত শিপায়েই
কিমানবাৰ মাটিলৈ চাইছোঁ
জামৰা নাই মৈত উঠা খং
কিমান ৰাতি তৰা গণিছোঁ
সামৰা নাই দুখৰ ফুলপাহি
খং যদি দুপৰৰ বেলি
দুখ হেনো ৰাতিৰ কেতেকী
জানো আই— খং নামেই চণ্ডাল
কুৰুকি কুৰুকি খায় মনৰ এফাল
তথাপি মই খংটো জামৰাব পৰা নাই
জানো পিতাই— দুখ মানেই ৰাতিৰ জ্বলা চাকি
খৰাঙে চেপি ধানখেৰ কৰে চকুৰ টোপনি
তথাপি মই শিতানৰ গাৰুটো নিচুকাব পৰা নাই
ক’চোন আই—
কোৰে কাটি গ্ৰহণী চপালে নুঠিবনে খং
ক’চোন পিতাই—
খাল খান্দি ঘঁৰিয়াল আনিলে নালাগিবনে দুখ
(আচলতে খং কৰোঁ নে দুখত দহোঁ ভাবিয়েই পোৱা নাই)
দুৰ্ভাৱনাৰ হাবি ভাঙি কেনেকৈযে উলিয়াইছিল মাটি
সেয়া আমাৰ পুলিন-পুঠায়ে জানে
হাতী খেদি কেনেকৈযে ৰাখিছিল ভঁৰাল
বাঘ ভেটি কেনেকৈযে ৰাখিছিল গোহালি
সেয়া জানো কোনোবা বঙালে জানে
পাঠশালাত নাম লিখাই ভাবিছিলি আই—
মোৰ পো ভাল মানুহ হ’ব
গুটিধান বেচাৰ দুখ পাহৰি ভাবিছিলি পিতাই—
মাৰল ঘৰৰ মজিয়ালৈ জোনটো নামি আহিব
গাড়ীত উঠি ফুৰিবলৈ বৰ মানুহ নহ’লো
মাৰল ঘৰৰ মজিয়াৰ আন্ধাৰ মচিব নোৱাৰিলোঁ
নাই চাকৰি চৰকাৰী
নাই বাকৰি জমিদাৰী
আজোককাই হাড়ক মাটি কৰা তেজক পানী কৰা পথাৰ
তাতেই উপচাও পেটলৈ বুলি দানলৈ বুলি এভঁৰাল
বছৰটো কোনোমতে কাটে
হাইজা মেলেৰীয়াই শতৰুৰ হুল্ পুতিলে তাকো নাটে
তথাপি জী আছোঁ চকুত তৰা এহাল পুতি
তথাপি জী আছোঁ বুকুত লৈ দুখৰ এটা সুঁতি
আমিও তুলিছোঁ এমা-ডিমা তিনিটি— ভাই-ভনী-ভটিজা
আমিও পুহিছোঁ এগঁৰাল আমৰলিয়া হেঁপাহ—
জোন নমাব নোৱাৰিলেও জিলিকাব চোতাল
সোণ কিনিব নোৱাৰিলেও আঁতৰাব আকাল
পিছে আই— বতাহত বিয়পিছে বাতৰি
ভাগ হ’ব হেনো আমাৰ সাতামপুৰুষীয়া মাটি
ভাগ হ’ব হেনো আমাৰ পুখুৰী আৰু বাৰী
শুনিছনে পিতাই— গোটেইখনতে পিয়াপি দিছে
হেৰাব বোলে আইৰ মুখৰ মাত
হেৰাব বোলে নৈৰ জীয়ন মাছ
ক’চোন আই— ভাত হেৰালে খাবি কি
ক’চোন পিতাই— মাত হেৰালে ক’বি কি
সেয়ে মোৰ খং উঠিছে
সেয়ে মোক দুখে দহিছে
এতিয়াও ক’বিনে আই— খং উঠিলে মাটিলৈ চাবি
এতিয়াও ক’বিনে পিতাই— দুখ লাগিলে তৰা গণিবি
ক’বিনে আই!
ক’বিনে পিতাই!!
****