(“কথা-কাঞ্চন”ৰ গল্প প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰপ্ৰাপ্ত ।)
এক সুমধুৰ সুৰ ভাঁহি আহিছে। যেন এটা গীত।
গীতটোৰ কথা বৰ অস্পষ্ট, কি বা গাইছে ঠিক ধৰিব নোৱাৰি। খেলি মেলিকৈ কেইবাটাও মাত । এবাৰ ওপৰলৈ এবাৰ তললৈ নামিছে স্বৰকেইটা।
গোলাপী আইদেৱে যেন এনে গীত কাহানিও শুনা নাই!
লাহে লাহে গীত গাই গাই আহি থকা মানুহ জাক চকুত পৰিছে।
আচৰিত হৈ তেওঁ দুটা দীঘলীয়া শাৰীত শান্ত, ধীৰ আৰু একাগ্ৰ চিত্তে গৈ থকা মানুহ বোৰলৈ চাই ৰ’ল।
ঠাই ডোখৰৰ পৰা আঁতৰি আহিবৰ মন নগল গোলাপী আইদেউৰ। কিবা যেন তাড়নাত মানুজাকলৈ চাই ঠাইতে ৰৈ থাকিল তেওঁ।..
পাতল লুং লুঙীয়া হাবিতলীয়া বাটটোৱেদি ছৈ দিয়া গৰুৰ গাড়ীত উঠি আহি আছিল গোলাপী আইদেউ। গোটেই মৌজাখনৰেই আইদেউ তেওঁ। লগত লাচনি পাচনি কৰিবলৈ বুলি অকনি। …হাবিতলীয়া বাট টো পাৰ হৈয়েই যাব লাগে দুখন গাঁও ! সেই দুখন গাওঁ পাৰ হৈ, মেটেকানী গাঁওত বিয়া দিয়া নন্দেক মা-ধনৰ ঘৰলৈ যাত্ৰা আইদেউৰ ৷
তেওঁ যোৱাবেলি বিয়া দিয়া মাধনৰ গা ভাল হোৱাৰ দিন পৰিছে। মাক নোহোৱা ছোৱালীজনীক মৌজাদাৰলৈ বিয়া হৈ অহা দিন ধৰি চেনেহেৰে ডাঙৰ কৰিছে তেওঁ। এতিয়া এই যমে মানুহে টনাটনি হোৱা সময়কনত লগত নাথাকিবনে ?..তিনিটাকৈ লৰা,এজনী ছোৱালীৰ মাক তেওঁ নিজে। নুবুজিবনে কিমান প্ৰয়োজন চেনেহভৰা মাত এষাৰি আৰু কপালত কুহুমীয়া ,চেনেহভৰা হাত এখনৰ ?…
পিছে গাৰোৱান যাদবে বোলে, “আইদেউ, সময় চেৰেক আছেই এথোন। এখন্তেক ৰৈ তামোল চালি এখনকে ….”
অকনিৰ হাতত সকলো যে যোগাৰ থাকেই। যাদৱক কি লাগে উলিয়াই দিবলৈ কৈ তেওঁ গাড়ীৰ পৰা নামিল।..
গোলাপী আইদেউ ওখ গড়া হেন ঠাই এটুকুৰাত ৰৈ আছিল। ..অকণমান আনমনা হলেই পিছলি পৰিব ,ধুৰূপ। অকনিৰ গা চেবালে, পিছে ওলাই আহিব খোজা চিঞৰটো কোনোমতেহে ৰখালে। কি ঠিক ভেকাহি খাব লগা হয় যদি!..এনেই আইদেউ সাদৰী। মাক আজাৰ লাগি সিফলীয়া হোৱাৰ আজি তিনি বছৰৰ পৰা তাই তেওঁৰ লগতেই আছে। ..কোনেও নকলেও নিজ গুণে তাই বুজি উঠিছে সাদৰী আইদেউ জনীৰ যেন কেইদিন মান ধৰি কিবা এটা হৈছে।..যাওক, এইবোৰ ডাঙৰ মানুহৰ কথা। প্ৰয়োজন হলে আইদেৱে মাত দিবই নহয়! ..অকনিয়ে তামোল চকলিয়াবলৈ ধৰিলে। ..
…মানুহৰ শাৰীটো চকুত পৰা হৈ আহিছে। গীতটো আৰু স্পষ্ট হৈছে। ..মানুহবোৰৰ চকুত নপৰাকৈ আইদেউ অকণমান আঁতৰি আহি ফুটুকানিৰে ভৰা ঠাই টুকুৰাত ৰলগৈ।…
…. পাদুৰী চাহাব নে কি কয়, বগা হলৌ চোলা পিন্ধা মানুহ জনৰ আগে আগে খোজ কাঢ়ি গৈছে শুদ্ধ বগা কাপোৰ পিন্ধা মানুহ দুজন।…জুমটোৰ মাজত কাপোৰেৰে মেৰিওৱা বস্তু এটা মূৰত লৈ এজন মানুহ। ..তাৰো পিছে পিছে অনেক মানুহ।
গীত গাই গাই মানুহবোৰ আপোন পাহৰা হৈ আছে। ..পাদুৰি চাহাবৰ মনৰ উছাহ ক্ষীণ মুখখন আৰু উজলি থকা চকু দুটাত গোলাপীয়ে স্পষ্ট দেখা পালে।
কিহৰ উছাহ মানুহজাকৰ? নিজ ঘৰ ,দুৱাৰ ,ঠাই এৰি ইমান দূৰত থকা মানুহ জাকৰ কিহৰ ইমান উছাহ?
“হ’লনে তহঁতৰ? বেলি চোতাল নেপাওঁতেই ওলাইছিলোঁ, ইয়াতেই বেলি এপৰ হল! হেৰ, ঘূৰি আহিম কেতিয়া?”..
আইদেউ লৰালৰিকৈ গাড়ীত বহিলগৈ।..
ৰাতিলৈকে ঘূৰি ঘূৰি গোলাপীৰ মনলৈ আহি থাকিল দিনত দেখি অহা দৃশ্যবোৰ। ..পদূৰী চাহাবে পানী যুৱলীত খোপনি পুতি ৰৈ মূৰত কিবা লৈ অহা মানুহটোক পানীত ডুব মাৰিবলৈ দিলে।..
সেইবাৰ বস্তুটো চিনিব পাৰিলে গোলাপীয়ে। এখন পুথি।
পাদুৰী চাহাবৰ হাতত ধৰি এসময়ত মানুহটো ওলাই আহিল। চাহাবে মানুহটোক এচলু পানী খাবলৈও দিলে যেন লাগিল!
তেওঁৰ আৰু বুজিবলৈ বাকী নাই মানুহটো খেৰেস্তান হল।..ওচৰৰ গাঁও বোৰৰ পৰা মৌজাদাৰক লগ কৰিবলৈ অহা, খাজনা দিবলৈ অহা মানুহ বোৰ, আনকি পিয়দা, টেকেলাৰ মুখেও শুনিছে, আজিকালি জাকে জাকে মানুহ বোৰ খেৰেস্তান হৈছে।..
..কি বিচাৰিছে মানুহ বোৰে? নিজৰ সাতাম পুৰুষীয়া বিশ্বাস, পুৰাতন ধ্যান ধাৰণা ইমান হেলাৰঙে ত্যাগ কৰিব পাৰিনে? কি আছে খেৰেস্তানৰ হলৌচোলা পিন্ধা ক্ষীণ পাদুৰী জনৰ কথাত? ..পানীৰ তলৰ পৰা ওলাই অহা অচিনাকি মানুহজনৰ মুখৰ জিলিকি উঠা হাঁহিটো! ..কিহৰ প্ৰাপ্তিত উজলি আছিল মানুহটো?..
প্ৰায় দুমাহমান আগৰ নিজান দুপৰীয়া এটালৈ মনত পৰিল তেওঁৰ। বহাগৰ বিহু চেৰা হোৱা পষেক মানো হোৱা নাছিল কিজানি! চৌ ফলিয়া ৰ’দকো আওকান কৰি পাদুৰী চাহাব সোমাই আহিছিল । শাৰী শাৰী নাহৰ গছেৰে ভৰা দীঘল পদূলিটো তেওঁ ঘূৰি ঘুৰি চাইছিল।….
হলৌচোলা পিন্ধা মানুহজন আহি আহি বুলনি চৰাৰ মাজ পাইছিলহি। ..মৌজাদাৰৰ ঘৰ বুলি কথা! মানুহ বোৰ নিতান্তই লাগতিয়াল কামতহে আহিছিল, তাকো সসম্ভ্রমে। ..পিছে মানুহজনৰ অংগী ভংগী দেখিয়েই ঠাঁৱৰিব পাৰিলে অকনিয়ে, মৌজাদাৰৰ ঘৰৰ নিয়ম কানুন মানুহটোৱে বিশেষ একো নাজানে। …
হলৌচোলা পিন্ধা মানুহ জন আহি আহি বুলনি চৰাৰ মাজ পাইছিলহি। ..পাৰ হৈ চৰা ঘৰ পায়হিহে লাগে! ..মৌজাদাৰ দেউতাৰ অগণি বৰষা চকু দুটালৈ তাইৰ বৰ ভয় হয়। মেলেছ আহি চৰা ঘৰ সোমালেহি কাকো সুদাই নেৰে তেওঁ।….অকনি লৰি আইদেউৰ কাষ পালেগৈ..।
বৰ ঘৰৰ পৰা কামৰ আঁত সামৰি আইদেউ বুলনি চৰাঘৰ পায়হি মানে মানুহজন কাষতে থকা ভোলা কাঠৰ হাতল থকা চকী খনত বহিয়েই আছিল।..চাগে ভাগৰি আহিছিল দেহি! অকনিৰ হাততে বাৰীৰ জৰা নেমু টেঙা জোপাৰ টেঙা মিঠা চৰবত এগিলাচ পঠিয়াই দিবলৈ আইদেউৰ মন গল। পিছে একেসময়তে মৌজাদাৰৰ বিশেষ লোকৰ বাবে থোৱা চকখনত খেৰেস্তান মেলেছ এটাক বহি থকা কথাটোত বৰ অস্বস্তিও পাবলৈ ধৰিলে।..মৌজাদাৰে বা কি ৰূপ ধৰে ?
আইদেউক দেখি মানুহটো উঠিল। হাত দুখন প্ৰাৰ্থনা কৰাৰ ভংগীত বুকুৰ ওচৰত ৰাখি ক’লে…
:দেউতাক লগ পাব লগা আছিল।
:তেখেত নাই। সদৰলৈ গৈছে।…সন্ধিয়াৰ আগতে নাপাবহি কিজানি।…কপালৰ আগলৈকে ওৰনীখন টানি আইদেৱে কলে।
:হ’ব। অইন এদিন আহিম।
নমস্কাৰ জনাই মানুহজন গৈছিলগৈ।…
নিভাঁজ অসমীয়াতে কথাকেইটা কৈ মানুহটো উভটি গৈছিল।…
মানুহটো কিজানি খুব ঘূৰি ফুৰে! ভৰিহাল আৰু পিন্ধোতে পিন্ধোতে মদৰুৱা বৰণ লোৱা চোলাটোলৈ চাই আইদেৱে ভাবিলে।
ইস্ ইসা্ই উঠিল মানুহ গৰাকী। টেঙা মিঠা চৰবত বাদেই দুপৰীয়াখন অহা মানুহটোক পানী এগিলাচো যঁচা নহল।.
পিছে মৌজাদাৰ থাকিলে বা মানুহটোক সোধ পোচ কৰিবলৈ দিলেহেঁতেন নে নাই?..
সৌ সিদিনা মাথোঁ ভদাই টেকেলাৰ আগত খেৰেস্তানসোপাক ককৰ্থনা কৰা শুনিছিল তেওঁ।…ভদায়ে বোলে,
:”দৌতা ইছৰ ,গাঁওখনৰ সৰহখিনি মানুহেই নাই। বোলো কেনি গলহঁত?..বোলে ধনিৰাম আজি খেৰেস্তান নে কি হব, নদীত বুৰ মাৰিবলৈ গৈছে। আই চিকৌ, কিহে পাইছে মনিছ হঁতক দৌতা?”
মৌজাদাৰ চিন্তিত হৈছিল। মৌজা যেন লাহে লাহে পৰি আহিছে।..মানুহ বোৰে আৰু আজিকালি টেকেলা, পিয়দালৈ আগৰ দৰে ভয় নকৰে যেন!..চকুৰ আগতে পৰি অহা প্ৰতিপত্তি আৰু ঐশ্বৰ্কলৈ চিন্তিত হয় তেওঁ।
গোলাপী আইদেৱে সকলো বুজে।
বুজি পায় ক্ষমতা আৰু ঐশ্বৰ্য ৰ গৰাকীৰ নিজ প্ৰতিপত্তি আৰু যশলৈ কিমান খক!
নিজৰ মানুহজনৰ বিষয়ে ঘুনুক ঘানাক কৈ শুনি অহা মুখ বাগৰা কথাবোৰো বুজি পায়।
বুজিও যেন বুজিব নোখোজে সাদৰী মানুহগৰাকীয়ে।
বুজিব নোখোজে কি নাপাই, তেওঁৰ আদৰক নেওচি অইন এজনীৰ কাষ চাপিবগৈ পাৰে!!
..হেনো ধনশিৰী নৈ পৰীয়া এখন গাঁও লৈ আজিকালি মৌজাদাৰৰ ঘনেপতি আহ যাহ!
সৌ সিদিনা অকনিৰ বা’ বাতৰি লবলৈ আহি তাইৰ দাদায়েকে তাকেই পাকে প্ৰকাৰে কৈ নগ’লনে?
পিছে তেওঁৰ দৰে সামান্য , এজনী প্ৰায় অনাখৰি তিৰোতাৰ চিন্তাইনো কাক চুবগৈ? হ’লেই যেনিবা মৌজাদাৰণী আইদেউ!..
তেওঁ শুনা কথাত কাণ দি কিবা চয় নিছয় কৰিবলৈ নেপালেই, এদিন অকনিয়ে বোলে.
:”..আইদেউ ,মৌজাদাৰ দেউতা লগত কইনা লৈ পদূলিত। আপোনাক মাতিবলৈ মোক পাচিলে।…”
:”কইনা!..একেবাৰে পদূলিতে নে?”
আৰুনো কি বাকী থাকিল?
মৌজাদাৰণীৰ সম্ভ্ৰম ৰাখি তেওঁ পদূলিলৈ ওলাই গল।
মুহূৰ্তৰো এক ভগ্নাংশ মাথোঁ।
..তেনেই পাত গাভৰু ন ছোৱালী জনীৰ চকুত চকু পৰাত তেওঁ যেন জিকাৰ খাই খাই উঠিল,বহুবাৰ।
অকণীয়ে যতনাই দিয়া কাঁহৰ কাঁহখন ঘূৰাই লখিমী আদৰিলে তেওঁ।
অভিজ্ঞ চকুৰে এবাৰ চাওঁতেই বুজিলে, মৌজাদাৰে কিয় ইমান লৰালৰিকৈ ছোৱালী ঘৰ সুমুৱাব লগা হল!
দুমাহ মানৰ ভিতৰতে হয়তো তেওঁ কেঁচুৱা আদৰিবও লগা হব পাৰে!!
ভয়ত বিতত হৈহে যেন ছোৱালীজনী নিতান্তই প্ৰয়োজনত ভিতৰ বাহিৰ কৰিছিল।..সকলো সময়তে সষ্টম হৈ থকা ন ছোৱালীৰ লগ হৈছিল অকনি। তাইৰ পৰাই ও আ নকৰাকৈ ন ছোৱালীৰ কথাবোৰ অলপ অলপ বুজ পাইছিল আইদেৱে।
..আৰু এয়া মাথোঁ কালি সন্ধিয়া পৰত উধাতু খাই অকনি আহিল। আহিয়েই আৰু ৰ’বলৈ নাই..চেৰেউ ফেৰেউ কান্দোন।..
আইদেৱে দাবী ধমকি দি বোলে, কথাটো কি? কাল সন্ধিয়াখন কান্দি অমংগল চপাইছ কিয় ?
বোলে.. “পদুমী আইটিৰ গা একেবাৰে বেয়া। ..কি হয় ঠিক নাই।”
:তই কেনেকৈ জানিলি?
:মৌজাদাৰ দেউতাই কান্দুৰা বেজক খবৰ কৰিবলৈ কৈছে।
..কথা তেনেহলে বিষম। আইদেউ ক্ষন্তেকমান জুপুকা লাগিল।..
পাতগাভৰু ছোৱালীজনী দেহি!..আপোন জী তকৈ দুবছৰ মানহে ডাঙৰ হব কিজানি!
তেওঁৰ খবৰ ৰখা উচিত নাছিলনে ?
হলেই যেনিবা সতিনী ।..তেওঁৰ বৰ্তমানত কাৰো আথানি হব নোৱাৰিব।
গা মূৰ জোকাৰি আজলী গাই এজনী ঘপকৈ উঠাদি আইদেউ উঠিল।
অকনিৰ হাতত দৰকাৰী বয়-বস্তু লৈ একাষৰীয়া কোঠাটোত সোমাওঁতে আকৌ গাটো জিকাৰ খাই উঠিল যেন!
কাতৰ দৃষ্টিৰে ন ছোৱালীয়ে তেওঁলৈ চালে। কাৰ দোষত আহিবলগীয়া কণে কষ্ট পাইছে , কুমলীয়া ছোৱালী কণে অনাদৰ পাইছে তেওঁ বুজিবৰ চেষ্টা নকৰিলে। ন ছোৱালীজনীৰ মূৰত হাতখন থৈ তেওঁ যেন তাইক কব খুজিলে…
“:ধৈৰ্য্য ধৰ আই, ইছৰত আস্থা ৰাখ!”
পিছে তেওঁৰ যথাসম্ভৱ চেষ্টা, কান্দুৰাৰ বেজালি একোৱেই কেঁচুৱাকনক ৰখাব নোৱাৰিলে।…
কেঁচুৱাকন যোৱাৰ আছিলাতে যেন ছোৱালীজনী, পদুমী, যেন নিজৰ পৰাই আঁতৰি গৈ থাকিল!
মুখেৰে কিবা কিবি বিৰ বিৰাই , মাটি খামুচি ধৰা, মাজে মাজে হিয়ালি জিয়ালিকৈ কন্দা ছোৱালীজনীক লৈ তেওঁ যেন বিবুদ্ধি হৈ পৰিছে।
কি কৰা যায় সদ্য সন্তানহাৰা কুমলীয়া ছোৱালীজনীক? খেদি পঠিয়াব? কলৈ?
তেওঁ নিজেও জানো আঁতৰি যাব পাৰিছে? ..
পিছে গ’ল। সকলো দুখ, গ্লানি, কম বয়সতে জীৱনে দিয়া তিতাখিনি এৰি থৈ পদুমী একেবাৰেই গ’লগৈ।
মৌজাদাৰৰ দম্ভ আৰু প্ৰতিপত্তিৰ আগত ছাঁই হৈ গ’ল এজনী পাতগাভৰু। কেঁচা, সেউজীয়া সপোন।
থৈ গল আইদেউলৈ সীমাহীন কষ্টৰ এক দীঘলীয়া বাট।
আত্মগ্লানিৰে উপচা মাপহীন দিন আৰু ৰাতি।
তেওঁ যে হাত থৈছিল বেচেৰীজনীৰ কপালত। আশ্বাস দিছিল। কৈছিল…
:” ধৈৰ্য্য ধৰ আই…..”।
তেওঁৰ আশ্বাসৰ আয়ুস বৰ কম আছিল, বৰ কম।
…..মাধন পিছে ? জী সম মাধন?
তেওঁৰ আশ্বাসৰ হাতত ধৰি জীৱনৰ এই পাৰত ৰৈ যাবনে?
বৰ কষ্ট, অতি যন্ত্ৰণা!!
….মৌজাদাৰণীৰ মিছা ভেমকো ভ্ৰূকুটি কৰি আবেগ উজাই আহে।
পদুমীৰ চিতাৰ জুই সাং নহওতেই যাদৱে অনা এটা খবৰে আইদেউক বিতত কৰি তুলিছে।
পদুমীৰ বিৰবিৰণিৰ অৰ্থ বুজিব পাৰি ধৰফৰাই ফুৰিছে।
:”আইদেউ, সৰু আইদেউৰ হেনো সাউদৰ চুকৰ ধনবৰ নামৰ ডেকা এটাৰ লগত বিয়া ঠিক হৈয়েই আছিল। কিবা জেঙা ভাঙিব নোৱাৰিহে বাপেকে আমাৰ দৌতালৈ দিলে।….”
:” হৰিভকত সোণেশ্বৰৰ ঘৰৰ নিচেই কাষৰে লৰা ধনবৰ”।
ধীৰ চকুযোৰ তুলি আইদেৱে যাদৱলৈ চাইছিল। কষ্ট হৈছিল যদিও কথাবোৰ জনাৰ হেঁপাহ এটাই উকমুকাইছিল।
:”আৰু..?”
:”শুনামতে এতিয়া চেৰাবলিয়া হোৱা দি হৈছে। খাৱন শোৱনৰ ঠিক নাই। খেজানা দিব নোৱাৰাত মাটি বাৰীও কোৰোক হওঁ হওঁ…”।
কি কৰে? কি কৰে তেওঁ এতিয়া?
ত্ৰাণ কর্তা ইছৰকো ক’ব নোৱৰা কথাবোৰে তেওঁক উশাহ ল’ব নোৱাৰা কৰিছে।
কি সতে কোৱা যায় সেঁওতাৰ সেন্দুৰৰগৰাকীৰ নিকৃষ্টতাৰ কথা?
কাক কোৱা যায় ..ঘৃণনীয়ভাবে এজনী কুমলীয়া ছোৱালীক দেউতাকৰ বয়সৰ এজনে ভোগৰ জুইত পুৰি শেষ কৰি পেলোৱাৰ কথা..!
অনাখৰি অল্পমতি গৃহিনী গোলাপী আইদেৱে যেন বেছি সময় গোসাঁইঘৰত কটোৱা হৈছে ।
” তুমি সৰ্ব সাক্ষী আত্মা হৃষীকেশ
জানা হা মোৰ চিত্তক।
শৰনাগতক, মঞি আতুৰক
উপেক্ষা কৰা কিসক।”
এৰা, তেৰাত শৰণ লোৱাৰ বাদে কি কৰিব পাৰে তেওঁ।
দিন চেৰেক যোৱাৰ পিছত এদিন আকৌ হলৌচোলা পিন্ধা পাদুৰিক নাহৰ গছেৰে ভৰা মৌজাদাৰৰ পদূলিত দেখা গল।
মৌজাদাৰ ঘৰতে আছিল। চৰা ঘৰৰ টুপ টোত নক্সা কাটি থোৱা হাইতাল বোলোৱা মৌৰা চৰাইটো যাদৱে মেৰামতি কৰা তদাৰক কৰি আছিল।
..ক্ষীণ মীন বিজতৰিয়া পাদুৰিক দেখিয়েই মৌজাদাৰৰ মুখখনে বিৰক্তিত চুড়ান্ত ৰূপ ললে।
মানুহটোৰ সেইবোৰলৈ যেন ভ্ৰূক্ষেপ নাই!
সেই একেই প্ৰাৰ্থনা কৰা ভঙ্গী, একেই স্নেহ কোমল মাত!
শৰীৰৰ বেথাৰ কণমানো আভাস নাই মুখত!
কি পোহৰ পোহৰ মুখ!
অকনিৰ হাতত চৰবত এগিলাচ পঠিয়াই তেওঁ পিছে পিছে আহি বৰ ঘৰৰ মুখতে ৰৈ যায়।
নিজলৈকে পুতৌ উপজিল আইদেউৰ। পানী এগিলছো নিজ ইচ্ছাত যাচিব নোৱাৰা ,ইচ্ছামতে অতিথি এজন সুধিব নোৱাৰা এখন ঘৰৰ গৃহিনী তেওঁ!
..কিবা যেন কাকূতি কৰাদি কৰিছে খেৰেস্তান চাহাবটোৱে!!
:..বৰ আকাল, বৰ কষ্ট দেউতা। ..খেতিও নহল এইবেলি।..দয়া কৰি যদি খাজনা মাফ কৰি নিদিয়ে সিহঁত নিগমে মৰিব দেউতা।..
:..ভালেমান দিন আমাৰ মিছনতে আছে দেউতা। দোপাল পিতা বৰষুণকো নেওচি গছৰ তলত পৰি আছিল।..প্ৰভু যীচুৰ অলেখ কৃপা, সি বাছিল। ধনবৰ কৰ্মঠ ডেকা। মন, শৰীৰ ঠিক হলেই হালৰ মুঠিত ধৰিব। সেইকন সময় তাক দিয়ে যদি…”।
মৌজাদাৰ গৰজি উঠিল।..কটা,নিধক। মেলেছ কৰবাৰ!.
এই বিধৰ্মীটোৰ বুজনিত ভোল গৈ মানুহ ধৰ্মান্তৰিত হৈছে। দেও গোঁসাই নমনা হৈছে।..আনহে নালাগে মেলেছৰ ভাষা শিকি মানুহবোৰে দেশৰ, দহৰ বাতৰি পাই তেওঁৰ প্ৰতিপত্তিকো যেন নমনা হৈছে!..
গান্ধী ৰজাৰ আহ্বানত ভিকহু সোপাই কানিৰ খোলালৈকো পিঠি দিছে। চুলেই পমি যাব যেন লগা কাপোৰ এৰি খদ্দৰ পিন্ধিবলৈ লৈছে।
কিমান লোকচান বাঢ়িছে!..
এতিয়া ঘৰলৈ আহি আকৌ খাজনা মাফ কৰাৰ কথা কয়।
চুইহে নিকিলাই মৌজাদাৰৰ টেকেলাই তেওঁক গতিয়াই পঠিয়ালে।
অভ্যাস বশতঃ হাতখনেৰে মূৰৰ কাপোৰ খন টানি টানি আইদেৱে পাদূৰীলৈ চালে। আছে নেকি অপমান গিলি থোৱাৰ খং? হাজাৰ হওক অতিথি, প্ৰভুৰ বাণী বিলাই ফুৰা সন্ন্যাসী। শাও-শপতেই লাগে যদি?
নাই। মানুহটোক যেন একোৱেই তলাব নোৱাৰে।
একেই নিৰুদ্বেগ অথচ সৌম্য মুখ। হাতখন সামান্য ওপৰলৈ দাঙি কিবা যেন ক’লে, আৰু গহীন গহীন খোজ পেলাই আঁতৰি গল।
কি আচৰিত!
অপমান কৰা মানুহকো হাত খন দাঙি আশীৰ্বাদেই দিয়ে নেকি, কোনে জানিব?
….ধনবৰৰ নাম শুনিয়েই যেন গা মূৰ উথলি উঠিল আইদেউৰ।
পাহোৱাল ল’ৰাটোৰ পৰা কিমান কাৰচাজি কৰি পদুমীক কাঢ়ি আনিছে সেয়া আনে নাজানিলেও তেওঁতো জানে।
বৰ তেজ ! বৰ জুই যেন ভোক মৌজাদাৰৰ।
সেই জুইত আহুতি লাগে যাৰেই নহওক, মৌজাদাৰৰ কি আহে যায়?
কিন্তু সেই তেজ, সেই জুই সহি আছে বুলিয়েই তেওঁ জানো মৌজাদাৰৰ দৰে আত্মাহীন হৈ পৰিছে?
পদুমী জাহ যোৱাৰ পিছত একেকুৰা জুইৰ তাপে এতিয়া ধনবৰকো দহে হে লাগে।
নাই, নাই । এনে হবলৈ দিব নোৱাৰি। যিকুৰা জুইৰ তাপ সহি সহি তেওঁ তপতী হৈ পৰিছে, সেই জুয়ে আৰু কাকো নদহক।
…মাহ চেৰেক আগতে নৈৰ পাৰৰ যি ডোখৰ ঠাইত মিছনৰ মানুহ জাকক দেখিছিল সেই বাটটোৰে কিছুদূৰ গৈ বাওঁফালে ঘূৰিলে মিছনলৈ যোৱা বাটটো। মিছনৰ বাটটোৰেই সিদিনা মানুহজাকে গীত গাই গাই আহিছিল। মানুহ এটাই পানীত ডুব মাৰি খেৰেস্তান হৈছিল।..সকলো এতিয়াও জল জল পট পট কৈ মনত আছে গোলাপী আইদেউৰ।
অকনিক নৈৰ গড়াটোতে বহুৱাই থৈ অকলে আগবাঢ়ি আহিছে আইদেউ।পিছে আহি থাকোতেই বিচলিত হৈ পৰিছে যেন। খোজ পেলাই গৈ থাকোঁতে মনটোও অশান্ত হৈ পৰিছে যেন।..
ঠিক কি কৰিবলৈ বা’ কি সুধিবলৈ আহিছে তেওঁ? বিধৰ্মী , অকলশৰীয়া মানুহ এটাক লগ কৰিবলৈকেনে? কিন্ত তেওঁ ভাবি অহা কথাবোৰ ক’বই যে লাগিব। তেহেলৈ লাগে যিয়েই নহওক।..ধনবৰকো এৰি দিব পাৰি জানো?
মিছনৰ বাকৰিত কেইটামান ল’ৰাই ধপলিয়াই ফুৰিছিল। বগা কাপোৰ পিন্ধা কমবয়সীয়া ছোৱালী যেন লগা মানুহ এগৰাকীয়ে বাৰাণ্ডাতে বহি কিবা কিতাপ এখন পঢ়ি আছিল।
বৰ অসহজ যেন লাগিল তেওঁৰ। .
আইদেউৰ বুকু খনে এইবাৰ ধপ ধপাবলৈ ধৰিলে।..কৃষ্ণ গোঁসাইক বন্তি জ্বলোৱা, নিতৌ হাতযোৰ কৰা মানুহজনী ঘামি উঠিল।..
: ..”হে প্ৰভু…”
” প্ৰভু যীচু আপোনাৰ সহায় হওক…কাক বিচাৰিছিল আপুনি ?..”
তেনেই কাষতে থিয় হৈ আছিল পাদুৰী চাহাব। ..
চিনাকি মুখখন দেখি সকাহ পোৱাদি পালে তেওঁ। হাত দুখন তুলি তেওঁ ভক্তিৰে নমস্কাৰ কৰিলে।
ভুল কৰিলে নেকি আহি ? এই খেৰেস্তান, হলৌচোলা পিন্ধা মানুহটোৱে তেওঁক বিচৰা সমাধান দিব বুলি কিয় ভাবিলে তেওঁ ?.. হ’লেও, এতিয়া আৰু পিছুওৱা নাযায়। তেওঁৰ পৰা মাত্ৰ তিনিহাত দূৰত তেওঁৰ চকুলৈকে চাই ৰৈ আছে মানুহটো।..
কি কয়, কি কয় এতিয়া?
:”শুনিছোঁ ইয়াত কেও কিছু নোহোৱা , ঘাট মাওৰা ল-চালিক আশ্ৰয় দিয়ে ?…”।
কি বুলি সম্বোধন কৰিব ধৰিব নোৱাৰি কথাষাৰ এনেকৈয়ে কৈ থলে তেওঁ।
:”হয়। আছে কেইটামান তেনে । পিছে আপুনি ?..!”
মানুহ গৰাকীক চিনি পাইছে তেওঁ। ..মৌজাদাৰণী আইদেউক চিনি নোপোৱা মানুহ খুব কমেই আছে এইখণ্ডত। কিন্ত বিব্ৰত মানুহ গৰাকীক কিবা সুধি আমনি কৰিবৰ মন নগ’ল । ইমানখিনি আহি তেওঁক বিচাৰি উলিয়াইছেহি যেতিয়া অহাৰ কাৰণো ক’ব।
:ইয়াত ধনবৰ আছে?.. সাউদৰ চুকৰ? …নিজৰ মাতটোৱেই অচিনাকি যেন লাগিছে আইদেউৰ।..
মাতৰ কঁপনি ধৰি ৰাখিবৰ চেষ্টা কৰি কৰি তেওঁ সুধিলে….
:ধনবৰ সুস্থ হৈ উঠিছেনে পাদুৰী চাহাব?
মুহূৰ্ততে যেন অভিজ্ঞ মানুহটোৱে বহুত কথাই বুজিলে।..ধনবৰৰ বিষয়ে কিছু কথা তেৱোঁ জানে। বহুত চেষ্টা কৰি কৰি গোমোঠা হৈ থকা ল’ৰাটোৰ পৰা কিছু কথা জানিব পাৰিছে।..
:” অকণ, অকণ মুকলি হৈছে লৰাটো। প্ৰভু যীচুৰ কৃপাত সুস্থ হৈয়ো উঠিছে। “
:” সিও পানীত ডুব মাৰি আপোনাৰ ধৰ্ম লব লাগিব নেকি? ইয়াতে থাকিবলৈ?”
চাহাবে বিচুৰ্ত্তি খালেও মনে মনে থাকিল।
:” তাক ঘূৰাই নাপঠিয়াব চাহাব। পাৰে যদি আপোনাৰ লগতে, মিছনতে তাক ৰাখকচোন। “
মানুহগৰাকীয়ে যেন কাবৌ কৰিছে,এনে লাগিল চাহাবৰ।
:”এইখন সংসাৰত তাৰ কোনো নাই। কি পৰিস্থিতিত সি মাটি-বাৰী হেৰুৱাই মনৰ সন্তাপত অনাই বনাই ফুৰিছে আপোনাৰ জানো অজানা? সেই সন্তাপৰ জুয়ে মোকো দহিছে। মই দেই পুৰি মৰিছোঁ।…”
:”সকলো ভগৱানৰ ইচ্ছা আই…”
:”মই ছোৱালীকণৰ মূৰত হাত থৈছিলোঁ , তাইক মই ৰখাব নোৱাৰিলোঁ। মই নিজেও মাক চাহাব। মই নিজকে বুজাব পৰা নাই…!”
:”প্ৰভু যীচুৱে কয়, যি অনুশোচনাৰ তাপত দহে, তেওঁক প্ৰভুৱে ক্ষমা কৰে। আপোনাৰ অন্তৰ নিকা আই…সন্তাপৰ হেতু নেদেখোঁ।”
:”তথাপিও..ধনবৰকো যদি আপোনাৰ আশ্বাসে জীৱন দিয়ে.. তাকেই কৰক পাদুৰী চাহাব,তাকেই কৰক।..অন্ততঃ, মোৰ দৰে এজনী দুখুনীৰ কাৰণে। লাগে সিও ডুব মাৰক।”
:”ধৰ্মান্তৰিত হোৱাটো সম্পূৰ্ণ নিজা কথা আই। সি একেবাৰে ভাল হলে সি এই কথা নিজেই ভাবিব। যেতিয়ালৈকে ভাবিব পৰা নহয়, সি ইয়াতে থাকিব। আপুনি নাভাবিব । তাৰ প্ৰতি মোৰ সদ্ভাৱ আগৰে। যোৱাবেলি গ্ৰহণী ৰোগত আমাৰ সমানে সি তেজ বতিওৱা মানুহক শুশ্ৰূষা কৰিছিল। আনৰ কাৰণে ভাল ভবা মানুহক প্ৰভুৱে কেতিয়াও অকলশৰীয়া নকৰে।”
চাহাবে বুকুত এটা ক্ৰছ আঁকিলে।
আইদেউৰ বুকুখন যেন বহুদিনৰ মূৰত নির্ভাৰ হল।
এক সুখ সুখ ভাবে মুখ খন পোহৰাই তুলিলে। পাৰিব ,তপত জুইৰ খোলাৰ পৰা আৰু এটি প্ৰাণ ছাঁই হোৱাৰ পৰা বচাব পাৰিব।
চকু দুটা মুদি , হাত যোৰ কৰি নমস্কাৰ কৰি তেওঁ চাহাবৰ পৰা বিদায় ললে। অকনিক অকলে এৰি আহিছে। চাকি বাতি জ্বলোৱাৰ আগেয়ে ঘৰো পাবগৈ লাগিব।
..পাতল হেঙুলীয়া ৰদ গাত লৈ আঁতৰি যোৱা মানুহ গৰাকীলৈ নিৰ্মিনেষ নয়নে চাই ৰল পাদুৰী চাহাবে। কিমান মানুহ লগ পালে তেওঁ এই মুলুকত। খ্ৰীষ্টান, মেলেছ বুলি লে্ই লে্ই চে্ই চে্ই কৰা মানুহো পালে।
জাত পাতৰ নিয়মত শ্ৰান্ত হোৱা ধনিৰাম দাস সলনি হৈ ধনিৰাম খ্ৰীষ্টফাৰ হোৱাও ঢেৰ দেখিলে।..
মানুহগৰাকী মৌজাদাৰতকৈ কিমান বেলেগ। কিমান বিপৰীত।
অচিন, অজান লৰা এটাৰ কথা চিন্তা কৰি তেওঁ পৰিশ্ৰান্ত হৈ আছিল!
তাৰ কথা পাতিবলৈকে ছৈ দিয়া গাড়ী এৰি খোজেৰে আহিল!!
মানুহ গৰাকী বাৰু নির্ভাৰ, নিচিন্ত হৈ উলটি গলনে?
ইস! মানুহ গৰাকীক যে মাতা মেৰীৰ কথা কোৱাই নহল।কোৱাই নহল তেওঁৰ বহল মনৰ কথা।
অৱশ্যে গম নোপোৱাকৈয়ে আইদেউ নো মাতা মেৰীতকৈ কিহত কম? সকলো মাতৃয়েই কিজানি বুকুত এগৰাকী মেৰীক আঁকি লৈ ফুৰে। ভাষা বেলেগ, ধাৰণা বেলেগ কিন্ত ধৰ্ম একেই । মাতৃ ধৰ্ম, যি ধৰ্মই সকলোকে বুকুত সাৱটি লবলৈকে শিকায়। মৰম কৰিবলৈ শিকায়।
সন্ধিয়াৰ মুনি চুনি বেলাত গোলাপী আইদেউৰ মাজতে যেন মাতা মেৰীক দেখিলে পাদুৰী চাহাবে। কব নোৱাৰাকৈয়ে প্ৰাৰ্থনাৰ ভংগীত তেওঁৰ হাত দুখন বুকুৰ সোঁ মাজলৈ উঠিল।
তেতিয়া গধূলি। আন্ধাৰৰ মাজতো তিৰবিৰাই আছে জোনাকী কেইটামান।
********
Email_id:[email protected]
প্ৰচীন কালৰ এটা কাহিনীৰ আধুনিক ৰূপ পঢ়ি ভাল লাগিল ৷