বৰালি মাছৰ টেঙা জোল:পম্পী শৰ্মা খাউণ্ড

বৰালি মাছৰ টেঙা জোল ।

অতীজৰে পৰা আমাৰ মাজত চলি অহা এফাঁকি জনপ্ৰিয় প্ৰবচন প্ৰায়ে শুনিবলৈ পোৱা যায়।

পকা তেঁতেলী বুঢ়া বৰালি

বিস্তৰ কৰিয়া দিবাহা জালি 

কাঢ়ি থৈয়া দিবা টেঙ্গা জোল 

খাইবাৰ বেলা মুণ্ড নোতোল।

উপকৰণ —–

বৰালি মাছ —-৪/৫টুকুৰা 

পকা তেঁতেলী —২/৩ চামুচ

আলু –২টা (সিজাই লোৱা) 

সৰিয়হ/পাচঁফোৰণ –১ চামুচ সৰু চামুচেৰে 

নিমখ, হালধি,তেল —জোখ অনুপাতে।

কেঁচা জলকীয়া —২/৩ টা

প্ৰণালী—-

প্ৰথমে তেঁতেলী খিনি এটা বাটিত অলপমান পানী দি তিয়াই থব। তাৰ পিছত তেঁতেলী খিনি হাতেৰে মোহাৰি গুটি আৰু আঁহ বোৰ আঁতৰাই   ল’ব। বৰালি মাছ কেইটুকুৰা নিমখ হালধি সানি‌ লৈ ভাজি ল’ব।

এতিয়া এখন কেৰাহীত তেল দি, লগত পাচঁফোৰণ/ সৰিয়হ খিনি দিব। এতিয়া সিজাই লোৱা আলুখিনি দিব ৷ লগত হালধি,নিমখ আৰু কেঁচা জলকীয়া দি অলপ সময় ভাজি ল’ব। এতিয়া প্ৰস্তুত কৰি লোৱা তেঁতেলীৰ পানী খিনি ঢালি দিব আৰু জোখ অনুপাতে অলপমান পানী দিব। আঞ্জাখন উতলিবলৈ ধৰিলে 

ভাজি লোৱা বৰালি মাছ কেইটুকুৰা দি ভালদৰে উতলিবলৈ দিব। যেতিয়া মাছৰ আঞ্জাখন  উতলি অলপ ঘন হ’ব, তেতিয়া গেছ অফ কৰি দিব।

এতিয়া প্ৰস্তুত হৈ যোৱা পকা তেঁতেলীৰে ৰন্ধা বৰালি মাছৰ আঞ্জখন ভাতৰ লগত পৰিৱেশন কৰক।

*****

mail_id:[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *