বিস্মৃতি-তুলিকা দেৱী নাথ

মালতী আইতাই কথা পাহৰিবলৈ লৈছে। সকলো কথাই নহয় কিন্তু কিছুমান কথা পাহৰি যায়। সেয়ে লৈ ঘৰখনত কেতিয়াবা আমোদজনক, কেতিয়াবা দুখজনক ঘটনা ঘটি থাকে। সকলোতকৈ ডাঙৰ কথা এয়ে যে, আইতাই যে কথা পাহৰে তেওঁ নিজে মানি নলয়। তাকে লৈ ঘৰত কেতিয়াবা বৰ অশান্তিকৰ পৰিস্থিতিৰো সৃষ্টি হয়। তেওঁৰ মতে ঘৰৰ বাকীসকলহে মিছলীয়া। 

 ৰাতিপুৱাই আইতাই গাটো তিয়াই গোঁসাই ঘৰত সোমায় । তাৰপিছত বোৱাৰী ৰেণুৱে দিয়া চাহবাতি খাই খুন্দনাটোত তামোল খুন্দি খুন্দি বাৰাণ্ডাতে বহে। সেইখিনিলৈকে সকলো ঠিকে থাকে। তাৰপিছত লাহে লাহে আইতাৰ পাহৰণি বেমাৰটোৱে উক দিয়ে। কেতিয়াবা চাহ খাই উঠি পাহৰি ৰেণুক চিঞৰে,

” ৰেণু ইমানদেৰিলৈকে চাহকণ দিয়া নাই! কেতিয়াকৈ চাহ দিবি? “

কেতিয়াবা আকৌ চাহ দিবলৈ আহিলে, নোখোৱাকৈয়ে, “চাহ খালোঁ, আকৌ কিয় দিবলৈ আহিছ?” বুলি হুলস্থূল কৰে। 

আজিও আইতাই আনদিনাৰ দৰে চাহকণ খাই খুন্দনাটোত তামোল খুন্দি খুন্দি বাৰাণ্ডাতে বহিছে। এনেতে কাষৰ ঘৰৰ ৰূপহী পদূলিৰে সোমাই আহিল। হাতত আগদিনা ৰেণুৰ পৰা লৈ যোৱা পিঠাগুৰি চলা চালনিখন। ৰূপহীয়ে আহি মাত লগালে,

: আই কি কৰিছে? 

একান্তমনেৰে তামোল খুন্দি থকা আইতাই ৰূপহীৰ মাত শুনি মূৰ দাঙি চাই ক’লে-

: অ ৰূপহী। তই আজি বৰ আহিলি আমাৰ ঘৰলৈ। তোক দেখিবলৈ নিচপতিকে নোপোৱা হ’লোঁ আজিকালি। 

ৰূপহীৰ চকু কপালত উঠিল ৷

: আই, ৰাতিপুৱাই কিহে পালে আপোনাক? কালি আহিছিলোহে। এইখন চালনি জানো মই ৰেণুৰ পৰা লৈ যোৱা নাছিলোঁ। আপুনি দেখোন চালনিখন দেখি এইখন কোনে বনাইছিলে গাঁৱৰ কিমানঘৰ ফুৰিলে গোটেই ইতিহাস কৈছিলে।  

আইতাই মনত পেলাবলৈ যত্ন কৰে। নাই নোৱাৰে মনত পেলাব। 

: জানো পাই কি কৈছ এইবোৰ। মোৰ হ’লে মনত নাইপৰা দেই। 

আইতাই আকৌ খুন্দনাটোত তামোল খুন্দাত ব্যস্ত হ’ল। 

ৰূপহীৰ মাত শুনি ৰেণু ভিতৰৰ পৰা ওলাই আহিল। আইতা আৰু ৰূপহীৰ কথা শুনি ৰেণুৱে হাঁহি হাঁহি ক’লে-

: আজিকালি আয়ে কথা পাহৰে অ’। ডাক্তৰৰ ওচৰ পৰা আহিব লাগিব। এখেতে কৈছে, ককাইদেউৰ সৈতে গৈ দেখুৱাই আনিমগৈ। 

ৰূপহীয়ে হয়ভৰ দিলে। 

: এৰা আইৰ বয়সো হৈছে। সেই কাৰণে হ’ব পাৰে। 

: নবৌ বহক। 

 ৰেণুৱে ৰূপহীক বহিবলৈ মুঢ়াটো আগবঢ়াই দিয়ে। 

: নাই নাই নবহো, পিঠা কেইটামান বনাবলৈ খোলা পাতি আহিছোঁ। যাওঁ। 

ৰূপহীয়ে ৰেণুক চালনিখন দি আইতাক মাত লগাই যাবলৈ ওলাল। আইতাই ৰূপহীলৈ বটাৰ পৰা তামোলএখন আগবঢ়াই দিলে। ৰূপহীয়ে তামোলখন মুখত ভৰাই গ’লগৈ। 

আজিকালি ঘৰখনত এনেধৰণৰ ঘটনা প্ৰায়ে ঘটিবলৈ ধৰিলে। কিন্তু আইতাই যে কোনোপধ্যেই মানিব নোখোজে তেওঁ কথা পাহৰিছে বুলি। একেটা কথাতে আঁকোৰগোজকৈ লাগি ঘৰ তল ওপৰ কৰে। 

মালতী আইতাৰ পাঁচোটি সন্তান। তিনিজনী ছোৱালী, দুটি ল’ৰা। ককা অনন্ত ধামলৈ যোৱাৰ বহু বছৰেই হ’ল। পাচোঁটি সন্তানো সুশিক্ষিত আৰু বিয়া বাৰু কৰাই সংস্থাপিত হ’ল। নাতি পুতিৰে সৈতে আইতাৰ ভৰা সংসাৰ। আইতা থাকে সৰুপুত্ৰৰ লগত। ডাঙৰ পুতেকে চাকৰিৰ বাবে গাঁৱৰ পৰা অলপ দূৰৈত ঘৰ কৰি ল’লে। বৰপুত্ৰই লগত ৰাখিব বিচাৰে যদিও আইতাই গাঁৱৰ ঘৰত থাকিহে ভাল পায়। গাঁৱৰ মোহ তেওঁ এৰিব নোৱাৰে। বৰপুত্ৰৰ চহৰৰ ঘৰলৈ যাবলৈ তেওঁ ইচ্ছা নকৰে। প্ৰতি দেওবাৰে বৰপুত্ৰই আইতাৰ ভাললগা বস্তু দুই এপদৰ লগতে বিচাৰি বিচাৰি ভাল মাছ অকণ লৈ আইতাৰ ওচৰলৈ আহে।  এই ধৰক কেতিয়াবা ভালপোৱা চাবোন এটুকুৰা, কেতিয়াবা মূৰত সনা তেলৰ বটলটো নাইবা মুখত সনা পাউদাৰৰ টেমাটো বা ভালপোৱা ৰসগোল্লাৰ টেমা এটা, আকৌ কেতিয়াবা মেখেলা চাদৰ এযোৰকে লৈ বৰ পো কমল আইতাৰ ওচৰলৈ আহে। সৰু পুত্ৰই আইতাক খুব সুন্দৰকৈ ৰাখিলেও আইতাই প্ৰশংসাৰে বুৰাই ৰাখে ডাঙৰ পুত্ৰকহে। ডাঙৰ পো কমল যে আইতাৰ চকুৰমণি। সৰুৰে পৰা কমললৈ আইতাৰ মৰম অকণমান বেছি। কমল আহিব বুলি মালতী আইতাই সাঁচি থয় থমা দৈ অকণমান, বৰাচাউল কেইটা মান, ঘৰৰ মালভোগ কলৰ এটা আষি । ঘৰলৈ মানুহ আহিলে কয়-

: আমাৰ ডাঙৰটো আহিব আজি। সি আহিলে মোলৈ বস্তুৰ ভাৰ লৈ আহে। কিচিম কিচিম বস্তু..। কিমান খাবা, কিমান পিন্ধিবা। 

কমল অহা দিনটোত আইতাৰ ব্যস্ততাৰ শেষ নাই। বৰ পোৱে ভালপোৱা শাক পাচলি বিচাৰি বাৰী মহতিয়াই ফুৰে। বৰপোৱে ভালপোৱা কচু কণবিলাহীৰ পিটিকাখন নিজেই ৰান্ধে। ৰেণুকো যতনাই দিয়ে বৰপোৱে ভালপোৱা শাক পাতবোৰ। সেই দিনটোত আনন্দত আইতাৰ দুচকু জিলিকি থাকে। 

ককায়েক ভায়েক দুয়ো বৰ মিলাপ্ৰীতিৰে থাকি মাতৃৰ প্ৰতি কৰিবলগা কৰ্তব্য অকণো খুঁত নথকাকৈ কৰি গৈছে। গাঁওখনৰ সকলোৱে প্ৰশংসা কৰে তেওঁলোকক। লেঠা লাগিল আইতাৰ বিস্মৃতিক লৈহে। আইতাই বৰপুত্ৰ দেওবাৰে আহি যোৱা কথাটো আৰু বাৰৰ হিচাপটো প্ৰায়ে পাহৰি যায়। সোমবাৰৰ পৰাই আৰম্ভ কৰে। 

: এ ৰেণু, এই কমল ইমানদিন অহা নাই। যোৱা দেওবাৰেও নাহিল। ফোন এটা কৰচোন। 

: আই, ককাইদেউ কালি দেখোন আহি গৈছে। আপোনালৈ ভাঙোন মাছ লৈ অনা নাছিলে জানো? আজি সোমবাৰহে। 

আইতাই বাৰে বাৰে মনত পেলায়। মনত কোনোপধ্যেই নপৰে। কাৰো কথালৈ গুৰুত্ব নিদি কুজা কুজিকৈ আইতা পদূলিত থিয় হৈ যিমানদূৰ পাৰে ডিঙি মেলি মেলি দূৰলৈকে চাই। পুতেকৰ স্কুটাৰৰ মাত শুনে নেকি কাণ উনাই। দিনটোত আইতাৰ পদূলিলৈ অহাযোৱা চলি থাকে। মাজে মাজে পুতেক বোৱাৰীকক ধমক মাৰে-

: মিছা কথা ক’বলৈ আহিছ। সি অহাই নাই। কমল আহক এইবাৰ। ইয়াক মই থ’ম। 

সেইবাৰ কমল অহাৰ লগে লগে আইতা জকজকাই উঠিল-

: তোৰ এইফালে আহিবলৈকে সময় নোহোৱা হ’ল ন? যোৱা দেওবাৰেও নাহিলি। চহৰৰ মোহত পৰিলি তই। এই মাকজনীক চাবলৈ আহিবলৈ তোৰ আহৰি নাইকিয়া হ’ল হা! 

কমলে ইতিমধ্যে ভায়েকৰ পৰা কথাবোৰ গম পাই একো আপত্তি নকৰি মাকৰ মৰমৰ গালিবোৰ সাবটি ল’লে। দুই এদিনতে দুয়ো ভাই ককাই মিলি মাকক চহৰৰ ডাক্তৰকো দেখুৱাই আনিলে। ডাক্তৰে সেই একেই কথাকে ক’লে। বয়সৰ বাবে কথা পাহৰা হৈছে। নহ’বনো কিয়, আইতাৰ বয়স নব্বৈৰ ওচৰ পালেহি। আন একো বেমাৰ নাই মালতী আইতাৰ, সেয়ে ডাক্তৰে কিবা কিবি ভিটামিন জাতীয় দৰৱহে লিখি দিলে। 

বোৱাৰীয়ে নিতৌ আইতাক দৰৱ খুৱায় । আইতাই হেঁপাহেৰে দৰৱ খায় । কথা পাহৰা কথাটো তেওঁ নিজে বিশ্বাস নকৰে যদিও মনতে ভাৱে, যদি সঁচাকৈ তেওঁ কথা পাহৰিছে এতিয়াৰ পৰা আৰু কথা নাপাহৰে। দিনবোৰ আহ্নিক গতিত গৈ থাকিল। কিন্তু আইতাৰ আগৰ সেই নাটকৰ অৱসান নঘটিল। আইতাই কথা পাহৰা স্বভাৱ স্থায়ী হ’ল। কেতিয়াবা আইতাই কথা পাহৰি ঘৰ ওলট পালট কৰে। ৰেণুৱে কেতিয়াবা অতিষ্ঠ হৈ ভাৱে – হে প্ৰভু, আইৰ এই গতি কিয় কৰিছা? আইৰ স্মৃতি-শক্তি শক্তিশালী কৰা।  

আজিকালি আইতাই কমল নাই অহা বুলি প্ৰায়ে হুলস্থূল কৰি থাকে । দিনটোত তিনি চাৰিবাৰ মান পদূলিলৈ যায় – আজি দেওবাৰ ! কমল আহিব আজি ! কমলে ভাল পোৱা শাক পাত বুটলি আই ৰৈ থাকে।  ডিঙি মেলি মেলি দূৰলৈ চায়। আইতাক যে বুজাই লাভ নাই। 

কমল এইবাৰ সঁচাকৈ নহা হ’ল। ঘৰখনত সকলো সময়তে মৰিশালি নীৰৱতাই গ্ৰাস কৰিছে। সকলোৱে যেন আইতাৰ পৰা পলাই থাকিব বিচাৰে। নাথাকিবনো কেলৈ, আইতাৰ প্ৰিয় পুত্ৰই দুৰ্ঘটনাত পতিত হৈ আজি এমাহ চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে। আইতাৰ আগত এই কথা কোৱাৰ সাহস যে কাৰো নাই। সৰু পুত্ৰও ককায়েকৰ লগতে ব্যস্ত। নিয়তিয়ে এদিন কমলক লৈ গ’ল এই সংসাৰৰ পৰা। উস মালতী আইতাক এই খবৰ কোনে দিব? বহু সাহসৰে আইতাৰ ডাঙৰ জীয়েক আৰু জোঁৱায়েকে আইতাক সেই দুসংবাদটো দিলে। আইতাই কোনো মতে নামানে। কমল এনেকৈ কলৈকো যাব নোৱাৰে। মিছা সব, সকলোৱে আইতাক মিছা কথা কয়। আইতাৰ মতে, আইতাই কথা পাহৰে বুলি কোৱাৰ দৰে ঘৰৰ মানুহবোৰে কমলৰ কথাও মিছাকৈ কৈছে। কমলে আইতাক এৰি যাব নোৱাৰে। 

সেইদিনা কমলৰ মৃত শৰীৰ ঘৰলৈ অনাৰ কথা। আইতা ৰাতিপুৱাৰ পৰাই পদূলিত। মুখেৰে কিবা বিৰবিৰাইও আছে। যেতিয়া কমলৰ শবদেহ চোতালত শুৱাই দিয়া হল, তেতিয়া মালতী আইতাৰ হৃদয় ফাটি চিতাচিত হৈছিল। প্ৰিয় পুত্ৰৰ মৃত শৰীৰটো আলফুলে মৰম কৰি হিয়ালি জিয়ালিকৈ কান্দিছিল ৷

: বোপাই এনেকৈ কোনোবা যায়নে অ? মই কেনেকৈ জীয়াই থাকিম অ! মোকো লৈ নগলি কিয় তোৰ লগত…

 বাৰে বাৰে সাবটিব খুজিছিল প্ৰিয় পুত্ৰৰ নিৰ্জীৱ শৰীৰ। জীয়েকহঁতে মালতী আইতাক ভিতৰলৈ টানি আজুৰি লৈ গ’ল। 

আইতা লাহে লাহে নীৰৱ হৈ আহিল। পুতেকৰ সকলো নিয়ম নীতি হৈ গ’ল। পুৰণা ঘৰখনতে সকলো নিয়ম সম্পন্ন কৰি ডাঙৰ বোৱাৰী আৰু জীয়েকহঁতো সকাম নিকাম কৰি নিজৰ নিজৰ কৰ্মস্থানলৈ গ’লগৈ। 

সকলোৰে চিন্তা মাথোঁ আইতাক লৈ। আইতাই খোৱা বোৱা কম কৰা হ’ল। কাৰো লগত কথা নপতা হ’ল। আচৰিত ধৰণে আইতাই কেইটামান দিন নীৰৱে থাকিল। হঠাতে আইতাই এদিন মাত দিলে।  ঘৰখনলৈ যেন প্ৰাণ আহিছিল সেইদিনা। 

: ৰেণু, কমল যোৱা সপ্তাহত নাই অহা? ই এইফালে নিচপতি মূৰকে নকৰা হ’ল। 

 কথা কেইটা কৈ আইতা বহাৰ পৰা উঠি পদূলিৰ ফালে খোজ ল’লে। 

ৰেণুৱে বাৰাণ্ডাৰ পৰা শাহুৱেকক চাই থাকিল।  তেওঁ পদূলিত ৰৈ আগতে চোৱাৰ দৰে ডিঙি মেলি মেলি দূৰলৈ চাই আছে। ৰেণুৱে ভগৱানক প্ৰাৰ্থনা কৰিলে ককাইদেউ নাইকিয়া হোৱা কথাটো যেন বিস্মৃতি হৈ পৰক! আইৰ মনৰ পৰা লুকাই যাওক সেই ঘটনা। আয়ে পাহৰি পেলাওক যে ককাইদেউ এই পৃথিৱীত নাই। আইৰ স্মৃতিশক্তি দুৰ্বল হৈয়ে থাকক। আই জীয়াই থাকক কমল ককাইদেউৰ জীৱিত কালৰ স্মৃতিৰ সৈতে। ৰেণুৰ দুচকু জলভৰ হৈ পৰিল। শাহুৱেকে ডিঙি মেলি মেলি দূৰলৈ চাই থকা দৃশ্যটো ৰেণুয়ে চাই থাকিব নোৱাৰিলে। কিবা এক দুখে তাইক দুৰ্বল কৰি তুলিলে। বৈ অহা চকুপানীখিনি মচি ৰেণু ভিতৰলৈ সোমাই গ’ল। 

 মালতী আইতাই ডিঙি মেলি মেলি দূৰলৈ চাই বহু সময় একে ঠাইতে ৰৈ থাকিল।  মাজে মাজে চাদৰৰ আচলেৰে চকুলো মচে।  সেই স্মৃতি বিস্মৃতি হ’লনে নহল কোনেও নাজানে । কিন্তু মালতী আইতা সদায় পদূলিত ৰয়, তেওঁৰ চকুৰ মণি কমললৈ বাট চায় আৰু চাদৰৰে চকুলো মচে …

 *****

email_id:[email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *